Sunday, 26 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৭. ৫০ৰ বৰ-ভূঁইকঁপৰ থলীলৈ চাই চাই



তললৈ নামি আহোঁতেই মুখামুখি হলোঁ বন্দুকধাৰী ডেকা এজনৰ৷ সুমিত বিভাৰ৷ ঝাৰখণ্ডৰ আদিবাসী লোক৷ গ্ৰেফত কাম কৰে৷ জি.আৰ.ই.এফ.ৰ নামটো শুনাৰ লগে লগে আমাৰ সৈতে একে হোষ্টেলত থাকি পঢ়া এন. ডি. গ'ৰেলৈ মনত পৰিল৷ মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ এই বন্ধুজনেও গ্ৰেফত চাকৰি কৰিছিল আৰু ষ্টাডী লিভ লৈ উচ্চ শিক্ষা আহৰণৰ অৰ্থে অৰুণাচললৈ আহিছিল৷ সি যি কি নহওক, কথা প্ৰসংগত গম পালোঁ, সুমিতে বন্দুকটোৰে চিকাৰ কৰে৷ তাৰ লগত আৰু এজন ডেকা আছিল৷ আমি ভালেমান সময় ধৰি কথা-বতৰা পাতিলোঁ৷ সহজ হোৱাৰ অন্তত আৰু ৰঙা স্পৰ্টিং পিন্ধা তাৰ লগৰটো আঁতৰি যোৱাৰ সুযোগতে এপাকত বন্দুকটো খুজি পেলালোঁ৷ এনলীয়া বন্দুকটো সি মোৰ হাতত তুলি দিলে৷ ওজনটো চালোঁ৷ এনেয়ে ইফালে-সিফালে টোঁৱায়ো চালোঁ৷ যোৰহটীয়া অধ্যয়ন কালত ৰৰৈয়াত এন.চি.চি.ৰ ফায়াৰিঙত যাওঁতে ৩০৩ ৰাইফল চালনাৰ কায়দা অলপ শিকিছিলোঁ৷ অতীতৰ অভিজ্ঞতাকণ চাঁতকৰে আকৌ এবাৰ মনৰ এটা কোণত ভাহি উঠিল৷ গুলী এটা খুজিছিলোঁ যদিও সি উলিয়াই নিদিলে৷ লগৰটোৰ তাতহে আছে বুলিলে৷

বন্দুকটো হাতত লৈ থকা অৱস্থাত ইণ্ডিয়ান আৰ্মীৰ জোৱানেও আলেঙে আলেঙে মোক লক্ষ্য কৰি থকাটো মন কৰিছিলোঁ৷ এজনে হাতত এছ.এল.আৰ.জাতীয় মস্ত দীঘল কেমেৰা এটা লৈ আছিল৷ তাৰে তেওঁ দূৰৰ পৰাই মোক ফ্ৰেমত বন্দী কৰি পেলোৱা যেন লাগিল৷ ভাবিছিল চাগৈ মই ক
বই নোৱাৰোঁ বুলি৷ কিন্তু পুলিচ-মিলিটেৰী দেখিলেই এটা চকুযে সেইফালে থৈয়েই দিয়া হয়! গতিকে আগতীয়াকৈ তেওঁক মই নজৰবন্দী কৰিছিলোঁ৷ কথাটোত অৱশ্যে চিন্তা কৰিবলগীয়া একো নাছিল৷ সৈন্য কবলিত এলেকাত আছোঁ আমি৷ গতিকে তেওঁলোকৰ আজ্ঞাবাহী হ'বই লাগিব৷ ইফালে বন্দুকটো লৈ ভাও দি থাকোঁতে অন্য দুজন জোৱান ওচৰ চাপি আহিল৷ তাৰে এজনে উপযাচি মোক শিকাব ধৰিলে, 'ভাইচাহাব, আপ ইসকো এইসে পাকড়িয়ে, অভি উধৰ দেখিয়ে৷ টাৰ্গেট পৰ৷ হাঁ, ৱেইসে৷ ময়ো তেওঁৰ কথা মানি তেনে ধৰণেই কৰাত সম্পৰ্কটো গাঢ় আৰু মুক্ত হৈ পৰিল৷ সীমান্তত কটোৱা চুটি সময়খিনি অচিনাকি চিনাকিৰ সৈতে সঁচাকৈয়ে বেচ উপভোগ্য হৈ পৰিছিল৷

