Italia90 আৰু ৮জুলাইৰ কিছু স্মৃতি...
Italia90ত পশ্চিম জাৰ্মানীৰ প্ৰশিক্ষক আছিল
Franze Beckenbauer৷ ১৯৭৪চনত তেওঁৰ নেতৃত্বতে নেদাৰলেণ্ডছক ২-১ গ’লত
হৰুৱাই পশ্চিম জাৰ্মানীয়ে স্বদেশত আয়োজিত বিশ্বকাপ ফুটবল
প্ৰতিযোগিতাত চেম্পিয়ন
হৈছিল৷ ফুটবলৰ ক্ষেত্ৰত থকা দৰ্শনীয় স্কিল আৰু ফিটনেচৰ বাবে তেওঁক 'Kaiser' উপনাম দিয়া
হৈছিল৷ এই Kaiser Beckenbauerৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত পশ্চিম জাৰ্মানী দলটো ১৯৯০চনত
ইটালীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চূড়ান্ত বিজয়ী হয়৷ Beckenbauer হৈছে প্ৰথমজন ব্যক্তি যি কেপ্টেইন
আৰু ক'চ হিচাপে
বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে৷
আনহাতে পশ্চিম জাৰ্মানীৰ Lothar Matthaeusএ অধিনায়কত্ব কৰা পাঁচখন বিশ্বকাপ
১৯৮২, ১৯৮৬, ১৯৯০, ১৯৯৪, ১৯৯৮ৰ ভিতৰত ইটালী Italia 90 বিশ্বকাপ অনুকৰণীয় বুলি ফুটবলৰসিক
মহলত সদায়েই বিবেচিত হৈ আহিছে৷ ৰোমত অনুষ্ঠিত ফাইনেলত Andreas Brehmeএ পেনাণ্টি যোগে আৰ্জেণ্টিনাৰ বিৰুদ্ধে
নিৰ্ণায়ক গ’লটো
দি হিৰ’ হৈ
পৰিছিল৷ খেলখনৰ ৬৫মিনিটত আৰ্জেণ্টিনাৰ Pedro Monzonএ ৰঙা কাৰ্ড খালে৷ ফলত ১১ৰ ঠাইত ১০জনেৰেই চম্ভালিব লগা হ’ল পিছৰ সময়ছোৱা৷
তেতিয়াৰ পৰাই দৰাচলতে
পশ্চিম জাৰ্মানীৰ আধিপত্য সূচনা হ’ল৷ ৮জুলাই ১৯৯০ৰ দিনা উক্ত খেলখন
চোৱাসকলৰ মনত সেই মুহূৰ্তবোৰ নিশ্চয় আজিও অমলিন হৈ আছে৷
1990 World Cupত গোটেই টুৰ্ণামেণ্টখনতে মাত্ৰাধিক
ফাউল খেলিছিল আৰ্জেণ্টিনাই৷ তথ্যৰ দিশেৰে যদি চোৱা যায়, সেইবাৰ আৰ্জেণ্টিনা দলৰ খেলুৱৈয়েই
সৰ্বোচ্চসংখ্যক হালধীয়া কাৰ্ড পাইছিল (২২)৷ আনহাতে সৰ্বোচ্চ ৰঙা কাৰ্ড পোৱা খেলুৱৈও
আছিল আৰ্জেণ্টিনাৰে (৩)৷ ফাইনেল খেলখনত আৰ্জেণ্টিনা দলটো খেলপথাৰত নমাৰ পৰত পূৰ্বৰ খেলত
কৰা ফাউলৰ শাস্তি স্বৰূপে তেওঁলোকৰ ৪জনকৈ নিয়মীয়া খেলুৱৈ নিষিদ্ধ হৈ
আছিল৷ আনহাতে ফাইনেলখন
শেষ হোৱাৰ সময়ত ফিল্ডৰ পৰা ওলাই অহা আৰ্জেণ্টিনা দলত খেলুৱৈৰ সংখ্যা আছিল ৯জন৷ ২জনে
ৰঙা কাৰ্ড পাই ইতিমধ্যে খেলপথাৰ এৰিছিল৷ মাৰাডোনাৰ আৰ্জেণ্টিনাৰ বৰ দুখ লগা অৱস্থা
হৈছিল সেইদিনা৷ ফাইনেল খেলত তেওঁলোকে জাৰ্মানীৰ গ’ললৈ শ্বট লৈছিল মাত্ৰ এটা৷ আনহাতে জাৰ্মানীয়ে লৈছিল ১৬টা৷
আঘাত আৰু বুকিঙৰ বাবে দলটো শক্তিশালী নোহোৱাত সিদিনা মাৰাডোনাৰ আৰ্জেণ্টিনাৰ ষ্ট্ৰেটেজি আছিল
যেনেতেনে খেলখন ড্ৰ কৰা আৰু ফলাফল পেনাল্টিৰ জৰিয়তে নিৰ্ধাৰণ কৰাৰ ফালে লৈ যোৱা৷
