GOAL-LINE TECHNOLOGY (GLT)
বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে, ২০১৪ৰ ব্ৰাজিল বিশ্বকাপত
২০০০চনৰ ১৩ফেব্ৰুৱাৰী৷ Africa Cup of Nationsৰ
ফাইনেল খেল৷ Lagosৰ National Stadium ৷ নাইজেৰীয়া আৰু কেমেৰুনৰ মাজত ২-২গ’লত অমীমাংসিতভাৱে সমাপ্ত হ’ল
খেলখন৷ ফলাফল নিৰ্ণয়ৰ বাবে অৱশেষত পেনাল্টি শ্বুট আউটৰ সহায় লোৱা হ’ল৷ নাইজেৰীয়ান ফ’ৰৱাৰ্ড Victor
Nosa Ikpeba আগ বাঢ়িল দলৰ হৈ
চতুৰ্থটো শ্বট ল’বলৈ৷ শ্বটটোত বল গৈ ক্রছবাৰত লাগিল৷ তাৰ পৰা চিধাই তললৈ
নামি আহিল আৰু মাটি স্পৰ্শ কৰিলে৷ সমৰ্থকসকলে চিঞৰি উঠিল... গ’ল৷
কিন্তু বলটোৱে গ’ল-লাইন অতিক্রম নকৰাৰ দোহাই দি টিউনিছিয়াৰ ৰেফাৰী Mourad Daami নিৰ্বিকাৰ হৈ ৰ’ল৷
ইফালে টেলিভিচনৰ ৰিপ্লে’ত দেখা গ’ল বলে গ’ল-লাইনৰ
ভিতৰৰ মাটি চুইছে৷ তথাপিও নাকচ৷ পেনাল্টি শ্বুট আউটত জয়ী হোৱাৰ সূত্ৰে কেমেৰুন চেম্পিয়ন
হ’ল আৰু ট্ৰফী লাভ কৰিলে৷ সেয়ে হ’লেও
ৰেফাৰীৰ সিদ্ধান্তক লৈ বিতৰ্কৰ শাম নাকাটিল৷ কোনো কোনোৱে ভাবিলে, এনেকুৱা এটা ব্যৱস্থা
উলিয়াব নোৱাৰিনে, য’ত... সেয়াই চিন্তাটোৰো আৰম্ভণি৷ সেই তেতিয়াই হেনো Goal-Line Techlology (GLT)ৰ
প্ৰসংগ প্ৰথমবাৰ উত্থাপিত হৈছিল৷
গ’ল নিৰ্ধাৰণৰ এটা পদ্ধতি ২০০৫চনত
পেৰুত অনুষ্ঠিত ফিফাৰ ১৭বছৰ অনুৰ্ধ বিশ্বকাপত প্ৰয়োগ কৰা হৈছিল যিটো ক্ষিপ্ৰ বা সঠিক
কোনোটোৱেই নাছিল৷ ফলপ্ৰসু হৈ নুঠাত তেতিয়াই তাক বাদ দিব লগা হ’ল৷
চলি থাকিল পৰৱৰ্তী চিন্তা-চৰ্চা৷
২০১০ৰ চাউথ আফ্ৰিকা বিশ্বকাপত তেনেকুৱা এটা ব্যৱস্থা
প্ৰয়োগ কৰা হব বুলি শুনিবলৈ পোৱা গৈছিল৷ পিছে কাৰ্যকৰী হৈ নুঠিল৷ বিপৰীতে বহুজনে ব্যৱস্থাটোৰ
সমালোচনাতহে সৰৱ হৈ উঠিল৷ কোনোবা কোনোবাই ক’লে যে এনে কৰাৰ ফলত খেল এখনৰ
গতি স্বাভাৱিক হোৱাৰ পৰিৱৰ্তে মন্থৰ হৈ পৰিব৷ অন্তত দেখা গ’ল
২০১০ৰ চাউথ আফ্ৰিকা বিশ্বকাপত গ’ল হোৱা-নোহোৱাক লৈ, ৰেফাৰীৰ সিদ্ধান্তক
লৈ খেলিমেলি থাকি গ’ল৷ অৱস্থাটোৰ নিবৃত্তিৰ হকে আকৌ ভাবিবলৈ বাধ্য হৈ পৰিল
ফিফা৷ জাৰ্মানী আৰু ইংলেণ্ডৰ মাজৰ দ্বিতীয় ৰাউণ্ডৰ খেলখন নিশ্চয় বহুতৰে মনত আছে৷
২০১০ৰ বিশ্বকাপ৷ ইংলেণ্ড আৰু জাৰ্মানীৰ মাজত অনুষ্ঠিত
দ্বিতীয় ৰাউণ্ডৰ খেল৷ ফলাফল তেতিয়ালৈ ২-১৷ জাৰ্মানী আগ বাঢ়ি আছে৷ তেনেকুৱাতে পেনাল্টি
এৰিয়াৰ সামান্য বাহিৰৰ পৰা জাৰ্মান গ’ললৈ লক্ষ্য কৰি ইংলেণ্ডৰ মিডফিল্ডাৰ
Frank Lampardএ শ্বট ল’লে৷ বলটোৱে ক্রছবাৰত খুন্দা মাৰিলেগৈ৷ তাৰ পিছত পোনে পোনে
তললৈ৷ ‘গ’ল গ’ল’
বুলি উৰুলীকৃত হৈ পৰিল ইংলেণ্ডৰ খেলুৱৈৰ লগতে সমৰ্থকসকল৷ উৰুগুৱেৰ ৰেফাৰী Jorge
Larrionda কিন্তু নিৰুত্তৰ৷ গ’ল নাই হোৱা৷ ৰিপ্লে’ত
কিন্তু পৰিষ্কাৰভাৱে দেখা গ’ল যে বলটোৱে গ’ল-লাইন
অতিক্রম কৰিছে৷ গ’লৰ ভিতৰত পৰি বলটো উফৰি আহিছে জাৰ্মান গ’লৰক্ষক
Manuel Neuerলৈ৷ তথাপিতো নাকচ কৰা হ’ল গ’লটো৷
এই সংক্রান্তত ইংলেণ্ডৰ প্ৰশিক্ষক Fabio Capelloএ পিছত কৈছিল... ‘গ’লটো
আমাৰ বাবে বৰ দৰকাৰী আছিল৷ গ’লটো দিয়া হ’লে
আমি অন্য ধৰণে খেলখন আগ বঢ়াই নিব পাৰিলোঁহেঁতেন৷ জাৰ্মানীৰ প্ৰশিক্ষক Joachim Loewও
আছিল গ’লটোৰ সপক্ষে৷ পিছে খেলপথাৰৰ ভিতৰৰ সকলো সিদ্ধান্ত ৰেফাৰীৰহে৷
গতিকে গ’লটো নহ’ল৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰিবলৈ
‘খেলত ৰেফাৰীয়ে দিয়া সিদ্ধান্ত সম্পৰ্কত কোনো মন্তব্য দিয়া