অলপতে আমাৰ বাবে খাদ্য প্ৰস্তুত হোৱাৰ জাননী আহি গ'ল৷ দীঘলীয়া দোকানখনৰ এমূৰীয়াকৈ, বাঁওহাতে এটা আছুতীয়া কোঠা৷ টেবুল-চকী পৰা আছে৷ প্ৰৱেশদ্বাৰৰ বিপৰীতে দীঘলকৈ খিৰিকী৷ কোঠাৰ ভিতৰৰ পৰাই সেই খোলা খিৰিকীৰে চীন দেশলৈ মুকলিকৈ চাব পাৰি৷ ৰঙা চাহ আৰু মেগীৰ বাটি৷ ৰঙা চীনলৈ চাই চাই আমি আটায়ে চীনা খাদ্য খাব ধৰিলোঁ৷ এটা যেন বিৰল সংযোগ! নামনিত খেতিয়ক এজনে গৰু এহালেৰে হাল বায় আছিল৷ পথাৰৰ ৰূপটো আমাতকৈ বেলেগ৷ শিশুকেইটামানেও ওচৰতে খেলি আছিল৷ সিহঁতৰ কোৰ্হালত পৰিৱেশটো প্ৰাণময় হৈ উঠিছিল৷ ভাৰতীয় ভূভাগত থকা ঘৰবোৰ দেখাত নিচেই সাধাৰণ৷ বাঁহ, কাঠ, টিনপাতৰ৷ ডিঙিত ওলমি থকা অৰুণদাৰ ফিফ্‌টি এক্স ডিজিটেল কেমেৰাটোৰে চীনৰ দিশে জুম কৰি কপালত হাত দিবলগীয়া অৱস্থাই হ'ল! সিপাৰৰ কথাই বেলেগচোন৷ দুমহলীয়া আৰ.চি.চি. বিল্ডিং, মসৃণ পথ আদি লেন্সৰ মাজেৰে দৃষ্টিৰ নিকটলৈ আহিছে৷ চীন এলেকাত সীমান্তৰ পৰা ৪০কিলমিটাৰ নিলগত ছয় লেনযুক্ত হাইৱে আছে বুলি পঢ়িবলৈ পাইছিলোঁ৷ হাইৱেৰ পৰা সীমান্তৰ দিশে সোমাই অহা পথটো টু লেন বুলি পাইছিলোঁ৷ বিপৰীতে, নিজেই দেখি আহিছোঁ, ভাৰতৰ ৰাস্তা৷ যেনেতেনে এখন গাড়ী যাব পৰা ধৰণৰ৷ দুখন গাড়ী মুখামুখি হলে বিপদেই৷ সেই অভিজ্ঞতাও ইতিমধ্যে সঞ্চয় কৰিবলৈ পাইছোঁ৷

চীনৰ তুলনাত ভাৰতৰ অংশত পথৰ ব্যৱস্থা অদ্যাপি শোচনীয় হৈয়ে ৰৈছে৷ ট্ৰেন্স অৰুণাচল হাইৱে
 আৰু অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱেৰ কথা কেতিয়াবাৰে পৰাই শুনি আছিলোঁ৷ ২০০৮চনৰ ৩১জানুৱাৰী তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ডক্টৰ মনমোহন সিঙে ঘোষণা কৰা মেকমোহন লাইনৰ সমান্তৰালভাৱে, অৰুণাচলৰ উত্তৰ-পশ্চিমৰ টাৱাঙৰ পৰা দক্ষিণ-পূবৰ কানুবাৰীলৈ ২,৪০৭কিলমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত টু লেন ট্ৰেন্স অৰুণাচল হাইৱে আৰু ইষ্ট-ৱেষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ হাইৱেৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ বিজয় নগৰৰ পৰা তিব্বত সীমান্তৱৰ্তী টাৱাং জিলাৰ মাগো-থিংবোলৈ প্ৰস্তাৱিত ২,০০০কিলমিটাৰ দৈৰ্ঘ্যৰ অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱেই আমি আজি উপস্থিত হ'ব পৰা কাহো, কিবিথো অঞ্চলটোতে পৰস্পৰে পৰস্পৰক ছেদ কৰাৰ কথা৷ নিৰাপত্তা আৰু সংস্থাপনৰ বাট মোকলোৱাৰ লগতে সীমান্তৱৰ্তী বিনন্দীয়া অঞ্চলসমূহক উদ্দেশ্য কৰি পৰ্যটনৰ উন্নয়ন সাধন এই পথ নিৰ্মাণৰ অন্যতম উদ্দেশ্য৷ কিন্তু আচৰিত পালোঁ, এইফালে আমি সীমান্ত পৰ্যন্ত আগুৱাই আহিলোঁ৷ ক'তো সেই পথৰ ৰেঙণি হ'লে এচেৰেঙাও দেখা নাই৷ ঘোষণাই ইতিমধ্যে ৭বছৰ গৰকিলে!

