অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
(মোৰ এই দীঘলীয়া সচিত্ৰ ভ্ৰমণ-লেখা ভ্ৰমণ ভাল পোৱাসকলৰ হাতত আনন্দমনে
তুলি দিলোঁ)
‘অৰুণাচলৰ মিঠা ৰ’দ-কাচলিত
নিৰল আদিম সৰু গাঁও এখনি
নাম দিলে ডং যাৰ আকাশে আজি
উঠিছে শতিকাৰ প্ৰথম বেলি...’
(গীতৰ কথা : ডাক্তৰ লোকেন্দ্ৰ ভট্টাচাৰ্য,
কণ্ঠ
: সন্ধ্যা মেনন,
ৰচনা-কাল : ১৯৯৯চন)
এক৷৷ ডঙলৈ এবাৰ যাব পৰা হ’লে!
সহস্ৰাব্দৰ সূৰ্যোদয়ক লৈ বিখ্যাত হৈ পৰা ডঙলৈ এবাৰ
যাব পৰা হ’লে! মনে মনে এইদৰে ভাবিছিলোঁ
অনেকবাৰ৷ আজিও চিন্তা কৰোঁ, ১৯৯৯-২০০০ৰ সেই বিৰল সংক্রান্তিত ডঙত ঘটা মহাজাগতিক পৰিঘটনাৰ
সময়ত মই ক’ত, কিহত ব্যস্ত আছিলোঁনো? তেতিয়া
এই কথাটো মূৰত কিয় খেলোৱা নাছিল? ইন্ফৰ্মেচন নাছিল নে কি? কিয় ১৫বছৰ লাগিল মোৰ, ডংমুখী
যাত্ৰা এটা সাকাৰ কৰি তুলিবলৈ? ১৯৯৩তেইতো এবাৰ তেজু পাইছিলোঁগৈ৷ তেনেহ’লে, সময়ত সেই জাগতিক সংঘটনৰ সাক্ষী
হ’ব নোৱাৰিলোঁগৈ কিয়? কি অসুবিধা
আছিল? নিজকে নিজে প্ৰায়ে সোধো৷ উত্তৰ বিচাৰি নাপাওঁ৷ বিমৰ্ষ হওঁ৷ এটা যেন ডাঙৰ আফচোচ!
তৎসত্ত্বেও অসন্তুষ্টি নাশ কৰিবলৈকে উক্ত স্থানত জীৱনৰ পৰৱৰ্তী সময়ত হ’লেও কেতিয়াবা এদিন ভৰি থ’বলৈ মনতে পাঙি ৰাখিছিলোঁ৷ সেয়েহে
‘লে’ক অৱ ন’ ৰিটাৰ্ণৰ পিছৰ এডভেন্সাৰ ট্ৰিপটো
ক’লৈ মৰা হ’ব?’ বুলি কথা ওলাওঁতে চিধাই অৰুণদাক
কৈ দিছিলোঁ, ‘ডঙলৈ যাওঁ ব’লক’ বুলি৷ ডং কি, ক’ত, কিয় বিখ্যাত মই বুজাবলগীয়া
হৈছিল তেতিয়া৷ লোকালয়ৰ পৰা আঁতৰত বিৰাজমান নীৰৱতা আৰু পাহাৰ-পৰ্বত, নৈ-নিজৰাৰ যুগলবন্দীৰে
কুমাৰী প্ৰকৃতিৰ মোহময়ী সৌন্দৰ্যৰ ব্যাখ্যা মোৰ মুখত শুনি তৎমুহূৰ্ততে আগ্ৰহী হৈ পৰিছিল
অৰুণদা৷ কৈছিল, ‘ষ্টাডী কৰকচোন আপুনি৷ সময়-সুবিধা
মিলাই ওলাম৷’ নিজেও ইণ্টাৰনে’টত খুঁচৰি চাই উৎসাহিত হৈছিল,
ভাবত তন্ময় হৈছিল৷
এইখিনিতে কোৱা ভাল, অৰুণদা মানে অৰুণ টেৰণ৷ জিলা
প্ৰাথমিক শিক্ষা বিষয়াৰ গধুৰ দায়িত্ববাহী হৈয়ো অফিচৰ সীমাহীন কৰ্মব্যস্ততাক চেৰাই সুযোগ
পালেই যি ডুবি থাকিব খোজে কিতাপ, কবিতা, ভ্ৰমণ-লেখা, মেণ্ডলিন, মাউথ অৰ্গেন, কেমেৰা,
ফটোগ্ৰাফী, চিত্ৰাংকন আদি বিষয়ত৷ মোৰ দৰেই এডভেন্সাৰ ট্ৰিপ মৰা আৰু যেতিয়াই তেতিয়াই
প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণ, তেওঁৰো প্ৰিয়৷ প্ৰিয় মানে খুবেই প্ৰিয়৷ বয়সৰ প্ৰভেদ থাকিলেও
সেয়ে তাল-মিল আছে আমাৰ, মনে বিচৰা এনে কথা-কাণ্ডবোৰৰ অচিলাৰেই৷ চাকৰি বা ব্যৱসায় পেছাৰ
নামত যিয়েই নাথাকক, অন্ততঃ এইটো নিচাৰ ক্ষেত্ৰত আমি দুয়ো ফ্ৰি লেন্স মানুহ৷ তাৰ বাবে জীৱনৰ অন্য কিছুমান কথা-কাণ্ড ত্যাগ কৰিবলৈও সাজু৷
অগ্ৰজ ভ্ৰাতৃপ্ৰতিম অৰুণদাৰ কথামতেই ষ্টাডী কৰিছিলোঁও, পাৰ উপচি পৰা উদ্দীপনা বুকুত লৈ৷ সেই মানসিক অৱস্থাটোত প্ৰকৃততে ক্রিয়াশীল আছিল অন্তৰত স্বতঃস্ফূৰ্তভাৱে উদ্ৰেক হোৱা এটা যোগাত্মক প্ৰৱণতা৷ যাৰ পৃষ্ঠপটত উহ্য হৈ আছিল পূব অৰুণাচলৰ পাহাৰত সেউজীয়া সৰল গছ আৰু সোণোৱালী ববচা বনেৰে পৰিপূৰ্ণ ডং উপত্যকা চোৱাৰ সুতীব্ৰ হেঁপাহ৷ গতিকে একেটা বহাতে ডং সম্পৰ্কে কেইবা পৃষ্ঠাৰ নোট ৰেডী হৈ গৈছিল মোৰ৷ স্ফটিক-উজ্জ্বল, খৰস্ৰোতা, ৰূপহী লোহিতৰ ওপৰৰ হেঙিং ব্ৰীজ পাৰ হৈ ডেৰঘণ্টীয়া ট্ৰেকিং কৰি ইতিমধ্যে ডং মালভূমি পাইছিলোঁগৈয়ে, কল্পনাতে৷ স্বীকাৰ কৰোঁ, সেই অধ্যয়নত মোৰ মূল সহচৰ আছিল ইণ্টাৰনেট৷ থপিয়াই থপিয়াই য’তে যি পাওঁ পঢ়ি পেলাইছিলোঁ৷ টোকাটো সাজু কৰি অৰুণদাক জনাইছিলোঁও৷ কিন্তু নাজানো, কি কাৰণত যাত্ৰাটো বাস্তৱায়িত হৈ উঠা নাছিল তেতিয়া৷ সময় হোৱা নাছিল চাগৈ৷ নিয়তিৰ দ্বাৰা নিয়ন্ত্ৰিত সকলো কাম-কাজৰে সময় বন্ধা থাকেযে! পৰিয়ালসহ অৰুণদা ফুৰিবলৈ গুচি গৈছিল ভূটানলৈ৷ সময়ে-অসময়ে