নাযায়’ বুলি কথাটো তল পেলালে ফিফাই৷ ৰেফাৰীৰ এনে বিসংগতিপূৰ্ণ
সিদ্ধান্ত পিছত অৱশ্যে এক গুৰুত্বপূৰ্ণ চৰ্চাৰ বিষয়-বস্তু নোহোৱাকৈ নাথাকিল৷
২০১০ৰ ঘটনাই ১৯৬৬ৰ ইংলেণ্ড বিশ্বকাপত ইংলেণ্ড আৰু
জাৰ্মানীৰ মাজত লণ্ডনৰ Wembleyত অনুষ্ঠিত ফাইনেল খেলৰ মুহূৰ্ত এটা সোঁৱৰাই দিয়ে৷ অতিৰিক্ত
সময়তো খেলখন সেইদিনা ২-২গ’লত ড্ৰ হৈ চলি আছিল৷ ১০১মিনিটত ইংলেণ্ডৰ ষ্ট্ৰাইকাৰ
Geoff Hurstৰ তীব্ৰবেগী শ্বট এটাত বলটোৱে ক্রছবাৰৰ ভিতৰৰ অংশ চুলেহি৷ তাৰ পিছতে পুনৰ
উফৰি গ’ল খেলুৱৈৰ ফালে৷ ঘটনা দেখি চুইচ ৰেফাৰী Gottfried
Dienstএ লাইনচমেন Tofik Bakhramov আৰু Karol Galbaৰ লগত আলোচনা কৰিলে৷ অলপ পিছতে গ’ল
হোৱা বুলি সংকেত দি দিলে৷ এইটোও পিছলৈ বিতৰ্কৰ বিষয় হৈ পৰিছিল৷
ফুটবল খেল এখনত গ’ল
হোৱা-নোহোৱাক কেন্দ্ৰ কৰি এনেকৈ বহু সময়ত ৰেফাৰীয়ে দিয়া সিদ্ধান্তক লৈ অনেক বিতৰ্কৰ
সূত্ৰপাত হৈছে৷ তেনে পৰিস্থিতিৰ অৱসান ঘটাই গ’ল হোৱা-নোহোৱাটো শুদ্ধভাৱে নিৰ্ণয়
কৰাৰ আধুনিকতম পদ্ধতি এটা উদ্ভাৱন কৰাৰ কথাও চিন্তা কৰি অহা হৈছিল৷ GLT সেই চিন্তা আৰু গৱেষণাৰে ফচল৷ এই পদ্ধতিত বলটোৱে গ’ললাইন
সম্পূৰ্ণভাৱে অতিক্রম কৰিছেনে নাই তাক জানিব পৰা যাব ইলেক্ট্রনিক যন্ত্ৰপাতিৰ জৰিয়তে৷
ফলত ৰেফাৰীৰ বাবে চূড়ান্ত সিদ্ধান্ত শুদ্ধভাৱে লোৱাত যথেষ্ট সুবিধাজনক হৈ পৰিব৷ ফিফাই
কিন্তু প্ৰথমে এনে ব্যৱস্থাৰ বিৰোধিতাহে কৰিছিল৷
আন নালাগে, ফিফাৰ সভাপতি স্বয়ং Sepp Blatterৰেই GLTৰ বিৰুদ্ধে মাত মাতিছিল৷ এনে
পদ্ধতিয়ে খেল পৰিচালনাত মানুহৰ প্ৰয়োজন শূন্য কৰি পেলাব বুলি ভবা হৈছিল৷ খেলক লৈ দৰ্শকৰ
মাজত চলা ৰসাল আলাপ-আলোচনা তথা আনন্দদায়ক বিতৰ্কবোৰো হ্ৰাস কৰি পেলাব বুলি সন্দেহ কৰা
হৈছিল৷ আৰু ভবা হৈছিল যে এনে ব্যৱস্থাৰ প্ৰয়োগে ফুটবলৰ সৌন্দৰ্য তথা জনপ্ৰিয়তাত আঘাত
হানিব৷ খেলখন ৰৈ যাব অৰ্থাৎ খেলুৱৈৰ ক্রীড়াশৈলীত বাধা আহি পৰিব৷ গতিকে কথাটো কোনোপধ্যে
মানি ল’ব পৰা নাছিল Blatterএ৷
২০১০-১১ৰ প্ৰিমিয়াৰ লীগ চিজনৰ সময়ত চলোৱা এটা অধ্যয়নে
নিশ্চিত কৰিছিল যে ভিডিঅ’ ৰিপ্লে’ৰ জৰিয়তে ৰেফাৰীৰ সিদ্ধান্তৰ
বিসংগতি প্ৰায় ৩০শতাংশ নিৰাময় কৰিব পৰা যায়৷ তেনে ব্যৱস্থাপনা গ্ৰহণত এই যুক্তি প্ৰদৰ্শন
কৰা হ’ল যে ৰিপ্লে’ৰ সহায় ল’লে
বিশেষকৈ দৃশ্যটো চাই থকাত লগা সময়খিনিৰ কাৰণেই খেলৰ গতিত নিশ্চয়কৈ বাধা আহি পৰিব৷ ইফালে
কোনো কোনো সমালোচকে ক’লে যে দুখীয়া আৰু ক্ষুদ্ৰ সংস্থাসমূহৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাসমূহত GLT ব্যৱহাৰ কৰাটো সহজসাধ্য কাম নহ’ব৷
গতিকে কাৰিকৰী পদ্ধতি প্ৰয়োগৰ বিপৰীতে ফিফাই ভাল ৰেফাৰিং আৰু একোজন অতিৰিক্ত অফিচিয়েল
নিয়োগ কৰাটোহে সমীচিন হ’ব৷ UEFAৰ সভাপতি Michel Platiniএও পৰিকল্পনাটোৰ বিৰোধিতা
কৰিলে৷ এগৰাকী ওপৰঞ্চি সহায়ক ৰেফাৰীয়ে (Fifth official) গ’ল-লাইনৰ
ওচৰত থিয় হৈ থাকি গ’ল নিৰীক্ষণ কৰাটোহে তেওঁ পোষকতা কৰিলে৷ কিন্তু GLTৰ সমৰ্থকসকলে
এইবুলি সবল যুক্তি দৰ্শালে যে ৰেফাৰীয়ে দিয়া ভুল গ’ল-লাইন সিদ্ধান্তই ইতিমধ্যে বহুকেইখন
গুৰুত্বপূৰ্ণ খেল আৰু খেলুৱৈৰ মানসিকতা ইতিমধ্যে একেবাৰে নষ্ট কৰি পেলাইছে৷ এইবোৰে
ফুটবলৰ জনপ্ৰিয়তা ম্নান নকৰা নহয়৷ তদুপৰি এতিয়া ব্যৱহাৰ কৰিব খোজা নতুন কাৰিকৰী পদ্ধতিটো
