Wednesday, 20 May 2015

সুস্বাস্থ্য আৰু হেৰাই যোৱাৰ বিলাস
(গল্প নহয় সত্য)


‘তই বেছিকৈ খীণাই যাবি৷’ আজি প্ৰাতঃভ্ৰমণ কৰোঁতে সিফালৰ পৰা আহি থকা ৰাতুলে ঠিক পাৰ হোৱাৰ সময়তে মোলৈ চাই এইদৰে ক’লে৷ নিজৰ নিজৰ গতি এটায়ো নকমালোঁ৷ ৰাতুল মোৰ বাল্যবন্ধু৷ ক-শ্ৰেণীৰ পৰা একেলগে পঢ়া, খেলা, কাজিয়া কৰা৷ তালৈ চাই মই হাঁহিলোঁ৷ নিজ নিজ দিশত প্ৰত্যেকেই খোজ অব্যাহত ৰাখিলোঁ৷

ৰাতিপুৱা খোজ কঢ়াটো মোৰ অভ্যাস৷ এতিয়াৰ নহয়৷ কেতিয়াবাৰে পৰা৷ এতিয়াও চলি আছে, আগলৈও চলি থাকিব৷ ডাক্তৰে কোৱা নাই৷ নিজে মনে-জানি কৰা কাম৷ বহুতকে আকৌ ডাক্তৰে ক’লেহে পথলৈ আহে৷ অলপ দিনৰ পিছত অন্তৰ্ধান হৈ পৰে, যাক মই কওঁ 'পথভ্ৰষ্ট'৷ তাকে লৈ জয়ছিঙক বাটত প্ৰথম ভেটাভেটি হোৱাৰ দিনাই সুধি পেলালোঁ... ‘কি হ’ল, ডাক্তৰে তোকো খোজ কাঢ়িবলৈ কৈছে নেকি?’ সিও পুৰণি বন্ধু৷ খোলা কথা কোৱা যায়৷ দেহৰ মধ্যভাগ ওফন্দা৷ ‘লাইফ ষ্টাইল ৰোগে’ লম্ভিছে৷ মোৰ পোনপটীয়া প্ৰশ্নত সি থতমত খালে৷ বুজিলোঁ, জেগাতে ধৰি পেলাইছোঁ৷ কেইদিনমানৰ পিছৰে পৰা ৰাস্তাত তাক আৰু দেখা পোৱা নাই৷ পথভ্ৰষ্ট!

ৰাতুলৰ কথাষাৰ শুনি ভাব হ’ল, তাৰ মানে মই খীণ৷ ঠিকেই আছে৷ ঈশ্বৰৰ কৃপা৷ শকত, পেটুৱা, বেমাৰী হ'বলৈ কোনেনো বিচাৰে? বহুতে আকৌ বাঢ়ি অহা পেটটো কমাবলৈকে প্ৰাণটাকি ফোঁপাই-জোপাই খোজ লয়৷ দিনে-ৰাতিয়ে মুখেদি কি কি ভৰাই আছে তাৰ হ’লে কোনো পৰিসংখ্যা নাই৷ পইচা আছে, ভাল নাৰ্ছিংহোম আছে, ভাল ডাক্তৰ আছে, ভাল মেছিন আছে, ভাল দৰব আছে৷ চিন্তা নাই৷ শুনিছোঁ, ডায়েবেটিচ ৰোগীক হেনো ডাক্তৰেও পৰামৰ্শৰ নামত বাধ্যতামূলক কৰি দিয়ে গাড়ী এৰি ৰাস্তাত নামিবলৈ, খোজ কাঢ়ি ঘাম বাহিৰ কৰিবলৈ৷ নাজানো, মোৰ সেইজাতি নাই৷ গাড়ীও নাই, ৰোগো নাই!

