Friday, 22 May 2015

সন্ধিয়াৰ স্পৰ্টছ আড্ডা


ছাজিদ...
অঁ দাদা...
আহি যাবা…’

বুজিলোঁ কি বুজাইছে৷ বুজি পাওঁ সেই সাংকেতিক ভাষা৷ অসুবিধা নাই৷

অৱধাৰিতভাৱেই আন্ধাৰ হোৱাৰ পিছতে সোমালোঁগৈ ব্ৰাজিল১৪ত৷ পুতুলদাৰ লগতে সুধাংশুদা আৰু চেলেং চোতালত তেতিয়া মজুত আছিল৷ মোৰ প্ৰায় লগে লগেই সোমাল শৰৎ৷ অলপ পাছত সুপ্ৰিয়দা৷ তাৰ পাছত পালেহি প্ৰদীপদা৷ ক্ষন্তেক পাছতে মাজু৷ মানুহ সিমানেই৷ আহি যাবা বুলি এইকেইজনকে ইংগিত দিয়া হৈছিল, ফোনেৰে৷

কোনো আনুষ্ঠানিকতা নাই৷ সন্ধিয়াৰ আড্ডাটো আৰম্ভ হৈ গৈছিল৷ তেনেকৈয়ে হৈ আহিছে৷ ফুটবলৰ পৰা আৰম্ভ কৰি হোৱাইট ৱাটাৰ ৰাফটিং, ট্ৰেকিং, এডভেন্সাৰ স্প’ৰ্টছলৈ৷ চেলেঙে সোৱণশিৰি নৈত কৰি অহা ৰাফটিঙৰ ৰোমাঞ্চকৰ অভিজ্ঞতা বৰ্ণালে৷ ময়ো মুখ খুলিব লগা হ’ল পূবৰ এডভেন্সাৰৰ লগতে লোহিতৰ ওপৰেৰে ডঙলৈ কৰা ট্ৰেকিঙৰ আভাসেৰে৷ অন্য কথা নাই৷ মাথো খেলা-ধূলা৷ ব্ৰাজিল১৪ৰ আড্ডাৰ দস্তুৰেই সেইটো৷

গ্ৰেচী বৌৱে ভিতৰৰ পৰা পঠিওৱা চাহ-পানীয়, খাদ্য-দ্ৰব্যৰ ভৰপূৰ আতিথ্যও চলি থাকিল৷ তাৰ মাজতে পুতুলদাই কাগজ এখন আগ বঢ়াই দিলে৷ হাতে লিখা অৱস্থাতে পঢ়িছিলোঁ, কেইদিনমানৰ আগেয়ে৷ এতিয়া টাইপ মৰা ফটোক’পী৷ 

লিখিছে…
‘মই জাৰ্মানী ফুটবল দলৰ এগৰাকী অন্ধ সমৰ্থক৷ বিগত ২৯বছৰ ধৰি মই জাৰ্মানী দলৰ ঘোৰ সমৰ্থকৰূপে বিভিন্ন সদৰ্থক পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ৷ সুদীৰ্ঘ ২০বছৰৰ পিছত জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ ফুটবলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ দলটোৱে এই খিতাপ অৰ্জন কৰে ২০৪চনৰ ১৪জুলাইত ব্ৰাজিলত অনুষ্ঠিত হোৱা বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেলত৷ মোৰ প্ৰিয় দল জাৰ্মানীয়ে বিশ্বকাপ জয় কৰা উক্ত ১৪জুলাইৰ দিনটো মোৰ বাবে আজীৱন স্মৰণীয় দিন হৈ ৰ’ব৷
এই বিশেষ দিনটো যুগমীয়া কৰি ৰাখিবৰ বাবে ২০১৫চনৰ ১৪জুলাইত দিনজোৰা কাৰ্যসূচীৰে ডিফুৰ পৰা নগাঁও অভিমুখে বন্ধু-বান্ধৱসকলক লগত লৈ পদযাত্ৰা আৰম্ভ কৰিবলৈ আগ বাঢ়িছোঁ৷ নিহিত উদ্দেশ্য হ’ল, বিশ্ববাসীলৈ শান্তি-সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰা, ফুটবলৰ জৰিয়তে৷ মই ভাবোঁ, ফুটবলে আমাৰ সুস্বাস্থ্য আৰু ভ্ৰাতৃত্ববোধ অটুট ৰখাত সহায় কৰিব পাৰে৷ সেয়ে আহক, জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে আমাৰ এই মহৎ উদ্দেশ্য সফল কৰি তোলোঁহঁক৷ যেনেকৈ আজিৰ পৰা ২৫বছৰ পূৰ্বে ১৯৯০চনত পশ্চিম জাৰ্মানীয়ে তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰাৰ উছাহত পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানী একেলগ হৈ পৰৱৰ্তী সময়ত কেৱল জাৰ্মানী নামেৰে পৰিচয় দি বিশ্ববাসীক ফুটবলৰ মহত্ত্ব কিমান, তাৰ প্ৰমাণ দাঙি ধৰিছিল, আৰু দুই অংশৰ এই সম্প্ৰীতি আজিও অটুট আছে৷ সেয়ে গণতন্ত্ৰৰ সন্মানীয় চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ জৰিয়তে মানৱ সমাজৰ সকলো স্তৰৰ লোকৰ উপৰি বিশেষভাৱে, উঠি অহা চামক এইক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনালোঁ৷ আহক, আমি এই পদযাত্ৰাৰ জৰিয়তে ফুটবলৰ জয়যাত্ৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰোঁ৷ বিশ্ব ভ্ৰাতৃত্বও গঢ় দিওঁ৷ …পুতুল বৰা, ডিফু’

১৪জুলাইৰ বৰ্ষপূৰ্তিক লৈ এতিয়া মুখৰ হৈ উঠিছে ব্ৰাজিল১৪৷ চোতালৰ পৰাই আৰম্ভ হ'ব যাত্ৰা৷ ফুটবলৰ মহানতা উপলব্ধিৰে ডিফু-নগাঁও অভিমুখে খোজ কঢ়াৰ অভিজ্ঞতা লাভ কৰিবলৈ চৌহদৰ গে'টখন সকলোৰে কাৰণেই খোলা৷

No comments:

Post a Comment