আগতকৈ ক্ষিপ্ৰ, শুদ্ধ আৰু সৰল৷
প্ৰিমিয়াৰ লীগ, বিশ্বকাপ, ইউৰো কাপ আদিত ৰেফাৰীৰ
সিদ্ধান্তক লৈ উদ্ভৱ হোৱা খেলিমেলিৰ মাত্ৰা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আৰু শুদ্ধ সিদ্ধান্তদায়ক
দ্ৰুত পদ্ধতি উদ্ভাৱন হোৱাৰ ফলস্বৰূপে পিছলৈ GLT কাৰ্যকৰী কৰাত ফিফাই আগ্ৰহ প্ৰকাশ
কৰিলে৷ ২০১০চনৰ বিশ্বকাপত ইংলেণ্ডৰ মিডফিল্ডাৰ Frank Lampardৰ গ’লটোৰ
ৰিপ্লে’ দৰ্শন কৰাৰ আগলৈকে এই বিষয়ত কোনোপধ্যে মান্তি নোহোৱা
ফিফাৰ সভাপতি Sepp Blatter পতিয়ন গ’ল দেখদেখকৈ হোৱা উক্ত ভুল সিদ্ধান্ত
প্ৰত্যক্ষ কৰি৷ Thank you Lampard বুলি কৈ উঠিল Blatterএ৷ মানুহৰ দ্বাৰা সংঘটিত ভুল
নাইকিয়া কৰিবৰ বাবে অৱশেষত যন্ত্ৰৰ সহায়তা সমৰ্থনযোগ্য বিবেচিত হ’ল৷
অৱশ্যে তাৰ বাবে খেলখনে তাৰ স্বাভাৱিক গতিও হেৰুৱাব নালাগিব৷ সেয়েহে GLTৰ ৯টাকৈ পদ্ধতি
পৰীক্ষা কৰি চোৱা হ’ল৷ শেষত তাৰে দুটাই সন্তুষ্টি তথা সন্মতি লভিলে৷ ইংলেণ্ডৰ
মিডফিল্ডাৰ Frank Lampardৰ গ’লটোৱে ফুটবল-বিশ্বলৈ দি গ’ল
এটা ভিত্তি য’ত ভেজা দি, দৰাচলতে যাৰ ফলশ্ৰুতিত ফিফাই গ্ৰহণ কৰিলে এক
ঐতিহাসিক সিদ্ধান্ত, প্ৰৱৰ্তন কৰিবলৈ বাধ্য হ’ল বহুদিন ধৰি জল্পনা-কল্পনা কৰি
থকা এক ব্যৱস্থাপনাৰ, যাৰ নাম Goal-line Technology৷ Lampardএ যেন অৱশেষত ন্যায় পালে!
২০১২চনৰ ৫জুলাইত International Football Association
Boardএ ফুটবলত GLTৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন জনায়৷ অনেক পৰীক্ষা-নিৰীক্ষাৰ
অন্তত কাৰিকৰীভাৱে প্ৰাসংগিক দুটা ব্যৱস্থা ক্রমে GoalRef আৰু Hawk-Eyeলৈ অনুমোদন জনোৱা
হয়৷ উক্ত বৰ্ষৰ ডিচেম্বৰ মাহত ফিফাই ঘোষণা কৰিছিল যে সেই বৰ্ষতে জাপানত হ’ব
লগা FIFA Club World Cupৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত প্ৰথমবাৰৰ বাবে GLT প্ৰয়োগ কৰি
চোৱা হ’ব৷ সেই অনুযায়ী দুখন ষ্টেডিয়াম ক্রমে Toyota Stadiumত
Hawk-Eye technology আৰু International Stadium, Yokohamaত GoalRef technology প্ৰয়োগ
কৰা হ’ব৷ ২০১৩ৰ এপ্ৰিলত ফিফাই পুনৰ জনালে যে GoalControl নামৰ
এটা কেমেৰানিৰ্ভৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব উক্ত বৰ্ষৰ Confederations
Cupত৷ পদ্ধতিটোত যদি সফলতা আৰু সন্তুষ্টি লাভ কৰা যায় তেতিয়া হ’লে
২০১৪ৰ ব্ৰাজিল বিশ্বকাপত তাকে ব্যৱহাৰ কৰা হ’ব৷ উক্ত বৰ্ষৰ অক্টোবৰ মাহত ফিফাই
নিশ্চিত কৰিছিল যে ব্ৰাজিল বিশ্বকাপত GoalControl ব্যৱহাৰ কৰা হ’ব৷
এই পদ্ধতিৰ অন্তৰ্গত গ’লৰ দিশত ৭টাকৈ মুঠ ১৪টা দ্ৰুতবেগী কেমেৰা সংস্থাপন কৰা
হ’ব৷
ইফালে ২০১৩ৰ এপ্ৰিলত Football Associationৰ তৰফৰ
পৰা সিদ্ধান্ত লোৱা হ’ল যে ২০১৩-১৪ৰ Premier League Seasonত Hawk-Eye ব্যৱহাৰ
কৰা হ’ব৷ সেই বৰ্ষৰে ১৬ডিচেম্বৰত নিশ্চিত কৰা হ’ল,
প্ৰতিযোগিতাৰ চাৰিখন কোৱাৰ্টাৰ ফাইনেলৰ ভিতৰত তিনিখনত Hawk-Eye ব্যৱহাৰ কৰা হ’ব৷
Capital One Cupৰ খেলবিলাকতো ইয়াকে প্ৰয়োগ কৰা হ’ব৷ উক্ত ঘোষণাৰ পৰৱৰ্তী দিনটোতেই
এই ব্যৱস্থাটো কাৰ্যকৰী কৰা হ’ল Sunderland আৰু Chelseaৰ মাজৰ
কোৱাৰ্টাৰ ফাইনেল খেলখনত৷ ইয়াৰ জৰিয়তেই Sunderlandৰ মিডফিল্ডাৰ Lee Cattermoleৰ আত্মঘাতী
গ’লটোৰ ক্ষেত্ৰত নিৰ্ণায়ক সিদ্ধান্ত দিয়া হ’ল৷
টেনিচ, ক্রিকেট
