ৰেফাৰীৰ পক্ষপাতদুষ্ট আচৰণ
২০০২ৰ কোৰিয়া-জাপান বিশ্বকাপ৷
Daejeon World Cup Stadium৷
ৰাউণ্ড অৱ ছিক্সটিন৷
দক্ষিণ কোৰিয়া আৰু ইটালীৰ মাজৰ উত্তেজনাপূৰ্ণ তথা গুৰুত্বপূৰ্ণ নক আউট মেচ চলিছে৷ উভয়
দলৰে ৪জনকৈ খেলুৱৈক হালধীয়া কাৰ্ড ৰেফাৰী Byron Morenoৰ৷ শেষৰ ফালে ইটালীৰ ফ’ৰৱাৰ্ড
Francesco Tottiক ৰঙা কাৰ্ড৷ ফলাফল ১-১ ড্ৰ৷ অতিৰিক্ত সময়ত Ahn Jung-Hwanৰ গ’ল্ডেন
গ’লেৰে দক্ষিণ কোৰিয়াৰ বিজয় ২-১ত৷ প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ
ফাইনেলত পদাৰ্পণ৷ আনফালে ২০০২ৰ বিশ্বকাপ মঞ্চৰ পৰা ইটালীৰ বিদায়৷ কান্দি উঠিছিল ইটালীৰ
প্ৰশিক্ষক তথা মেনেজাৰ Giovanni Trapattoni৷ অনাকাংক্ষিত এই সমাপ্তিৰ কাৰণ হিচাপে অৱশ্যেই
ঠাৱৰ কৰা হৈছিল Byron Morenoৰ কপট ৰেফাৰিঙক৷ অতিৰিক্ত সময়ত Damiano Tommasiয়ে ইটালীৰ
হৈ প্ৰথমেই সুমুওৱা গ’ল্ডেন গ’লটো অফচাইড বুলি নাকচ কৰা, ষ্টাৰ
প্লে’য়াৰ Francesco Tottiক ডাইভ মৰাৰ অভিযোগত ৰঙা কাৰ্ড দেখুৱাই
বাহিৰ কৰা আদিক লৈ সিদিনা খেলখন পৰিচালনা কৰা ইকুৱেডৰৰ ৰেফাৰীজনৰ কোৰিয়াৰ প্ৰতি পক্ষপাতদুষ্ট
মনোভাব থকা বুলি বিভিন্ন মহলত চৰ্চা চলিছিল৷ অভিযোগ এইটো পৰ্যন্তও উঠিছিল যে আয়োজক
দেশ দুখনৰ ভিতৰত এখনক টুৰ্ণামেণ্টখনত জীয়াই ৰখাৰ বাবে ফিফাৰ তৰফৰ পৰা অফিচিয়েলসকলক
নিৰ্দেশ দিয়া হৈছিল! ৰেফাৰী-বিতৰ্কৰ কিন্তু তিমানতে শাম কটা নাছিল৷ তাৰ আৰু এক প্ৰতিফলন
দেখা গৈছিল কোৰিয়াৰ পৰৱৰ্তী খেলখনত৷
ৰাউণ্ড অৱ ছিক্সটিনৰ পৰৱৰ্তী খেল৷
দক্ষিণ কোৰিয়া আৰু স্পেইনৰ মাজৰ কোৱাৰ্টাৰ ফাইনেল৷
এইবাৰ ৰেফাৰী
Gamal Al-Ghandour, ইজিপ্তৰ৷
অফচাইডৰ দোহাই দি স্পেইনৰ দুটাকৈ গ’ল নাকচ কৰা হ’ল
লাইনচমেনে ফ্লেগ জোকাৰি দেখুওৱা অফচাইডৰ সংকেতত৷ লাইনচমেনদ্বয় আছিল উগাণ্ডা আৰু ত্ৰিনিদাদৰ৷
খেল ড্ৰ৷ পেনাল্টি শ্বুট আউটৰ সিদ্ধান্ত লোৱা হ’ল৷
পেনাল্টিত দক্ষিণ কোৰিয়া বিজয়ী হ’ল ৫-৩গ’লত
আৰু পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে৷ স্পেইনৰ বিদায়৷
নৰ্মেল
টাইমত স্পেইনে দিয়া সেই গ’ল
দুটাক লৈও যথেষ্ট বু-বু-বা-বা চলিছিল ফুটবলপ্ৰেমীৰ মাজত৷ কথা এই পৰ্যন্ত উঠিছিল যে
Ghandour বোলা সিদিনাৰ ইজিপ্তচিয়ান ৰেফাৰীজনে কোৰিয়ান ফুটবল এচ’চিয়েচনৰ পৰা গিফট হিচাপে হোণ্ডাইৰ সুদৃশ্য গাড়ী এখনো লৈছিল হেনো!
