Wednesday, 8 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১৫. মায়াৱী ৱালঙত নিশা মাউথ অৰ্গেনৰ সুৰ



কৃষ্ণৰ বুদ্ধিমতে ৰুমত সোমোৱাৰ পিছত বিছনাখনতে অলপ পৰ ইচাট-বিচাট কৰি কটালোঁ৷ পৰিস্থিতি অনুকূল যেন পাই এসময়ত সাউতকৈ ওলাই আহিলোঁ৷ আন্ধাৰ হৈছিল তেতিয়া৷ বাহিৰখনত ঠাণ্ডা৷ হলেও এনেয়ে পাক এটা মাৰি আহিলোঁগৈ৷ নিৰ্জন শীতলতাই দেহা চুই গ'ল৷ তাৰ পিছত বাহিৰে বাহিৰে পাকঘৰ৷ ভাত খোৱাৰ আগলৈকে তাতে চৌকাৰ মুখত আড্ডা মৰাৰ ইচ্ছা জাগিল৷

ওপৰত ওলমি থকা কম পোহৰৰ বাল্বটোৱে ক'লীয়া পাকঘৰটো পোহৰাবলৈ বৃথা চেষ্টা এটা চলাইছে৷ চৌকাটোৰ আশে-পাশে পোহৰৰ পৰিধি বঢ়োৱাত জুইকুৰায়ো হাত ধৰিছে৷ কৃষ্ণই ৰন্ধা-বঢ়া কৰি আছে৷ বোকামাটিৰ লেও দিয়া প্ৰেচাৰ কুকাৰ এটা, এলান্ধুকলীয়া তাৱা এখন, পাপৰ সেকা তাঁৰৰ জালি এখন, পুৰণি কাঠৰ চকী আৰু হেলেক-পেলেক বেঞ্চ এখনকে ধৰি সীমিতসংখ্যক আচবাব আৰু বাচন-বৰ্তন৷ মাজে মাজে খৰিকেইডাল সি ভিতৰলৈ ঠেলিছে৷ খিৰিকীৰে পানী পেলাইছে৷ পেৰা-মিলিটেৰীৰ কামাণ্ডো জিন্তু কুমাৰ গগৈ কাষৰ বেঞ্চখনতে বহি আছিল৷ শিৱসাগৰৰ চাৰিঙত ঘৰ৷ বিদেশ ৰাষ্ট্ৰ ক্ৰমে দক্ষিণ আফ্ৰিকা আৰু কংগোত সেৱা আগ বঢ়াই সম্প্ৰতি ৱালঙত পষ্টিং৷ যুদ্ধ নাই যদিও সাজপাৰত যোদ্ধা যেনেই লাগিছে৷ চৌকামুখৰ আড্ডাতে চিনাকি হলোঁ৷

পাকঘৰৰ চৌকাৰ মুখত বহি আড্ডা জমোৱা কামটো সৰুতে আমাৰ ঘৰবোৰতো আছিল৷ আধুনিক জীৱন-যাত্ৰাই তাক বিলুপ্তিৰ গৰ্ভত লীন নিয়ালে৷ এল.পি.জি.ৰ আগমন ঘটিল৷ খৰি ঢুকাই আহিল৷ আড্ডাৰ মজাটোও হেৰাই থাকিল৷ আই.বি.ৰ চৌকাটো বেছ ওখ৷ দেখিয়ে এসময়ত আমাৰ ঘৰত থকা ওখ ভেটিৰ চৌকাটো ৰিণিকি ৰিণিকি মনৰ পৰ্দাত ভাহিবলৈ ধৰিলে৷ ২৩ বছৰৰ আগতে মৰ-ঠাণ্ডাত টাৱাঙৰ চাৰ্কিট হাউচৰ পাকঘৰত নেপালী খানচামাৰ লগত জুইৰ গুৰিত ৰৈ গপ মৰাৰ স্মৃতিয়েও মনটোক আঁজুৰিলে৷ এতিয়া ৱালঙৰ আই.বি.ত চৌকাৰ দাঁতিত চকীখনত বহি, জুইকুৰাৰ মিঠা উম লৈ লৈ ঢেৰ কথা পাতিলোঁ আমি৷ কৃষ্ণ আৰু দেউকণ গগৈয়েও মাজে মাজে নিজৰ বক্তব্যত জীৱনৰ জীয়া জীয়া অভিজ্ঞতাৰ ভাগ দি গল৷