আদি খেলত সঠিক সিদ্ধান্ত প্ৰাপ্তিৰ অৰ্থে ব্ৰিটিছ উদ্ভাৱনকৃত Hawk-Eye technology ইতিমধ্যে
ব্যৱহাৰ কৰি অহা হৈছে৷ ২০১৩-১৪ বৰ্ষৰ Premier League seasonৰ বাবেও নিৰ্বাচন কৰা হৈছে
এই পদ্ধতি৷ এই পদ্ধতিত দ্ৰুতগতিসম্পন্ন কেইবাটাও কেমেৰাই বলৰ অৱস্থানপ্ৰতিটো মুহূৰ্ততে
অনুসৰণ কৰি থাকে৷ এক চেকেণ্ডত ৫০০খন ছবি তোলাৰ ক্ষমতাসম্পন্ন এনে কেমেৰা সাধাৰণ কেমেৰাতকৈ
২০ গুণে ক্ষিপ্ৰতৰ৷ গতিকে গ’ল-লাইন অতিক্রম কৰা-নকৰাটো ততালিকে ধৰা পেলাব পাৰে৷
৬-৭টা এনে কেমেৰাৰ দ্বাৰা প্ৰাপ্ত ছবিসমূহ একোটা কম্পিউটাৰৰ জৰিয়তে সংগ্ৰহ আৰু বিশ্লেষণ
কৰি থকা হয়৷ ইয়াৰ সৈতে ব্যৱহাৰ কৰা ছফ্টৱেৰে ৰেডিঅ’ চিগনেলৰ সহায়ত ৰেফাৰী
বা মেচ অফিচিয়েললৈ বাৰ্তা প্ৰেৰণ কৰে৷ ক্রিকেট খেল এখন চাওঁতে টিভিৰ স্ক্ৰীণত আমি দেখা
বলটোৰ সম্ভাব্য গতিপথৰ দৰেই এই ছফ্টৱেৰে ফুটবলৰো সম্ভাব্য গতিপথৰ নিৰ্দেশনা ভিজুৱেল
ডিচপ্লে’ত অংকিত কৰিব পাৰে৷ Hampshire Senior Cupৰ ফাইনেল আৰু Wembleyত অনুষ্ঠিত ইংলেণ্ড
আৰু বেলজিয়ামৰ মাজৰ এখন প্ৰীতি ফুটবল খেলত এই Hawk-Eye পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰি
চোৱা হৈছিল৷ কেমেৰাৰ সূক্ষ্মতাৰ বাবে এই পদ্ধতিত ক’লা ৰঙৰ গ’ল-নে’ট ব্যৱহাৰ কৰাৰ লগতে গ’ল-প’ষ্টকেইটাৰ ভিতৰতো তিনিটাকৈ
ক’লা বিন্দু সংস্থাপন কৰা হয়৷ এই পদ্ধতিত সিদ্ধান্ত লাভ কৰিবলৈ ১চেকেণ্ডতকৈও
কম সময়ৰ প্ৰয়োজন হয়৷ ইয়াৰ শুদ্ধতা ৩.৬মিলিমিটাৰৰ ভিতৰত৷ বলৰ সম্ভাব্য গতিপথ ই নিৰূপণ
কৰিব পাৰে৷ পিছে এই পদ্ধতি কাৰ্যক্ষম হ’বলৈ হ’লে বলটোৰ অন্ততঃ ২৫ শতাংশ সকলো সময়তে কেমেৰাই দেখা পাই থাকিব লাগিব৷ খেলুৱৈৰ
শৰীৰে বলটো কিবা কাৰণত ঢাকি ৰাখিব লাগিলে অৱশ্যে এই পদ্ধতিটোৱে শুদ্ধতা নিৰূপণত ব্যৰ্থ
হোৱাৰ সম্ভাৱনা নথকা নহয়৷ আনহাতে এই ব্যৱস্থাত উচ্চগতিসম্পন্ন কেমেৰাৰ উপৰি বিশেষভাৱে
নিৰ্মিত ক’লা গ’ল-নে’ট ব্যৱহাৰ কৰাটো বাঞ্ছনীয়, যিটোৱে তুলনামূলকভাৱে পদ্ধতিটো খৰচী কৰি তোলে আৰু
কাৰিকৰীভাৱে সুনিৰ্মিত আধুনিক ব্যৱস্থাসম্পন্ন ষ্টেডিয়াম এখনৰ ভিতৰতহে ইয়াৰ প্ৰয়োগ
সম্ভৱপৰ৷
Goalref পদ্ধতি ডেনিচ-জাৰ্মান
উদ্ভাৱনকৃত৷ ডেনমাৰ্কৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী Peter Mikelsen ইয়াৰ উন্নয়নৰ
সৈতে জড়িত৷ পোনতে Select Sport নামৰ ডেনমাৰ্কৰ ক্রীড়া সামগ্ৰী নিৰ্মাণকাৰী সংস্থা
এটাই Goalref পদ্ধতিটোৰ সূচনা কৰিছিল International Handball Federationত প্ৰয়োগৰ বাবে৷
পিছত জাৰ্মান গৱেষণা সংস্থা Fraunhofer ইয়াৰ লগ লাগে আৰু EMPA (Swiss Federal Laboratories for Materials Science and Technology)ৰ
দ্বাৰা IFAB (International Football Association Board)ত ব্যৱহাৰৰ বাবে পৰীক্ষা-নিৰীক্ষা
চলায়৷ ডেনমাৰ্কৰ প্ৰথম ডিভিজনৰ ফুটবল টুৰ্ণামেণ্ট Danish Superliga আৰু জাপানত ফিফাৰ
দ্বাৰা আয়োজিত ২০১২চনৰ Club World Cupত এই পদ্ধতিক পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰি চোৱা
হৈছে৷ এই ব্যৱস্থাত কাৰ্যকৰণাৰ্থে বিদ্যুৎচুম্বকীয় আৱেশ ব্যৱহাৰ কৰা হয়৷ বিশেষভাৱে
নিৰ্মিত বলটোৰ ভিতৰত কেন্দ্ৰস্থলীত এটা ইলেক্ট্রনিক বৰ্তনী স্থাপন কৰা হয়৷ গ’লৰ
মুখত এখন বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰা হয়৷ কম্পিউটাৰৰ সহায়ত সেই ক্ষেত্ৰখন