সেই পদ্ধতি খটুৱাই তেওঁলোকে আগৰ খেলা জিকি আহিছিল৷
প্ৰতিপক্ষৰ বিৰুদ্ধে পেনাল্টি এটা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এইটো সদায়ে অতি গুৰুত্বপূৰ্ণ কথা যে যিজনে পেনাল্টি শ্বটটো ল’ব তেওঁ যাতে সম্পূৰ্ণ আত্মবিশ্বাসী হয়, স্পটৰ পৰা যাতে তেওঁ গ’লটো কৰিব পাৰে৷ এনেকুৱা পৰিস্থিতিৰ বাবে প্ৰাক্তন খেলুৱৈ তথা পশ্চিম জাৰ্মানীৰ প্ৰশিক্ষক Franze Beckenbauerএ ১৯৯০ৰ জাতীয় দলটোত তিনিজনকৈ খেলুৱৈ ৰাখিছিল৷ Rudi Voeller, Lothar Matthaeus আৰু Andreas Brehme৷ পেনাল্টিটো লাভ কৰাৰ পিছতে প্ৰশ্ন উঠিল, কোনে ল'ব এই গুৰুত্বপূৰ্ণ শ্বটটো? কিয়নো, Voellerক আৰ্জেণ্টাইন খেলুৱৈয়ে কৰিলে ফাউল৷ Matthaeusএ আকৌ হাফ-টাইমত নিজৰ বুটযোৰ সলনি কৰি লৈছে৷ নতুন বুটযোৰত ভৰসা কম তেওঁৰ৷ গতিকে Brehmeৰে পাল পৰিল৷ সফলতাৰে পেনাল্টি কাৰ্যকৰী কৰি, স্বদেশৰ বাবে বিজয় গৌৰৱ কঢ়িয়াই বিশ্ব ফুটবলৰ বুৰঞ্জীত নিজৰ নাম সোণালী আখৰেৰে লিখাৰ সৌভাগ্য হ'ল Andreas Brehmeৰ৷
পেনাল্টিৰ সেই শ্বাসৰুদ্ধকৰ মুহূৰ্তটোৰ কথা Andreas
Brehmeএ পিছত এইদৰে কৈছিল...
‘Rudi
Voeller আৰু Jose Serrizuelৰ পৰা তেতিয়া মই চল্লিশ মিটাৰমান আঁতৰত আছিলোঁ৷ Voellerক
ফাউল কৰাৰ বাবে ৰেফাৰী Edgardo Codesalএ দীঘলীয়াকৈ হুইচেল বজালে৷ পেনাল্টি স্পটলৈ টোঁৱাই
তেওঁ নিৰ্দেশ দিয়াৰ লগে লগে ফিল্ডত খেলিমেলি এটাৰ সৃষ্টি হ’ল৷ আৰ্জেণ্টিনাৰ খেলুৱৈসকল ৰেফাৰীৰ লগত বাকযুদ্ধত লিপ্ত হ’ল৷ অসন্তুষ্ট হৈ তেওঁলোকে বলটোও দূৰলৈ মাৰি পঠিয়ালে৷ প্ৰায়
সাত-আঠ মিনিট ধৰি পৰিস্থিতি অস্থিৰ হৈ থাকিল৷’
তেওঁ আৰু কৈছিল...
‘বিসম্বাদ অন্ত পৰাত মই পেনাল্টি শ্বটটো ল’বলৈ ধীৰে ধীৰে আগ বাঢ়িলোঁ৷ মনত গভীৰ আত্মবিশ্বাস ৰাখি মই বলৰ
ফালে গলোঁ৷
হুলস্থূল অৱশ্যে তেতিয়াও শাম
কটা নাই৷ বলটো পেনাল্টি স্পটত ভালকৈ পাতি ল’লোঁ আৰু মই সাজু হ’লোঁ৷ তেনেকুৱাতে আৰ্জেণ্টাইন খেলুৱৈয়ে বলটো আকৌ দূৰলৈ
মাৰি পঠিয়ালে৷ মোৰ তেতিয়া সকলোতকৈ বেছি বেয়া লাগিল৷
মই অনুভৱ কৰিলোঁ যে মোক তেওঁলোকে অস্থিৰ কৰাৰ চেষ্টা কৰিছে৷ সমগ্ৰ বিশ্বৰ কোটি কোটি
ফুটবলপ্ৰেমীয়ে টেলিভিচনৰ পৰ্দাত এই দৃশ্য চাই আছে, মোকো চাই আছে৷ তেনেকুৱাতে
Voeller মোৰ কাষলৈ আহিল৷ ক’লে... বলটো মাত্ৰ তুমি গ’লত সুমুৱাই দিয়া, তেতিয়া আমি বিশ্ব চেম্পিয়ন হৈ যাম৷ মই
উত্তৰ দিলোঁ... ধন্যবাদ, এই কামটো মই
মোৰ অন্তৰেৰে সৈতে লৈছোঁ৷’
আৰু তাৰ পিছত...
