Wednesday, 6 May 2015

অৰুণা চাপৰিৰ সেই 
স্মৰণীয় ট্ৰেক্তৰ-যাত্ৰাটো
(দীঘলীয়া ভ্ৰমণ কাহিনীৰ এছোৱা)


দিনটো আছিল ১৭এপ্ৰিল ২০১৫৷ তিনিচুকীয়া জিলাৰ গুঁইজানৰ পৰা আহি আছোঁ৷ বাটত ক’ত সোমাম, কি চাম, চিন্তা-চৰ্চা চলি আছে৷ কলীয়াপানীত নেছনেল হাইৱেৰ দাঁতিত অৱস্থিত মাইহাং ধাবাত দিনৰ ভাতকেইটা খাই ‘মুলাই কাঠনি’ৰ সন্ধানত নামি পৰিলোঁ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাচ এৰি ককিলামুখৰ বাটে সোঁহাতে সোমাই এসময়ত ব্ৰহ্মপুত্ৰৰ মথাউৰিত উঠিলোঁগৈ৷ ধূলি উৰুৱাই আগ বাঢ়িল আমাৰ স্কৰপিঅ’খন৷ মিচিং মানুহ এঘৰৰ পিছফালেৰে যোৱা কেঁচা উপপথটোৰে ধেনুভিৰীয়াকৈ পাক মাৰি পুনৰ মথাউৰি৷ সৰ্বাইবন্ধাৰ ফালৰ পৰা অহা পকী ৰাস্তাটো সেইখিনিতে ককিলামুখ পাইছেহি৷ পাঁচ নম্বৰ স্পাৰ৷ ৰাইট টাৰ্ণ লৈ তলৰ ফালে ‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’জনৰ ঘৰ৷ 

ঘৰ মানে পৰম্পৰাগত মিচিং আৰ্হিত অৰ্ধনিৰ্মিত, পকী ফ্ৰেমৰ সাধাৰণ এটা চাংঘৰ৷ জপনামুখৰ চাইনব’ৰ্ডখনে নিশ্চিত কৰিলে আমি বিচাৰি যোৱা ঘৰটোৱেই হয়৷ ওপৰলৈ উঠি যোৱা খটখটীটোতে গামোচা আৰু হাফ গেঞ্জী পিন্ধি মানুহজন বহি আছিল৷ হাতত এখন আলোচনী৷ দূৰৰ পৰাই চিনি পালোঁ৷ সেইজনেই ভাৰত চৰকাৰৰ অসামৰিক সন্মান পদ্মশ্ৰীকে ধৰি অনেক সম্বৰ্ধনাৰে বিভূষিত যাদৱ পায়েং (মুলাই), সঁচা অৰ্থত এজন ফৰেষ্টাৰ, যাৰ প্ৰকৃতি সংৰক্ষণমূলক একক আৰু বিচিত্ৰ চিন্তা আৰু কৰ্মৰ বিষয়ে আজি পৃথিৱীৰ চুক-কোণৰ নিবাসী বিভিন্নজন বাৰুকৈয়ে অৱগত৷

১৬বছৰ বয়সত, ১৯৭৯চনত বানপানীৰ কবলত পৰি গছ-গছনি ধ্বংস হোৱাৰ পিছত উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে বহুসংখ্যক সাপৰ মৃত্যু হোৱা দেখি চাপৰি এটাত তেওঁ ৰুই দিছিল ২০জোপা বাঁহ৷ সেয়াই আৰম্ভণি৷ সামাজিক বনানীকৰণ বিভাগৰ জৰিয়তে ২০০হেক্টৰ এলেকাত কৰিবলৈ লোৱা বৃক্ষ ৰোপণত শ্ৰমিক হিচাপ কাম কৰা মুলাই আঁচনিখনৰ সমাপ্তিত সেই চাপৰিটোতে থাকি গ’ল৷ ৰুই যোৱা গছপুলিখিনিৰ প্ৰতিপাল কৰাৰ উপৰি আৰু অধিক ৰোপণ কৰি গছপুলিৰ সংখ্যা বঢ়াই গ’ল তেওঁ৷ পৰিৱৰ্তন আহিল পৰিৱেশটোলৈ৷