লক্ষ্য কৰি থকা হয়৷ যেতিয়াই বলটোত থকা বৰ্তনীয়ে গ’ল-লাইন অতিক্রম কৰে, তেতিয়াই
বিদ্যুৎচুম্বকীয় ক্ষেত্ৰখনত পৰিৱৰ্তন ঘটে৷ লগে লগে কম্পিউটাৰটোৱে স্বয়ংক্রিয়ভাৱে অনাতাঁৰ
সংকেতেৰে ৰেফাৰীক কথাটো জনায়৷ ৰেফাৰীয়ে পৰিধান কৰি থকা হাতঘড়ীত সেয়া ধৰা পৰে৷
২০১০ৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপ প্ৰতিযোগিতা অন্ত
পৰিবলৈ কেইদিনমান বাকী থকা অৱস্থাত ফিফাৰ জেনেৰেল চেক্রেটাৰী Jerome Valckeএ কৈছিল,
‘এতিয়াৰ ৰেফাৰিং ব্যৱস্থাত চলা এইটোৱে অন্তিম বিশ্বকাপ
হ’ব৷ আজিৰ খেলবোৰ ইমান গতিময়, বলৰ উৰণ ইমানেই খৰ, আমি তেওঁলোক
(ৰেফাৰী)ক সহায় কৰিবই লাগিব৷’ গ’ল-লাইনক
লৈ উত্থাপিত মানৱকৃত ভুল আৰু নিৰাময়ৰ বহুদিনীয়া তৰ্ক-বিতৰ্কৰ অন্ত পেলাই অৱশেষত টেকনলজী
ব্যৱহাৰৰ গ্ৰহণীয়তাৰ দিশে ফুটবল আগ বাঢ়িল৷ ফিফাই সিদ্ধান্ত দিলে যে টেকনলজী ব্যৱহাৰ
কৰি মানুহে কৰা ভুল আৰু গ’ল-লাইন বিতৰ্ক ভৱিষ্যতলৈ নোহোৱা কৰিব লাগে৷
GoalRef আৰু Hawk-Eye এই পদ্ধতি দুটাই দ্বিতীয়
পৰ্যায়ৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে ফিফাৰ দ্বাৰা বিবেচিত হৈছিল৷ Hawk-Eye পদ্ধতিতকৈ
GoalRef পদ্ধতি কমখৰচী৷ গতিকে নিম্নস্তৰৰ খেলবিলাকতো ইয়াক সহজে প্ৰয়োগ কৰাটো সম্ভৱপৰ৷
লেবৰেটৰী, খেলপথাৰ, প্ৰশিক্ষণৰ খেল, পেছাদাৰী খেল আদিত পদ্ধতিটো প্ৰয়োগ কৰি চোৱা হৈছিল৷
দ্বিতীয় পৰ্যায়ৰ এই পৰীক্ষাৰ অন্তত ৫ জুলাই ২০১২ত এই দুটা পদ্ধতিলৈ ফিফাই অনুমোদন জনায়৷
ব্ৰিটিছ কোম্পানী Hawk-Eye Innovations আৰু জাৰ্মান কোম্পানী CAIROS Technologies
AGৰ GLT ব্যৱস্থাৱলীৰ কাৰ্যদক্ষতা, সুবিধা-অসুবিধা, ব্যয় আদিৰ কথা তাৰ পিছতে বিবেচনাৰ
মেজলৈ আহিল৷ সকলো দিশ চালিজাৰি চাই কোৱালিটি টেষ্টিঙৰ পিছত ২০১৩চনৰ ২৫ফেব্ৰুৱাৰীত ফিফাই
ইয়াৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাসমূহত GLT ব্যৱস্থা প্ৰয়োগৰ অৰ্থে
জাৰ্মানীৰ CAIROS Technologies AGক অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে৷ (গ’ল
নিৰ্ধাৰণৰ ক্ষেত্ৰতো পুতলদাৰ জামানীৰে আগ্ৰাসন!)
CAIROS Technologies AG নামৰ
ব্যক্তিগত খণ্ডৰ জাৰ্মান কোম্পানীটোৱে ২০০০চনৰ জুন মাহত জাৰ্মানীৰ Karlsbadত প্ৰতিষ্ঠা
লাভ কৰাৰ পিছৰে পৰাই ফুটবলৰ গ’ল-লাইন সমস্যা নিৰাময়ৰ অৰ্থে
বিদ্যুৎচুম্বকীয় ক্ষেত্ৰক সাৰথি কৰি এক কাৰিকৰী ব্যৱস্থা উদ্ভাৱনৰ বিষয়ে সৰ্বপ্ৰথমে
চিন্তা-চৰ্চা কৰি আহিছিল৷ CAIROSএ যুগুতোৱা GLT পদ্ধতি ২০০৭চনত জাপানত অনুষ্ঠিত
FIFA Club World Cupত সফলতাৰে প্ৰয়োগ কৰা হৈছিল৷ ২০১০চনৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ
জাৰ্মানী আৰু ইংলেণ্ডৰ মাজৰ খেলখনত উদ্ভৱ হোৱা গ’ল-লাইন বিতৰ্কই সংস্থাটোৰ কাম-কাজ
ক্ষিপ্ৰতৰ কৰি পেলালে৷ Karlsruheৰ Wildparkstadion, ATSV Mutschelbach আদি বিভিন্ন
ষ্টেডিয়াম, আঞ্চলিক ক্লাবসমূহৰ খেলপথাৰত অনুষ্ঠিত প্ৰায় ১,৫০০খন খেলৰ উপৰি EMPA
(Swiss Federal Laboratories for Materials Science and Technology)ৰ পৰীক্ষাগাৰৰ ভিতৰতো
বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলিব লাগিল৷
জাৰ্মান কোম্পানীটোৱে ক্রীড়া সামগ্ৰীৰ সম্ভ্ৰান্ত
প্ৰস্তুতকাৰক Adidasৰ সময়ত চুম্বকীয় ক্ষেত্ৰত ওলমাই ৰখা সঁহাৰি সংসূচক (Sensor)ৰ সহায়ত