ময়ো ভ্ৰমি ফুৰিছিলোঁ দিহিঙে-দিপাঙে৷ কেতিয়াবা অকলেই ‘হিল কুইন’ত ল’ৱাৰ হাফলঙলৈ, মেলেং গ্ৰাণ্টৰ প্ৰশান্ত কুমাৰ বৰাৰ আহ্বানত সঞ্জু বৰাৰ সৈতে গিবন অভয়াৰণ্যত সোমাইছিলোঁগৈ, ৰেঞ্জাৰ বিভীষণ টকবিৰ আতিথেয়তাত গৰমপানী সংৰক্ষিত বনাঞ্চলৰ মাজৰ ফটাশিল জলপ্ৰপাত চাইছিলোঁগৈ৷ কেতিয়াবা আকৌ মেঘালয়ৰ চেৰাপুঞ্জী বা শ্বিলং-মাউলিননং পাৰ কৰি ডাউকী-তামাবিল পালোঁগৈ৷ বিনিময় প্ৰথা চোৱাৰ তাগিদাত কেতিয়াবা অকলেই আন্ধাৰে-মুন্ধাৰে জোনবিল মেলা, সুৰেন ক্রামছাৰ ঘৰৰ আগেদি খোজ কাঢ়ি কাংথিলাংছ’, ইত্যাদি ইত্যাদি৷ তাৰ মাজতো মনৰ খু-দুৱনি মাৰিবলৈ অৰুণদাৰ লগত একেলগে সোমাইছোঁগৈ বাদুলী খোৰোঙত৷ জাছিংফাত এসন্ধ্যা বহিছোঁ৷ ভৱিষ্যতৰ স্পটসমূহৰ কথা ভাবি উলিয়াইছোঁ৷ যোৱাও হৈছিল৷ কেৱল যোৱা হোৱা নাছিল ডঙলৈহে৷ দু্য়ো দুয়োকে লগ পালেই সেই বিষয়ে মুকলি আলোচনাও নোহোৱাকৈ নাছিল অৱশ্যে৷ বোধ হয় সময়টো অহা নাছিল৷ বুজি পাইছিলোঁ, নিয়তিৰ পৰিকল্পনামতে সকলো কামৰে সময় একোটা নিৰ্দিষ্ট কৰা থাকে৷ বিশ্বাস কৰিবলৈ মন যায়, ভ্ৰমণৰ ক্ষেত্ৰত জোতাযোৰেহে যাত্ৰাৰ চয়-নিচয় কৰে! ‘চৰণেহে জানে মৰণৰ ঠাই’, জোতাইহে জানে ভ্ৰমণৰ ঠাই৷
দুই৷৷ ডঙতকৈ আগলৈ যোৱাৰ সময় আহিল
বছৰ বাগৰি গৈছিল৷ লোহিতৰ বুকুৰেও অনেক সেউজীয়াৰ
ঢল বৈ গৈছিল৷ এদিন কিবা সংক্রান্তত অৰুণদাৰ অফিচলৈ যাওঁতে, ‘ইক্লেক্টিক্’ নামৰ আলোচনীখনৰ সৈতে চাপ্লিমেণ্ট
হিচাপে পোৱা ‘নৰ্থ ইষ্ট ট্ৰেভেল গাইড’ নামৰ ৰঙীন বুকলেট এখনৰ বিশেষ
পৃষ্ঠা এটা মেলি মোৰ পিনে আগ বঢ়াই দিলে৷ সৰু পুথিখন তেওঁ বৰ আটোম-টোকাৰিকৈ ৰাখিছিল৷
ভ্ৰমণ সম্পৰ্কীয় কিতাপ-আলোচনী বা তদনুৰূপ লেখা ওলোৱা বাতৰি কাকত কিনা, পঢ়া, সংগ্ৰহ
কৰাটো আমাৰ দুয়োৰে কমন ইণ্টাৰেষ্টৰ ভিতৰত পৰে৷
পৃষ্ঠাটো মেলি সোঁহাতৰ তৰ্জনী আঙুলিটোৰে উপৰ্যুপৰি
দুবাৰমান টুকুৰিয়াই অৰুণদাই ক’লে, ‘ইয়ালৈ যাম দিয়ক৷ একেলগে৷ ভাল
লাগিব৷’ তাৰ পিছত মোলৈ ঠেলি দিলে, চাবলৈ৷
হাতত লৈ দেখো যে ছবি এখন, লেখা অলপমান৷ ওপৰত উজলি আছে এটা শব্দ… কিবিথো৷ ভাৰত-চীন সীমান্তৱৰ্তী
ঐতিহাসিক আৰু সামৰিক গুৰুত্বপূৰ্ণ জেগা এয়া য’ত ১৯৬২ৰ ‘বেটেল্ অফ ৱালং’ চলিছিল৷ প্ৰাণহানি আৰু পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় সৈন্যই
ছত্ৰভংগ দিয়াৰ পিছত চীনে অনায়াসে দখল কৰিছিল উক্ত অঞ্চল৷ দেশৰ অন্তিম পূবত থকা সেই
অন্তিম জনপদৰ নামেই কিবিথো৷ ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তলৈ যোৱা ৰাস্তাৰ শেষমূৰটোও তাতেই৷
পৰ্যটন মহলত যাক ‘ইষ্ট অব দ্যা নৰ্থ-ইষ্ট’ অৰ্থাৎ ‘উত্তৰ-পূবৰ পূব’ বুলি গৰ্বৰে অভিহিত কৰা হয়৷
উক্ত পথতে আগলৈ থকা হালধীয়া চাইনব’ৰ্ড এখনে পথিকক কৈ দিয়ে যে আগলৈ আৰু পথ নাই৷ পূবৰ পথটো
তাতেই অন্ত হৈছে৷ এ’ণ্ড অব দ্যা ৰ’ড হে’ড৷ তাৰোপৰি আৰু এক গুৰুত্বপূৰ্ণ
কথা, সেইফালেৰেই চীন এৰি ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছে লোহিত নৈখন৷ লোহিত হৈছে ব্ৰহ্মপুত্ৰৰ
সেইমূৰৰ প্ৰধান উপনৈ৷ অসমৰ সমতলত এই লোহিতেই
দিবাং আৰু চিয়াঙৰ সৈতে মিলি পৰিচিতি লাভ কৰিছে ব্ৰহ্মপুত্ৰ নদ বুলি৷ পৃথিৱীৰ
একমাত্ৰ পুৰুষ নদী এইখন৷ গতিকে সন্দেহ নাই, তাৰ অগ্ৰভাগ শক্তিমন্ত হ’বই লাগিব৷ ক্ষুদ্ৰ কিতাপখনৰ পৃষ্ঠাটোত
সংলগ্নকৃত স্নেপটো আছিল ৱালঙত লোহিতৰ পাৰত নি্ৰ্মীয়মান বিমানকোঠটোৰ দীঘলীয়া ৰানৱে’ৰ৷ ৱালঙৰ আগলৈ কিবিথো৷ কিবিথোৰ
বাটতে আছে সেই ডং, যাৰ বিষয়ে আগতে এবাৰ ভবা হৈছিল৷ গতিকে উচ্ছ্বসিত হোৱাৰ কথাই৷
দ্বিতীয়তে, মায়’ডিয়াৰ প্ৰতিও অৰুণদা আছিল ভীষণ উৎসাহী৷ যেতিয়াই
তেতিয়াই, কথাই কথাই কেৱল মায়’ডিয়া, মায়’ডিয়া, মায়’ডিয়া৷ মায়’ডিয়াৰ বাবে যেন অসম্ভৱ মতলীয়া!
