এজন খেলুৱৈকে তিনিবাৰকৈ হালধীয়া কাৰ্ড!
২০০৬চনৰ জাৰ্মানী বিশ্বকাপৰ গ্ৰুপ-এফৰ শেষ খেলখনত
এটা মজাৰ ঘটনা ঘটিছিল৷ খেলখন হৈছিল অষ্ট্ৰেলিয়া আৰু ক্র’ৱেচিয়াৰ
মাজত, ২২.৬.২০০৬ তাৰিখে৷ মুখ্য পৰিচালকৰ দায়িত্বত আছিল ইংলেণ্ডৰ Graham Poll৷
Stuttgartত হোৱা উক্ত খেলত ক্র’ৱেচিয়াৰ ডিফেণ্ডাৰ Josip
Simunicক ৰেফাৰী Pollএ তিনিবাৰকৈ হালধীয়া কাৰ্ড দেখুৱাইছিল৷ ২৭বছৰীয়া সুদীৰ্ঘ ৰেফাৰিং
কেৰিয়াৰত দুটা ৱৰ্ল্ডকাপকে ধৰি ১,৫০০তকৈও অধিক খেল পৰিচালনা কৰা Graham Pollৰ সেইদিনাৰ
সেই অদ্ভুত কামটোৱে সেইবাৰ বিশ্বকাপত অন্যতম চৰ্চা লাভ কৰিছিল৷
হালধীয়া কাৰ্ড দেখুৱাই ৰেকৰ্ড ৰখাত গাফিলতা কৰা
বাবেই তেনে হোৱা বুলি পিছত জানিব পৰা গৈছিল৷ ফাইনেল খেলখন পৰিচালনা কৰাৰ ভাৰ
Graham Pollৰ ওপৰতে ন্যস্ত কৰাৰ কথা উঠিছিল৷ তৎসত্ত্বেও খেল পৰিচালনাত হোৱা নিজৰ ভুলৰ
দোহাই দি এইগৰাকী শ্ৰেষ্ঠ আৰু অভিজ্ঞ ৰেফাৰীয়ে কেৰিয়াৰৰ অৱসৰ ঘোষণা কৰিলে ২৯.৬.২০০৬
তাৰিখে, ফাইনেলৰ বহু আগতেই৷
No comments:
Post a Comment