বলৰ অৱস্থান নিৰ্ণয় কৰিব পৰা এবিধ অত্যাধুনিক আহিলা প্ৰস্তুত কৰি উলিয়ায়৷ এই পদ্ধতিত
পেনাল্টি বক্স আৰু গ’ল-লাইনৰ পিছফালে বিদ্যুৎ পৰিবাহী পাতল, অদৃশ্যমান তাঁৰ
পুতি ৰখা হয়৷ ইয়েই এক বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ (Electromagnetic Field)ৰ সৃষ্টি কৰে৷
Sensorএ এই বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ তথ্যসমূহ ব্যৱস্থাটোৰ সৈতে সংযোজিত কম্পিউটাৰলৈ
প্ৰেৰণ কৰে৷ তাৰ পৰাই ঠিৰাং হয় বলটোৱে গ’ল-লাইন অতিক্রম কৰিছে নে নাই
কৰা৷ বলটোৱে গ’ল-লাইন অতিক্রম কৰা মাত্ৰকে ৰেফাৰীয়ে হাতত পৰিধান কৰি
থকা বিশেষ ঘড়ীটোলৈ ততালিকে এটা ইংগিতধৰ্মী বেতাঁৰ বাৰ্তা যায়৷ ইংগিতটোৱে ঘড়ীটোত কম্পনৰ
সৃষ্টি কৰে আৰু ডিচপ্লে’ত ধৰা দিয়ে৷ তাৰ সহায়ত ৰেফাৰীয়ে ততালিকে হুইছেল বজাই গ’লৰ
সংকেত শুদ্ধকৈ দিবলৈ সক্ষম হয়৷ Adidasএ খেলখনত খেলিব লগা সেই বিশেষ ফুটবলটোৰ ডিজাইন
কৰিলে য’ত বলৰ ভিতৰত যিকোনো অৱস্থাতেই নিৰ্বিঘ্নে থকাকৈ এটা
Sensor প্ৰতিষ্ঠা কৰা থাকে৷
CAIROS
Technologies AGৰ GLT ব্যৱস্থা ষ্টেডিয়ামত শীঘ্ৰে স্থাপন কৰিব পাৰি৷ স্থানৰ প্ৰয়োজনো
সামান্য৷ ষ্টেডিয়ামৰ পৰিকাঠামোত ই ব্যাঘাত নজন্মায়৷ বাহ্যিক পাৰিপাৰ্শ্বিক অৱস্থা যেনে
বতৰ, সময় (দিন-ৰাতি), সূৰ্যৰ ছাঁ-পোহৰ, বতাহ, কুঁৱলী, বৰফ আদিয়ে অকণো বাধাৰ সৃষ্টি
কৰিব নোৱাৰে৷ আনকি খেলুৱৈৰ দ্বাৰা বলটো ঢাকি ধৰা অৱস্থাতো এই পদ্ধতিয়ে শুদ্ধতা বৰ্তাই
ৰাখিব পাৰে৷ মানুহৰ প্ৰয়োজনো ইয়াত তেনেই সীমিত, কেৱল খেলৰ আগে-পাছে চুইচ অন-অফ কৰা
দৰকাৰ, যিটো ৰেফাৰীসকলে নিজেই কৰিব পাৰে৷ কাৰ্যপ্ৰণালী চলাবৰ বাবে অতিৰিক্ত মানুহৰ
প্ৰয়োজন নাই৷ এই ব্যৱস্থাত ব্যৱহৃত কেবলবিলাক দেখা নাযায়৷ সাধাৰণতে ব্যৱহাৰ কৰা মানসম্পন্ন
গ’ল-প’ষ্ট, গ’ল-নে’টেই
ব্যৱহাৰোপযোগী৷ কেন্দ্ৰীয় কম্পিউটাৰ গোট, বল, ঘড়ী আদি একেলগ কৰি ৰাখিবৰ বাবে সামান্য
ঠাইৰ দৰকাৰ৷ চাৰ্ভাৰ বা কণ্ট্ৰল ৰুম নালাগে৷ এই ব্যৱস্থাত ব্যৱহৃত বলটোৰ ব্লাডাৰত যি
Integrated Sensor সংলগ্ন থাকে, তাক সকলো বল নিৰ্মাতাই নিৰ্মাণ কৰিব পাৰে৷ CAIROS
GLT Systemৰ গ্ৰহণযোগ্যতা অধিক আৰু ই সুলভ মূল্যত উপলব্ধ৷ সেয়ে হ’লেও
ব্ৰাজিল বিশ্বকাপৰ বাবে ফিফাই গ্ৰহণ কৰিছে অন্য এক অত্যাধুনিক পদ্ধতি যাৰ নাম
GoalControl-4D৷
GoalControl-4D হৈছে সকলো ধৰণৰ
ফুটবল, গ’ল-প’ষ্ট, গ’ল-নেট
আৰু ৰঙৰ সৈতে খাপ খুৱা অতি সূক্ষ্ম তথা সবাতোকৈ অগ্ৰণী GLT ৷ যিকোনো
ধৰণৰ প্ৰাকৃতিক পৰিৱেশ আৰু পৰিস্থিতিতে কাৰ্যক্ষম, শেহতীয়া এই পদ্ধতিটো ফিফাই গ্ৰহণ
কৰিছে৷ ষ্টেডিয়ামৰ সুবিধাজনক স্থান, বিশেষ সুবিধাজনকভাৱে মূধচত, উভয় গ’ললৈ
লক্ষ্য কৰি সুপৰিকল্পিতভাৱে স্থাপন কৰা ৭টাকৈ মুঠ ১৪টা উচ্চক্ষমতা আৰু তীব্ৰগতিসম্পন্ন
কেমেৰাৰ জৰিয়তে এই পদ্ধতিয়ে কাম কৰে৷ কেমেৰাকেইটা এটা শক্তিশালী চিত্ৰ বিশ্লেষক কম্পিউটাৰ
ব্যৱস্থাৰ সৈতে কেন্দ্ৰীয়ভাৱে সংলগ্ন কৰা হয়৷ খেলুৱৈ, ৰেফাৰী কিম্বা আন কোনো ধৰণৰ বাধাই
ইয়াৰ কৰ্ম সম্পাদনত প্ৰতিবন্ধকতাৰ মুঠেই সৃষ্টি কৰিব নোৱাৰে৷ খেল চলি থকা অৱস্থাত ফুটবল
প্ৰমুখ্যে কেমেৰাই অনুসৰণ কৰা লক্ষ্যবস্তুসমূহ ধাৰাবাহিকভাৱে জ্যামিতিৰ তিনিটা স্থানাংক
ক্রমে x, y আৰু z অৱস্থানত অৰ্থাৎ ত্ৰৈমাত্ৰিকভাৱে প্ৰাপ্ত হয়৷ বলটোৱে গ’ল-লাইন
