Sunday, 5 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১১. প্ৰত্যাশাৰ ৱালং



লাহে লাহে চৌপাশ আগুৰিছে ওখ ওখ পাইন গছে৷ পৰিৱেশ শান্ত-সমাহিত৷ পাইনৰ বতাহ শীতল৷ জিৰি-জিৰি শব্দটোও কোমল৷ তাকে সাবটি ধৰি বিশাল পৰ্বতৰ থিয় ঢাল এটাক লৈ এই সৰু ঠাইখন৷ ৱালং৷ প্ৰবল প্ৰত্যাশাৰ ৱালং৷ পৰ্বতৰ এঢলীয়াত লাগি যোৱাকৈ মাজেৰে ৰাস্তাটো৷ ৰাস্তাৰ তললৈ লোহিতখন৷ তাৰ পাৰে পাৰে পেটেলে গাড়ীখন নি আছে ধীৰে ধীৰে৷ অ’ত-ত’ত ঘৰ কিছুমান৷ জনবসতি তেনেই সেৰেঙা৷ ৰাস্তাৰ সোঁকাষে এশাৰী দোকানঘৰ৷ ৱালং জেনেৰেল ষ্ট’ৰ ৱালঙৰ একমাত্ৰ অসামৰিক দোকান বুলি পঢ়িবলৈ পাইছিলোঁ৷ কোনফালে আছে, চাব লাগিব৷ খূদুৱনি আৰম্ভ হৈ গ'ল৷ বাঁওকাষে ওপৰলৈ দেখা গৈছে কেইটামান আওপুৰণি, সৰু জোখৰ ঘৰ৷ থকা ঠাই ঠিক নাই যদিও মনবোৰ থৌকি-বাথৌ লাগিছে৷

দৰাচলতে ৱালং এখন আৰ্মী কেণ্টনমেণ্ট৷ সৈন্য বাহিনীৰ কেম্পবোৰেই যিকোনো প্ৰতিষ্ঠানতকৈ ডাঙৰ ইয়াত৷ গৈ থাকোঁতেই দেখা পাইছোঁ, লোহিতৰ কিনাৰত সিঁচৰতি হৈ আছে সেনাৰ পখৰাৰঙী কোৱাৰ্টাৰ বা বেৰেকবোৰ৷ বিমানঘাটিটোত কাম চলি আছে৷ শুনিছিলোঁ, ওপৰলৈ পৰ্বতৰ বক্ষত আছে গড়কাপ্তানি বিভাগৰ ইন্সপেকচন বাংলোটো৷ শিলৰ খটখটীৰে মূল পথৰ পৰা তালৈ চৰ্ট কাট মাৰি আহ-যাহ কৰিব পাৰি৷ আই.বি.ৰ চোতালৰ পৰা একে সময়তে পৰ্বতৰ হিমশিখৰ আৰু উপত্যকাৰ গভীৰতা পোনপটীয়াকৈ উপভোগ কৰা যায়৷ লোহিতক বুকুত লৈ সৃষ্টি হোৱা দুশাৰী পৰ্বতৰ মাজৰ ঠেক উপত্যকাটোত ফেৰ-ফেৰ কৰে বতাহ বলি থাকে৷ ওখ পাহাৰত লুকাই পৰাৰ ফলত বেলি সোনকালেই অদৃশ্য হয় ইয়াত৷ ফলত আন্ধাৰো সোনকালেই নামি আহে৷ ৱালং যুদ্ধত নিহত যোদ্ধাসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিৱেদনৰ অৰ্থে স্মাৰক হিচাপে ৱালঙত সজা হৈছে Hut of Remembrance৷ এই সুদৃশ্য ৱাৰ মেম’ৰিয়েল বিল্ডিঙৰ ক’লা ক’লা মাৰ্বলৰ ফলকবোৰত লোহিত ভেলীৰ চীনা যুদ্ধত নিহত ছহিদ ভাৰতীয় জোৱানসকলৰ নাম ৰেজিমেণ্টৰ উল্লেখসহ খোদাই কৰি ৰখা হৈছে ভৱিষ্যৎ প্ৰজন্মক দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে৷ সিবিলাকে নিতৌ কৈ থাকে এষাৰ কথা, 'চোৱা, তোমালোকৰ ভৱিষ্যতৰ বাবে আমি আমাৰ বৰ্তমানক বিসৰ্জন দিলোঁ৷' আনহাতে, তথাকথিত বহুসংখ্যক ভাৰতীয়ই চীন-ভাৰত যুদ্ধত ভাৰতীয় সেনাৰ এই আত্মত্যাগ আৰু বেদনাদায়ক ঘটনা-প্ৰৱাহৰ বিষয়ে আজিও সমূলি নাজানে বুলি বদনাম এষাৰো নথকা নহয়৷ অৰুণাচল হিমালয়ৰ দুৰ্গম পৰ্বত শিখৰত প্ৰচণ্ড শীতৰ লগতে অনাহাৰত জৰ্জৰিত দেহা সত্ত্বেও মাতৃভূমিক বিদেশী শত্ৰুৰ হাতত বিনাযুদ্ধে সঁপি দিয়াত অনিচ্ছুক হৈ প্ৰাণ আহুতি দিয়া বীৰ জোৱান ছহিদৰ নাম সময়ৰ এপিটাফত সোণালী আখৰেৰে কাললৈ খোদিত হৈ ৰ’ল৷ সেই কষ্ট আৰু ত্যাগ দৰ্শন কৰিও নীৰৱ কণ্ঠে পৰ্বতৰ ফাঁকেৰে কালনিৰবধি বৈ আছে সেউজ-নীলৰঙী লোহিতখন৷ তাৰ পাৰে পাৰেই এডাল কাৰ্শলা সাপৰ দৰে আগুৱাইছে আমি যাব ধৰা ৰাস্তাটো৷