ইফালে দেশৰ বৰ্তমানৰজন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সীমান্ত অঞ্চলেৰে গুজৰাটৰ পৰা মিজোৰামলৈ ৫,৩০০কিল
মিটাৰ দূৰত্ব সামৰি এক সুদীৰ্ঘ পথ নিৰ্মাণৰ অভিলাষী আঁচনি হাতত লৈছে৷ ভাৰতমালা নামৰ ১৪,০০০কোটিটকীয়া এই পথ যোগাযোগৰ দ্বাৰা সীমান্ত এলেকাৰ জৰিয়তে দেশৰ পূব আৰু পশ্চিম প্ৰান্তক উন্নয়নৰ দিশত আগ বঢ়াই নিয়া হব৷ অহা ৫বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লোৱা এই আঁচনিয়ে গুজৰাট, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মিজোৰামক সামৰি লব৷ সীমান্তৰ উন্নয়নৰ লক্ষ্যত এয়া নিঃসন্দেহে যোগাত্মক বাৰ্তা৷

আশ্বি হিল্‌ছৰ দৰেই কাহোৰ পাহাৰৰ বক্ষতো বাংকাৰ কিছুমান চকুত নপৰাকৈ থকা নাই৷ শান্তিৰ মাজতো কিয় জানো, প্ৰতিটো বাংকাৰেই যুদ্ধৰ বিভীষিকা মনলৈ লৈ আনে৷ কাৰণ প্ৰতিটো ট্ৰেন্সেই সাক্ষী একো একোটা জীৱনৰ, সাক্ষী শত্ৰুৰ গুলীৰ মাজত জীৱন-মৃত্যুৰ খেলা কৰা মুহূৰ্ত কিছুমানৰ৷ ভূমি ৰক্ষকৰ জীৱন তেনেকুৱাই৷ সেই ভূমি ভাৰতেই হওক, চীনেই হওক, লাগিলে আন কোনোবা ৰাষ্ট্ৰই নহওক৷ এঠাইত পাহাৰৰ ওপৰলৈ সেনাৰ তত্ত্বাৱধানত ট্ৰেন্স খন্দোৱাই থকা হৈছিল৷ দেখি এনেহে লাগিল যেন যুদ্ধ সমাগত! যুদ্ধ এখনৰ বাবেহে যেন ৰৈ আছে সীমা চুই থকা দুখন বৃহৎ দেশ, পৃথিৱীৰ দুটা বৃহৎ শক্তি৷ ১৯৬২ৰ কথা আকৌ মনত পৰি গল৷ সাহসৰ বাদে ভাৰতীয় সেনাৰ হাতত প্ৰয়োজনীয় অস্ত্ৰকে ধৰি বহু বস্তুৰে অভাৱ আছিল তেতিয়া৷ ফলত ছত্ৰভংগ দিব লগা হৈছিল৷ আওমৰণে মৰিছিল বহুতো ফৌজী৷ সেইসকলৰ স্মৃতিতে নামতিত পাই অহা স্মাৰক, ৱালঙত দেখি অহা ৱাৰ মেমৰিয়েল, হেলমেট টপৰ স্মৃতিস্তম্ভ, কিবিথোৰ চকী৷ যুদ্ধ বিদায় আৰু মৈত্ৰীৰ হকে বিশ্ব-সম্প্ৰদায় একমত হোৱাৰ পিছত পাৰস্পৰিক সদ্ভাৱ বৃদ্ধিত এতিয়া গুৰুত্ব দিয়া হৈছে৷ এফালে বাংকাৰ নিৰ্মাণ, আনফালে যুদ্ধ বিদায়ৰ বিশ্বজোৰা শ্লগান৷ কথাবোৰ কিবা খেলিমেলি লাগি যায়৷ সহজবোধ্য নহয়চোন আমাৰ দৰে সাধাৰণ মানুহৰ কাৰণে! এইবোৰৰ ভিতৰত কেনে ধৰণৰ ৰাজনৈতিক বিচক্ষণতা, কেনে ধৰণৰ অভিসন্ধি নিহিত হৈ থাকে সাধাৰণ মগজুৰে আমি বুজিবই নোৱাৰোঁ৷