অতিক্রম কৰিলেই ব্যৱস্থাটোৱে স্বয়ংক্রিয়ভাৱে চেকেণ্ডৰ ভিতৰতে কম্পন আৰু আলোকীয় সংকেত
প্ৰেৰণ কৰে ৰেফাৰী তথা প্ৰতিগৰাকী কাৰ্যবাহীৰ হাতত থকা বিশেষ ঘড়ীলৈ৷ কেমেৰাই তোলা সকলোবিলাক
ছবি কম্পিউটাৰত লগে লগে সংৰক্ষিত হৈ গৈ থাকে আৰু যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সহজে ত্ৰৈমাত্ৰিক
ৰিপ্লে’ চাব পাৰি৷
২০১৩ৰ জুন মাহত Confederations Cupত সফলতাৰে আৰু
বিতৰ্কহীনভাৱে কাৰ্যদক্ষতা প্ৰমাণিত হোৱাৰ পিছত জাৰ্মান সংস্থাৰ দ্বাৰা পৰিচালিত উচ্চ
পৰ্যায়ৰ এই প্ৰযুক্তিত সম্পূৰ্ণ সন্তুষ্টি লভি ফিফাই আগন্তুক ব্ৰাজিল বিশ্বকাপৰ বাবে
ইয়াকেই অনুমোদন কৰিছে৷ উক্ত প্ৰতিযোগিতাৰ ৬৮টা গ’লৰ প্ৰতিটোৰ ক্ষেত্ৰতে ই সুন্দৰভাৱে
কৰ্মক্ষম হৈছে৷ মৰক্কোত ২০১৩ৰ ডিচেম্বৰত অনুষ্ঠিত FIFA Club World Cupতো উক্ত পদ্ধতিকে
ব্যৱহাৰ কৰি চোৱা হৈছিল৷ ব্ৰাজিল বিশ্বকাপত প্ৰতিখন ষ্টেডিয়ামত ৭টাকৈ মুঠ ১৪টা কেমেৰাই
ব্যৱহাৰ কৰা হ’ব বুলি ফিফাই ইতিমধ্যে ঘোষণা কৰিয়ে পেলাইছে৷
ব্ৰাজিল বিশ্বকাপত GLT প্ৰয়োগ
কৰিবৰ উদ্দেশ্যে ইচ্ছুক চাৰিটা সংস্থা ক্রমে GoalControl, Hawk-Eye, GoalRef আৰু
CAIROSএ যোৱা বছৰৰ এপ্ৰিল মাহতে নিবিদা দাখিল কৰিছিল৷ জাৰ্মানীৰ Goal Control GmbH
নামৰ কোম্পানীটোৱে কাৰিকৰী মানৰ প্ৰতিযোগিতাত সকলোকে চেৰ পেলাই অৱশেষত এই কামৰ দায়িত্ব
লাভ কৰিলে৷ অহা বিশ্বকাপত প্ৰতিখন খেলৰ আৰম্ভণিতে পৰীক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে
GoalControlৰ ব্যৱস্থাপনা একোবাৰকৈ পৰীক্ষা কৰি চোৱা হ’ব৷
কাৰ্যবাহীসকলেও International Football Association Boardৰ দ্বাৰা অনুমোদিত প্ৰণালীসমূহ
নিজাববীয়াকৈ পৰীক্ষা কৰি চাব৷ তাৰ পিছত পৰিচালক, কাৰ্যবাহী, খেলুৱৈ, প্ৰশিক্ষক, দৰ্শক সকলোৱে অভিনিৱেশ কৰিব সন্মুখত চলি থকা ফুটবল যুদ্ধত৷
যিকোনো অৱস্থাতে খাপ খাব পৰা, সৰল অথচ নিখুঁত কাৰ্যদক্ষতা
এই ব্যৱস্থাৰ স্বকীয়ত্ব বুলি GoalControlৰ স্বত্বাধিকাৰী তথা পৰিচালন সঞ্চালক Dirk
Broichhausenএ মন্তব্য কৰিছে৷ বৰ্তমান বিশ্বত প্ৰচলিত সকলো ধৰণৰ গ’ল-প’ষ্ট,
গ’ল-নে’ট, ফুটবল আদি এই ব্যৱস্থাত অপৰিৱৰ্তনীয়
ৰূপত ব্যৱহাৰ কৰিব পৰা যায়৷ ৰেফাৰীয়ে পৰিধান কৰিব লগা হাতঘড়ীটোৰ ক্ষেত্ৰত কোৱা হৈছে
যে GoalRef পদ্ধতিত ইতিপূৰ্বে ব্যৱহৃত ঘড়ীটোকেই ইয়াতো ব্যৱহাৰ কৰা হয়, যিহেতু ঘড়ীটোৰ
কাৰ্যপ্ৰণালী আৰু নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত সফলতা আগতেই প্ৰমাণিত হৈছে আৰু ৰেফাৰীসকলেও
ইতিপূৰ্বে অভিজ্ঞতা আহৰণ কৰিছে৷ তাৰ বাবে GoalRefৰ সৈতে ন্যায়সংগত চুক্তি সম্পন্ন হৈ
গৈছে৷ গুৰুত্বপূৰ্ণ কথা যে ক্রিকেট, টেনিচ আদি খেলপথাৰত বলৰ শুদ্ধতা নিৰূপণৰ ক্ষেত্ৰত
দীৰ্ঘদিনীয়া আৰু অগ্ৰণী ব্যৱস্থাপক, British video tech giant Hawk-Eye বিশ্বকাপ ফুটবলত
ইয়াৰ কাৰিকৰী প্ৰয়োগকৰণৰ নিবিদাৰ খেলখনত পৰাজিত হ’ল৷ ফিফা আৰু আগন্তুক বিশ্বকাপত
GLTৰ ব্যৱস্থাপক হিচাপে দায়িত্ব লাভ কৰিলে GoalControlএ৷ GoalControl GmbHলৈ শুভেচ্ছা
জনাই সংস্থাটোৱে এষাৰ বৰ মন কৰিবলগীয়া কথা কৈছে... ‘পৰাজয় সন্মান সহকাৰে স্বীকাৰ
কৰি লোৱাকে ধৰি নিজৰ ক্ষমতা, দক্ষতা আদি বৃদ্ধিৰ দিশত ভৱিষ্যতে সুদৃঢ় হ’বলৈ
খেল-ধেমালিয়ে আমাক শিক্ষা দিয়ে৷’ উল্লেখযোগ্য যে মাত্ৰ সৌসিদিনা