মন্ত্ৰ মতাৰ দৰে, লগ পালেই জিভাৰ আগেৰে শব্দটো নিগৰি ওলাই আহে তেওঁৰ মুখগহ্বৰৰ পৰা৷
বৰ্ণনা কৰি যায় মায়’ডিয়া নামটোৰ উৎপত্তিৰ কাহিনী৷
সেয়া মই নাজানিছিলোঁ৷ গতিকে তেওঁৰ সন্মুখত চমজদাৰ শ্ৰোতা হিচাপে বহি কাণ থিয় কৰি কেৱল
শুনিহে গৈছিলোঁ৷ মনতে গুণা-গঁথা এটা চলাইছিলোঁ যে ইমান ইচ্ছা যেতিয়া মানুহটোক লৈ যাব
লাগিব মায়’ডিয়ালৈও, পাৰিলে কিবিথোৰে সৈতে
একেটা ট্ৰিপতে মিলায়৷ ‘দৈনিক জনমভূমি’ত বক্স আইতেম হিচাপে ওলোৱা ৰ’য়িং, মায়’ডিয়া টুৰ অপাৰেটৰৰ ফোন নম্বৰৰ
সৈতে দিয়া সৰু, দুই বৰ্গ ইঞ্চিমান জোখৰ এড মানে বিজ্ঞাপন এটা কোনোবা এদিন পাই কাটি
ৰাখিছিল অৰুণদাই৷ কাগজৰ সেই টুকুৰাটোও মোলৈ সাগ্ৰহে আগুৱাই দিলে বুকলেটখনৰ পিছে পিছে৷
প্ৰস্তুতিৰ উদ্দেশ্যৰে দুয়োটা বস্তু হাতত লৈ তেওঁৰ অফিচ ৰুমৰ পৰা বাহিৰ ওলালোঁ৷ ঘৰ
পায়ে আকৌ আৰম্ভ হৈ গ’ল অবিৰত অধ্যয়ন৷ মৃণাল তালুকদাৰৰ
ক্রমে ‘ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ’, ‘১৯৬২’ আদি গ্ৰন্থ সেই আপাহতে উৰাই-ঘূৰাই
ঘোদালি পেলালোঁ৷ ৰাতি ৰাতি গুগল খুঁচৰিলোঁ৷ বিভিন্নজনৰ ট্ৰেভেলগ পঢ়াৰ উপৰি মেপ অধ্যয়ন
কৰিলোঁ, ফটো চালোঁ৷ তেনেদৰে যিখিনি তথ্য আয়ত্ত কৰিব পাৰিলোঁ তাকে চিত্ৰসহ আগতীয়াকৈ
টোকা লিখি উলিয়াই নিজৰ ব্লগত ভৰালোঁ৷ সংগীসকলকো খবৰ দিলোঁ পঢ়ি চাবলৈ৷ চাই কিছু কথা
জানিবলৈ৷ কাৰণ এঠাইলৈ যোৱাৰ আগতে সেই ঠাইখনৰ বিষয়ে পঢ়ি লোৱাটো ভাল৷
তিনি৷৷ দিন আৰু টীম ঠিক হ’ল
নিৰ্ধাৰিত দিনটো অহাৰ দুমাহৰ আগতে এদিন আমাৰ আলোচনাত
বিহুৰ বন্ধত যোৱাটোকেই খাটাং কৰা হ’ল৷ কি ভাবি জানো, যাত্ৰাটোৰ কথা গোপনে ৰাখিবৰ বাবে অৰুণদাই
অনুৰোধ জনালে৷ কাকো নোকোৱাকৈ মনে মনে যোৱাৰ মতলব৷ ঘূৰি আহি ‘অসমীয়া প্ৰতিদিন’ৰ ‘দেওবৰীয়া সম্ভাৰ’ত সবিস্তাৰে লেখা আগ বঢ়োৱাৰ
ইচ্ছা, যিদৰে নামপং, ভূটান, লেহ, লাডাখৰ ধাৰাবাহিক ভ্ৰমণ কাহিনী তেওঁ উক্ত ঠাইবোৰ ভ্ৰমি
আহি গৰমে গৰমে লিখিছিল৷ তেনে ধৰণৰ গোপনীয়তাতো চাগৈ লুকাই থাকে বুজাব নোৱাৰা এক ধৰণৰ
সুকীয়া আনন্দ৷ ল’ব জনাই ল’ব জানে৷ অৰুণদাই বোধ কৰোঁ তাকেই
বিচাৰে মনে মনে৷ গোপন অভিযাত্ৰী হৈ ৰ’ব খোজে প্ৰতিটো অভিযানৰ৷ মনে-প্ৰাণে বিচাৰে, সেই যাত্ৰাক
অনুসৰণ কৰি আনেও চলাওক অভিযান৷ হেৰাই যাওক৷ হেৰাই যোৱাৰ আনন্দ লওক আন কোনোবায়ো৷
দিন ঠিক হোৱাৰ পিছত টীম ঠিক কৰাৰ সময় আহিল৷ মাৰ্ক’ পল’ৰ এইবাৰৰ সদস্য নিৰ্বাচনৰ সংক্রান্তত
ঠিৰাং হ’ল যে দলত মুঠতে চাৰিজন যাত্ৰী
থাকিব৷ বেছি নহয়৷ কাৰণ গাড়ী আৰু ছিট কেপাচিটিৰ কথা আছে৷ বেছি হ’লে বাহনৰ সংখ্যা বঢ়াব লাগিব৷
থকা-মেলাতো খেলিমেলি হ’ব পাৰে৷ গতিকে সীমিতসংখ্যক ভ্ৰমণকাৰী৷
ড্ৰাইভাৰক বাদ দি কেৱল চাৰিজন৷ তাৰে অৰুণদাই নিজৰ এজন পাৰ্টনাৰ নিৰ্বাচন কৰি ল’ব বুলি ছিট এটা ৰিজাৰ্ভ কৰিলে৷
পিছত জানিলোঁ, সেইজন অনিলদা৷ অনিল সূত্ৰধাৰ৷ পেছাত ব্যৱসায়ী আৰু ফুৰা-চকাত ৰুচি থকা
খোলা অন্তৰৰ লোক৷ আগৰবাৰ তেৱোঁ গৈছিল নামপঙৰ পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেললৈ৷ তাৰ মানে
মোক লৈ তিনিজন হ’লেই৷ বাকী থাকিল এখন মাথো আসন৷
মনে মিলা কাৰোবাক বাছি ল’বলৈ ক’লে মোক৷ চিন্তা কৰিলোঁ, কাক লোৱা
যায়? কাক ধৰিম, কাক এৰিম? ইফালে মন কৰিবলগীয়াযে যাত্ৰা কালটোও পৰিছে আকৌ বছৰেকৰ বিহুটোৰ
ভৰপক বতৰতে৷ পৰিবাৰ, সতি-সন্ততি এৰি ওলাবনে কোনোবা অত্যুৎসাহী, এনে এক অনিশ্চয়তাভৰা
যাত্ৰাত, য’ত যোৱাৰ দিন ঠিক আছে, ঘূৰি অহাৰ
দিন একো ঠিক নাই? একে কথা প্ৰযোজ্য গন্তব্যস্থলৰ ক্ষেত্ৰতো৷ ডং, কিবিথো বাৰু ঠিক আছে৷
ওচৰা-ওচৰি ঠাই৷ মায়’ডিয়াৰ ভৌগোলিক অৱস্থান হ’লগৈ কেনিবা! ইফালে মোৰো ম্যানমাৰলৈ
যোৱা পুৰণি সংগী আছে তিনিজনকৈ৷ এইবাৰ যাওক-নাযাওক পিছ কথা, প্ৰসংগটো তেওঁলোককো অৱশ্যেই
অৱগত কৰিব লাগিব৷ অন্যথা পিছত কথা উঠিব পাৰে৷ তাকে কেন্দ্ৰ কৰি মনান্তৰ ঘটিব পাৰে৷
অৰুণদা কিন্তু দৃঢ়৷ কাকো ক্ষুণাক্ষৰেও কোৱা নাই৷ নক’বও চাগৈ৷ কিন্তু মই কি কৰোঁ? দুই নাও দুই ভৰি৷
দকৈ ভবাৰ পিছত লেখক-সাংবাদিক বন্ধু সঞ্জু বৰাক প্ৰথমে টুকুৰিয়াই চালোঁ৷ একে আষাৰেই
সৈমান হৈ গ’ল তেওঁ৷ একেই উৎসাহ-উদ্দীপনা,
যোগাত্মক আৰু এডভেন্সাৰাচ মানসিকতা৷ ভাবিছিলোঁ, ব’হাগৰ বতৰত পত্নী স্বৰ্ণালী আৰু পুত্ৰ সন্দীপনক
এৰিব নোৱাৰি তেওঁ এইবাৰৰ প্ৰগ্ৰাম দস্তৰমত কেনচেল কৰিব৷ কিন্তু ক’তা? ওলালেহেচোন আগ বাঢ়ি৷ একে
আষাৰতে একদম স্পষ্ট ভাষাৰে কৈ দিলে, ‘যাব পাৰি৷ আৰু কোন কোন যাব আমাৰ লগত?’ বুলি৷ সদস্য সংখ্যা অনুপাতে
দল গঠন সম্পূৰ্ণ হৈয়ে গ’ল তেতিয়াই৷ ৰাতিয়েই অৰুণদাক এছ.এম.এছ.
