Monday, 25 May 2015

গুমটিত বহাৰ আনন্দ
(জীৱনৰ কথা)


জ্ঞান হ'বৰ দিন ধৰি যিখন দোকানলৈ আহ-যাহ কৰিছিলোঁ সেয়া দৰাচলতে আছিল এটা গুমটি৷ গুমটি শব্দটো অসমীয়া বিশ্বকোষত আছেনে নাই নাজানো৷ গুগলত কি আছে চোৱা নাই৷ অসমীয়া ৱিকিপেডিয়াত হ'লে চকুত নপৰিল৷ বানানটো চাওঁ বুলি অভিধান মেলোঁতে গুমটিৰ অৰ্থ পালোঁ, আলিৰ দাঁতিত দোকান পাতিবলৈ সাজি লোৱা খুৰা থকা কাঠৰ বাকচৰ নিচিনা ঘৰ৷

সেয়া যি কি নহওক, চাৰিআলিৰ চুক এটাতে আঁহত এজোপাৰ তলত থকা হৰেন গগৈৰ গুমটিটোৱেই আছিল মনত পৰাৰ ভিতৰত মোৰ জীৱনৰ প্ৰথম দোকান৷ আমি কৈছিলোঁ, হৰেনদাৰ দোকান৷ আচলতে এটা গুমটি৷ চাৰিটা খুঁটি৷ উঠাব-নমাব পৰা এখন জাপ৷ দাঁতিৰে ওলোৱা-সোমোৱাৰ এটা সৰু বাট৷ সেইখনক খিৰিকী বোলেনে দৰজা? তাতে ৰিং দুটা থাকে, তলা এটা মাৰে৷ জাপৰ ভিতৰফালে খিলি থাকে৷ খোলাৰ সময়ত বাঁহৰ খুঁটি এটাৰে ঢোকা দি দাঙি ৰাখে৷

জীৱনৰ উত্তৰণ কল্পে হৰেনদা ঠিকাদাৰ হৈ পৰাৰ পিছত চন্দনদাই গুমটিটো চলাইছিল৷ চন্দনদাও এদিন ঠিকাদাৰ হৈ পৰিল৷ এতিয়া সেই গুমটি নাই৷ তাৰ ঠাইত পকী দোকান-ঘৰ হ'ল৷ স্থানীয় মানচিত্ৰও বহুত সলনি হ'ল৷ আঁহতজোপা আছে৷ কথা ক'ব পৰা হ'লে সেইজোপাই চিঞৰি চিঞৰি, হাঁহি হাঁহি ক'লেহেঁতেন, আমাৰ শৈশৱ-কৈশোৰ-যৌৱনৰ অতীতমধুৰ সময়খিনিৰ শেষ নোহোৱা কথা৷

গুমটি আৰু আছিল৷ আমি পঢ়া এল.পি. স্কুলৰ সন্মুখৰ, আমি সদায় খেলা ফিল্ডখনত থিয় দিলে, ৰাস্তাৰ ইপাৰেই আছিল পুতুলদাৰ গুমটি৷ চাৰিআলিটোৰে আন এফালে পুৰুষোত্তমৰ গুমটি৷ এইবোৰ আমি তেতিয়াই দেখা দোকান৷ কলেজত পঢ়ালৈকে আছিল৷ এতিয়া এখনো নাই৷ গুমটিয়ে আৰম্ভ কৰা দোকান বিপ্লৱেই আজি গৈ গৈ খলপা-খলপ শ্বপিং মল হোৱা বুলি মোৰ এটা ধাৰণা আছে৷ কোনে কি ধৰণে ভাবে নাজানো৷

হৰেনদাৰ গুমটিৰ আগত আঁহত গছজোপাৰ তলখনত আমাৰ অবাধ ৰাজত্ব৷ সেয়া আমাৰ মাৰ্বল খেলা ঠাই৷ বাহিৰত সাজি দিয়া বেঞ্চত বহি চলে ডাঙৰৰ আড্ডা৷ কটা আৰু গোটা তামোল-পাণ; বান্দৰ ছাপ, হৰিণ ছাপ চাধা; শংখ বিড়ি, মাদাৰ ইণ্ডিয়া বিড়ি; কেপষ্টেন, চাৰমিনাৰ, উইলচ চিগাৰেট; গৰুগাড়ী, টি গাৰ্ল মাৰ্কা দিয়াচলাই; কুকিচ আৰু ডাঙৰ কটা বিস্কুত, মৰ্টন, পেকেট বা খোলা চানা-ডালমুট, মাৰ্বল, বগৰী আৰু তেঁতেলীৰ পেকেট৷ গুমটিৰ আইতেম সিমানেই৷