অনুভৱ কৰিলোঁ, এইবোৰ ঠাইত মানুহৰ সৈতে কথা পাতিবলৈ ভাল৷ ফোন, টিভি আদিৰ পৰা কোনো ধৰণৰ আহুকাল নাথাকে৷ ইণ্টাৰেষ্টিং কথা এটা পাতি থাকোঁতে টিং-টাংকৈ ৰিংটোনটো বাজিলে ধাৰাবাহিকতা নষ্ট হয়, মনঃসংযোগ ভংগ হয়, ৰসস্বাদনত ব্যাঘাত জন্মে৷ কওঁতাৰো, শুনোতাৰো৷ টিঙিচকৈ খংটো উঠে তেতিয়া৷ সেইদৰে কাৰোবাৰ ঘৰত কিবা এটা আলোচনা কৰোঁ বুলি বহিলেও টিভিটোৱে মহা জঞ্জালৰ সৃষ্টি কৰে৷ যাৰ লগত কথা পাতিবলৈ লৈছে তেওঁ যদি প্ৰসংগ চেৰাই গৈ চেনেল সলাবলৈ আৰম্ভ কৰে, তেতিয়া গালো-বালো খোলাকটিৰ তাল হয়গৈ৷ কথাৰ গুৰুত্ব আৰু গভীৰতা একোটোৱে নোহোৱা হৈ পৰে৷ সময়বোৰ অবাবত যায়৷ দেখিছোঁ, আজিৰ ৱালং অন্ততঃ সেই ধৰণৰ অনাকাংক্ষিত কাৰ্যকলাপৰ পৰা একেবাৰে মুক্ত৷ সেয়ে হেঁপাহ পলুৱাই কথা পাতিলোঁ কামাণ্ডোজনৰ লগত৷ অনেক প্ৰশ্ন, অনেক উত্তৰ বিনিময় হৈ গ’ল সেইকণ সময়তে৷ কাৰ্গিলৰ যুদ্ধত প্ৰাণ হেৰুৱা অন্যতম ছহিদ সেনানী, অসমৰ জিন্তু গগৈৰ সৈতে একেলগে ট্ৰেইনিং আৰু কেম্প কৰাৰ পৰা আৰম্ভ কৰি নিজৰ সৈনিক জীৱনৰ বহু কথাই জনালে তেওঁ৷ কম বয়সীয়া যোদ্ধাজনৰ উচ্চতা আৰু আটিল শাৰীৰিক গঠনে স্বাভাৱিকতে মোক আকৰ্ষণ কৰিছিল৷ হোষ্টেলত থাকোঁতে শৰীৰ সবল কৰিবলৈ আমি কি কিযে নকৰিছিলোঁ! পুৱা আন্ধাৰে-মুন্ধাৰে উঠি দৌৰা, ফ্ৰি-হেণ্ড এক্সচাৰচাইজ, লোহা-লক্কৰ দঙা, খেল-ধেমালি... উঃ৷ হ’লেও এনেকুৱা সুঠামদেহী হ’ব নোৱাৰিলোঁ৷