১৯৫০চনৰ বৰ-ভূঁইকঁপৰ অভিকেন্দ্ৰ এইফালেই আছিল৷ যায়ুৰ অন্তৱৰ্তী মেডগ এলেকা৷ সীমাৰ সিপাৰত ৰিণি ৰিণি ইয়াৰ পৰা দেখা পাহাৰবোৰৰ মাজতে কোনোবাখিনিত আছিল ৰিমা নামৰ ঠাইখন৷ তাৰ প্ৰায় ৬কিলমিটাৰ সিফালে ৰংথুচু পৰ্বতমালা৷ তাতে এলানি বিধ্বংসী জোঁকাৰণিৰ উৎপত্তি হৈছিল উক্ত বৰ্ষৰ আগষ্ট মাহৰ ১৫তাৰিখে৷ ভূপৃষ্ঠৰ পৰা ১৫কিলমিটাৰ তলত সৃষ্টি হোৱা শক্তিশালী জোঁকাৰণিটোৱে বিধ্বংসী ৰূপ লৈ ক্ৰমান্বয়ে বাগৰি আহিছিল অসমৰ দিশেও৷ ৰিখটাৰ স্কেলমতে ভূমিকম্পটোৰ উচ্চতম প্ৰাবল্য আছিল ৮.৬৷ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা কম্পন ছেগা-চোৰোকাকৈ ওৰে নিশাই অনুভূত হৈছিল৷ বুঢ়া লোকে কোৱামতে কেইবাদিনো ধৰি মাজে মাজে জোকাৰিয়ে আছিল হেনো৷ সেইটো আছিল বিংশ শতিকাৰ দশম বৃহৎ ভূঁইকঁপ যি ক্ষতিসাধনৰ লগে লগে বৃহৎ অঞ্চল জুৰি ভৌগোলিক গাঁথনিৰো ভাবিব নোৱাৰা ৰূপত পৰিৱৰ্তন সাধিছিল৷

