‘জেতুকা’
জীৱনৰ এখিলা পাত
মুকুল চন্দ্ৰ বৰুৱাদাৰ সম্পাদনাত কাৰবি আংলঙৰ ডিফুৰ
পৰা প্ৰকাশিত প্ৰথম অসমীয়া সাপ্তাহিক কাকত ‘পাহাৰীদূত’ত দ্বিতীয়বাৰৰ বাবে আত্মনিয়োজিত হৈ ১৯৯৭চনৰ পহিলা মাৰ্চৰ
পৰা ব্যস্ততাৰে কৰ্ম সম্পাদন কৰি আছোঁ৷ ইফালে পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ডিফু
কেন্দ্ৰীয় বিহু সমিতিয়ে ৰঙালী বিহু সন্মিলনৰ আয়োজন চলাইছে৷ ঐতিহ্যমণ্ডিত ডিফু ক্লাব
প্ৰাংগণত ৯, ১০ আৰু ১১মে’ত তিনিদিনীয়া কাৰ্যসূচীৰে বিহু
সন্মিলন পতা হ’ব৷ এই উপলক্ষে মূল সমিতি গঠন
হৈ গৈছে৷ গোপীকান্ত ঠাকুৰীয়া ডাঙৰীয়া সভাপতি, ৰঞ্জন কুমাৰ বৰুৱা দাদা সম্পাদক৷ পে’পাৰত থাকিয়ে খবৰবোৰ পাই আছোঁ৷
১৬.৩.১৯৯৭ তাৰিখে বহা এখন সভাত ৮খন উপ-সমিতি সৃষ্টি
কৰা হ’ল৷ সন্মিলনৰ সৈতে ৰজিতা খুৱাই
স্মৰণিকা এখন উলিওৱাৰো সিদ্ধান্ত আছে৷ সেই অৰ্থে স্মৰণিকা উপ-সমিতি গঠন কৰাও হৈ গৈছে৷
উপ-সমিতিৰ এজন সদস্যৰ ৰূপত নিজৰ নামটো কাকতলৈ পঠিওৱা কাগজৰ এপিঠিত দেখিবলৈ পালোঁ৷
সভাত মোৰ অনুপস্থিতিত ৰাইজে কৰা এনে নিৰ্বাচন দেখি মনলৈ স্বাভাৱিকতে ভাব আহিল… মইনো বাৰু স্মৰণিকাৰ মানুহনে?
গম পালোঁ, মোৰ বন্ধু বিদুল বৰুৱা সম্পাদক৷ অন্যতম সদস্য মহেন্দ্ৰ শইকীয়া, মোৰ এজন শুভচিন্তক৷
১৯৮৮ত দিলীপ কুমাৰ ডেকা, শৈলেন দাস আৰু বিজন গোস্বামীয়ে
সম্পাদনা কৰা স্মৰণ-পত্ৰিকা ‘বহাগী’ আৰু তাৰ পিছত একেবাৰে ১৯৯৬ত
দেবেন গগৈ ছাৰৰ সম্পাদনাত প্ৰকাশিত স্মৰণিকা ‘কপৌফুল’ৰ পাত লুটিয়াই নতুন সম্পাদকে সন্ধানী দৃষ্টিৰে সেইসমূহত
কি আছে, কি নাই চাইছে৷ থিৰ কৰিছে, এইবাৰ স্মৰণিকাৰ নাম হ’ব ‘জেতুকা’ : উদ্ভিদজোপাত অন্তৰ্নিহিত গুণ-বৈভৱ
আৰু লোক-জীৱনৰ সৈতে থকা ইয়াৰ চিৰন্তন সম্পৃক্ততাৰ কথা ভাবিয়ে৷ আনহাতে ঢোলৰ লগৰ টেমেকা, ময়ো লগ নিদি নোৱাৰিছোঁ৷
বিভাগীয় উপদেষ্টা পদ্মকান্ত বৰুৱাদেৱ, সভাপতি দেবেন
গগৈ ছাৰৰ সৈতে বিষয়টোৰ সন্দৰ্ভত চিৰিয়াচ আলোচনা আৰম্ভ হ’ল৷ লেখাৰ বিষয় আৰু নিৰ্দিষ্ট