পদূলিৰে সোমাই গ’লোঁ৷ থিয়ৈ থিয়ৈ পৰিচয় বিনিময়ৰ পিছতে তেওঁৰ হাতত গঢ়ি উঠা কাঠনিখন চাবলৈ ব্যগ্ৰতা প্ৰকাশ কৰিলোঁ৷ তেতিয়া বিয়লি আঢ়ৈ বাজি পাৰ হৈছিল৷ পায়েঙৰ পত্নী বিনীতা পায়েঙে কুঠাৰ এখনেৰে খৰি ফালি আছিল৷ সময় গণনা কৰি সেই মুহূৰ্ততে আমাক চাপৰিৰ দিশে যাত্ৰা কৰিবলৈ পৰামৰ্শ দিলে যাদৱ পায়েঙে৷ তেহে আন্ধাৰৰ আগে আগে ঘূৰিব পৰা হ’ব৷ অন্ধকাৰ হ’ব লাগিলে অনেক অসুবিধা আছে৷ কালবিলম্ব নকৰি আমিও ততাতৈয়াকৈ আৰম্ভ কৰি দিলোঁ পদচালনা৷ গাইড হিচাপে লগত গ’ল স্থানীয় মানুহ দেবেন দলে৷ ঢকুৱাখনাৰ বকুলগুৰিৰ পৰা অহা মনজিত পাতিৰ ওলাল সহযাত্ৰী হিচাপে৷ ‘প্ৰাকৃতিক ভিক্ষু দল’ নামৰ সংগঠন এটাৰ তেওঁ পৰিৱেশ কৰ্মী৷ ‘অৰণ্য মানৱ’জনৰ সমৰ্থন, পৰামৰ্শ আৰু সংগঠনটোৰ নিজা সামৰ্থৰে নিজৰ অঞ্চলত বৃক্ষৰোপণ আৰু সংৰক্ষণমূলক কাম-কাজ যৎপৰোনাস্তি কৰি গৈছে তেওঁলোকে৷ মিচিং গাঁৱৰ মাজেৰে কথা পাতি পাতি এক কিল’মিটাৰমান খোজ কাঢ়ি ব্ৰহ্মপুত্ৰৰ সুঁতি এটাৰ পাৰত আমি ৰ’লোঁগৈ৷ যোৰহাটত পঢ়ি থকা দিনত এবাৰ শিৱৰাত্ৰিত চাইকেল লৈ গৰখীয়া দৌল বিচাৰি ওলাইছিলোঁ৷ পথভ্ৰষ্ট হৈ ঘূৰি-পকি পেডেল মাৰি মাৰি ভিতৰ ককিলা ওলাইছিলোঁহি৷ সেই ঘটনা চাঁতকৈ মনত পৰিল৷

ঘাটটোত খৰি, খেৰ, বাঁহ আদি দ’মাই থোৱা দেখা পালোঁ৷ চাপৰিৰ পৰা কঢ়িয়াই অনা হৈছে৷ মেলেং এখন ঘূৰি আহোঁতে দেখা পাইছিলোঁ৷ অদূৰত মেচিন নাও এখন আহি আছিল৷ এইপাৰে ককিলা, সিপাৰে অৰুণা চাপৰি৷ তাতেই আছে বিখ্যাত ‘মুলাই কাঠনি’৷ কৌতূহলী পৰিব্ৰাজকৰ বাবে যি আজি একপ্ৰকাৰে ৰূপান্তৰিত হৈছে পৰ্যটন থলীলৈ৷ গৱেষকৰো সমল সন্ধানৰ স্থলত পৰিণত হৈছে৷ পায়েঙৰ স্থানীয়ভাৱে প্ৰচলিত নামটোৰেই এই নামৰ সৃষ্টি... মুলাই ফৰেষ্ট৷