ঘড়ীত তেতিয়া ৭.৩০ বাজে৷ কৃষ্ণ আৰু গগৈয়ে ভাতৰ টেবুললৈ আমাৰ সকলোটি সদস্যকে আমন্ত্ৰণ জনালে৷ ৱালঙত প্ৰথম সাজ৷ দিনত ভাত নাপালোঁ৷ নিশাৰ সাজো অৱশ্যে ঘৰত থকাতকৈ বহুত সোনকালেই খাবলগীয়া হৈছে৷ এই ঠাইবোৰত নিশা বেছিলৈকে জাগি থকাৰ কোনো সকাম নাই৷ সেয়ে মানুহবোৰেও গধূলিতে খাই-বৈ শুই পৰে৷ আমাৰ আজিৰ নিশাৰ আহাৰ বুলিবলৈও বিশেষ নাই৷ ভাত, দাইল, আলু ভাজি, পাপৰ৷ আমিষভোজীৰ বাবে আজি পুৱাতে হায়ুলিয়াঙত কিনা কণীকেইটাৰ আমলেট৷ সেইটো প্ৰস্তাৱ অৱশ্যে অনিলদাৰ৷ ইফালে মই হ'লোঁ নিৰামিষাহাৰী৷ আজি তেনেকৈয়ে চলাব লাগিব৷ কাইলৈহে কেনিবাদি লাইশাক পাই নেকি বিচাৰি যাব বুলি খোৱাৰ সময়তে সৰ্বদোষ মৰিষণৰ প্ৰাৰ্থনাৰে হাতযোৰকৈ জনালে গগৈদেৱে৷ অপৰাধী ভাবত তেওঁ কোৱা কথাখিনিয়ে মুহূৰ্ততে চেতনাত ঢৌ তুলিলে৷ আকৌ আহিল এতিয়া পাচলিৰ প্ৰশ্নটো! ধৰ্মেনে সকিয়াই দিওঁতেই তলৰ পৰা লৈ অহা হ’লে কিনো বেয়াটো আছিল? এতিয়া কাইলৈ গগৈয়ে তৰিলেহে তৰা আৰু!

মায়াময় ৱালঙত আজি আমাৰ প্ৰথম ৰজনী৷ ৮.০০ বাজি পাৰ হৈছিল তেতিয়া৷ বিছনালৈ যোৱাৰ আগতে আকাশখন এনেয়ে এবাৰ চাওঁগৈচোন বুলি বাহিৰলৈ ওলালোঁ৷ মূৰৰ ওপৰৰ নিশাৰ তৰালি আকাশলৈ চাই ভাল লাগে৷ মোক অনুসৰণ কৰি অনিলদা আৰু অৰুণদাও ওলাই আহিল৷ অলেখ তৰাৰে ৱালঙৰ আকাশ ভৰা৷ সুন্দৰ সময়৷ অদূৰত শিলত ঠেকা খোৱাৰ ফলত উদ্ভৱ হোৱা লোহিতৰ পানীৰ অন্তহীন খল্‌খলনি, সৰল গছবোৰে বতাহত হালিজালি তোলা সোঁ-সোঁৱনি৷ তাৰ বাহিৰে বেলেগ শব্দ নাই৷ অৰুণদাই পকেটত মাউথ অৰ্গেনটো মনে মনে সুমুৱাই আনিছিল৷ মনৰ উলাহতে সেইটো উলিয়ালে৷ আই.বি.ৰ চাইনব’ৰ্ডখনৰ গুৰিলৈকে আগুৱাই গ'ল৷ তাৰ পিছত লাইটেৰে পোহৰাই ৰখা ৱালঙৰ দৃশ্য চাই চাই অলপ সময় ধৰি অজানা সুৰ এটা বজালে৷ আপোনমনে বজাই হ'লত ৰ'ল আৰু ক’লে, ‘হ’ব, ব’লক৷’

এটা সপোন যেন দিঠক হৈছে! বিমল আনন্দই যেন হৃদয়খন ফুলাই তুলিছে! তেনে বোধ হ’ল দাদাৰ মুখমণ্ডলত ফুটি উঠা সুখৰ প্ৰকাশ দেখি৷ কেওফালে পাহাৰৰ মাজত আই.বি.ৰ চোতালৰ সেই মুহূৰ্তকেইটা আমালৈ প্ৰকৃততে আছিল ‘সময়ৰ দান’৷ তাৰ বাবে নেদেখাজনক ধন্যবাদ জনাবই লাগিব৷ তেনেকুৱা ক্ষণ জীৱনত খুব কমেইহে আহে৷ তেনেকুৱা মুহূৰ্তই নিজকে বিচাৰি পোৱাৰ সুযোগ আনি দিয়ে৷ ৱালঙৰ নীৰৱ-নিতাল, শীতল-সেমেকা পৰিৱেশটোৰ মাদকতা মুকলি আকাশৰ তলত ৰৈ আমি তিনিও তেনেকৈয়ে ক্ষন্তেক পৰ উপভোগ কৰিলোঁ৷ তেনেহেন এটা মিনিট পাবলৈকে আধুনিক মানুহে ঘণ্টাৰ পিছত ঘণ্টা, দিনৰ পিছত দিন জুৰি হাবাথুৰি খাই ফুৰে৷ আৰু আমি বিচাৰি পাইছোঁ স্বতঃস্ফূৰ্তভাৱে! ঈশ্বৰৰ দান নহৈ কি?