আৰু এখন ছবি স্পষ্টকৈ মনৰ পৰ্দাত আজিও ভাহে৷ তামোলখনৰ দাম যিদিনা পাঁচ পইচাৰ পৰা বাঢ়ি দহ পইচা হৈছিল, হৰেনদাই দীঘল ডাঠ বাকলা এটুকুৰাত লিখিছিল... তামোল খনে দহ পইচা৷ বৈয়ামকেইটাৰ সন্মুখত গ্ৰাহকৰ চকুত পৰাকৈ সেইখন থৈ দিছিল৷ আনুমানিক বাসত্তৰ-তেসত্তৰ চনমানৰ কথা সেয়া৷ এতিয়া তামোল এখনৰ দাম কিমান হ'লগৈ?

সৌভাগ্যক্রমে গুমটিটোত উঠি বহাৰ সুযোগ মোৰ মিলিছিল৷ হৰেনদাই নলুৱা কটাৰী এখনেৰে তামোল কাটে৷ কেঁচা তামোল, বুঢ়া তামোল৷ সমানে সমানে তিনি বা চাৰিটুকুৰা কৰাত তেওঁ সিদ্ধহস্ত৷ কেঁচী এখনেৰে পাণবোৰ খচাখচ কাটে৷ ঠাৰি আৰু আগটো পেলাই দিয়ে৷ তাৰ পিছত পাণখিলা সমান জোখত মুহূৰ্ততে দুই বা তিনিটুকুৰা কৰে৷ সৰু বাল্টি এটাত জুবুৰিয়াই ইখনৰ লগত সিখন ঘঁহি সেইখিনি ধোৱে৷ গ্ৰাহকে খুজিলে প্লাষ্টিকৰ প্লেট এখনতে পাণ-তামোল, চূণ-চাধা আগ বঢ়াই দিয়ে৷ পুৰণি গামোচাৰ টুকুৰা এটাত হাতখন মচে৷ তাৰ পিছত চিগাৰেট এটাও দিয়ে৷ মেছটো দিয়ে৷ গ্ৰাহকে পইচা দিয়ে৷ পইচা থোৱা কাঠৰ বাকচটোৰ ওপৰত ফুটা এটা থাকে৷ মুদ্ৰাটো সেইফালেৰেই সুমুৱাই দিয়ে৷ এটকাৰ নোটখন দিলে কব্জা লগোৱা বাকচটোৰ ঢাকোনখন দাঙে৷ ভিতৰত কিছুমান খলপ থাকে৷ তাতে তেওঁ ভাগে ভাগে থয়৷ বৈয়ামৰ ভিতৰত চানা-ডালমুট জোখা জৰ্দাৰ খালী টেমা এটাও থাকে৷ তলিৰ ফালে কোবাই যিমান পাৰি ভিতৰলৈ সুমুৱাই লোৱা হৈছিল৷ দহ পইচাত এটেমা৷ ডাঙৰ কটা বিস্কুত সৈতে চানা চোবাই মজা লাগিছিল৷ পাগেই বেলেগ তাৰ!

বাকচসদৃশ অকণমানি গুমটিখনৰ ভিতৰত বহি কিবা যেন এক ধৰণৰ উম লাগে৷ তক্তাৰ ওপৰত পাটী এখন পৰা থাকে৷ তাতে লেপেটি কাঢ়ি বহোঁ৷ আলেখলেখ চাই থাকোঁ৷ বাহিৰখনলৈ লক্ষ্য কৰি ভাল লাগে৷ ৰাস্তাৰে অহা-যোৱা কৰা মানুহবোৰ চাওঁ৷ কোন আহিল, কোন গ'ল? বৰষুণ দিলে আকৌ বেলেগ এটা মজা৷ আৰু দুটামান সোমাইহি গুমটিটোৰ ভিতৰত৷ থেপাথেপিত আৰু উমাল হৈ উঠে ভিতৰখন৷ তাৰ মাজতেই ভু-ভাৰস্তৰ বকলা চলি থাকে৷ মজা লাগে শুনি৷ পিছে বেয়া কথাৰ ভিতৰত দোকানত বহাটোও এটা বেয়া কথাই আছিল সেই সময়ত৷ গতিকে ঘৰৰ পৰা কোনোবাই বিচাৰি অহাৰ আগতেই বাহিৰ ওলাওঁ আৰু নোহোৱা হৈ যাওঁ৷