যোগে অগ্ৰগতিৰ বাৰ্তা জনালোঁ৷ সেইকেইদিনত অনেক এছ.এম.এছ.ৰ আদান-প্ৰদান চলিল, বিভিন্ন
প্ৰসংগ লৈ৷ অৰুণদা সুখী হ’ল৷ মইহে পিছে দোমোজাত পৰি ৰ’লোঁ৷ যি হয় হ’ব বুলি আন দুজন প্ৰাক্তন ভ্ৰমণ-সংগীৰ
আগত কথাটো সোনকালেই বেকত কৰি পেলালোঁ আৰু য়েছ-ন’ হিচাপত শীঘ্ৰে এককথীয়া উত্তৰ আশা কৰি বহি ৰ’লোঁ৷ উৎকণ্ঠাৰে কেইটামান দিন
পাৰ হোৱাৰ পিছত ব্যক্তিগত অসুবিধাৰ উল্লেখেৰে ‘মন থাকিলেও যাত্ৰা সম্ভৱ নহ’ব’ বুলি উভয়ে জনালে৷ ডক্টৰ ৰাজু
গগৈৰ পৰীক্ষাৰ বহী চোৱাৰ দায়িত্ব, পংকজ দাসৰ জীয়েকে বিহুত নাচিব৷ বচ৷ টীম ফাইনেল৷
আৰু এটাও ছিট নাই গাড়ীত৷
চাৰি৷৷ আই.এল.পি. তৈয়াৰ হৈ গ’ল
অকণো কালবিলম্ব নকৰি নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলেৰে
২৩মাৰ্চৰ পুৱাতে অকলেই দৌৰ মাৰিলোঁ প্ৰভিজনেল ইনাৰ লাইন পাৰ্মিট উলিয়াবৰ নিমিত্তে,
গুৱাহাটীলৈ৷ কাৰণ সেইটো এটা গুৰুত্বপূৰ্ণ কাম৷ যাত্ৰাটোৰ বাবে পৰিকল্পনা, দৰকাৰী যোগাযোগ,
অনুমতি আদিৰ উপৰি ট্ৰেইনৰ টিকট, গাড়ী, ড্ৰাইভাৰ, থকা, খোৱা ইত্যাদি সমস্ত ব্যৱস্থাপনাৰ
দায়িত্ব স্বেচ্ছাই কান্ধ পাতি ল’লোঁ৷ কাৰণটো আছিল আগতে উল্লেখ কৰি অহা সেই জ্বলন্ত ইচ্ছাটো৷ সেই বাৰ্ণিং
ডিজায়াৰ… ডং পাবই লাগে এবাৰ নহয় এবাৰ৷
আৰু তাৰ সুবৰ্ণ সুযোগ এইটোৱেই৷
ইণ্টাৰনেট যোগে আই.এল.পি.ৰ বিষয়ে আগতীয়াকৈ অধ্যয়ন
কৰি আমাৰ চাৰিওজনৰে ভোটাৰ আই.ডি, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ ফটোক’পী, আকাৰ অনুযায়ী কেইবাক’পীও ফটো সুন্দৰভাৱে সজাই-পৰাই
ল’লোঁ যাতে সময়ত অফিচত এটাও আপত্তি
দৰ্শাব নোৱাৰে৷ ফৰ্মখনো ডাউনল’ড কৰি পৰিষ্কাৰ ৰূপত পূৰাই ল’লোঁ৷ উক্ত দিনাই দুপৰীয়ালৈ বিচাৰি উলিয়ালোঁ গুৱাহাটীৰ
ৰুক্মিণী গাঁওস্থিত অৰুণাচল প্ৰদেশ চৰকাৰৰ ডেপুটি ৰেচিডেণ্ট কমিচনাৰৰ কাৰ্যালয়৷ দূৰৰ
পৰাই চাইনব’ৰ্ডখন দেখি মনটোৱে নাচিবলৈ আৰম্ভ
কৰিছিল৷
দায়িত্ববাহী বিষয়াজনে মই আগ বঢ়াই দিয়া ফৰ্মখনলৈ
চাই সুধিলে, ‘কিবিথো? কিয় যায় কিবিথোলৈ?’ ডেষ্টিনেছন লক্ষ্য কৰি অফিছাৰ
বৰাছাৰ বোধ হয় আচৰিতেই হৈছিল৷ কাৰণ, আজিও খুব কমসংখ্যক অসামৰিক মানুহহে সেই বাটে যায়৷
মন কৰিছিলোঁ, সিদিনাৰ পাছ-প্ৰয়াসীসকলৰ বেছিভাগৰে উল্লিখিত গন্তব্যস্থল আছিল হয় ইটানগৰ,
নহয় পাছিঘাট; বৰ বেছি তেজু৷ ৱালং, কিবিথো, ডং কাৰো লক্ষ্যস্থান নাছিল৷ সাধাৰণতে দৰকাৰ
নপৰে বা যাওঁ বুলিলেও সতকাই আহ-যাহ কৰিব পৰা সহজ লক্ষ্যও নহয় চাগৈ৷ উত্তৰত ক’লোঁ, ‘ভ্ৰমণৰ উদ্দেশ্যৰে যাওঁ ছাৰ৷’ ‘নৰ্থ ইষ্ট ট্ৰেভেল গাইড’খন সেই মুহূৰ্তত মোৰ আঙুলিৰ ফাঁকত
আছিল৷ অৰুণদাই সেইখন মোক পঢ়িবলৈ দিছিল, যাত্ৰাৰ প্ৰস্তুতি চলাবৰ অৰ্থে৷ কিন্তু হাতত
পৰাৰে পৰাই বুকলেটখন মোৰ ৱৰ্কিং টেবুলত চকুৰ আগত সজাই থৈছিলোঁ৷ ভিচুৱেলাইজ কৰি কৰি
সেই ঠাই কেতিয়া পামগৈ তাৰে উত্তেজনাত মছগুল আছিলোঁ সৰহ সময়৷ সিদিনাও বেগত সুমুৱাই সেইখন
লৈ গৈছিলোঁ৷ বুকলেটখনৰ পাত লুটিয়াই অফিছাৰজনক দেখুৱালোঁ, কিবিথো পৃষ্ঠাটো৷ লগতে দৃঢ়তাৰে
উত্থাপন কৰিলোঁ, ‘সুবিধা কৰিব পাৰিলেই উত্তৰ-পূৰ্বাঞ্চলৰ
দুৰ্গম, অনিশ্চয়তাৰে ভৰা, কষ্টগম্য ঠাইবোৰ আমি ভ্ৰমি ফুৰোঁ৷ আমাৰ বাবে সেইটো এটা পছন্দৰ
অভিযান৷ জীৱনৰ আনন্দ৷ জয়ৰামপুৰ গে’টেৰে পাংচাও পাছ অতিক্রম কৰি ম্যানমাৰৰ লে’ক অৱ ন’ ৰিটাৰ্ণলৈকে পদব্ৰজে গৈছোঁ৷
নামচিক গে’টলৈকো গৈছোঁ৷ লিকাবালি গে’টৰ মালিনী থানৰ ওপৰলৈ উঠিছোঁ৷
অৰুণাচলত পঢ়ি থকা কালতে কিমিন গে’টেৰে য়াজালিলৈ গৈ ৰঙানদী হাইড্ৰ’ইলেক্ট্ৰিক্ প্ৰজেক্ট চাইছিলোঁ৷ বান্দৰদেৱা,
ইটানগৰ, নাহৰলাগুন, দুইমুখ, টাৱাং, ব’মডিলা, ভালুকপুং, টিপি আদিতো তেতিয়াই ঘূৰিছোঁ-ফুৰিছোঁ৷
তেজুলৈ ছাত্ৰাৱস্থাত, ১৯৯৩চনতে যোৱা৷’ ইচ্ছা কৰিয়ে পৰিসংখ্যা অলপ শুনাই দিলোঁ৷ মানুহজনে হাঁহিলে৷
পাগল বুলি ভাবিলে যদিও নাজানো৷ ভাবিলেও কোনো কথা নাই৷ মুঠতে আই.এল.পি. লাগে, কিবিথোলৈ৷
ইফালে তেওঁৰ সন্মুখতে বহা অৰুণাচলী লেডীগৰাকীয়েও বুকলেটখন খুজি লৈ পাত-পাতকৈ চাব ধৰিলে৷
সুধিলে, ‘য়ে’ আপক’ কাহাঁছে মিলা?’ উৎসটোৰ সম্বন্ধে চমুকৈ বিৱৰিলোঁ৷
দিওঁ-নিদিওঁকৈ ঘূৰাই দিলে অলপ পিছত৷ বুজি পালোঁ, তেওঁ সেইখনৰ প্ৰতি আকৃষ্ট হৈছে৷ দ্বিতীয়
এক’পী থকা হ’লে দিয়ে দিলোঁহেঁতেন কিজানি৷
কি ঠিক, তেওঁৰো আমাৰ দৰে ভ্ৰমণপিয়াসী মন এটা জানোচা আছেইবা!