'পেনাল্টি চেভাৰ' বুলি সুনাম
থকা
আৰ্জেণ্টিনাৰ গ’লৰক্ষক Sergio Goycoche আৰু পশ্চিম জাৰ্মানীৰ হৈ শ্বট লওঁতা Andreas Brehme মুখামুখিকৈ থিয় হ’ল৷ হয়তো এক মুহূৰ্তৰ
বাবে পৰস্পৰে পৰস্পৰৰ চকুত চকু ৰাখিলে৷ ৰেফাৰীৰ সংকেত বাজি উঠিল৷ লগে লগে Brehmeএ শ্বটটো ল’লে৷আৰু... ৰচিত হ’ল এটা নতুন ইতিহাস৷সেই ঐতিহাসিক মুহূৰ্তটোৰ বর্ণনা সফল পেনাল্টি শ্বুটাৰ Andreas Brehmeএ কেনেদৰে কৰিছিল, তেওঁৰ মুখেৰেই শুনকচোন... ‘মই ভাবি ল’লোঁ, যেতিয়া বলটোৰ অভিমুখে দৌৰি যাম তেতিয়া মই নিজকে শান্ত ৰাখিম৷ শ্বটটোতহে কেৱল মনোনিৱেশ কৰিম৷ তাৰ পিছত মোৰ সোঁখন ভৰিৰে কিকটো মাৰিম৷ বলটো চিধাই নেটলৈ উৰি যাব...'
'ঠিক! তাৰ পিছতে যেতিয়া দেখিলোঁ, বলটো নেটত, মই গম পাই গ’লোঁ যে আমি ৱৰ্ল্ড কাপ চেম্পিয়ন হৈ গৈছোঁ৷ কোনেও আমাৰ পৰা
আৰু বিজয় কাঢ়ি নিব নোৱাৰে৷ আৰ্জেণ্টিনাৰ এনেয়েও এজন খেলুৱৈ কম হৈ আছে৷ অলপ পাছতে
Gustavo Dezottiকো বাহিৰ কৰি দিয়া হ’ল Jurgen
Kohlerক আবদ্ধ কৰি ৰাখিবলৈ নীতিবিৰুদ্ধভাৱে চেষ্টা চলোৱাৰ বাবে৷ মাৰাডোনায়ো আনকি হালধীয়া
কাৰ্ড পালে৷ মাৰাডোনাই নিশ্চয় ইতিমধ্যে গম পাই গৈছিল যে তেওঁ আৰু বিশ্বকাপ জিকিব নোৱাৰে৷’
সেই বিজয়ানন্দৰ কথা Andreas Brehmeএ আজিও উৎসাহেৰে স্মৰণ
কৰে... ‘এজন ফুটবলাৰ হিচাপে বিশ্বকাপ
বিজয়তকৈ ওপৰৰ সন্মান নিশ্চয় আৰু একো নাই৷ খেলুৱৈ হিচাপে মই পোৱা এয়া শ্ৰেষ্ঠ আৰু দৰকাৰী
সন্মান৷ বিশ্ব চেম্পিয়ন হোৱাৰ সেই নিশা দুই বজাত আমি হোটেল পাইছিলোঁহি৷ যেতিয়া আমি
বিছনাত পৰিছিলোঁ, তেতিয়া পোহৰ হৈ গৈছিল৷ তাৰ পিছত দুটা সপ্তাহলৈ মই শয়নে-সপোনে কেৱল
সেই গ’লটোকেই দেখি আছিলোঁ৷ মই এতিয়াও ভাবোঁ, তেনেকুৱা পেনাল্টি আকৌ স্ক’ৰ কৰিবলৈ পোৱা হ’লে!'
এইজন ফুটবলাৰৰ বিষয়ে জাৰ্মানীৰ
প্ৰাক্তন খেলুৱৈ তথা প্ৰশিক্ষক থমাচ ডলে এবাৰ কৈছিল... ‘এনেকুৱা পূৰ্ণাংগ খেলুৱৈ মই খুব
কম দেখিছোঁ৷ তেওঁ টেকনিকেলি পাৰফেক্ট৷ সোঁভৰি, বাঁওভৰি উভয়তে৷ গ’লবাৰৰ
ওপৰত বহি থকা মাখি এটাকো তেওঁ বল মাৰি হেলাৰঙে টিকাই দিব পাৰে৷’
আন্দ্ৰেয়াছ ব্ৰেহমিৰ জন্ম
হৈছিল ১৯৬০চনৰ ৯নভেম্বৰত হামবাৰ্গত৷ তেওঁ আছিল এজন প্ৰশিক্ষণপ্ৰাপ্ত গাড়ী-মেকানিক৷
১৯৯৮চনত খেলুৱৈ জীৱনৰ সামৰণি মৰা ব্ৰেহমিৰ প্ৰথম প্ৰশিক্ষক আছিল দেউতাক৷ সেই ধাৰা অক্ষুণ্ণ
ৰাখি পিছলৈ তেৱোঁ ক'চ হৈছিলগৈ৷
পুৱা স্থানীয় ষ্টেডিয়াম খেলপথাৰত ফুটবল খেলি থকা ল’ৰাবোৰলৈ চাই চাই এই কথা মই প্ৰায়েই ভাবোঁ...
আমাৰ ল’ৰাবোৰ কেতিয়াযে একোজন Brehme হ’বগৈ!
No comments:
Post a Comment