Friday, 3 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১০. পালোঁহি ৱালং উপত্যকাৰ দুৱাৰমুখ



এফালে ওখ পাহাৰ, আনফালে লোহিত৷ লোহিতৰ সিপাৰেও ওখ পাহাৰ৷ আহি আহি ৱালং উপত্যকাৰ দুৱাৰমুখ চাপিলোঁহি৷ সোঁহাতে তললৈ নৈখনৰ পাৰত ইণ্ডিয়ান আৰ্মীৰ এম্মি‌উনিচন চেণ্টাৰ৷ শাৰী শাৰীকৈ অকণি অকণি ঘৰবোৰ৷ ৰঙা-সেউজীয়া আঁক-বাক৷ সেইখিনিতে পাহাৰৰ পৰা খহি অহা ডাঙৰ ডাঙৰ ব’ল্ডাৰে আমাক বাট ভেটি ধৰিলে৷ পূবৰ পথটোৰ এয়া এটা সুলভ দৃশ্য, নিয়মীয়া ঘটনা! আগৰকেইবাৰৰ দৰে এইবাৰো ভাগ্য ভাল যে ৰাস্তালৈ অহা ৰ’লিং ষ্ট’ন কাষলৈ ঠেলি আছে এখন ডাঙৰ এক্সকেভেটৰে৷ আমাৰ গাড়ীখন দেখা পাই দূৰতেই ৰ’বলৈ ইংগিত দিলে৷ অনেক জল্পনা-কল্পনা মনত লৈ কিছু সময় ৰৈ দিব লগা হ’ল৷ সেই সুযোগতে ৱালং উপত্যকাৰ প্ৰৱেশ দ্বাৰসদৃশ পৰিৱেশটোত ভালকৈ মনোনিৱেশ কৰিব ধৰিলোঁ৷

পৰ্বতৰ ঢাল এটাত তলৰ পৰা ওপৰলৈ শাৰীকৈ থকা সৰল গছ কেইজোপামান৷ আকাশৰ বুকুত গছকেইডালৰ অৱস্থানটো এনে লাগিল যেন সৈন্য বাহিনীৰ এটা প্লাটুনহে শাৰী পাতি গৈ আছে ওপৰলৈ৷ প্ৰাকৃতিক সৌন্দৰ্যৰ অপৰূপ দানেৰে পৰিৱেষ্টিত আচল ৱালংখন কেতিয়া দেখিম, য়াপাক হাইডেল কেতিয়া পাম, ৱালং এয়াৰ ষ্ট্ৰিপ কোনফালে হ’ব, অদমনীয় কৌতূহলবোৰেও নিবৃত্তি বিচাৰি সেইকণ সময়তে মগজুত তাল-ফাল লগালেহি৷

ইংৰাজী ভি আখৰটোৰ দৰে ভূখণ্ড এটা সন্মুখত লৈ ৰৈ আছোঁ আমি৷ শেষ হৈ আহিছে ভাৰতৰ মাটি৷আচলতে ভাৰত ভূভাগৰ শেষ গাঁওখন হৈছে কাহো৷ ইয়াৰ পৰা এঘণ্টামান যাব লাগিব৷ তাৰ সিটো পাৰেই চীন দেশ৷ ৰঙা চীন৷ চৌ এন লাই, মাও চে টুঙৰ চীন৷ হাতত থকা হিচাপমতে ৱালঙৰ পৰা বতাহত কাহো সীমান্তলৈ প্ৰায় ২০কিল’মিটাৰ৷ আনহাতে যি পথ-সমাপ্তিত আমি চূড়ান্ত ৰূপত ৰ’মগৈ বুলি ভাবি আহিছোঁ, সেইফালেৰেই মেকমোহন লাইন পাৰ হৈ এদিন সোমাই আহিছিল সুসজ্জিত চীনা সেনানী৷ ক’ৰবাত পঢ়িছিলোঁ, ৫০জনীয়া সৈনিকৰ এটা প্লাটুন লৈ দুজন সেনা বিষয়া আগ বাঢ়ি আহিছিল৷ চীনাৰ যুদ্ধংদেহী কুচকাৱাজ দেখি ৱালঙত অসম ৰাইফলছ আৰু কুমাওঁ ৰেজিমেণ্টত লাগিছিল হুৱাদুৱা৷ লোহিত উপত্যকাৰ নীৰৱতা ভংগ কৰি শুনিবলৈ পোৱা গৈছিল মৰ্টাৰ আৰু মেছিনগানৰ পৰা নিৰ্গত বাৰুদৰ খট্‌ খট্‌ থাঁই থাঁই শব্দ৷ সেয়া ২২অক্টোবৰ ১৯৬২ৰ মধ্যনিশাৰ কথা৷ মোৰ জন্মৰ প্ৰায় ৪বছৰৰ আগৰ সঁচা ঘটনা৷ আজিৰ তাৰিখটো হ’লগৈ ১২এপ্ৰিল ২০১৫৷ তেতিয়াৰে পৰা এতিয়ালৈকে লোহিতৰ বুকুৱেদি বহুত পানী বাগৰিল৷ ইতিহাসৰ একমাত্ৰ সাক্ষী হৈ ৰ'ল বোৱঁতী লোহিত আৰু তাৰ দুপাৰৰ মিছিমি হিল্‌ছ৷ আমি এতিয়া এই দুই সাক্ষীক মুখৰ আগত লৈ অপেক্ষা কৰিছোঁ এক্সকেভেটৰখনৰ পৰা অহা গ্ৰীণ চিগনেললৈ৷