কাউণ্টাৰৰ পৰা ফৰ্ম লৈ নতুনকৈ ফিল্-আপ কৰি ফটো
আৰু আইডেণ্টিটি প্ৰুফখিনি প্ৰত্যেকৰে বাবে ভাগে ভাগে গাঁথি দিবলৈ নিৰ্দেশ দিলে৷ এখনত
বিশ টকাকৈ আশী টকাৰে চাৰিখন ফৰ্ম সংগ্ৰহ কৰি ল’লোঁ৷ পূৰাই জমা দিয়াৰ অলপ পৰৰ পিছতে মুখৰ আগতে ভেৰিফিকেচনৰ
কামখিনি হৈ গ’ল৷ আই.এল.পি. ফিজ হিচাপে এশ টকা
জমা দিবলৈ ক’লে৷ কাউণ্টাৰত বহা বাইদেউ এগৰাকীয়ে
ফৰ্মকেইখন চাই আৰু ইতিমধ্যে তেজু-কিবিথোৰ কথাখিনি শুনা পাই নিজকে দমাই ৰাখিব নোৱাৰিলে৷
উৎসাহ আৰু গৰ্বেৰে জনালে যে তেওঁবিলাকো একালত তেজুত আছিল৷ সত্তৰৰ দশকত স্বামীয়ে আৰক্ষী
বিভাগত কাম কৰিছিল আৰু খোজ কাঢ়িয়ে গৈছিল দুৰ্গম কিবিথোলৈ৷ তেওঁৰ মুখে তেনেকৈ শুনি আমাৰ
ভ্ৰমণটোযে কিমান ৰোমাঞ্চকৰ হ’ব পাৰে, তাৰে কাল্পনিক ৰেখাংকন এটা মনৰ তুলিকাত তৎমুহূৰ্ততে কৰি পেলালোঁ৷
কাষৰ কাউণ্টাৰত বহাজনে ‘কাইলৈ পুৱা দহ বজাত অফিছ খোলাৰ
পৰত পাছকেইখন লৈ যাবহি’ বুলি জনালে৷ ১১এপ্ৰিলৰ পৰা ১৭এপ্ৰিল
পৰ্যন্ত ইনাৰ লাইন ক্রছ কৰাৰ অনুমতি-পত্ৰ চাৰিখন সাগ্ৰহে গ্ৰহণ কৰি পিছদিনা উজনিমুৱা
গুৱাহাটী-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছত আনন্দমনে ঘৰলৈ উভতিলোঁ৷ বাটে বাটে নিজকে নিজে
কৈ আহিলোঁ এষাৰ কথা… সেই পথৰ পথিক হ’ম, যি পথে যোৱা নাই সৰহ মানুহ৷
‘সৰহ’ আৰু ‘মানুহ’ শব্দ দুটাৰ মাজত কোনোবাই বহুৱাই
দিছিল ‘অসমীয়া’ শব্দটো৷
পাঁচ৷৷ পূবৰ পৰা ড্ৰাইভিং আৰম্ভ কৰিব খোজা চিনাকি
এজনো নাপালোঁ
আই.এল.পি.ৰ গুৰুত্বপূৰ্ণ কামটো মাৰ্চৰ ২৩ তাৰিখেই
আৰামছে হৈ গ’ল৷ এটা স্বস্তিৰ নিশ্বাস৷ এতিয়া
চঞ্চলতাৰে মাথো ক্ষণ গণি আছোঁ৷ নিৰ্দিষ্ট দিনটো কেতিয়া আহে কেতিয়া আহে লাগিছে৷ আহিলেই
পূবমূৱা হোৱাৰহে কথা৷ লুক্ ইষ্ট পলিচীয়েও বাৰে বাৰে তাকেই কৈছে৷ পূবলৈ চোৱা, পূবক
জানা৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়েও মন্তব্য কৰিছে, ‘আমি পূবৰ পৰাই আৰম্ভ কৰিম ভাৰতবৰ্ষৰ
উন্নয়ন’৷ অন্য কথা মোৰ ক’বলৈ নাই, পিছে নিজৰ মনৰ এটা সাধাৰণ
ধাৰণা এই যে ফুৰি ভাল পোৱা প্ৰতিজন ভ্ৰমণকাৰীয়ে পূবৰ পৰাহে আচলতে আৰম্ভ কৰা উচিত ভাৰত
দৰ্শনৰ কাৰ্যসূচী৷ অন্যথা যিমানেই নুঘূৰক, দিল্লী-মুম্বাই-কলকতা-চেন্নাই; ভাৰত দৰ্শন
অসম্পূৰ্ণ৷ দেশৰ পূব প্ৰান্ত, উত্তৰ-পূবৰ পূব নেদেখাকৈ পশ্চিম-উত্তৰ-দক্ষিণ চোৱাটো
মিছা৷ পূবলৈ যোৱাৰ আন্তৰিক তাগিদাটো এই যুক্তিটোৱেই পলে পলে সবল কৰিছে মোৰ মন-গহনত৷
নিজকে নিজে বাৰে বাৰে কৈছোঁ, ভাৰতবৰ্ষৰ যি স্থানত প্ৰতিটো পুৱা সূৰ্যৰ কিৰণ সবাতোকৈ
আগতে পৰে, সূৰ্য উঠা পূবৰ সেই স্থান চাবগৈ লাগিবই লাগিব এদিন৷ মিলেনিয়াম চানৰাইজ কিবা
কাৰণত মিছ কৰিব পাৰোঁ, কিন্তু ভাৰতীয় সূৰ্যোদয়ৰ বাট বিচাৰি উলিয়াব পৰাটো এইটো জীৱনত
হ’ব এটা অৱশ্যকৰণীয় কাম৷ তাৰ পৰৱৰ্তী
খেপত থাকিব দেশৰ অন্তিম সূৰ্যাস্ত অৰ্থাৎ সবাতোকৈ পশ্চিম স্থান দৰ্শনৰ প্ৰচেষ্টা৷ তাৰ
পিছত একেবাৰে উত্তৰ, তাৰ পিছত একেবাৰে দক্ষিণ৷ সেইবোৰ ক’ত আছে পিছত বিচাৰিম বাৰু, কিন্তু
সূৰ্যোদয় অৰ্থাৎ পূব আকাশ অৱশ্যেই হ’ব লাগিব ফাৰ্ষ্ট চইচ৷ এনে এটা টুৰিষ্ট চাৰ্কিট কমপ্লিট
কৰা পৰিব্ৰাজক আছেনে নাই নাজানো৷ নিতৌ সূৰ্য-নমস্কাৰ কৰা মানুহৰো কিমানে দেখিছে ডং
নামৰ ঘোকোট ঠাইটুকুৰা, তাক লৈও প্ৰশ্ন জাগে মনৰ সংগোপনত৷
গাড়ী আৰু ড্ৰাইভাৰ তিনিচুকীয়াত যোগাৰ কৰা হওক বুলি
আমাৰ আলোচনাত ইতিপূৰ্বে সিদ্ধান্ত লোৱা হৈছিলেই৷ তবু মনে মনে ভাবি থাকিলোঁ, ডিফুৰ পৰাই
হ’লে কেনে হয়? অন্ততঃ খৰছ কিছু
বাচিব৷ গাড়ী যোগাৰ হৈ যাব বাৰু৷ পিছে দূৰত্ব যিহেতু বহুত, তাতোকৈ, যিহেতুকে কেতিয়াও
নোযোৱা অচিন পাহাৰীয়া ৰাস্তা, গাড়ী চলাব কোনে? মোৰ বাদে সহযাত্ৰী প্ৰত্যেকজনৰে নিজৰ
নিজৰ গাড়ী-মটৰ আছে৷ চলাবও জানে প্ৰতিজনে৷ কিন্তু...! এই আপাহতে নিজৰ গাড়ী থকা আৰু নিজে
চলাব জনা অন্য কেইজনমান বন্ধু-বান্ধৱক পোনপটীয়াকৈ টুকুৰিয়াই চালোঁ প্ৰশ্ন এটাৰে...