২০১২ৰ নবেম্বৰত প্ৰতিষ্ঠা লভা GoalControl ইয়াৰ আগলৈকে GLTৰ ক্ষেত্ৰখনত ক’বলৈ
গ’লে ফুটবল-বিশ্বত অপৰিচিতই আছিল৷
প্ৰয়োজনীয়তা অনুপাতে শক্তিশালী GoalControlৰ এই
GLTব্যৱস্থা৷ সেয়ে উপযোগিতা আৰু ব্যয়, উভয় দিশৰ পৰাই ফিফাই GoalControl-4Dক গ্ৰহণযোগ্য
বুলি ঠাৱৰ কৰিছে৷ ইয়াৰ বাবে প্ৰতিখন ষ্টেডিয়ামত সংস্থাপন-ব্যয় হ’ব
$257,000 আৰু পৰিচালন-ব্যয় হ’ব $4,200৷ ১মাৰ্চত এই সংস্থাক
অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে৷ ফিফাৰ নীতি নিৰ্ধাৰক সংস্থা IFABএ জুলাই মাহত এই GLTলৈ অনুমোদন আগ বঢ়াইছে৷ জাৰ্মানীৰ Duesseldorf আৰু
Gelsenkirchen ষ্টেডিয়ামত চলিত ফেব্ৰুৱাৰী মাহত GoalControlএ ব্ৰাজিলত ব্যৱহাৰ কৰিবলগীয়া
কেমেৰাৰ অনুমোদনৰ পৰীক্ষা ফিফাই সম্পন্ন কৰিছে৷
Rene Beaujean, Dr. Jurgen Philipp আৰু Dirk
Broichhausenঅৰ দ্বাৰা ১৯৯৯চনত জাৰ্মানীৰ Aachenত স্থাপন কৰা হৈছিল ব্যৱসায়িক সংস্থা
Pixargus৷ ইয়াৰ পৰা ফালৰি কাটি Dirk Broichhausenএ ২০১২ৰ নবেম্বৰত জাৰ্মানীৰে
Wurselenত প্ৰতিষ্ঠা কৰিছিল নতুন ব্যৱসায়িক সংস্থা GoalControl৷ বিশ্ব-বজাৰৰ নামী-দামী
বাহন Audi, Volkswagen, Airbus আদিৰ ৰবৰ আৰু প্লাষ্টিকনিৰ্মিত অংশবিশেষৰ কেমেৰাৰ জৰিয়তে সূক্ষ্ম পৰিদৰ্শনমূলক
কাম-কাজৰ সৈতে ঘাইকৈ জড়িত আছিল Pixargus৷ কেমেৰাৰ বিশেষজ্ঞ জ্ঞানকে সাৰথি কৰি
Broichhausen সোমাই পৰিল নতুন এক কৰ্মক্ষেত্ৰ ফুটবলৰ গ’ল-লাইনৰ
বিষয়ত৷
ডেনমাৰ্কৰ বাতৰি-কাকত BN DeStemৰ সৈতে ২০১১ৰ ডিচেম্বৰত
হোৱা এটা সাক্ষাৎকাৰত Broichhausenএ স্পষ্টকৈ কৈছিল কেনেকৈ এটা বিতৰ্কিত গ’লে
Pixargusৰ অভিযন্তাসকলক লৈ ফুটবলত Video Technologyৰ প্ৰয়োগৰ দিশত তেওঁৰ চিন্তাক জাগ্ৰত
কৰিছিল৷ বিষয়টো লৈ পোনতে তেওঁ DFA (Department of Foreign Affairs)ৰ কাষ চাপিছিল৷ পিছতহে
জানিলে যে সেয়া ফিফাৰ অন্তৰ্ৱৰ্তী বিষয়৷ আৰু তাৰ পিছৰে পৰাই তেওঁ একদিশদৰ্শীভাৱে নিজৰ
চিন্তাধাৰাক আগুৱাই নিলে৷ উক্ত লক্ষ্যত কাম কৰা ইউৰোপৰ আঠোটা কোম্পানীৰ মাজৰ
GoalControlও এটা হৈ পৰিল৷ ২০১৪ৰ বিশ্বকাপত যাতে তেওঁৰ পদ্ধতি ব্যৱহাৰোপযোগী হৈ উঠে
আৰু উত্তম বুলি বিবেচিত হয় তাকে সাৰোগত কৰি কামত অগ্ৰসৰ হ’ল৷
আৰু শেষত সাব্যস্ত কৰিলে নিজৰ কাৰিকৰী কৰ্মকুশলতাৰ বিৰল স্বীকৃতি৷
Hawk-Eyeৰ কেমেৰা ব্যৱস্থা, GoalRef আৰু
CAIROSৰ চুম্বকীয় সঁহাৰি সংসূচক (Sensor) ব্যৱস্থাক পিছ পেলাই স্বল্পখ্যাত তথা তুলনামূলকভাৱে
নবীন সংস্থা GoalControl আগ বাঢ়িল বিশ্বৰ ফুটবলপ্ৰেমীক নতুন সমিধান দিবৰ বাবে৷ ব্ৰাজিলত
কাৰ্যালয় স্থাপন কৰি Dirk Broichhausenএ ক’লে... ‘ফুটবলৰ
বাবে ব্ৰাজিল সদায়েই এক বিশেষ স্থান৷ তেনে এক পীঠস্থানতে GoalControlৰ জৰিয়তে ফুটবলৰ
গ’ল-লাইন সমস্যা সৰ্বকালৰ বাবে দূৰীকৰণৰ প্ৰচেষ্টা, ই নিশ্চয়
ফুটবলৰ ইতিহাসত এক মাইলৰ খুঁটা হিচাপে পৰিগণিত হ’ব৷’
GLT ব্যৱহাৰ কৰি শুদ্ধ সিদ্ধান্তসূচক বাৰ্তা প্ৰথমবাৰৰ
বাবে দিয়া হ’ল Cardiff Cityৰ বিৰুদ্ধে Manchester Cityৰ হৈ Edin
Dzekoই দিয়া গ’লটোত, যোৱা ১৮জানুৱাৰী ২০১৪ তাৰিখে৷ শেহতীয়াভাৱে, আগন্তুক
ব্ৰাজিল বিশ্বকাপৰ বাবে প্ৰতিখন ষ্টেডিয়ামত GLTৰ সংস্থাপন ব্যয় ধাৰ্য হৈছে
$260,000 আৰু পৰিচালন-ব্যয় $3,900 নিৰ্ধাৰণ কৰা হৈছে৷
No comments:
Post a Comment