পুৱা খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে উপকাৰী৷ কৈশোৰৰ পৰা বৃদ্ধাৱস্থালৈ যিকোনো বয়সৰ বাবে ই গ্ৰহণযোগ্য, নিৰাপদ, ব্যয়সাপেক্ষ, উপযোগী, উপভোগ্য আৰু সুফলদায়ক৷ তেনেই সাধাৰণ কথা৷ কথাটো জানেও সকলোৱে৷ পিছে মানে কিমানজনে? ক’ৰবাত পাইছিলোঁ, এশজন মানুহেই অৱগত যে মৰ্ণিং ৱাক ইজ গুড ফৰ হেল্‌থ৷ কিন্তু কৰে কিমানে? বিশজনে৷ সেয়াই বিখ্যাত এইটটি-টুৱেনটি ৰুল৷ আমাৰ জীৱনৰ বহু কথাতে এই ৰুল প্ৰযোজ্য৷

হিপপোক্রেটছে কৈছিল, ‘ৱাকিং ইজ মেন্‌ছ বে’ষ্ট মেডিচিন৷’ এৰিষ্টটল, মহাত্মা গান্ধী আদিয়েও চানেকী ৰাখি থৈ গৈছে৷ ‘আমছা’ৰ স্মৃতিগ্ৰন্থত এই প্ৰাচীন বাণীকে লৈ অগ্ৰজ ভ্ৰাতৃপ্ৰতিম ডাক্তৰ ৰাতুলদাই লিখিছিল, ‘সুস্বাস্থ্যৰ বাবে ত্ৰিশ মিনিট’৷ মোৰো সময় ত্ৰিশ মিনিটেই৷ নাজানো কেনেকৈ ক'ব নোৱাৰাকৈয়ে মিলি গ’ল! চলি আহিছোঁ তেনেকৈয়ে৷

একে অভ্যাস সঞ্জুৰো৷ বাটত প্ৰায়েই আমি মুখামুখি হওঁ৷ আজিও বিপৰীত দিশৰ পৰা আহি থকা অৱস্থাত হ'লোঁ৷ একেটা অনুশীলনৰ বাবেই উত্তৰ-পূবৰ অন্তিম পূবত পাহাৰ বগাওঁতে অকণোৱেই অসুবিধা অনুভৱ নহ’ল আমাৰ৷ দিহিঙে-দিপাঙে অনেক ঘূৰি-পকিও শৰীৰ ঠিকেই থাকিল৷ না এটা হাঁচি-কাহি, না ভাগৰ, না কিবা অৱসাদ-অসন্তুষ্টি!

পুৱাৰ ত্ৰিশ মিনিটীয়া যাত্ৰাৰ ক্ষন্তেকীয়া ষ্টপেজ টাইমত কথা ওলাল কেমেৰাৰ৷ কালি ৰাতি অৰুণদাৰ মোলৈ এছ.এম.এছ.... ‘দুটাকৈ নতুন কেমেৰা হাতত লৈ ক’ত হেৰাই যাওঁ তাকে ভাবি আছোঁ৷’ বাক্য পঢ়িয়েই অকলে অকলে হাঃহাঃকৈ হাঁহি উঠিলোঁ৷ অলপ পিছত উত্তৰ দিলোঁ... ‘চিন্তা কৰি জনাই আছোঁ ৰ’ব৷’ সঞ্জুৰ সৈতে থিয়ৈ থিয়ৈ থাওকতে চৰ্চা তাৰেই চলিল৷ আকৌ উভতি গ'লোঁ খোজৰ পৰৱৰ্তী অংশলৈ৷ স্বাস্থ্যৰ কথা আছে৷ হেৰাই যোৱাৰ কথা আছে৷

বুজি পাইছোঁ, হেৰাই যাবলৈ হ’লে প্ৰথম কথা, স্বাস্থ্য ঠিক লাগিব৷ স্বাস্থ্য ঠিক ৰখাৰ বাবে সামান্যতম ব্যায়াম হিচাপে ৰাতিপুৱা আধা ঘণ্টা খোজ কাঢ়িলেই যথেষ্ট৷ জ্ঞান হোৱাৰ দিন ধৰি তাকেইতো কৰি আহিছোঁ৷ আৰু এতিয়া চিন্তা কৰি আছোঁ, অৰুণদাক উত্তৰটো কি বুলি দিওঁ? যি ক’ম সেয়াই 'য়েছ' হৈ যাব৷ হেৰাই যোৱাৰ বিলাসত তেৱোঁ বাৰুকৈয়ে আক্রান্ত৷

No comments:

Post a Comment