‘গাড়ী চলোৱাটো আপোনাৰ হ’বীনে?’ উত্তৰ আশাব্যঞ্জক নাপালোঁ কিন্তু
কাৰো পৰাই৷ কোনোৱে ক’লে, ‘চলাওঁ আৰু...’৷ ঢিলা কণ্ঠস্বৰ৷ কোনোবাই ক’লে, ‘হ’বী বুলি নহয়, এনেয়ে চলাওঁ আৰু৷’ বুজিলোঁ, ডিফু চহৰত উৰাই-ঘূৰাই
গাড়ী দৌৰায় যদিও ড্ৰাইভিং এজনৰো হ’বী নহয়৷ মানে হ’বী হিচাপত গঢ়িব পৰা নাই আজিলৈ৷ সন্তানক স্কুললৈ অনা-নিয়া
কৰা, পৰিবাৰক বজাৰলৈ নিয়া, নিজে অফিছলৈ যোৱা, কাৰোবাৰ ঘৰত বিয়া-জন্মদিন খাবলৈ যোৱা,
ক্লাব বা মেলে-মিটিঙে যোৱা, বিহুৱে-সংক্রান্তিয়ে সপৰিয়ালে শহুৰৰ ঘৰলৈ যোৱা, দৈবাৎ এদিন
টাউনৰ বাহিৰলৈ... বচ; মাইল-মিটাৰে ধৰি ৰখা কিল’মিটাৰৰ পৰিধি সিমানেই৷ তাৰ আগলৈ আৰু কোনো অভিজ্ঞতা নাই৷
আনহাতে নিজৰ গাড়ীখনৰ কাৰিকৰী সম্পৰ্কীয় জ্ঞানো নিচেই সীমিত৷ সামান্য কিবা এটা বিজুতি
ঘটিলেই মেকানিক বিচাৰি হায়ৰাণ৷ ষ্টীয়েৰিং, গীয়েৰ, ব্ৰে’ক, এক্সিলাৰেটৰ, মিউজিক চিষ্টেম,
কাৰ ৱাশ্ব৷ ইমানৰ ভিতৰতে পাক-ঘূৰণি৷ গতিকে গাড়ী চলোৱা হ’বীৰ নিকট বন্ধু মানুহ এজনো নোলাল৷
নহ’লেবা প্ৰায় ১,৫০০ৰ পৰা ১,৮০০কিল’মিটাৰ ড্ৰাইভিঙৰ অভিজ্ঞতা আৰু
আমেজ ল’ব পৰা সোণালী সুযোগ এটা হাততে
আছিল৷ পূবৰ স্পৰ্শেৰে তেৱোঁ হয়তো উন্মোচন কৰিব পাৰিলেহেঁতেন যুগমীয়া প্ৰয়াস এটাৰ৷
পিছে...
নিজাকৈ গোপনে চলোৱা সেই প্ৰচেষ্টা আৰু আশা বাদ
দি পূৰ্বৰ দলীয় সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈকে এম.ভি.আই. বন্ধু মণ্টু দাসক এদিন ফোন লগালোঁ৷
তেওঁ আগতে তিনিচুকীয়াত আছিল৷ তেতিয়াই আমাৰ আগৰবাৰৰ যাত্ৰাটোত সহায় পাইছিলোঁ৷ এতিয়া
পিছে কৰ্মস্থান হৈছে গোলাঘাট৷ সি যি কি নহওক, মণ্টুৰ আগত ভ্ৰমণৰ সবিশেষ প্ৰথমে দাঙি
ধৰিলোঁ৷ গোলাঘাটৰ পৰাই তিনিচুকীয়াত কথা পাতি ভাল গাড়ী এখন বন্দবস্তৰ উপৰি ফোন নম্বৰ
যোগাৰ দি মণ্টুৱে আন্তৰিকতাৰে সহায়ৰ হাত আগ বঢ়ালে৷ পৰামৰ্শও কিছু পালোঁ৷ সেইমতে ড্ৰাইভাৰ
সুমিত সিং পেটেলৰ লগত প্ৰথমে এদিন ফোনত যোগাযোগ কৰিলোঁ৷ অৰুণাচলৰ পাহাৰে-পানীয়ে দীৰ্ঘদিনীয়া
ড্ৰাইভিঙৰ অভিজ্ঞতাৰে পুষ্ট পেটেলৰ পৰা অনেক কথা আগধৰি জানি ল’ব পাৰিলোঁ৷ তেওঁক আৰু এৰি দিয়া
নহ’ল৷ যোগাযোগ বৰ্তাই ৰাখি মাজে
মাজে কথা-বতৰা চলি থাকিল৷ আনহাতে যাত্ৰাৰ দুদিন আগতেহে গাড়ীৰ মালিক দেৱজিত দুৱৰাৰ লগত
ফোনযোগে বাৰ্তালাপ হ’ল৷ ‘আগধন লাগিব নেকি’ সোধাত তেওঁ ‘নালাগে’ বুলিয়ে জনালে৷ আগদিনাখন এহাজাৰ
টকাৰ তেল ভৰাই ড্ৰাইভাৰসহ স্কৰপিঅ’খন আমাৰ বাবে সাজু কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিলে৷ পেটেলক
আনকি আগদিনা অন্য কোনো ভাড়া মাৰিবলৈ ওলাই যাবলৈ নিদি সম্পূৰ্ণ ৰে’ষ্ট দিলে, আমাৰ বাবেই৷ কাৰণ তিনিচুকীয়া
জিলাৰ সমতল এৰি অধিকাংশ সময় অৰুণাচলৰ বিপদসংকুল পাৰ্বত্য পথত গাড়ী দৌৰাব লাগিব একেৰাহে
কেইবাদিনলৈ৷ যাত্ৰা সমাপ্তিৰ তাৰিখ নাই৷ আৰম্ভণিৰ তাৰিখহে জনোৱা হৈছে৷
ইতিমধ্যে ডিফুৰ পৰা তিনিচুকীয়ালৈ যাবৰ বাবে ট্ৰেইনৰ
টিকটকেইটা ১০দিন আগতে অগ্ৰিমভাৱে বুক কৰি পেলালোঁ৷ ১৫৯৫৯নং উজনিমুৱা হাওড়া-ডিব্ৰুগড়
কামৰূপ এক্সপ্ৰেছৰ ১০এপ্ৰিল তাৰিখৰ শ্লিপাৰৰ টিকট চাৰিটা কটা হ’ল৷ নিশা ৮বাজি ৪৮মিনিটত গাড়ী
আহিব৷ পিছদিনা পুৱা ৪বাজি ২০মিনিটত নিউ তিনিচুকীয়া৷ তাৰ পৰা আগলৈ পথে পথে, একেবাৰে
সীমান্তলৈ৷ অন্তিম পূবৰ পথ শেষ নোহোৱালৈকে৷
ছয়৷৷ পুৰণি বন্ধু, নতুন সংযোগ
মোৰ যোৰহটীয়া অধ্যয়নকালৰ অৰুণাচলী সহপাঠী বন্ধু
ধৰ্মেন৷ লগৰ ল’ৰাবিলাকে জোকাইছিল ‘ডফলা’ বুলি৷ মই মাতো ‘ধৰ্মেন বাবু’৷ বছৰদিয়েক আগতে ইটানগৰত দৈবাৎ
এদিন তাৰ সৈতে দেখাদেখি৷ সেয়াই লাষ্ট৷ সম্প্ৰতি ক’ত আছে, কি কৰিছে নাজানো এতিয়া৷ যাত্ৰাৰ বিষয় লৈয়ে
তালৈ এৰি দিলোঁ এটা এছ.এম.এছ.৷ ‘নমস্কাৰ এণ্ড গুড মৰ্নিং ডিয়েৰ ধৰ্মেন বাবু৷ মি এণ্ড ছাম অফ মাই নেচাৰ
এণ্ড এডভেন্সাৰ লাভাৰ ফ্ৰেইণ্ডছ টুগেদাৰ ৱিশ্ব টু ভিজিট কিবিথো এণ্ড ডং অফ আঞ্জাৱ ডিষ্ট্ৰিক্ট
অফ অৰুণাচল প্ৰদেশ অন ইলেভেনথ এপ্ৰিল টু থাউজেণ্ড এণ্ড ফিফটিন৷ বিইং এন এক্সপিৰিয়েনচড
য়ং মেন হেইলিং ফ্ৰম তেজু হাউ কেন ইউ হে’ল্প আছ ইন দিছ ৰিগাৰ্ড বাই প্ৰভাইডিং ইয়’ৰ নলেইজ এণ্ড কেপাচিটি?’ উদ্দেশ্য আছিল, তেজুৰ ল’কেল হিচাপে সি যদি কিবা সহায়
কৰিব পাৰে দেখা যাওকচোন৷ সিদিনা আছিল ১৩মাৰ্চ৷ মেচেজ প্ৰেৰণ কৰাৰ পিছত আধা মিনিটো পলম
নহ’ল৷ লগে লগে ৰিংট’নটো বাজি উঠিল মোৰ ম’বাইলৰ৷ সিটো মূৰত সেই পৰিচিত
কণ্ঠস্বৰ৷ ‘আৰে আব্দুছ ছাজিদ... মেৰে ভাই...
