Wednesday, 12 March 2014

Vanishing spray

প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হব ব্ৰাজিল বিশ্বকাপত


নিয়মমতে এটা পক্ষই ফ্ৰি কিক মৰাৰ সময়ত পাতি লোৱা বলটোৰ পৰা বিপক্ষ দলৰ খেলুৱৈসকলে এটা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰিব লাগে৷ কিন্তু বহু সময়ত দেখা যায়, খেলুৱৈসকলে নিয়ম ভংগ কৰি বলৰ দিশে আগ বাঢ়ি যায়৷ কিক লওঁতাজনে আপত্তি দৰ্শায়৷ ৰেফাৰীয়ে তেওঁলোকক আঁতৰাব লগা হয়৷ ফলত সৃষ্টি হয় বিশৃংখলতাৰ৷ লগতে খেলৰ সময় নষ্ট৷ ব্ৰাজিল বিশ্বকাপত তেনে পৰিস্থিতি শাম কাটিবৰ বাবে ৰেফাৰীয়ে ব্যৱহাৰ কৰিব Vanishing spray৷ কঁকালৰ খাপত বিশেষ পাত্ৰত সুমুৱাই ৰখা ই এবিধ বিশেষ ধৰণৰ পদাৰ্থ৷ এই পদাৰ্থ biodegradable যাক ছটিয়াই দিয়াৰ এক মিনিটৰ পিছতেই নিজে নিজে নোহোৱা হৈ যায়৷ খেলপথাৰতো ইয়াৰ কোনো অৱশেষ ৰৈ নাযায়৷ Vanishing sprayৰ সহায়ত ৰেফাৰীজনে বলৰ স্থানত, য’ৰ পৰা কিকটো লব লাগিব, তাত এটা চিহ্ন আঁকিব৷ তাৰ পিছত নিৰ্দিষ্ট দূৰত্বলৈ গৈ যত বিপক্ষৰ খেলুৱৈসকল ৰোৱা উচিত, তাতো এটা চিহ্ন আঁকি দিব৷ এই চিহ্নক কোনেও অৱমাননা কৰিব নোৱাৰিব৷ তাৰ পিছতেই তেওঁ নিজৰ অৱস্থানত ৰৈ হুইছেল বজাই ফ্ৰি কিকটো মাৰিবলৈ সংকেত দিব৷ অলপ পিছতেই এই ৰেখা নিজে নিজেই নোহোৱা হৈ যাব৷ ফুটবলত শৃংখলাবদ্ধতা বজাই ৰাখিবৰ বাবেই এনে ব্যৱস্থা প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হব আগন্তুক ব্ৰাজিল বিশ্বকাপত৷

No comments:

Post a Comment