এইপাৰলৈ অহা যাত্ৰীসকল নমাত সিপাৰলৈ যাবৰ বাবে সকলোটি উঠিলোঁ৷ ঘাটুৱৈজনে ইঞ্জিন ষ্টাৰ্ট দিলে৷ দীঘল বাঁহ এডাল হাতত লৈ দলে টিঙত থিয় দি থাকিল৷ 
প্ৰায় বিশ মিনিট৷ অৰুণা চাপৰিৰ শুভ্ৰ বালিত জোতাৰ চিন ৰাখিলোঁগৈ৷ চাপৰিত চলাচল কৰা ট্ৰেইলাৰ সংযুক্ত ট্ৰেক্তৰখনৰ চালকৰ সৈতে ফোনযোগে ইপাৰৰ পৰাই কথা পাতি পূৰ্বতেই থিয় কৰাই ৰখা হৈছিল সিপাৰত৷ গৈ পোৱাৰ পিছতে কাঠনি পৰিভ্ৰমণৰ বাবে আমি তাতে উঠি ল’লোঁ৷ অন্যথা খোজ কাঢ়িব লাগিব আৰু সময়ো যথেষ্ট লাগিব৷ সাতে সাতে চৈধ্য কিল'মিটাৰ খোজ কঢ়াৰ ভয়ত অনিলদাই পোনতে থেৰোঁ-গেৰোঁ কৰিছিল যদিও ট্ৰেক্তৰ বন্দোবস্তৰ কথা শুনা পাই আগে ভাগে নাৱৰ পীৰিত বহি ল'লেগৈ৷

ঘাঁহনি, ঝাও বন, বাঁহৰ আগলি, বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰ ডাল-পাত মহতিয়াই পুষ্পক সিঙৰ ট্ৰেক্তৰ ঢেৰঢেৰাই আগ বাঢ়িল৷ অৰুণদা আৰু সঞ্জু বহিছে ড্ৰাইভাৰৰ পিছতে, ঠিক ডাঙৰ চকা দুটাৰ ওপৰত থকা ছিটত৷ নাচি নাচি গৈ আছে দুয়ো৷ আমিবোৰ পিছফালে ট্ৰেইলাৰত, হালিজালি৷ অনিলদা, মই, পেটেল, দলে আৰু পাতিৰ৷ বহুত বছৰৰ মূৰত এইবিধ বাহনত উঠিবলৈ পালোঁ৷ ল’ৰালিৰ দিনবোৰলৈ মনটো উৰি গ’ল৷ হেঁপাহ এটা যেন আকৌ পূৰ্ণ হৈছে আজি!

হাঁহি-আনন্দ, মুক্তমনৰ কিৰিলী-চিৎকাৰ আৰু কৌতূহলোদ্দীপক অভিজ্ঞতাৰে যাত্ৰাটো ভাবিব নোৱাৰা ধৰণে ৰোমাঞ্চকৰ আৰু উপভোগ্য হৈ উঠিল৷ ওখোৰা-মোখোৰা পথত ভাৰসাম্য ৰাখিব নোৱাৰি খুন্দা-খুন্দলি খাই নগুৰ-নাগতিও কিছু হ’ল৷ ঠায়ে ঠায়ে বাটলৈ আগ বাঢ়ি থকা ঠাল-ঠেঙুলিয়ে শৰীৰত কোবাই গ’ল৷ একোবত মোৰ মূৰত পিন্ধি থকা টুপীটো জোপোহা গছ এডালৰ ঠানিত লাগি থাকিয়ে আহিল৷ ক’বই নোৱাৰিলোঁ৷ খেয়াল হোৱাৰ পিছত লগে লগে চিঞৰিলোঁ, ট্ৰেক্তৰ ৰখাবলৈ৷ জাঁপ মাৰি নামিলোঁ৷ উভতি দৌৰ মাৰি আনিলোঁগৈ যেনিবা৷ তেনেকুৱাতে কুকুৰ এটাই ভৌ-ভৌকৰে খেদি আহিল৷ কিবাকৈ বাছিলোঁ যেনিবা৷ ৱালঙৰ আই.বি.ৰ পিছফালে থকা কমলা গছত বগাই কমলা ছিঙা আৰু ৰ'য়িঙৰ শাল্লি লে'কৰ পাৰৰ আমলখিজোপাত উঠি গৈ আমলখি পাৰি অনাৰ পিছত ট্ৰেইলাৰৰ পৰা মৰা এই জাঁপটোও চেল্‌ফ টে'ষ্ট যেনেই হ'ল! নিজকে ঠিক-ঠাক থকা বুলি প্ৰমাণ পাই গ'লোঁ হাতে হাতে৷

