Wednesday, 12 March 2014

ফুটবল, ফুটবল, কেৱল ফুটবল

Italia90ৰ স্মৃতি-বিজড়িত হোষ্টেলৰ দিনবোৰ


ইটালীয়ান কবি, ঔপন্যাসিক, সাহিত্য সমালোচক তথা অনুবাদক চিজাৰ পাভেজে এষাৰ সোণসেৰীয়া কথা কৈছিল৷ জীৱনৰ যিবোৰ স্মৃতি আমি পাহৰি থাকোঁ, সেইবোৰৰ মাজতে লুকাই থাকে জীৱনৰ ঐশ্বৰ্য৷  

কথাষাৰ মনলৈ আহিল পুতুলদাৰ জীৱনক লৈ৷ পাহৰি থকা ভালেমান স্মৃতি, যত লুকাই আছে তেওঁৰ জীৱনৰ ঐশ্বৰ্য, ফুটবলক কেন্দ্ৰ কৰিয়ে যিবোৰৰ সৃষ্টি আৰু উন্মাদনা, সেইবোৰে এতিয়া তেওঁৰ মনত পুনঃ পুনঃ ভুমুকি মাৰিব ধৰিছে, নিজৰ কথাবোৰে 'অসমীয়াত কথা-বতৰা'ৰ ৱালত ঠাই পোৱাৰ লগে লগে৷ লক্ষ্য কৰোঁ, মানুহটো দিনে দিনে হৈ পৰিছে কিবা যেন এক নতুন উদ্যমেৰে উদ্যমী৷ সঁচাই, যাৰ স্মৃতি আছে, তাৰ ঐশ্বৰ্যও আছে৷

Italia90ৰ গীতটো এতিয়াও শুনিলেই মনত পৰে, আমাৰ হোষ্টেলৰ মুখতে থকা বহল খেলপথাৰখনলৈ৷ বাহিৰ ওলাই আহিলেই প্ৰথমে সন্মুখেদি আন হোষ্টেললৈ যোৱা ৰাস্তাটো৷ ৰাস্তাটো অতিক্রম কৰিলেই ফিল্ডখন৷ আমাৰ দুমহলীয়া হোষ্টেলটোৰ ওপৰ মহলাত, মুখৰ ৰুম এটাত থাকে ৱাইজলি৷ কম বয়সীয়া খাচিয়া লৰা, চুটি-চাপৰ৷ শৰীৰ অকণমানি হলেও খেলা ভাল তাৰ৷ আবেলি হলেই তাৰ ৰুমত বাজি উঠে Italia90ৰ অফিচিয়েল ছং To be number one... Winning again and again... Reaching higher through Italian sky৷ লৰাবোৰো যেন কিবা ফুটবল-উন্মাদ হৈ পৰে! ওলাই আহে ফিল্ডলৈ৷ চিয়ামা, জিইৰা... সিহঁত মিজোৰামৰ৷ চিয়ামা ষ্ট্ৰাইকাৰ, জিইৰা ডিফেণ্ডাৰ৷ য়াংগাৰ জমিৰ আমাৰ বেট্‌চৰ গলকীপাৰ৷ কহিমাৰ ফালৰ হাঁহিমুখীয়া নগা লৰা৷ অৰুণাচলী সহপাঠী হাগে কাগ, চাও মানচেহঁতো আহে অন্য এটা হোষ্টেলৰ পৰা৷ আহে প্ৰাঞ্জল বৰঠাকুৰ আৰু আন আন বহুজন৷ মণিপুৰী, ত্ৰিপুৰী চব লগৰীয়াই খেলে একেখন ফিল্ডতে৷ দৌৰে একেটা বলৰ পিছে পিছে৷ নামবোৰ পাহৰিলেও চেহেৰাবোৰ এতিয়াও পৰিষ্কাৰকৈ ভাহি উঠে৷

ক্রেপ বেণ্ডেজ দুটা দুয়োখন ভৰিতে ভালকৈ মেৰিয়াই বুটযোৰ সুমুৱাই ময়ো ঢাপলি মেলোঁ সেই পৰিৱেশটোলৈ আৰু তুৰন্তে সোমাই পৰোঁ অন্য এখন জগতত, যত এডভান্স মেঠেমেটিকচ, মেনুফেকচাৰিং চাইন্স, এপলাইড মেঠেমেটিকচ, টাৰ্ব মেচিনচৰ মূৰ ঘমোৱা কাৰবাৰবোৰ সমূলি নাথাকে৷ নাথাকে প্ৰজেক্ট, চি.জি.পি.এ. আদিৰো কোনো ধৰণৰ টেনচন৷ মুক্ত আকাশৰ তলত সকলোৰে দৃষ্টি নিবদ্ধ থাকে কেৱল গোলাকাৰ ফুটবলটোত৷ সকলোৱে উঠি-পৰি লবলৈ চেষ্টা কৰে সেই আবেলিটোত ফুটবলটোৱে চকুৰ আগত বিলাই থকা বিশুদ্ধ আনন্দৰস৷ 

... Time records the victory in our hearts ... This is what we've wanted all our lives ... গীতটোৱেও তাকেই কৈছে৷ সেই সময়বোৰক জীৱনৰ মধুৰ সময় বুলি নিৰ্দ্বিধাই স্বীকাৰ কৰিব খোজোঁ, আকৌ পাব খোজোঁ৷

পুতুলদায়ো বোধহয় তাকেই বিচাৰি পায়, ফুটবলৰ মাজত৷ সেয়েহে এই জাৰ্মানী-পাগল মানুহটোৰ চিন্তা জগতত এতিয়া বেলেগ একো নাই৷ ফুটবল, ফুটবল, কেৱল ফুটবল৷

No comments:

Post a Comment