ৱালঙক ঘেৰি আছে চাৰিওফালে থকা সুউচ্চ পাহাৰবোৰে যাৰ উচ্চতা প্ৰাপ্ত হিচাপ অনুযায়ী ১০,০০০ফুটৰ পৰা ১৬,০০০ফুট৷ আচলতে ৱালং এটা সংকীৰ্ণ উপত্যকা৷ পাহাৰৰ কাষেৰে ধাৱমান লোহিত নৈখনৰ পাৰৰ পৰা পৰ্বতৰ পাদদেশলৈ উপত্যকাটো খুব বেছি আধা কিল’মিটাৰমানমান বহল হ'ব৷ দীঘলে হ'ব কিজানি ৩কিল’মিটাৰ৷ তাৰ বুকুতে সজা হৈছে ৱালং ৰানৱে৷ দাঁতিয়ে দাঁতিয়ে অকোৱা-পকোৱাকৈ কেইটামান মাত্ৰ ৰাস্তা৷ ভাৰতীয় বিমান বাহিনী, সেনা বাহিনীৰ উৰাজাহাজ, ফাইটাৰ প্লেন অৱতৰণৰ উদ্দেশ্যে এই এয়াৰপ’ৰ্ট নিৰ্মাণ কৰি থকা হৈছে৷ তাৰ মানে, কেতিয়াবা সম্ভৱ যদি হয়, ভৱিষ্যতে চীনৰ লগত মূল সম্পৰ্ক ৱালঙতেই হ’ব! ইফালে, অন্য পথৰ তুলনাত তিনিচুকীয়া, ৱালং হৈ চীনলৈ থকা পথটোৱে সহজ পথ৷ বৰফৰ বাধা ইয়াত নাই৷ পূবৰ দুৱাৰ হয়তো এদিন এইফালেই মুকলি হৈ যাব পাৰে! ‘লুক ইষ্ট পলিচী’ৰ কথাবোৰ মনত ভাহি উঠিল৷ দক্ষিণ আৰু পূব এচিয়াৰ দেশবোৰৰ লগত ভাৰতৰ আমদানি-ৰপ্তানি বঢ়োৱা, সাংস্কৃতিক বিনিময় ঘটোৱা আৰু বিশেষকৈ যাতায়াতৰ উন্নয়ন কৰাৰ উদ্দেশ্যে ৯০ৰ দশকতে এই নীতি গ্ৰহণ কৰা হৈছিল৷ উদাৰীকৰণ, ব্যক্তিগতকৰণ, বিশ্বায়নৰ বতাহে বাধ্যবাধকতাবোৰ কমাই পেলোৱাৰ পৰিপ্ৰেক্ষিতত এই ধাৰণাটো গা কৰি উঠিছিল৷

