স্বাধীনতা
পৱিত্ৰদাই গৰ্ব কৰিয়ে কয়… ‘বুইছা, বাৰ বছৰ পাৰ হৈ গ’ল, একেটা ভাৰাঘৰতে৷ অথচ অউনাৰ
অৰ্থাৎ খুৰীয়ে বা ওচৰ-চুবুৰীয়া কোনেও এষাৰ ক’ব নোৱাৰে বোলে পৱিত্ৰই কাহানিবা ছোৱালী আনি সুমুৱাইছে,
বোলে পৱিত্ৰৰ লগত অহা কোনোবাই কেতিয়াবা কিবা উৎপাত কৰিছে, আপত্তিজনক কাণ্ড ঘটাইছে৷
নাই. তেনেকুৱা ৰেকৰ্ড নাই৷ সেয়ে জীয়েক দুজনীক বিদেশলৈ বিয়া দি এতিয়া সম্পূৰ্ণ অকলশৰীয়া
হৈ পৰা খুৰীয়েও মোক ঘৰৰ ল’ৰাৰ দৰেই ভাবে, ভাৰাতীয়া অৰ্থত
তিলমানো নাভাবে৷’
পৱিত্ৰদাই গৰ্ব কৰিয়ে কয় এই কথাবোৰ৷ পৱিত্ৰদাই
কোনোবা অতনুৰ কথাও কয়… ‘অতনুৰ তাত আকৌ কি চাবা! নিতৌ
নতুন নতুন ছোৱালী৷ মালিকে সুধিলে বোলে কয়, ‘আগৰজনীয়ে মোক এৰিলে৷ এতিয়া এইৰ লগত চলি আছে৷ বিয়া কৰাম
আকৌ৷’ মালিক নিমাত৷ অহা-যোৱা চলি থাকে
তেনেকৈয়ে৷ এজনী আহে, সেইজনী যায়, আকৌ এজনী আহে, এনেকৈয়ে জাত জাত ছোৱালীৰ আহ-যাহ চলি
থাকে৷
অতনু বোলাজনে বিয়া কৰালে৷ সন্তানো হ’ল৷ পৱিত্ৰদাৰ পিছে আজিলৈ প্ৰথমটোৱেই
নহ’ল৷ নহ’বও৷ পঞ্চাশ অতিক্রম কৰি একাৱন্নত
ভৰি থৈছে অলপতে৷ ভাল ল’ৰাটোৱেই হৈ আছে! চিনা-জনা অনেকেই
সহানুভূতিৰ সুৰত তেওঁক কয়, ‘কিবা এটা কৰা বেগেতে, নহ’লে বয়স হ’লে ভুগিবা কিন্তু৷’ কিছুমানে ধৰি-বান্ধি পাতি দিয়াৰো পোষকতা কৰে৷
কেৰেপ নাই মানুহটোৰ৷ দিন গৈ আছে তেনেকৈয়ে৷ হঠাতে
এদিন প্ৰেচাৰ ষ্ট্ৰ’ক হোৱাৰ পিছত লম্ভা হাৰ্টৰ অসুখটোৰ
বাবে কেয়াৰটেকাৰৰ চিন্তাও নথকা নহয়৷
কথাটো মই আমাৰ ভাৰাতীয়া দুই ডেকা গোবিন্দ আৰু উৎপলক
এদিন চিৰিয়াচলিয়ে ক’লোঁ… ‘পৱিত্ৰদাই বাৰ বছৰ একেটা ভাৰাঘৰতে
ঘৰৰ ল’ৰাৰ দৰে মালিকনীৰ লগত আছে৷ এতিয়াও
একেদৰেই আছে৷ আজিলৈ এজনী ছোৱালী ভাড়াঘৰত নোসোমোৱালে৷ মানে সুমুৱাবহি নোৱাৰিলে৷ জীৱনটোত
সুমুৱাই লোৱা দূৰৰে কথা৷ বুইছা কথাটো? দুখ লগা নহয়নে?’
সিহঁত দুইটাই মূৰ দুপিয়ালে৷ মোলৈ চকুৰ টিপ নমৰাকৈ
হা কৰি চাই থাকিল৷ মাতটো কিছু সৰু কৰি মই পিছৰখিনি আৰম্ভ কৰিলোঁ… ‘মোৰ ইয়াত ছোৱালী অনাত বাধা হ’লে নাই দেই৷ প্ৰেম-ত্ৰেম, এৰাইনে-ধৰাইনে,
সদনাম-বদনাম একান্ত নিজৰ কথা, ব্যক্তিগত কথা৷ স্বাধীনতাৰ প্ৰয়োগ কোনে কেনেকৈ কৰে সেই
চইচ নিজৰ, ৰেচপনচিবিলিটিও নিজৰ৷ মোৰ একো নাই৷ কেৱল মালিক আৰু প্ৰতিৱেশীক অসুবিধাত নেপেলালেই
হ’ল৷ মই নিবিচাৰোঁ যে তোমালোকৰ
দশা পৱিত্ৰদাৰ দৰে হওক৷’
পাৰমিছন পাই চকু দুহাল তিৰ্বিৰাই উঠিল সিহঁত দুটাৰ৷
স্বাধীনতা লাভৰ কেইদিনমানৰ পিছতে শুনিলোঁ, গোবিন্দই হেনো নম্বৰ মিলালেই! সোনকালেই কিবা
এটা হ’ব তাৰ৷ দিন-বাৰ ঠিক হৈছেই৷ উৎপলেও
চেষ্টা চলাই আছে৷
No comments:
Post a Comment