১৯৬২ৰ যুদ্ধভূমি ৱালং আজি আঞ্জাৱ জিলাৰ এখন গুৰুত্বপূর্ণ প্ৰশাসনীয় ঠাই৷ ৱালং চাৰ্কোলৰ হেড-কোৱাৰ্টাৰ৷ মিছিমি দোৱানত ৱালং শব্দৰ মানেটো হৈছে a place full of bamboos৷ বুৎপত্তিগত অৰ্থ, বাঁহনিৰ ঠাই৷ বাঁহক কোৱা হয় the poor man's timber৷ আমাৰ ভাষাত কয়, যাৰ নাই বাঁহ, তাৰ নাই সাহ৷ কিন্তু, এইদিশে যিমানেই আগ বাঢ়ি আহিছোঁ, বাঁহগছ পিছে এৰাধৰাকৈহে পাইছোঁ৷ বাঁহতকৈ পাইন গছৰহে আধিক্য লক্ষ্য কৰিছোঁ৷ আগতে সৰহকৈ আছিল চাগৈ৷ সেয়ে মানুহৰ সাহো আছিল বিদেশীৰ বিপক্ষে যুঁজ দিবলৈ! এতিয়া বাঁহো নাই, যুঁজো নাই!

ৱালং উপত্যকাটোৰ অৱস্থান লোহিতৰ পশ্চিম পাৰে৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ গড় উচ্চতা ১,০৯৪মিটাৰ৷ তেজুৰ পৰা দূৰত্ব ২০০কিল’মিটাৰমানেই হ’ব৷ তেজুলৈ ইয়াৰ পৰা বাছ চলে বুলি শুনিছিলোঁ৷ পিছে বাছৰ ব-টোও দেখা নাপালোঁচোন আমি অহাৰ বাটত৷ যাত্ৰীবাহী তথা মালবাহী টাটা চুম’ গাড়ীহে লগ পাইছিলোঁ৷ হায়ুলিয়াং হৈ তেজুলৈ ৱালঙৰ পৰা চুম’ চলে৷ সাধাৰণ মানুহৰ কাৰণে সেয়াই একমাত্ৰ ৰাজহুৱা পৰিৱহণ ব্যৱস্থা৷ সৰু ট্ৰাক দুখন পাইছিলোঁ কমলা দিদিৰ তাত চাহ খাবলৈ সোমাওঁতেই৷ ড্ৰাইভাৰ-হেণ্ডিমেনকেইটাই মিলি তাতে বিয়েৰ খোৱাৰ যো-জা চলাইছিল৷ গপগপাই সোমাই যোৱা আমাৰ দলটোক দেখি আবকাৰী ডিপাৰ্টমেণ্টৰ মানুহ বুলিয়ে চাগৈ অলপ পাছতে ফৰিংছিটিকা দিলে! গাড়ী ষ্টাৰ্ট দি কোন তলকতনো সিহঁতকেইটা অন্তৰ্ধান হ’ল ধৰিবই পৰা নগ'ল৷ কথাটো উলিয়াই অনিলদাই যাত্ৰাকালত বেচ ৰগৰ তুলিছিল৷ কমলা দিদিয়ে ক'বৰ দৰে 'কানি ত'ৰনেৱালা পুলিচ' বুলি ভাবি সেইকেইটাৰো তত হেৰাল!

