Thursday, 21 May 2015

ভবা কথা নহয় সিদ্ধি, 
বাটত আছে শাহু বুঢ়ী

শুনিবলৈ বেয়া হ’লেও কথাটো তেনেকুৱাই হয়৷
আগতে কৈছিল, ‘ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি’৷ এতিয়া দিন-কাল সলনিৰ লগে লগে ধ্যান-ধাৰণাবোৰো সালসলনি হোৱা নাই জানো? সমাজ পৰিৱৰ্তন হৈছে দ্ৰুতভাৱে৷ অকণমান মন কৰিলেই গম পোৱা যায়৷

এতিয়া উদাহৰণ সহ দৰ্শোৱা যাওক কিয় লিখিলোঁ ‘বাটত আছে শাহু বুঢ়ী’৷

শাহু আৰু বোৱাৰী৷ বোৱাৰীয়েকে মনতে ভাবি থয় এটা, হয়গৈ এটা৷ কৰিম বুলি লয় এটা, হয় এটা৷ শাহুৱেকৰ উপস্থিতি আৰু হস্তক্ষেপে ভবা কথাটো ক’ৰবাত নি থয়গৈ৷ একপক্ষীয় কথা নহয় অৱশ্যে, সিপক্ষৰ ক্ষেত্ৰতো খাটে৷ ৰ’ব, জঁট ভাঙি পৰিষ্কাৰকৈ কওঁ৷

আজি পুৱাতে শোৱাপাটীৰ পৰা উঠিয়ে আমাৰ এওঁ ভাবিছিল, ৰাতিপুৱা চাহ-নাস্তা দিওঁতেই কালি ৰাতি ৰৈ যোৱা গাখীৰখিনি নিজৰ পুতেক-জীয়েকহালক সমানে দুকাপকৈ ভগাই দিব৷ বেচেৰা ইহঁত দুটাই কালি পিছবেলা গাখীৰ নাখালেই, মানে দিয়াই নহ’ল৷ গতিকে ডেক্‌চিটোতে ৰাখি থোৱা আছে৷ গৰম কৰিলেই হ’ল৷

ইফালে পাকঘৰত আগে-ভাগে সোমালগৈ শাহু৷ আজি আনদিনাতকৈ আগতেই উঠিল তেওঁ৷ পুৱা কুকুৰা ডাকতে উঠা শাহুৰ পুতেকটোও আকৌ ভৰিত ভৰি তুলি বহি থাকিল চাহটোপাৰ আশাত৷ শাহুৱেও সৰে-চৰে গোটেইসোপা গাখীৰ নিজৰ পুতেকটোক দি দিলে ডেক্‌চি ওভোতা কৰি, সান্দহ গুড়ি এবাতিৰ সৈতে৷ নিজৰ পুত্ৰ-জীৰ প্ৰতি প্ৰতিজনী মাকৰে টানটো থাকেই দিয়কচোন৷ তাতে সান্দহৰ সৈতে গাখীৰ অকণমান বেছি লাগেও৷ পুত্ৰই মহাসুখে খাই-বৈ উগাৰ দুটামান মাৰিলে৷ তাৰ পিছত তামোল-পাণ চোবাই ঠাইতে ক্ষণিক জিৰালে, পৰৱৰ্তী কাৰ্যসূচীৰ ভাবনা কৰি কৰি৷

তেনেকুৱাতে পাকঘৰলৈ সোমাই আহক বোৱাৰী৷ গাখীৰৰ ছবিখন মূৰত লাগি আছেই৷ ডেক্‌চিটোৰ ঢাকোন আঁতৰায়ে লাগি গ’ল আউল! গাখীৰ নাই৷ চব খুৱাই দিলে বৰপুতেকক!

পুৱাতে ঘমঘণ্ট৷ ভাবে এটা, ঘটে এটা৷ এনেকুৱা নগৰত জগৰ চলিয়েই থাকে৷ মুখ ফুটাই ক’বও নোৱাৰি একো৷ ভোৰভোৰালেও বেয়া দেখি!

শাহু-বোৱাৰীৰ এনে কথা-কাণ্ডবোৰ আলেঙে আলেঙে চাই থাকি খুব মজা লাগে৷ নিৰ্বাক হ’লেও ভাবৰ প্ৰকাশ সেই মুহূৰ্তত ধৰা পেলাব পাৰি উভয়ৰে মুখমণ্ডলত, পাছৰ কাম-কাজবোৰত প্ৰকট হোৱা আচৰণত৷ কেতিয়াবা শাহু যদি ফুলা লুচি, কেতিয়াবা বোৱাৰী৷ জীৱনৰ এই সঁচা ৰূপবোৰ উপভোগ কৰি অতি মজা লাগে৷

পুচ্ছাংশ…
‘আগতে কৈছিল, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷ এতিয়া পিছে সেইটো নহয়৷’
‘এতিয়া কিনো?’
‘ভবা কথা নহয় সিদ্ধি, বাটত আছে শাহু বুঢ়ী৷’
বোৱাৰীৰ মাকো পাকঘৰত উপস্থিত আছিল৷ কথা শুনি দুই বিয়ৈনীয়ে খুকখুকাবলৈ ধৰিলে৷ 
ঘৰ ঘৰ কী কাহানী৷ তেনেকৈয়ে চলি থাকে জীৱন৷ সেয়াই সত্য৷

No comments:

Post a Comment