ভূ-প্ৰাকৃতিক সংঘটনটোৱে ভয়ংকৰ ধৰণে কঁপাই তুলিছিল অসম আৰু চীন-তিব্বতৰ মাজৰ এই পাহাৰবোৰ৷ তললৈ খহি পৰিছিল অনেক ঠাইত৷ কেৱল আবৰ, মিছিমি পাহাৰতে হেনো ৭০খনমান গাঁও ভূমিস্খলনত জাহ গৈছিল৷ ব্ৰহ্মপুত্ৰ উপত্যকাত ২,০০০মান ঘৰ, মন্দিৰ-মচজিদ আদি চূৰ্চুমৈ হৈছিল৷ প্ৰাণ গৈছিল প্ৰায় ১,৫০০ৰ পৰা ৩,৩০০ মানুহৰ৷ শুনামতে, পাহাৰে ভেটি পেলোৱাত সোৱণশিৰি নৈখন বন্ধ হৈ পৰিছিল৷ ৮দিনৰ পিছত সোৱণশিৰিৰ সেই প্ৰাকৃতিক বান্ধ নিজে নিজে ছিগি গৈছিল৷ ২৩ফুট ওখকৈ পানী ওলাই আহিছিল জলবোমাৰ ৰূপত! চৌপাশে প্ৰভূত প্ৰকাৰে ক্ষতি সাধন কৰিছিল সেই জলবোমাই৷ সোৱণশিৰি, বুঢ়ীদিহিং, জীয়াভৰলী আদি বহু নৈয়ে তেতিয়াই গতিপথ সলালে৷ পৰশুৰাম কুণ্ড, উজনি অসমৰ শিৱসাগৰ-শদিয়া, ব্ৰহ্মপুত্ৰ নদত বিস্তৰ প্ৰভাৱ পৰিছিল ধাৰাবাহিক ভূকম্পনৰ৷ অনেক ঘৰ-দুৱাৰ মাটিৰ তলত পোত গৈছিল, বেৰ ফাটি খহি পৰিছিল, মাটিৰ তলৰ পৰা বোকা, বালি, পানী ওপৰলৈ ওলাই আহিছিল৷ ব্ৰহ্মপুত্ৰৰ তলী আগতকৈ বাম হৈ পৰিছিল৷ ফলত আজিকোপতিও অলপমান বৰষুণতে প্ৰবল বানপানীৰ সৃষ্টি হৈ আহিছে৷ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা, আনকি তেতিয়াৰ বাৰ্মাৰ পৰাও শুনা গৈছিল ভূমিকম্পৰ ফলত উদ্ভৱ হোৱা অদ্ভুত ধৰণৰ হো-হোৱনিৰ শব্দ৷ শ্বিলং, ইম্ফল, কলিকতা, দাৰ্জিলিং, ঢাকা বাদেই সুদূৰ নৰৱেতো ধৰা পৰিছিল ১৭,৯৪,০০০বৰ্গকিল'মিটাৰ জুৰি হোৱা কম্পনৰ তৰংগ৷ তাৰ ভিতৰত ৪৯,৭০০বৰ্গকিল'মিটাৰ এলেকা বেয়া ধৰণে ধ্বংসপ্ৰাপ্ত হৈছিল৷

সেই সাংঘাতিক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হোৱা আজি সুদীৰ্ঘ ৬৫বছৰ হ’লহি৷ প্ৰকৃতিৰ পুনৰ্নিৰ্মাণো হৈ গ’ল কেতিয়াবাতে৷ গতিকে তুলনামূলক কথাৰে নুবুজিলে সেয়া এতিয়া আৰু চিন-মোকামেৰে ধৰাৰ সাধ্য আমাৰ নাই৷ ইফালে অভিযোগৰ সুৰত আজিও কোৱা হয় যে যোৱা শতিকাৰ দুটা মূল ঘটনা, যি আমাৰ ৰাজ্যখনকে ধৰি উত্তৰ-পূবৰ ভূগোল আৰু বুৰঞ্জী বদলাই দিলে, ১৯৫০ৰ বৰ-ভূঁইকঁপ আৰু ১৯৬২ৰ চীনা যুদ্ধৰ বিষয়ে অসমীয়া সাহিত্যত একোকে পোৱা নাযায়৷ তাৰ পাছত তেনেকুৱা গুৰুতৰ ভূঁইকঁপ অনুভূত হোৱা নাই যদিও সৰুৰ পৰা মধ্যমীয়া প্ৰাবল্যৰ জোঁকাৰণি অনুভূত নোহোৱাকৈ থকা নাই৷

সেয়াই আছিল ১৯৫০ৰ 'মেডগ ভূমিকম্প' বা 'অসমৰ বৰ-ভূঁইকঁপ'৷ আৰু তাৰ ফলত হোৱা জান-মালৰ লোকচানকে আধাৰ স্বৰূপে লৈ কেতবোৰ আশংকাজনিত প্ৰকাশেৰে এতিয়া উত্তৰ-পূবৰ, বিশেষকৈ অসম আৰু অৰুণাচলত প্ৰস্তাৱিত জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ বাবে প্ৰয়োজনীয় বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্যৰো ৰাজহুৱাভাৱে বিৰোধিতা কৰি অহা হৈছে৷ সাহিত্য সৃষ্টি বা কাৰিকৰী খুঁটি-নাতিবোৰৰ কথা আমি ক'ব নোৱাৰিম, কিন্তু কাহোত থিয় হৈ এইটো নিঃসন্দেহে সৌভাগ্য বুলি ভাবিবলৈ বাধ্য হৈছোঁ যে চীনা যুদ্ধ আৰু বৰ-ভূঁইকঁপ উভয়ৰে থলী আমি আমাৰ জীৱন কালত যিমানখিনি পাৰোঁ ওচৰৰ পৰা স্বচক্ষে দেখা পাইছোঁ বুলি আত্মসন্তুষ্টি নিশ্চয় আমৃত্যু লভি থাকিব পাৰিম৷ চীন সীমান্তগামী পূবমুখী যাত্ৰাত পূৰ্বতে বিচাৰ কৰি পোৱা ১৫টাৰ ভিতৰত সেই দুটা অন্যতম বিচিত্ৰতা আছিল৷ এই যাত্ৰাটোৱে সেয়া সম্ভৱ কৰিলে৷