লেখক নিৰ্বাচন, অনুৰোধ-পত্ৰ দিয়া হৈ গ’ল৷ বিহু সন্মিলনৰ উদ্বোধনী গীত ‘শ্ৰীময়ী অসমীৰ...’, এশ এবিধ বনৌষধিৰ নাম, উৎসৱটিৰ
সৈতে মিলা উক্তি কিছুমান, কাৰ্যকৰী সমিতিৰ তালিকা ইত্যাদি সংগ্ৰহ আৰু সন্নিৱিষ্ট কৰাৰ
পৰিকল্পনা আছে৷ বিজ্ঞাপন বিচাৰি সম্পাদকৰ লগত খোজেৰেই দিনে-নিশাই ঘূৰিছোঁ৷ বেটুপাতৰ বাবে আমাৰে
চিত্ৰকৰ-বন্ধু ৰঞ্জিত স্বৰ্গীয়াৰীৰ ঘৰত সোঁমাইছোঁ, সহযোগিতাৰ আশ্বাসো পাইছোঁ৷ নিজেও
হওক-নহওক কিবা এটা যুগুতোৱাৰ প্ৰযত্ন (দৰাচলতে মৰসাহ) কৰিছোঁ৷
নিৰ্দিষ্ট দিনটোৰ ফালে কেলেণ্ডাৰ আগুৱাই গৈ আছে৷
লেখাবিলাক আহিব ধৰিছে, দুই-এটাকৈ৷ সম্পাদকে ৰঙা কলমৰ আঁক মাৰি গৈছে৷ সম্পাদকীয় নিবন্ধ
লিখিবলৈকো কথাবিলাক মনতে সজাইছে৷ সম্পাদিত লেখা গগৈ ছাৰক চাবলৈ দিয়া হৈছে৷ প্ৰয়োজন
অনুপাতে লেখাবিলাকৰ মই পুনৰ্লিখন আৰম্ভ কৰিছোঁ, কাট-কুট নথকাকৈ৷ শৃংখলা লগাই ফাইলবদ্ধ
কৰি গৈছোঁ৷
যোৰহাটৰ প্ৰিন্স অৱ ৱেল্ছ কাৰিকৰী আৰু অভিযান্ত্ৰিক
প্ৰতিষ্ঠানত অধ্যয়নৰত কালত আমাৰ চিনাকি পৰিপাৰ্শ্ব আৰু বিশেষকৈ শিক্ষানুষ্ঠানখনৰ মুখপত্ৰ
‘পাৱেটান’ৰ সম্পাদনাৰ সূত্ৰে বিদুল বৰুৱাই
ছপাশালৰ তলা-নলা জনাত যোৰহাট চহৰতে ‘জেতুকা’ৰ মুদ্ৰণ কাৰ্য সমাপন কৰাৰ সিদ্ধান্ত লোৱা হ’ল৷ সেই লক্ষ্যৰে পৰিবহণ নিগমৰ
ৰঙা বাছেৰে মই ওলালোঁ যোৰহাটলৈ৷ ডিফু-যোৰহাটৰ ভাৰা তেতিয়া একৈশ টকা৷ বিহুৰ বাবে আগতীয়াকৈ
গৈ ঘৰত থকা বিদুলে গোলাঘাটত নিগমৰ বাছ ষ্টেণ্ডত মোক লগ দিলেহি৷ যোৰহাট পাই পোনেই উপস্থিত
হ’লোঁগৈ প্ৰেছত৷ হাতত সময় তেনেই
তাকৰ হোৱাত প্ৰেছে ডিটিপিৰ কামটো বাহিৰত কৰোৱাই আনিবলৈ পৰামৰ্শ দিলে৷ খবৰা-খবৰি কৰি
দেৱাল ৰ’ডৰ অনিল ৰাজখোৱাৰ কাষ চাপিলোঁগৈ৷
সময়ৰ কথা লৈ তেওঁ প্ৰথমে আপত্তি দৰ্শালে৷ পিছে আমি সুন্দৰকৈ প্ৰস্তুত কৰি নিয়া পাণ্ডুলিপিটোৱে
তেওঁৰ মন জয় কৰিলেনেকি জানো, বাকী সকলোবিলাক কাম তল পেলাই তেওঁ আমাৰ ফাইলটোত হাত দিলে৷