হেদালিত ওলমি থকা লাউ, বাঁহৰ জেঙত জিলিকি থকা তিয়ঁহৰ উপৰি বিলাহী, বেঙেনা আদিৰ খেতি আৰু মিচিং মানুহৰ পৰম্পৰাগত চাংঘৰবিলাকৰ মাজে মাজে কিছুদূৰ যোৱাৰ পিছত লানি নিছিগা সৰু-বৰ গছ-গছনি আৰম্ভ হ’ল৷ তাৰ মাজে মাজে জঁপিয়াই, ঠেকেচনি খাই ট্ৰেক্তৰ-যাত্ৰা কৰি চাৰি বজাত ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হ’লোঁ আমাৰ দলটো৷ হাবিখনৰ সেয়া হৈছে আনটো মূৰ৷ মুঠ এলেকাটো ৫৫০হেক্টৰ৷ বিভিন্ন জাতৰ উদ্ভিদ, ঘাঁহনি, বাঁহনি, ফুটুকানি, মুকলি পথাৰ, হাবি, কাঠনি আদি যাত্ৰাপথত আমাৰ দৃষ্টিগোচৰ হ’ল৷ নানান ধৰণৰ চৰাই-চিৰিকটিৰ কলৰৱেও মন হৰিলে৷ গৰু-ম’হৰ জাকবোৰ অ’ত-ত’ত আপোনবিভোৰ হৈ চৰি আছিল৷ গাঁৱৰ মানুহবোৰে কুকুৰা, গাহৰি আদি পালন কৰিছে৷ কোনো কোনোক জালেৰে মাছ মাৰি থকাও দেখা পালোঁ৷ গাড়ীৰে যাওঁতে এঠাইত কথা প্ৰসংগত মিচিং লোক এজনে কৈছিল... ‘শাক-পাচলি, মাছ-মাংস আমাৰ ইয়াত কিনি খোৱাৰ নিয়ম নাই৷ নিমখ আৰু চাউলহে কিনা হয়৷ বাকী লাগতিয়ালখিনি চাপৰিৰ মাটি আৰু পানীতেই উভৈনদী৷’ কথাটো হয়৷ তাৰ সঠিক প্ৰমাণ পালোঁ৷

অস্তগামী সূৰ্যটো আকাশত লৈ কিছুবেলিৰ পিছতে আৰম্ভ হ’ল আমাৰ উভতনি যাত্ৰা৷ কাঠনিৰ উপৰি পায়েঙৰ পুৰণি চাংঘৰৰ দুটাকৈ অৱস্থান পৰিদৰ্শন কৰিলোঁ৷ এই হাবিত হাতী, গঁড়, বাঘ, পহু, শহাপহু আদিকে ধৰি বন্য জন্তু-জানোৱাৰ থাকে বুলি তেতিয়াই জানিবলৈ পালোঁ৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই পায়েঙে এতিয়া চাপৰিৰ সিটো পাৰে বসতি কৰিছেগৈ৷ বাঘৰ আক্ৰমণত তেওঁৰ কেইবাটাও গৰুৰ প্ৰাণহানি ঘটিছে৷

মিচিং গাঁৱৰ মাজেৰে অকাই-পকাই ট্ৰেক্তৰখন আহি অন্তিম স্থল পালেহি৷ জাঁপ মাৰি নামিলোঁ৷ নাও আহি নোপোৱা পৰ্যন্ত  বলুকাতে বিয়লি বেলাৰ বিৰল আড্ডা এটা চলি থাকিল৷ জানিব পাৰিলোঁ যে অৰুণা চাপৰিৰ পিছত পায়েঙে এতিয়া অইন এটা চাপৰিত গছপুলি ৰোৱাৰ মনস্থ কৰিছে৷ আমাৰ সৈতে অহা দলেও কাইলৈ তেওঁৰ লগত উক্ত ঠাইলৈ নাৱেৰে যোৱাৰ কথা, ৩,০০০টা পুলি লৈ৷ আকৌ এইটোও শুনা পালোঁ যে এই চাপৰিত আশ্ৰয় লোৱা এশিঙীয়া গঁড় নিধন কৰিবলৈ এতিয়া হেনো চোৰাং চিকাৰীৰো আগমন ঘটিছে৷

