Sunday 17 May 2015

লাইটৰ কথা...


লাইট, মানে ইলেকট্ৰিচিটিকে বুজাইছোঁ৷ ঘৰত আমি তেনেকৈয়ে কওঁ৷ এহ, লাইটনো গল ... লাইটটোযে আৰু, ইমান অহা-যোৱা কৰি আছে ... লাইটটো অথনিয়ে গল যি গলেই৷ বুজা যায় যে ইলেকট্ৰিক কাৰেণ্ট নথকাটোকে কোৱা হৈছে৷ পুৱা শুই উঠিয়ে টুথপেষ্টকণ যেনেকৈ অপৰিহাৰ্য, তেনেকৈ চুইচ টিপিলেই লাইটটো জ্বলিব লাগে৷ কিন্তু কতা? দিনে দিনে সেই শক্তিকণ ঢুকাইহে গৈ আছে দেখিছোঁ৷

লাইটটো নাথাকেই৷ এই লাইটে সঘনাই অতিষ্ঠ কৰি তোলে৷ আপোনালোকৰ পিনে কেনেকুৱা নাজানো৷ আমাৰ মুলুকত বিদ্যুৎ পৰিস্থিতি তথৈবচ৷ পিটিক-পাটাক, যায়-আহে, আকৌ যায়৷ কেতিয়া যায়, কেতিয়া আহে কোনো ৰুটিন নাই৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ব্যাহত হৈ থাকে সৰৱৰাহ৷ বিভাগৰ পৰা বিলখন কিন্তু ঠিক তাৰিখতে আহি থাকে৷ মুঠতে জ্বলা-কলা খুৱাইছে লাইটে৷ একো কামেই ভবামতে নহয়গৈ৷ লাইটটো আহক বুলি চোপ লৈ থাকিবলগীয়া অৱস্থা৷ এনেকৈয়ে কন্দুৱাই আহিছে লাইটে৷

সিদিনা এন.এইচ.পি.চি.ৰ দ্বাৰা গেৰুকামুখত সাজি থকা সোৱণশিৰি হাইড্ৰ’ইলেকট্ৰিক প্ৰজেক্টৰ ডেম চাইট পালোঁগৈ৷ চি.আই.এছ.এফ.ৰ ৰখীয়াবোৰৰ বাহিৰে আৰম্ভণিৰে পৰাই বাটে-পথে অইন কোনো নৰমনিচ দেখা নাপালোঁ৷ ৰাস্তা ভগা-ছিগা৷ জংঘলে আৱৰি ধৰিছে যন্ত্ৰপাতি৷ য’ৰ মেছিন, য’ৰ কেঁচামাল ত’তেই লাং-লাং থাং-থাং হৈ থাকিল পৰি৷ লোহা-লক্কৰত মামৰৰ ডাঠ প্ৰলেপ৷ ৰঙচুৱা বৰণৰ পয়োভৰ যেনিতেনি৷ বৃহৎ নদীবান্ধৰ প্ৰতিবাদৰ সফলতাত কাম-কাজ সমূলি বন্ধ, সম্পত্তিও তেনেই ধ্বংস৷ কেতিয়া কি হ’ব, হ’বনে নহ’ব তাৰ কোনো ঠিকনা নাই৷ সকলো ধুঁৱলি-কুঁৱলি৷ প্ৰথমবাৰ যাওঁতে বান্ধটো বান্ধিবলগীয়া ঠাইতে গৰাৰ তললৈ নামি নৈৰ বুকুৰ শিলত বহিছিলোঁ৷ সোণ কমোৱা সোৱণশিৰিত হাত-মুখ তিয়াইছিলোঁ৷ নিৰ্মল শীতল বোঁৱতী পানী এচলু খাইছিলোঁ৷ দ্বিতীয়বাৰ যাওঁতে নিজৰ চকুৱে বিশ্বাস কৰিব নোৱাৰা অৱস্থা! পূৰ্ণগতিত ভাগে ভাগে কাম-কাজ চলি আছিল৷ কি ঠাই কি হৈ পৰিল ধৰণৰ ভাব এটা মনলৈ আহিছিল৷ খেলপথাৰ সদৃশ নদীপৃষ্ঠত ডাম্পাৰ কিছুমান অহা-যোৱা কৰি থকা দেখিছিলোঁ, ক্রেন দেখিছিলোঁ, হেঙিং ব্ৰীজৰ ওপৰৰ পৰা৷ এতিয়া চব বন্ধ৷ গোটেইখন তেনেই এৰাবাৰী৷ নিৰ্জীৱ-নিস্তব্ধ যেন এক সমাধিক্ষেত্ৰ৷ মৰিশালিখনৰ মাজেৰে কেৱল সোৱণশিৰি বৈ আছে নীৰৱে, অকলে, আগৰ দৰেই অকণো নোৰোৱাকৈ৷ সেই জলধাৰাৰ কোনো দাম নাই৷ এইফালে আমিও আন্ধাৰতে খেপিয়াই ফুৰিছোঁ পোহৰৰ উৎস৷ সমাধান ক’ত নাজানো৷ টুৱেণ্টি ফ’ৰ আৱাৰ্ছ আনইণ্টাৰাডে পাৱাৰ চাপ্লাই কথাষাৰ আমাৰ বাবে নিঃসন্দেহে এক দুঃস্বপ্ন৷ পিটিক-পাটাক, যায়-আহে, আকৌ যায়৷ এয়াহে জীৱনৰ চৰম সত্য৷

ধিক্ আমাৰ টেকন’ক্রেট, ধিক্ আমাৰ টেকন’লজি৷ মাজে মাজে খুব জোৰত কান্দি দিবলৈ মন যায়৷


No comments:

Post a Comment