স্বস্তিৰ নিশ্বাস পেলাই বিদুল গুচি গ'ল গোলাঘাটলৈ৷ মই গড়আলিৰে হোটেল এখনত দুনিশা যেনেতেনে
কটাই দুবাৰকৈ প্ৰুফ চাই দিলোঁ৷ ডিটিপিৰ কাম শেষ হ’ল বুলি খবৰ দিয়াত সম্পাদক আকৌ আহি ওলাল৷ প্ৰিণ্ট আউটখিনি সযতনে
নি তৰাজানস্থ পূৰ্বশ্ৰী অফ্ছেট প্ৰিণ্টাৰ্চত জমা দিয়া হ’ল৷ লগতে অগ্ৰিম ধন৷ ১১মে’ৰ সন্ধিয়া পোৱাকৈ পিছবেলা ডেৰ
বজাৰ যোৰহাট-ডিফু বাছখনত নিব পৰাকৈ সাজু কৰি দিব বুলি কথা চূড়ান্ত কৰি আমি গুচি আহিলোঁ৷
ইতিমধ্যে ২৬এপ্ৰিল ১৯৯৭ৰ ‘দৈনিক অসম’ কাকতত গুৱাহাটী মহানগৰীৰ বশিষ্ট
চাৰিআলিস্থিত শাৰদা দেৱী ন্যাসৰ দ্বাৰা ৰঙালী বিহু পালন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থসমূহৰ
মাজত উত্তৰ পূৰ্বাঞ্চলভিত্তিক আলোচনী, স্মৃতিগ্ৰন্থৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বতৰা এটা
পাইছিলোঁ৷ পেপাৰ কাটিংটো মনে মনে থৈও দিছিলোঁ সযতনে৷ উন্মোচনৰ লগে লগে নিৰ্দিষ্ট ঠিকনালৈ
খৰখেদাকৈ ‘জেতুকা’ৰ কপি পাঁচটা কুৰিয়াৰ চাৰ্ভিচ
যোগে পঠিয়াই দিয়া হ’ল৷ আনহাতে সৰহ দিন প্ৰতীক্ষা
কৰিবলগীয়া নহ’ল৷ উৎকণ্ঠাৰ অন্ত পৰিল৷ ১৯মে’ৰ ‘আজিৰ অসম’ কাকতত ফলাফল পালোঁ৷ প্ৰতিযোগিতাত
‘জেতুকা’ই প্ৰথম পুৰস্কাৰ পাইছে৷ আচম্বিতে
ভাল খবৰ এটা পালত বিহু সমিতিৰ সদস্যসকলৰ হিয়া আনন্দে নধৰা হ’ল৷ ৰাইজৰ সুখ দেখি আত্মপ্ৰসাদৰ
লগতে কষ্টখিনি কিবা সাৰ্থক হোৱা যেন আমাৰো অনুভৱ হ’ল৷
গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব
বিভাগৰ সভাকক্ষত অনুষ্ঠিত বঁটা বিতৰণী সভালৈ ‘জেতুকা’ৰ সম্পাদকৰ সৈতে গ’ল মূল সমিতিৰ কাৰ্যকৰী সভাপতি বেণু বৰুৱা ডাঙৰীয়া৷
ন্যাসৰ সভাপতি গণেশ শৰ্মা মহোদয়ৰ পৌৰোহিত্যত সেই সভা অনুষ্ঠিত হৈছিল৷ বঁটা হিচাপে মান-পত্ৰ
আৰু ‘শ্ৰীমদ্ভগৱত গীতা’ গ্ৰন্থখন দিলে৷ কনক চন্দ্ৰ শৰ্মা
ছাৰে সভাত আলোচনামূলক বক্তৃতা প্ৰদান কৰিছিল৷ তাৰে সাৰাংশ স্বৰূপে ‘প্ৰেৰণাময়ী শাৰদা দেৱী’ (প্ৰথম প্ৰকাশ : নৱেম্বৰ ১৯৯৭চন) গ্ৰন্থত সন্নিৱিষ্ট কৰা