কেন্দ্ৰীয় চৰকাৰে সঘনাই আওৰাই অহা শ্ল’গান ‘পূবলৈ চোৱা নীতি’ৰ পৰিপ্ৰেক্ষিতত পূবৰ বুৰঞ্জীপ্ৰসিদ্ধ ষ্টিলৱেল পথ মুকলি কৰি ম্যানমাৰৰ আৰু চীনৰ সৈতে যোগাযোগ স্থাপন কৰাৰ হকেও অনেক সময়ত অনেকে মাত মাতি আহিছে৷ অসমৰ লিডু-লেখাপানীৰ পৰা ম্যানমাৰৰ মাজেৰে চীনৰ য়ুনান প্ৰদেশৰ কুনমিঙলৈকে বিস্তাৰিত আছিল এই লিড'লাম৷ দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ দ্বাৰা আবদ্ধ চীনা সৈন্যসকলক উদ্ধাৰৰ অৰ্থে মিত্ৰপক্ষৰ মূল শক্তি আমেৰিকাৰ সৈন্য বাহিনীৰ জেনেৰেল যোচেফ ৱাৰেন ষ্টিলৱেলৰ পৰিকল্পনামতে যুদ্ধকালীন তৎপৰতাৰে মাত্ৰ ২বছৰৰ ভিতৰত পথটো সাজি উলিওৱা হৈছিল৷ ইয়াৰ জৰিয়তে মিত্ৰপক্ষই জাপানৰ হাতৰ পৰা চীনাসকলক মুক্ত কৰি দ্বিতীয় মহাযুদ্ধৰ গতিয়েই সলনি কৰি দিছিল৷ অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আংকল ভিনেগাৰ জ'ৰ পথে আজিৰ তাৰিখ পৰ্যন্ত হিচাপ চালে না বাণিজ্য, না পৰ্যটন, কোনো দিশতে সামান্যও পৰিৱৰ্তন আনিব পৰা নাই৷ ষ্টিলৱেল ৰ’ডেৰে ম্যানমাৰ সীমান্তৰ ভিতৰ পৰ্যন্ত যোৱাৰ অভিজ্ঞতা আমাৰ দলৰ আটাইকেইজনৰে ইতিমধ্যে হৈছে৷ তাৰ ভিত্তিত কথাবোৰ এনেকৈ ভাবি পাইছোঁ৷ কিন্তু তাৰ বিপৰীতে মহাসমৰত বিধ্বস্ত হৈ পৰা চীনৰ য়ুনান প্ৰদেশ বৰ্তমান চীনৰ দক্ষিণ দিশৰ বিশ্ব বাণিজ্যৰ কেন্দ্ৰস্থল৷ কুনমিং বিশ্বৰ আগশাৰীৰ এখন নগৰ৷ দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ আন্তৰ্জাতিক সম্পৰ্ক স্থাপনৰ জৰিয়তে ষ্টিলৱেল পথ খোলাৰ পোষকতা কৰি অহা হৈছে যদিও দূৰত্ব হিচাপত এই পথেৰে ভাৰতৰ পৰা চীনলৈ ১,৭৩৬কিল’মিটাৰ৷ আনহাতে কিবিথো হৈ চীনলৈ দূৰত্ব কেইবাগুণো কম৷ উজনি অসমৰ ব্যস্ত ব্যৱসায়িক চহৰ তিনিচুকীয়াৰ পৰা ৪০০কিল’মিটাৰ দূৰতে আছে চীন৷ পূবৰ দুৱাৰ মুকলিৰ প্ৰচেষ্টাটোৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰত খোপনি পোতা এটা আমোলা মহলে নিৰাপত্তাৰ খাতিৰত ষ্টিলৱেল ৰাস্তাটো মুকলি কৰিব নালাগে বুলি চুপাৰিছ কৰা বুলিও মাজে মাজে শুনা পাওঁ৷ ২০০৪চনৰ মে’ মাহত মোদী চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত পূবলৈ চোৱা নীতিৰ নতুন নামকৰণ হ’ল৷ সেই মতে ই হৈ পৰিল ‘এক্ট ইষ্ট পলিচী’৷ উন্নয়নৰ এই প্ৰচেষ্টাত উত্তৰ-পূবক বিশেষভাৱে সংলগ্ন কৰা হৈছে৷ সময়ে ক’ব আমি আজি চকুৰ আগত দেখা দেশৰ এই এমূৰীয়া অঞ্চলটোৱে ভৱিষ্যতে কি ৰূপ লয়৷ অৰুণাচলৰ এই অংশটোৱে তেতিয়ালৈ কেনে ৰূপ লয় ৱালঙলৈ আহি কল্পনা এটা কৰি চাইছোঁ৷ বাস্তৱত সেয়া চাবলৈ আমি হয়তো জীৱন্ত অৱস্থাত নাথাকিমেই!

গিৰিখাত ৱালঙৰ বৈশিষ্ট্য হৈছে ইয়াত চলা প্ৰচণ্ড বতাহবিধ৷ পাইন বনাঞ্চলৰ বাবেই এই বতাহৰ উৎপত্তি৷ উপত্যকাটোত বলা এই বতাহৰ হেনো এটা নিৰ্দিষ্ট টাইমিং আছে! দিনৰ ঠিক ১১বজাত বতাহ আৰম্ভ হয় আৰু সন্ধিয়া ৮বজালৈ চলে! ঘড়ীৰ কাঁটাই মানি চলাৰ দৰে সময় মানি চলে এই জোৰদাৰ বতাহে৷ বতাহৰ প্ৰকৃতি বতৰৰ ওপৰত নিৰ্ভৰশীল৷ আমি ভাল, ৰ’দঘাই বতৰ পাইছোঁ৷ বতাহ আছে যদিও সিমান শক্তিশালী নহয়৷ আমিহে অধিক শক্তিশালী ৰূপত আছোঁ৷ ৰ’দজাক পৰি থকাত আহি ভাল লাগিছে৷ অন্ততঃ বৰষুণৰ সমস্যাটো নাই৷ আৰু সেইটোৱেই আমি বিচাৰোঁ৷ ধৰ্মেনে কোৱাৰ দৰে, বৰষুণ হ'লেইযে চব পণ্ড!





পৰৱৰ্তী লেখা :
১২. ৱালং : প্ৰথম চিন্তা থকা-খোৱাৰ

No comments:

Post a Comment