কাহাঁ হ’ তুম... কেইছে হ’?’ দীঘলীয়া লেকচাৰ চলিল৷ গম পালোঁ
যে বৰ্তমান তাৰ কৰ্মস্থলী হায়ুলিয়াং৷ থাকে খুপাত৷ আৰে! আমিতো সেই বাটেৰেই যাব লাগিব
কিবিথোলৈ! নভবাকৈয়ে কি আচৰিতভাৱে মিলি গৈছে এই সংযোগ! উত্তেজিত হৈ পৰিলোঁ৷ সেই পথেৰেই
সংগীসহ মই যাবলৈ ওলাইছোঁ বুলি শুনি সিও আচৰিতেই হ’ল৷ হ’বৰ কথাই৷ কেইজন আমাৰ পুৰণি বন্ধু গৈছে, সেই দিশে? উত্তৰ
নিশ্চয় শূন্যই ওলাব৷ গৰজডালনো কি? কলীয়াপানী সদৃশ সেইবোৰ ঠাইলৈনো যায়নে? যাব লাগে কাশ্মীৰ,
যাব লাগে পোখৰা; পাৰিলে একেবাৰে চুইজাৰলেণ্ড৷ তাতে বহুতো সহপাঠীৰ কাৰণে ধৰ্মেন এতিয়া
নিঃসন্দেহে এটা স্মৃতিধূসৰিত পৃষ্ঠা, এটা মলিন অতীত৷ মোৰ বাবে মুঠেও নহয় পিছে৷ কাৰণ
২২বছৰৰ আগতে একেলগে মই তাৰ সৈতে সিহঁতৰ তেজুৰ ঘৰলৈ গৈছোঁ৷ তাত আছোঁ, খাইছোঁ, ফুৰিছোঁ৷
মাজতে সংযোগ হেৰুৱাইছোঁ৷ আকস্মিকভাৱে নাহৰলগুণত তাক নিজেই এবাৰ আৱিষ্কাৰ কৰিছোঁ৷ আকৌ
হেৰুৱাইছোঁ৷ হঠাতে ইটানগৰত লগ পাইছোঁ৷ কিবা ঈশ্বৰীয় সংযোগ৷ আচৰিত হ’বৰ কথাই৷ আৰু আচৰিত যে এইবাৰ
হায়ুলিয়াং কিম্বা খুপাত আমি আকৌ মুখামুখি হ’ম! ঘূৰাৰ বাটত পাৰিলে তেজুত সোমাই তাৰ মিছিমি মাকজনীক
আৰু ভনীয়েক সৰুক এবাৰ চাম৷ স্বাভাৱিকতেই উত্তেজনাৰ মাত্ৰাটো মোৰ দেহত ক্রমাৎ বৃদ্ধি
পাই আহিছিল৷ যাত্ৰাৰ কথা জানি সি ভাল পালে যদিও সময়টোক লৈহে প্ৰকাশ্যভাৱেই কিছু সংশয়
ব্যক্ত কৰিলে৷ পৰৱৰ্তী দিনবোৰত চলা ফোনকলবোৰতো একেটাই ভাষ্য, ‘ট্ৰিপটো প্ৰিপ’ন কৰ৷ দেৰি হ’লে বৰষুণ আহিব, জাননে নাই? ফচি
যাবি৷ ইয়াত খুব বৰষুণ দিয়ে৷ কি গাড়ী আনিবি তহঁতে?’ মই কনটেক্ট কৰিলেও সেই একেটাই প্ৰকাশ, ‘বৰষুণ আহি আছে৷ এইফালে বহুত জোৰত
বৰষুণ হয়, গম পাৱনে নাই? নেৰানেপেৰা বৰষুণত পাহাৰ খহে৷’ আকৌ এদিন খবৰ দিলে, ‘বৰষুণ আৰম্ভ হৈ গৈছে৷ কেইটামান
স্পট বৰ বেয়া৷ বিৰাট লেণ্ড স্লাইড হয়৷ ৰাস্তা বন্ধ হৈ যাব৷ এশ কিল’মিটাৰ খোজ কাঢ়িব পাৰিবি তেতিয়া?
খাবলৈও একো নাপাবি৷’ ময়ো নাছোড়বান্দা৷ পুৰণি বন্ধু,
গতিকে নিঃসংকোচে দেখুৱাইছোঁ পুৰণি ডেমাকি৷ তাতে আকৌ বাৰ্ণিং ডিজায়াৰটো আছেই ভিতৰি ভিতৰি,
ডং চোৱাৰ৷ ‘আৰে ওলাইছোঁ যেতিয়া গৈ এৰিম৷
কাম হোৱাট মে’৷ লেণ্ড স্লাইডত ফচিলে ফচিম৷
খোজ কাঢ়িম৷ মজা লাগিব৷’ তাক খং তোলা আৰু চিন্তাৰ চাকনৈয়াত
হাবুডুবু খুউৱাৰ পিছত নমনীয় সুৰত কৈছোঁ, ‘আমি যোৱালৈকে বৰষুণ এৰিবঅ’, মিছাতে ইমান চিন্তা কৰিছ কিয়?
প্ৰাৰ্থনা কৰি আছোঁ নহয়৷’
সঁচাসঁচিকৈ ক’বলৈ গ’লে তেনেকুৱা অভিজ্ঞতা এটাৰ সাক্ষী হ’বলৈকো মনে-প্ৰাণে বিচাৰিছিলোঁ৷
অৰুণদাকো মাজে-মধ্যে নঞৰ্থক ইংগিত এটা দি আছিলোঁ, ‘ভূমিস্খলন হ’ব পাৰে’ বুলি৷ শুনি প্ৰথমে চিন্তাক্লিষ্ট হৈ পৰিছিল তেওঁ৷ ‘দাদা, গছৰ তলত থাকিবলগীয়া হ’ব পাৰে দেই’ বুলি ক’লত সংশয় অলপমান হৈছিলে যদিও মুখত
হাঁহি বিৰিঙিল৷ বুজিছিল যে অনিশ্চয়তা, অসুবিধা আৰু কষ্টক জয় কৰিব পৰাতেইতো দুঃসাহসিক
পৰ্যটকৰ সাৰ্থকতা৷ তাতেই উৎপন্ন হয় কাহিনী কৈ শেষ কৰিব নোৱাৰা ঘটনাৰ৷ তেনে সত্য-প্ৰশস্তিৰ
মাজত থাকে অন্তহীন আনন্দ যি হৃদয়খন অনৱৰতে ফুলাই ৰাখে৷ তাতে আমি জানোৱেইচোন যে আপদ-বিপদৰ
মাজেৰেই আহে জীৱনৰ বাবে কেতবোৰ দৰকাৰী শিক্ষা৷ মানসিকভাৱে শক্তিশালী হোৱা-নোহোৱাৰ পৰীক্ষা-সম্পৰীক্ষা
সেয়া৷ ভ্ৰমণক শিক্ষাৰ অংগ বুলি নহ’লে কিবা এনেয়ে কয়নে? এৰোপ্লেনৰ আৰামদায়ক উৰণ বা ৰাজধানী
এক্সপ্ৰেছৰ বাতানুকুল কুঠৰীত থমথমকৈ বহি কৰা যাত্ৰা আমি ইচ্ছাকৃতভাৱেই বিচৰা নাই৷ ওখ
বিল্ডিং আৰু শ্বপিং মলৰ প্ৰতিও মুঠেই মন মেলা নাই৷ চহৰৰ অত্যাধুনিক হোটেল-ৰেষ্টুৰেণ্টৰ
প্ৰতিও আকৰ্ষণ নাই৷ মোৰো, অৰুণদাৰো৷ সঞ্জু আৰু অনিলদাৰো একেই মানসিকতা৷ গতিকে এই চাৰিয়েই
মিলি টীম মাৰ্ক’ পল’৷ চাৰিওৰে ইণ্টাৰেষ্ট আৰু চইচৰ
মিল আছে৷ ভেজাল নাই৷ চিধা মানুহ, চিধা-চিধি কথা৷ লোকালয়ৰ হেমগেমৰ পৰা শত-সহস্ৰ যোজন
আঁতৰৰ, নীৰৱতাৰ মাজত বিৰাজিত স্পৰ্শ-কলুষহীন অথচ সমৃদ্ধ প্ৰকৃতিয়েই প্ৰতিজনৰে লক্ষ্য৷
সৰল জীৱন-যাত্ৰাৰে আয়ুপাত কৰা অৰুণাচলৰ জনজাতীয় মানুহবোৰৰ ক’ৰবাত কেনেবাকৈ সাহচৰ্য লাভ কৰাটোৱেই,
কিবা প্ৰকাৰে সহায় কৰিব পৰাটোৱেই কোমল অন্তৰৰ পৱিত্ৰ কামনা৷ তেনে প্ৰাকৃতিক-মানসিক
খাদ্যৰ বাবেই একে আয়াসতে বিচাৰি লৈছোঁ আমি অৰুণাচল প্ৰদেশ৷ সুমিত সিং পেটেল আমাৰ ড্ৰাইভাৰ-কাম-গাইড৷ তদুপৰি