ভাৰতৰ মেপখনত উত্তৰ-পূবৰ ফালে চালে যিডোখৰ ঠাইত ভাৰত, ম্যানমাৰ আৰু চীনৰ সীমা মিলিত হৈছে তাৰ ঠিক পশ্চিমতেই ৱালং৷ অতীতে কয়, সীমাৰ সিপাৰে চীনৰ মাটিত এসময়ত আছিল ৰিমা৷ ভাৰত-চীন সীমান্তৰ পৰা প্ৰায় ৪০-৪৫কিল’মিটাৰ দূৰত এই মজলীয়া চহৰখন৷ স্বাধীনতাৰ আগতে অহা পৰিব্ৰাজকসকলে সেই বিষয়ে লিখিছিল৷ ১৯৫০চনৰ আগলৈকে লোহিতৰ পাৰৰ মিছিমিসকলৰ কাৰণে শদিয়া আৰু ৰিমা আছিল দুয়োমূৰৰ দুখন প্ৰধান ঠাই৷ কেনেকৈযে সেই কালত যাতায়াত সম্ভৱ হৈছিল সেই ভাবি এতিয়া চিন্তাত হাবুডুবু খাইছোঁ৷ নতুন সহস্ৰাব্দত প্ৰৱেশৰ ইমান বছৰৰ পিছতো এতিয়াও দেখোন পথ সুগম নহয়৷ আৰু তেতিয়া! অংকটো মিলাবলৈকে টানচোন! আজিৰ তাৰিখতো আহ-যাহ সীমিত৷ এই মুহূৰ্তত আমাৰ দৰে অন্য কোনো পৰ্যটকক দেখাও পোৱা নাই, লগো পোৱা নাই৷ চিভিলিয়ান মানুহৰ এইফালে তিমান আহ-যাহযে নাই নিজে নিজে নিজেই প্ৰমাণ পোৱাৰ পিছত পূৰ্বকথিত এই বাক্যটো বিশ্বাস কৰি ল'বলৈ মন গৈছে৷

সামৰিক বুৰঞ্জীয়ে কয়, ১৯৫৯চন পৰ্যন্ত ৱালং আছাম ৰাইফলছৰ অধীনস্থ আছিল৷ তাৰ পিছত ভাৰতীয় সেনাৰ নিয়ন্ত্ৰণলৈ যায়৷ ১৯৫৯চনত ৫ ইনফেণ্ট্ৰী ব্ৰিগেড, ১৯৬১ত ২ ৰাজপুত, ১৯৬২ত ৬ কুমাওঁ ৱালঙৰ নিৰাপত্তাৰ দায়িত্বত আছিল৷ ৱালং মানে তেতিয়া আছিল ভাৰতীয় সৈন্য বাহিনীৰ কেম্প আৰু বৰ বেছি ২০ঘৰমান জনজাতীয় মানুহ৷ মূল সীমান্তত আছাম ৰাইফলছ৷ ৱালং ছেক্টৰত ৬ কুমাওঁ ৰেজিমেণ্ট৷ নিজৰ সুবিধাৰ কাৰণে সামৰিক বাহিনীয়ে বৃহত্তৰ ৱালং অঞ্চলটোক তিনিটা ছেক্টৰত ভাগ কৰিছিল৷ দিবাং উপত্যকা, ৱালং আৰু কিবিথো৷ এই ৱালঙেই আছিল ভাৰত-চীন যুঁজৰ অন্যতম তথা দ্বিতীয়খন মূল যুদ্ধক্ষেত্ৰ৷ আকছাই চীন, টাৱাং, ৱালং৷ তিনি ঠাইত একেলগে যুদ্ধ আৰম্ভ হৈছিল৷ টাৱাঙৰ পৰা ৬০কিল'মিটাৰ দক্ষিণ-পশ্চিমে কামেং সীমান্তত অৱস্থিত ঢলা চকী আছিল ১৯৬২ৰ চীন-ভাৰত যুদ্ধৰ স্পাৰ্কিং পইণ্ট৷ ১০অক্টোবৰৰ পৰা ১৬নৱেম্বৰ পৰ্যন্ত যুঁজখন লাগিছিল৷ অৰুণাচলত পঢ়ি থকা দিনতে কৌতূহলী মনেৰে টাৱাং, ব'মডিলা পাইছিলোঁগৈ এতিয়াৰ পৰা ২৪বছৰৰ আগেয়ে৷ চীনা আহি ব'মডিলা পাইছিলহি তাৰ বহু আগেয়ে৷ খালী হৈ পৰিছিল অসমৰ তেজপুৰ চহৰ৷ মানুহবোৰে প্ৰাণ লৈ পলাইছিল৷ টকা-পইচা পুখুৰীত দলিয়াইছিল৷ এইবোৰ আমি শুনা কথা৷ আনহাতে বহু আগতেই ভবা হৈছিল যদিও লোহিত সীমান্ত, চীনা যুদ্ধৰ 'ছেকেণ্ড থিয়েটাৰ' চাবলৈ আহি আহি এতিয়াহে, ২০১৫ৰ ১২এপ্ৰিলতহে ৱালং পাওঁ পাওঁ হৈছোঁ৷ জোতাত তেনেকৈয়ে লেখা আছিল!