হৈছে এনেদৰে : কেন্দ্ৰীয় বিহু সমিতি, ডিফুৰ স্মৰণিকা ‘জেতুকা’ত কিনাৰাম শইকীয়াৰ ‘ঢোলৰ মালিতা, লেখৰ ছঅঁৰা হাত
আৰু বিহু ছেও’; লংকাম টেৰণৰ ‘কাৰবি সংস্কৃতিৰ চমু আভাস’, ‘ডিমাচাসকলৰ বিহুগীত (সংগৃহীত)’, দীপালি দত্তৰ ‘অসমীয়া জা-জলপান আৰু বিহুৰ পিঠা-পনা’, মহেন্দ্ৰ শইকীয়াৰ ‘কুলি চৰাই আৰু অসমীয়া জনজীৱন’, মঃ আব্দুছ ছাজিদৰ ‘বসন্ত ঋতুৰ জীৱন্ত অৰ্কিড : কপৌফুল’ আদি অসমীয়া সংস্কৃতি সম্পৰ্কে
ভাল প্ৰবন্ধ (পৃষ্ঠা ১৪৬)৷
এই মূল্যায়ন আমাৰ বাবে সদায়ে আনন্দ আৰু উৎসাহৰ
অমল উৎস হৈ ৰ’ব৷
’জেতুকা’ৰ কম্প’জখিনি ৰাজখোৱাৰ দ্বাৰা কৰি অঁতোৱাৰ পিছত ৰিক্সা এখনেৰে প্ৰেছলৈ
গৈ থাকোঁতে ‘তই তেনেকুৱা এটাকে আৰম্ভ কৰিব
পাৰ দেখোন’ বুলি মোৰ প্ৰতি আশাপ্ৰদ মত ব্যক্ত
কৰিছিল বাল্যবন্ধু বিদুল বৰুৱাই৷ কথাষাৰে ধৰমনলাৰ ‘হিল্ প্ৰিণ্টাৰ্চ’ত তেতিয়া কাকতৰ প্ৰুফ ৰিডাৰ হিচাপে
কাম কৰি থকা মোৰো বিশেষ মনোযোগ আকৰ্ষণ কৰিলে৷ চিন্তাৰ সেই স্ফূৰণেই পিছলৈ ‘প্ৰিণ্টৱেল’ৰ সূচনাৰ গুৰিকথা হৈ ৰ’ল৷ ‘জেতুকা’ৰ জৰিয়তে প্ৰাপ্ত সুযোগ আৰু সংযোগে
এতিয়া সমাজলৈ ৰং বিলায়ে আছে, অহৰহ; বহাগ-জেঠ, দিন-ৰাতিৰ ছেদ-ভেদ নোহোৱাকৈ৷
বিহু সমিতিৰ স্মৰণিকা উপ-সমিতিৰ এজন সাধাৰণ সদস্য
নিৰ্বাচনে অতীতত মোলৈ অনা এটা সম্ভাৱনা, বন্ধুৰ এটা বাক্য আৰু কৰ্ম সম্পাদনৰ অভিজ্ঞতাই
যোগোৱা আত্মবিশ্বাস-আত্মদৰ্শন : নিজৰ জীৱনৰ এক সত্য-প্ৰশস্তিৰ যোগেদিয়ে সোণালী জয়ন্তী
বৰ্ষৰ ৰঙালী বিহু উৎসৱৰ সন্ধিক্ষণত ডিফু কেন্দ্ৰীয় বিহু সমিতিখনে প্ৰকাশ কৰিব বিচৰা
স্মৃতিগ্ৰন্থ ‘বিহুৱান’ৰ বাবে এই জীৱন-লেখাকে আগ বঢ়াই
আন্তৰিক কৃতজ্ঞতা নিৱেদন কৰিলোঁ, ৰাইজৰ প্ৰতি৷ সেয়া আছিল ২০০৭চনৰ ব'হাগ মাহৰ কথা৷
মনে মনে আজিও কেতিয়াবা ভাবোঁ... ৰাজহুৱা কামৰ মাজেদিও
জীৱনেযে তাৰ সঠিক দিক্ নিৰ্ণয় কৰিব পাৰে মই তাৰে প্ৰমাণ হৈ আছোঁ৷ ৰঙালী বিহু আহিলেই
জীৱনৰ এই অমলিন পাতখিলালৈ মোৰ বৰকৈ মনত পৰে৷
(ৰচনাকাল : ২০০৭চন)
No comments:
Post a Comment