আছে হেমাঞ্জলি, পাৰ্থসাৰথি, দীপক, ৰূপম ৰুণ, শ্যাম বাইদেউ আদি বিভিন্নজন শুভাকাংক্ষীৰ
স্বাৰ্থৰহিত সহায়-সমৰ্থন৷ বন্ধু ধৰ্মেনে সজ দিহা আৰু অকুণ্ঠ সহযোগিতাৰ হাত আগ বঢ়াইছিল,
‘মে’ ৰহুঁ য়া না ৰহুঁ, তুমহাৰা ৰহনেকা
ইন্তেজাম হ’ জায়েগা৷ খুপা মে’ মেৰা বাংলা হ্যায়৷ হাৱাই মে’ মামাকা ঘৰ হ্যায়৷ চলা আনা৷’ আমি ক’ত ক’ত যাব বিচাৰোঁ সেয়াও বৰ আন্তৰিকতাৰে
সি সুধিছিল৷ তাৰ মতেই তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিল আমাৰ ইটিনিৰেৰী৷ তাৰ লগে লগে মৃদু
স্বৰত হ’লেও তেতিয়াও কিন্তু শুনাবলৈ এৰা
নাছিল, ‘সময়টো ঠিক নহ’ল, মেৰে ভাই৷ ৰেইন মে’ ডিষ্টাৰ্ব ইউ৷’ সি যি কি নহওক, এই সকলোবোৰ সংযোগকে
আমাৰ কিবা পৰম সৌভাগ্য যেনহে লাগিল৷ সংযোগ আৰু কেইবাটাও ঘটিছিল৷ পিছে আগত কি আছে তেতিয়ালৈ
নাজানিছিলোঁ৷
সাত৷৷ ইটিনিৰেৰী
ভ্ৰমণ-সূচী অনুযায়ী ডিফুৰ পৰা নিশাৰ ৰে’লেৰে তিনিচুকীয়া৷ তিনিচুকীয়াৰ
পৰা পুৱাই গাড়ীৰে ডুমডুমা, ৰূপাই, কাকপথাৰ৷ তাৰ পিছতে অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্তৰ
ডিৰাক গে’ট৷ সেইফালে সোমাই নামচাই, চৌখাম,
ৱাক্র’, পৰশুৰাম কুণ্ড৷ ব্ৰহ্মকুণ্ডত
পৱিত্ৰ স্নান কৰি পাহাৰৰ ওপৰৰ ৱাই জংছন৷ সোঁফালেৰে হাৱা কেম্প, চালাংগাম৷ হায়ুলিয়াং
নাপাওঁতেই ফাটি যোৱা পথেৰে উঠি খুপা৷ প্ৰথম নিশাটোৰ বাবে তাতেই আলহী, বন্ধুৰ চৰকাৰী
আৱাসত৷ পিছদিনা ৱালং৷ ৱালঙত বে’ছ কেম্প কৰি পিছদিনা কিবিথো, কাহো৷ তাৰ পিছদিনাখন ডং৷ ডঙৰ পৰা উভতি
হাৱাই৷ হাৱাইৰ পিছত? অনিৰ্ধাৰিত৷ গাড়ী কোনবাটে যাব কোনো ঠিকনা নাই৷ সেয়া নিৰ্ধাৰণ
কৰিব সময়ে৷ পাছৰ ভেলিডিটী আছে ১৭ তাৰিখলৈকে৷ গতিকে হাৱাইৰ পৰা উভতি ৱাই জংছনৰ পৰা তেজু,
ৰ’য়িং, মায়’ডিয়াৰ পিনে গুচি যাব পাৰোঁ৷ মায়’ডিয়া, মায়’ডিয়া কৰিয়ে আছে অৰুণদাই৷ হুনলি,
আনিনিও ওলাবগৈ পাৰোঁ৷ সেইফালৰ পৰা ঘূৰি অহাৰ বাটত অসমৰ শদিয়া-ছৈখোৱাকো ৰিজাৰ্ভত ৰাখি
থৈছোঁ৷ তাৰ পিছতো আৰু দুই-এক দৰ্শনীয় জেগা আছে৷ গতিকে ঘৰ কেতিয়া পামগৈ তাৰ কোনো নিৰ্দিষ্ট
তাৰিখ নাই৷ এই যাত্ৰাটোৱে এনেকুৱা৷ ষ্টাৰ্টিং ডে’টহে আছে৷ ফিনিশ্বিং ডে’ট নাই৷ কোনেও নাজানে কেতিয়া আহিম৷
নিজেতো নাজানোৱেই৷ হেৰাই যোৱাৰ আনন্দ বিচাৰি ওলাইছোঁ৷ গতিকে লেণ্ড স্লাইডত ফচিলেও কথা
নাই, গছৰ তলত কটাবলগীয়া হ’লেও কথা নাই৷ তাকে লৈ অৱশ্যে
ভয় খাইছিল ধৰ্মেনে৷ ‘যাযাবৰী মানুহজন’ক লৈ ভয় খাইছিল প্ৰশান্ত কুমাৰ
বৰায়ো৷
পিছে ভয় খাবলগীয়া একোৱেই হোৱা নাছিল৷ না এটাও বাধা-বিঘিনি,
না হাঁচি-কাঁহ অসুস্থতা৷ ঘূৰি-পকি সুকলমে ঘৰ পাইছিলোঁহি৷ তেতিয়াহে খাটাংকৈ ক’ব পাৰোঁ যে ৱালঙৰ আই.বি.ত বে’ছ কেম্প কৰাৰ দুদিনৰ পিছত ডঙৰ
পৰা উভতনি যাত্ৰা কৰি সোমালোঁগৈ হাৱাইস্থিত ‘যাত্ৰী নিৱাস’ত৷ এৰাতি থাকি হাৱাইৰ পৰা তেজু হৈ ৰ’য়িঙৰ দেওপানীৰ পাৰত ‘মিছিমি হিল কেম্প’ত খপিলোঁ৷ তাৰ পিছদিনা মায়’ডিয়া৷ মায়’ডিয়া পাছৰ পৰা ঘূৰি ৰ’য়িং৷ তাৰ পৰা চূণপোৰা চেক গে’টেৰে শদিয়া-ছৈখোৱা পাৰঘাটেৰে
ব্ৰহ্মপুত্ৰ অতিক্রমি গুঁইজানৰ ‘বনশ্ৰী’ত থিতাপি৷ পিছদিনা পুৱাতে উভতনি
যাত্ৰা কৰি যোৰহাটৰ অৰুণা চাপৰিৰ যাদৱ পায়েঙৰ প্ৰখ্যাত ‘মুলাই কাঠনি’ দৰ্শন কৰি মাজনিশা ঘৰ অৰ্থাৎ
ডিফু৷ পেটেলে সুন্দৰভাৱে চলাই আনি ঘৰ পৌচাই দিয়াৰ পিছতহে ঘূৰি চাই গম পাইছোঁ, কেনি
কেনি ঘূৰিল গাড়ীৰ চকা৷ চকা কিমান কিল’মিটাৰ ঘূৰিল তাৰ অংকটো কৰিবলৈ লওঁতে মনলৈ আহিল, আমাৰ লগতে
হাবিয়াহ পূৰাব পাৰিলেহেঁতেন ড্ৰাইভিং হ’বীৰ কোনোবা এজনে৷ পিছে নোলাল৷ দুৰ্ভাগ্য আমাৰ নহয়, দুৰ্ভাগ্য
সিজনৰহে৷ এইবোৰকে ভাবি ভাবি চিনাকি বিছনাখনত পৰোঁমানে তেতিয়ালৈ এপ্ৰিল মাহটো ১৮ তাৰিখত
সোমাইছিলগৈ৷ একেবাৰে শেষত অৰুণা চাপৰিত ট্ৰেক্টৰৰ ট্ৰেইলাৰত উঠি হালিজালি কৰা দুঘণ্টীয়া
যাত্ৰাটোৱে দেহত হেন্দোলনি তুলিয়ে আছিল পিছদিনা পৰ্যন্ত৷ সেয়া অন্য এক মাদকতা৷
ভ্ৰমণ দীঘলীয়া মানে কাহিনীও দীঘলীয়া৷ আচলতে ভ্ৰমণ
কাহিনী মানেই কথা দীঘলীয়া৷ এফালৰ পৰা সবিস্তাৰে লিখাৰ প্ৰয়াস কৰিছোঁ এতিয়া৷ সূৰ্যোদয়ৰ
বাটটোৰ সন্ধানত উত্তৰ-পূবৰ অন্তিম পূবলৈ ওলাওঁতে ক’ত কি দেখিলোঁ, ক’ত কি কৰিলোঁ, চব ক’ম৷ শুনি থাকিব আৰু আশা কৰোঁ
আপুনিও এবাৰ নিশ্চয়কৈ যাবই যাব৷
No comments:
Post a Comment