পুৰণি দিনৰ মধুৰ স্মৃতি...
পুৰণি কথাৰ আলোচনাই আনৰ দৰেই মোকো তৎমুহূৰ্ততে পুৰণি দিনবোৰলৈ টানি
লৈ যায়৷ দৃশ্যবোৰ চকুৰ আগত ভাহি উঠে৷ জীৱনৰ সত্য কথাবোৰ কওঁ কওঁ লাগি যায়৷
আমি স্কুলত পঢ়ি থকা কালত (সত্তৰ-আশীৰ দশকত) খৰছিং
তেৰাং সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখন কেৱল সৰুবোৰৰ বাবেই নহয়, ফুটবলক ভাল পোৱা ডিফু চহৰখনৰ
প্ৰত্যেকৰে কাৰণেই কিবা যেন এক উৎসৱসদৃশ আছিল৷ খেলৰ বাবে স্কুল-কলেজ, অফিচ-কাছাৰী নিৰ্ধাৰিত
সময়তকৈ আগেয়ে ছুটী দিয়া হৈছিল৷ সেই সময়ত চহৰখনত গাড়ী-মটৰৰ সংখ্যা আঙুলিৰ মূৰত লেখিব
পৰা ধৰণৰ আছিল৷ কৰ্মচাৰীসকলৰ বহুতেই আকৌ অফিচৰ পৰা বাহিৰে বাহিৰে, খোজ কাঢ়িয়ে, হাতত
ছাতিটোহঁত
লৈ ফিল্ডলৈ পোনায়৷
ষ্টেডিয়াম ফিল্ডত অনুষ্ঠিত খেলবোৰত কেতিয়াবা স্কুলৰ
ফালৰ পৰা নিৰ্বাচিত স্বেচ্ছাসেৱকো হৈছিলোঁ৷ পিছে আন দিনকেইটাত প্ৰচেষ্টা চলিছিল টিকট
নকটাকৈ খেল চোৱাৰ৷ তাৰ বাবে আমি আমাৰ অত্যুৎসাহী সহপাঠী নিৰ্মল নুনিচাই দেখুওৱা গোপন
পথ অনুসৰণ কৰি ফিল্ডৰ ওপৰৰ পাহাৰেৰে মেলেৰীয়া অফিচৰ ফালেদি গৈ প্ৰস্ৰাব কৰাৰ ভাও ধৰি
পূৰ্ব নিৰ্ধাৰিত সুৰক্ষিত এলেকাত সোমাই পৰিছিলোঁ৷ কেতিয়াবা শ্ৰেণীতে সি আমাক তাৰিখৰ
মোহৰটো নথকা বা থাকিলেও সতকাই ধৰিব নোৱাৰা পুৰণি টিকটৰ অংশৰো যোগান ধৰিছিল৷ সেই টুকুৰাটো
সাৱধানে পকেটত ভৰাই লৈ খৰ খোজেৰে ঘৰলৈ যাওঁ৷ কিতাপ-পত্ৰ থৈ ততাতৈয়াকৈ কিবা এটা খায়ে
খৰধৰকৈ ওলাই আহোঁ খেল চাবলৈ৷ খেল চাবলৈ যাওঁ বুলি ক’লে ঘৰত বাধা দিয়াৰ কোনো কথাই
নাছিল৷ আনহাতে বিনা-টিকটত খেলা উপভোগ কৰিব পৰাটো আমাৰ বাবে বৰ বাহাদুৰিৰ কথা আছিল৷
পিছদিনা স্কুলত সেই লৈ চৰ্চা হৈছিল৷
এতিয়া সেই প্ৰতিযোগিতাও নাই, সেই উন্মাদনাও নাই৷
সকলো হেৰাই গ’ল৷
No comments:
Post a Comment