কিমান সঁচা, কিমান মিছা?
অৱশেষত, Byron Moreno আৰু Gamal Al-Ghandourৰ কি হ’ল? বিশ্বকাপৰ অন্তত দুয়োজন ৰেফাৰীকে বাধ্যতামূলক অৱসৰ দিয়া হ’ল৷ এজনক মেচ ফিক্সিঙৰ অপৰাধত, আনজনক নতুন গাড়ী গ্ৰহণেৰে দক্ষিণ কোৰিয়াক বিশ্বকাপ অগ্ৰগতিত সুবিধা দিয়াৰ অপৰাধত৷
Byron Moreno কাহিনী আৰু ইণ্টাৰেষ্টিং৷ পক্ষপাতিত্বৰ
বাবে নিজৰ ৰেফাৰিং কেৰিয়াৰ সিমানতে অন্ত৷ তাৰ পিছত নিউ য়ৰ্কৰ জন এফ. কেনেডী ইণ্টাৰনেশ্যনেল
এয়াৰপ’ৰ্টত ৬ কিল’গ্ৰাম হিৰ’ইনৰ
সৈতে হাতে-লোটে ধৰা পৰিল৷ ২০১১চনৰ ২১চেপ্তেম্বৰত৷ এৰেষ্ট হ’ল
স্মাগলিঙত জড়িত থকাৰ অপৰাধত৷ অন্তৰ্বাসৰ ভিতৰত গুপুতভাৱে লুকুৱাই সেইখিনি সৰৱৰাহ কৰাৰ
চেষ্টা চলাইছিল৷ শাস্তি স্বৰূপে বিহা হ’ল
১০বছৰৰ কাৰাদণ্ড৷ শেষত যেনিবা আৱেদন-নিৱেদন কৰি আঢ়ৈ বছৰলৈ হ্ৰাস কৰোৱালে৷ তাৰ পিছত
জেলৰ জীৱন৷ এসময়ত মুক্তি লভি ইকুৱেডৰ পালেগৈ৷
আগন্তুক ২০১৪ৰ ব্ৰাজিল, তাৰ পৰৱৰ্তী ২০১৮ৰ ৰাছিয়া
আৰু ২০২২ৰ কাটাৰ বিশ্বকাপৰ পিছত অহা ২০২৬চনৰ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে
দক্ষিণ কোৰিয়াই পুনৰ মন মেলিছে৷ ২০০২ৰ পিছত যুটীয়া আয়োজকৰ ক্ষেত্ৰত ফিফাই জাৰি কৰি
থোৱা নিষেধাজ্ঞা ইতিমধ্যে উঠাই দিয়া হৈছে৷ আনহাতে ২০২৬চনৰ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ দক্ষিণ কোৰিয়াই মন মেলিলেও কিন্তু
সম্ভাৱ্য আয়োজক হিচাপে ইউ.এছ.এ.ইহে প্ৰাধান্য লাভ কৰিছে৷
No comments:
Post a Comment