আৰ্মীৰ ট্ৰাক এখনত অহা জোৱান তিনিজনে টেলিফোন প’ষ্ট এটাত উঠি তেওঁলোকৰ নিৰীক্ষণজাতীয় কিবা সৰঞ্জাম এটা ভাল কৰি আছিল৷ অলপ পিছতে জীপচি এখন ৰ’লহি৷ গম পালোঁ, সেইজন তেওঁলোকৰ অফিচাৰ৷ লগত সাংগোপাংগৰ দল৷ আমি আগুৱাই গ’লোঁ৷ কৰমৰ্দন কৰি কথা পাতিব ধৰিলোঁ৷ তেনেই কম বয়সীয়া, স্মাৰ্ট সৈনিক বিষয়াজন৷ মোছেই ঠুঁটিওৱা নাই ভালদৰে৷ বন্ধুত্বসুলভ মনোভাবেৰে বাৰ্তালাপ চলিল৷ কেনেকুৱা প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি তেওঁলোকে সীমান্ত ৰক্ষকৰ গুৰুত্বপূৰ্ণ কৰ্তব্য সম্পাদন কৰিব লাগে সেই সম্পৰ্কে খোলা মনেৰে কিছু আভাস দিলে৷ সীমান্তৰ সিপাৰৰ চীনা প্ৰতিৰক্ষাৰ কথাও পথৰ ওপৰতে চলা আমাৰ সেই আলোচনাত ঠাই পালে৷ তুলনামূলক তথ্যখিনিৰ পৰা গম পালোঁ, সিফালৰ সুৰক্ষা ব্যৱস্থা এইফালতকৈ কিমানগুণে উন্নত৷ উদাহৰণ হিচাপে উল্লেখ কৰিলে যে জোৱানৰ ইউনিফৰ্মত লগোৱা নেইম প্লেট পৰ্যন্ত পঢ়ি পেলাব পৰা জাতৰ শক্তিশালী যন্ত্ৰ সিফালে আছে৷ এইফালে অহৰহ শেন দৃষ্টি দি থাকে চীনা প্ৰহৰীয়ে৷

অলপ পাছতে জীপচি দৌৰাই তেওঁলোক গ’লগৈ৷ আমাৰো সময় হৈ আহিল৷ গাড়ীখন পেটেলে ঘূৰাই ল’লে৷ ভাৰতৰ একেবাৰ পূবৰ পথছোৱাৰ সমাপ্তি ঘোষণা কৰি থকা মূৰটো আকৌ এবাৰ মনত ৰৈ যোৱাকৈ চাই ল’লোঁ৷ সুযোগ পালে আকৌ কেতিয়াবা অহাৰ আশা এটা বুকুৰ একোণত সাঁচি লৈ কাহোক বিদায় জনাবলৈ ওলাইছোঁ৷ অৱশ্যে এয়া মাত্ৰ শাৰীৰিক বিদায়হে৷ জীৱন থকালৈকে মানস-পটৰ পৰা কাহোক মচিব পৰা নাযাব৷ কাহোৱে আমাৰ ভ্ৰমণ সফল আৰু সাৰ্থক কৰি তুলিলে৷









পৰৱৰ্তী লেখা :
১৮. ৱালং অভিমুখে উভতনি যাত্ৰা

No comments:

Post a Comment