নিৰ্মীয়মান ৰানৱেটোত হেল’জেন লাইট কিছুমান জ্বলি দিনযেন পোহৰ হৈ আছিল৷ আন্ধাৰ-পোহৰৰ মায়াসনা এক বিৰল চিত্ৰপট৷ এক মুহূৰ্তৰ বাবে ভাবিবলৈ বাধ্য হৈছিলোঁ, আমি আচলতে আছোঁ ক'ত? আমিযে মিছিমি পাহাৰে আৱৰি ৰখা এঠাইত, ঘৰৰ পৰা হাজাৰ কিল'মিটাৰ আঁতৰত, একালৰ যুদ্ধস্থলী এখনত, সেই সত্য উপলব্ধি কৰি আচৰিতেই লাগি গৈছিল৷ অলপ দিনৰ আগতে সেয়া আছিল কল্পনা, এতিয়া বাস্তৱ৷ চকুৰ আগত এয়া জীয়া-সত্য৷ কিতাপৰ পৃষ্ঠাত পঢ়া টুকুৰা-টুকুৰ কথা কিছুমান মনলৈ উৰি উৰি আহিছিল৷

চীন-ভাৰত যুদ্ধত টাৱাং যদি পশ্চিম থিয়েটাৰ আছিল, ৱালং আছিল পূবৰ পূব থিয়েটাৰ৷ দুয়ো ঠাইতে চলিছিল তয়াময়া ৰণ৷ দুয়ো ঠাইতে চীনে ভাৰতীয় সেনাক বিধ্বস্ত কৰি পেলাইছিল৷ কুটিল ৰাজনীতিৰ বলিৰ পঠা হৈছিল ভাৰতীয় ৰণুৱাৰ দল৷ অৰ্ধশতিকাতকৈও বেছি পুৰণি সেই ঘাৰ দাগবোৰ এতিয়াও হেনো দেখা যায় ৱালঙৰ যুদ্ধ স্মাৰকত৷ ৰানৱেটোৰ সিটো প্ৰান্তত ৰাস্তাটোৰ সিপাৰে নিশাও সৌৱা ৰঙাকৈ জিলিকি আছে Hut of Remembrance৷ কেপিটেল লেটাৰত বগাকৈ লিখা আছে Lest WE forget৷ ঠিৰাং কৰিলোঁ, ৰাতিপুৱা সোনকালে শুই উঠিম৷ প্ৰথম প্ৰথম তাতেই পদাৰ্পণ কৰিম৷ চেলুট এটা দিম৷ যিসকলে আমাৰ কালিটোৰ বাবে নিজৰ আজিটো বলিদান দিলে সেইসকলক চেলুট জনোৱাটো এটা অৱশ্য-কৰ্তব্য৷

এনে এখন বুৰঞ্জীসমৃদ্ধ ঠাইত সোঁশৰীৰে উপস্থিত হ'ব পৰাৰ ফলত উদ্ৰেক ঘটা বুকুভৰা আনন্দৰ ৰং দেহে-মনে লৈ ধীৰ খোজেৰে ৰুমে ৰুমে সোমালোঁহি৷ পিছদিনাৰ কাৰ্যসূচী ঠিক-ঠাক কৰি ৮.৩০বজাত আমি বিছনাত পৰিলোঁৱেই৷ সঞ্জুকো ক'লোঁ, 'পুৱা সোনকালে উঠিম দেই৷ ওলাই যাম৷ কত কি আছে চাম৷' ইয়াত লোহিত নতুন নহয়, নতুন আমিবোৰহে৷ কাজেই নাতিদূৰৰ নামনিৰে লোহিতখন নিজৰ গতিত বৈ থাকিল, সদায় বৈ থকাৰ দৰেই৷ ঈশ্বৰৰ নাম লৈ এসময়ত সুখনিদ্ৰাত বুৰ গলোঁ৷




পৰৱৰ্তী লেখা :
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
১. ৱালঙত প্ৰাতঃভ্ৰমণ : এটা নৈসৰ্গিক দিনৰ আৰম্ভণি

No comments:

Post a Comment