পুতুলদাৰ গুমটিটোতো বহিবলৈ পাইছিলোঁ৷ তেতিয়া হাইস্কুলৰ ওপৰ শ্ৰেণী পাইছোঁগৈ৷ দোকানীক ইটো-সিটো কৰি দিওঁ৷ পান কাটি দিওঁ৷ দোকান সজাই দিওঁ৷ স্তম্ভ আকাৰে খুচুৰা পইচাবোৰ হিচাপ কৰি দিওঁ৷ পৃথিৱীৰ কথাৰে আড্ডা জমে৷ বেছিভাগ খেলৰে কথা৷ গুমটিৰ ভিতৰতে পুতুলদা ৰাতি শুৱে৷ কেতিয়াবা কিবা কিনিবলৈ আহি খুব পুৱাতেই তেওঁক জগাওঁ৷ চিঞৰি চিঞৰি টিনৰ জাপখনত ভুকুৱাওঁ৷ ফিল্ডত ফুটবল খেলাৰ সময়ত বলে আহি দোকানৰ ভিতৰখন লণ্ডভণ্ড কৰি পেলায়৷ পুতুলদাৰ উঠে খং৷ আমাৰ হাঁহি!

কলেজত পঢ়ালৈকে পুৰুষোত্তমৰ গুমটিত বহা মনত আছে৷ মানুহৰ মুখত পৰি উচ্চাৰণ বিভ্ৰাট হৈ পুৰুষোত্তম নামটো হৈছিলগৈ পুচতম৷ ৰাস্তা সাজোঁতে খালী হোৱা আলকতৰাৰ ড্ৰামচিট আৰু দলঙৰ পুৰণি ডেকিঙেৰে তৈয়াৰী পুচতমৰ গুমটিটো৷ পি.ডব্লিউ.ডি.ৰ মাষ্টাৰ ৰোলৰ কৰ্মী আছিল তেওঁ৷ দোকানৰ আগৰ বেঞ্চখনত লগৰীয়াবোৰ বহে৷ ভিতৰত যাকে-তাকে সোমাবলৈ নিদিয়ে৷ কাণকটাকেইটাকযে একেবাৰে মানা৷ পুৰুষোত্তম মাদ্ৰাজী মানুহ৷ এটা চকু গণ্ডগোলীয়া৷ সেই চান্সতে অসুৰকেইটাই কিবিকিবি সৰকায়৷ ঘৈণীয়েকজনী পিছে বৰ কাঢ়া৷ কোনোবা সময়ত পুতেক লক্ষ্মণ বহে৷ জিভাৰ অত্যাচাৰত তাৰ নামেও অৰিজিনেলিটি হেৰুৱাই লচমন নহ'লে লাচুমা হৈ পৰিল৷ সি থাকিলে ভিতৰে-বাহিৰে চেঙেলীয়াৰ উপস্থিতিৰ সংখ্যা বাঢ়ে৷ উৎপাতো বাঢ়ে৷ লাচুমাৰ বায়েকে চাচাম্মায়ো মাজে-সময়ে গুমটি চলায়৷ আন কোনো নাথাকিলে চাচাম্মাৰ লগত ডেকাহঁতৰ চুপতা-চুপতি বেছিকৈ চলে৷ মাক আহি ওলাল মাত্ৰক গোটেইসোপাৰ ফৰিংছিটিকা!

বৰ জমনি দিন আছিল সেইবোৰ৷ এতিয়াও গুমটিত বহিবলৈ মন যায়৷ পিছে চাৰিআলিটোত গুমটি এখনো নাইকিয়াই হ'লচোন৷ চব হৈ পৰিল দোকান! মানুহৰ জীৱনবোৰ কিবা বেলেগ ধৰণৰ হৈ পৰিল৷ হ’লেও এতিয়াও প্ৰতিটো মুহূৰ্ততে পূৰ্বৰ সেই নিৰ্ভেজাল আনন্দকণৰে সন্ধানত থাকোঁ৷

(ফটোত পুৰুষোত্তমৰ গুমটি, জুন ১৯৮৪চন, ডিফু)

No comments:

Post a Comment