৫.৩৫মিনিটত সিদিনাৰ বাবে লাষ্ট ট্ৰিপ বুলি কোৱা নৌকাখনৰ যাত্ৰী হৈ অৰুণা চাপৰি এৰিলোঁ৷ লুইতৰ সুঁতিটোৰ পানী ফালি আহি পালোঁ ককিলাৰ পাৰ৷ তাৰ পাছত খোজ লৈ একেবাৰে যাদৱ পায়েঙৰ চাংঘৰৰ কোঠাত জিৰালোঁগৈ৷ ভালে পৰলৈ আমাৰ মাজত অন্তৰংগ আলাপ চলিল৷ বিষয়বস্তু বন সজাগতা৷ বেৰত ওলোমাই ৰখা দেখিলোঁ বিভিন্ন স্থানত বিভিন্ন সংগঠনে তেখেতক দিয়া বিভিন্নখন সম্বৰ্ধনা-পত্ৰ৷ তাৰ মাজত ১৩-১৫মাৰ্চলৈ ডিফুৰ তাৰালাংছ'ত আয়োজিত আছাম ইথনিক ফেষ্টিভেল ২০১৫ত আগ বঢ়োৱাখনো সহজেই চকুত পৰিল৷ তেতিয়াই তাৰালাংছ'লৈ তেওঁ আহি গৈছে৷ আলমাৰী এটাত কিতাপ-পত্ৰ কিছুমানো দেখিলোঁ৷ অনিচ্ছাসত্ত্বেও সন্ধিয়া ছয় বজাত তেখেতৰ পৰা এৰাএৰি হ’লোঁ৷ সেই সময়ত মানুহজনে চাইকেলখন লৈ কাৰোবাক লগ ধৰিবলৈ বুলি ওলাইছিল৷ আমিও পাবগৈ লাগিব ডিফু৷ তাৰ পৰা কেইবাঘণ্টাৰ বাট৷

আন্ধাৰ নামি আহিছিল৷ লুঙী, ফুল চুৱেটাৰ আৰু হাৱাই চেণ্ডেল পিন্ধি ঘৰৰ পৰা ওলাই অহা পায়েঙে আমাক বিদায় জনোৱাৰ পিছত আমাৰ গাড়ীখনক চেৰ পেলাই আমাতকৈ আগতেই ককিলামুখ-সৰ্বাইবন্ধা পকী ৰাস্তাটোত উঠিলগৈ৷ হে’ড লাইটৰ পোহৰত চাইকেল মাৰি গৈ থকা হৃষ্টপুষ্ট মানুহজনক দেখি মনতে এইটো বোধ হ’ল যে প্ৰকৃতি-প্ৰেমৰ ক্ষেত্ৰত এই মানুহজনক পিছ পেলোৱাটো সাধ্য নহ’ব৷ চৰকাৰী আঁচনিৰ নামত ঢাক-ঢোল বজোৱাটো ভাল নোপোৱা মানুহ তেওঁ৷ তেওঁ বিচাৰে প্ৰকৃত কাম৷ গছপুলি এটাই ৰোৱক লাগিলে, কিন্তু জীয়াই তোলক৷ হাজাৰ গছপুলি ৰুই যদি এটাও জীয়াই তুলিব নোৱাৰে, পুলিৰ আপডাল যদি কৰিব নোৱাৰে তেন্তে সেয়া অৰ্থহীন৷ নামী-দামী গছতকৈ য’তে-ত’তে হোৱা, চোৰেও নিনিয়া গছ ৰোৱাটোৰ তেওঁ পোষকতা কৰে৷ কথা প্ৰসংগত গম পালোঁ৷

বিগত ৩০টা বছৰে নীৰৱচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত তেওঁ যিটো কাম কৰি দেখুৱালে, তাক প্ৰশংসা কৰাৰ ভাষা নাই৷ অথচ মূল বাৰ্তাটো তেনেই সাধাৰণ আৰু তাক বুজিবৰ বাবে এটা বাক্যই যথেষ্ট৷ সেয়া হ’ল... ‘গছ থাকিলেহে মানুহ থাকিব’৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়া তাকে লৈ প্ৰবল সচেতনতা গঢ়াৰ পক্ষপাতী তেওঁ৷ তাকে চেষ্টা কৰি আছে উঠি অহা প্ৰজন্মক আস্থাত লৈ৷ পৰিৱেশ সুৰক্ষা, বনাঞ্চল, গছ-গছনি সম্পৰ্কে ক’বলৈকে পৃথিৱীৰ বিভিন্ন দেশত যাবলগীয়া হৈছে তেওঁ৷ বিভিন্ন দেশৰ মানুহ দৌৰি আহিছে তেওঁৰ ওচৰলৈ৷ আমি যোৱাৰ দিনাও নেদাৰলেণ্ডছৰ মানুহ অহাৰ কথা আছিল৷ আগদিনাও হেনো বিদেশৰ কোনোবা গৱেষক আহিছিল৷

সন্ধিয়া আলোচনা কালত মোলৈ আগ বঢ়াই দিয়া পকাবন্ধা ৰেজিষ্টাৰ বহীখনত আমাৰ দলটোৰ হৈ ভিজিটৰছ কমেণ্ট দিবলৈ লৈ প্ৰথম বাক্যটো আৰম্ভ কৰিলোঁ... '‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’ৰ ‘মুলাই কাঠনি’ৰ কথা ইমানদিনে শুনিহে আছিলোঁ, আজি নিজ চকুৰে দেখিলোঁ, অভিভূত হ’লোঁ, ধন্য হ’লোঁ...' নিমন্ত্ৰণ ৰক্ষা কৰি অ'লৈ-ত'লৈ গৈ থাকিবলগীয়া হোৱা মানুহজনক ভাগ্যক্ৰমেহে আমি লগ পাইছিলোঁ৷

যাদৱ পায়েঙক ‘ফৰেষ্ট মেন’ অভিধাটো দিয়া হৈছিল ২০১৩চনৰ অক্টোবৰ মাহত৷ ২০১৫ত তেওঁ লাভ কৰে পদ্মশ্ৰী সন্মান৷ পায়েঙৰ জীৱন আধাৰিত ডকুমেণ্টৰী ছবিও ইতিমধ্যে কৰি উলিওৱা হৈছে৷ নিতান্তই সহজ-সৰল আৰু সাধাৰণ মানুহজনৰ অসাধাৰণ প্ৰকৃতি-প্ৰেম আৰু বৃক্ষ সংৰক্ষণৰ বিষয়ে জানিবলৈ, বুজিবলৈ আপুনি ‘মুলাই কাঠনি’লৈ এবাৰ গ’লেই হ’ল৷ ট্ৰেক্তৰ-ট্ৰেইলাৰৰ সৈতে চালক পুষ্পক সিঙকো বালিচৰতেই লগ পাই যাব৷ অৰুণা চাপৰিৰ ট্ৰেক্তৰ-যাত্ৰাটো মোৰ দৰে আপোনাৰো তেতিয়া জীৱনৰ কাৰণে স্মৰণীয় হৈ ৰ’বই ৰ'ব৷

পুচ্ছাংশ : নিশা ১১.৩০ত ঘৰ আহি পালোঁ৷ পিছদিনা পুৱা পিছফালখন চাওঁগৈচোন বুলি যাওঁতে পৰিবাৰে চিঞৰিলে, ছাঁ পৰিবৰ বাবে আঁৰ কৰি ৰখা টিনপাতৰ টুকুৰাটো গুচাই দিবলৈ৷ গৈ দেখোঁ যে আগদিনাখন তেওঁ বগা চন্দনৰ পুলি এটা ৰুইছিল৷ মনটো কিবা ভাল লাগি গ’ল৷ ‘অৰণ্য মানৱ’ৰ পদাংক এনে ধৰণেই আমিও অনুসৰণ কৰিব পাৰোঁ দেখোন৷ তেনেকৈয়ে নিজৰ প্ৰয়োজনীয় অম্লজানখিনি বৃক্ষৰোপণৰ জৰিয়তে নিজেই সৃষ্টি কৰি ল’ব পাৰোঁচোন৷










2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
    Replies
    1. গছ থাকিলে হে মানুহ থাকিব! সম্পূৰ্ণ সঁচা।

      ‌লিখনি খিনি মন-পৰশা হৈছে। বাকী অৰুনা চাপৰি গৈহে মনটো শান্ত হ'ব।

      Delete