পৰ্যাপ্ত অস্ত্ৰ আৰু বল অবিহনেই স্বদেশৰ ভূমিৰ কাৰণে প্ৰতিৰোধ আগ বঢ়াই বৰফে হাড় কঁপোৱা জাৰত ভোক-পিয়াহত আতুৰ ভাৰতীয় সৈন্য বাহিনীৰ শত-সহস্ৰ নিৰ্ভীক আৰু দেশপ্ৰেমী জোৱানে উন্নত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত বিপক্ষ চীনা সৈনিকৰ হাতত দুখ লগাকৈ প্ৰাণ বলিদান দিছিল উত্তৰ-পূবৰ অন্তিম পূবত, ৱালং সমৰত৷ সেয়া সকলোৰে বাবে এতিয়া ইতিহাস৷ সেই ইতিহাসে কিমানক কি ধৰণে প্ৰোৎসাহন যোগায়, চিন্তাক জোকাৰি থাকে নাজানো৷ আমি কিন্তু বলিয়া হৈছিলোঁ এই ঠাই চাবলৈ৷ অৰুণদাই উচ্চাৰণ কৰিছিল মাত্ৰ এটা শব্দ... কিবিথো৷ তাতেই লুকাই আছিল এই চবকিছু৷ এতিয়া বুজিছোঁ, যুদ্ধৰ শিহৰণ আছে যদিও এই পথত যাত্ৰা কৰাটো বৰ সহজ নহয়৷ এই শিহৰণ আগলৈ নিশ্চয় কোনো গুণে কম নহ’ব৷ দিগন্তত দেখা পাই থকা ছবিখনেই সেইটো ঘোষণা কৰি আছে৷

অঞ্চলটোৰ বিষয়ে আমাৰ ধাৰণা আগতে সিমান পৰিষ্কাৰ নাছিল৷ দৰাচলতে ভ্ৰমণটোৰ অচিলাতে বিভিন্নখন কিতাপ আৰু ইণ্টাৰনেটত পঢ়িহে কথা কিছুমান সৌ সিদিনাখন মাত্ৰ জানিছোঁ৷ বহুত কথা এতিয়াও নজনাকৈয়ে ৰৈছে৷ এলেকাটোত সোঁশৰীৰে উপস্থিত হৈ আৰ্মীৰ এম্মিউনিচন চেণ্টাৰটো কাষত পাই এতিয়া ধৰি লৈছোঁ যে এইবোৰেই সেই বিখ্যাত যুদ্ধখন চলা অঞ্চলবিশেষ হ'ব৷ বহু কথা লুকাই আছে ৱালঙৰ পৃষ্ঠপটত৷ বহু অনুৰণন সাৱটি আছে এই পাহাৰবোৰে, সৌ নৈখনে৷ হয়তো এতিয়াও আছে কাহানিও নেমেলা পৃষ্ঠা! ১৯৬২চনৰ চীন-ভাৰত সমৰৰ থলী হিচাপে এই স্থানৰ ঐতিহাসিক আৰু সামৰিক উভয় দিশতে গুৰুত্ব তথা মৰ্যাদা আছে৷ বুৰঞ্জীপ্ৰসিদ্ধ এনেহেন ভূমিত উপস্থিত হ’বলৈ পাই আজি আমাৰ নিজকে বৰ সুখী সুখী লাগিছে৷ সৈনিকৰ ৰূপত নহয়, তেনেই সাধাৰণ পৰ্যটকৰ ৰূপত আমি ঘটনাস্থলীলৈ আহিছোঁ৷

ভাবনাত মজি থাকোঁতেই ৰাস্তাটো মুকলি হ’ল৷ পেটেলে গিয়েৰ সলালে৷ গাড়ী আগুৱাই গ’ল৷ আগত এটা কেঁকুৰি৷ তাতে সোঁহাতে নিৰ্মাণৰত ডাঙৰ দলং এখন৷ নৈ এখন বৈ আছে, কনষ্ট্ৰাকচনৰ কাম চলি আছে৷ এয়াই নেকি য়াপাক হাইডেল? গাড়ীখন ৰখাবলৈ দি গেটত সুধিলোঁ৷ তলফালে থকা ৰঙা টিনৰ ঘৰ এটালৈ আঙুলিয়ালে৷ দৌৰ মাৰিলোঁ সেইফালে৷ কিন্তু মিছা হ’ল৷ যাক বিচাৰি গৈছিলোঁ তেওঁক নাপালোঁ৷ ধৰ্মেনে পুৱা ফোনতে কোৱা ৰায় চাহাবৰ খবৰ লৈ জানিলোঁ যে দুদিন ধৰি তেওঁ চাইটলৈ অহাই নাই৷ কি হ’ব এতিয়া? ক’ত থাকিম? ক’লৈ যাম? আকৌ অনিশ্চয়তা৷ যি হয় হ’ব বুলি গাড়ীত বহিলোঁহি৷ অৰুণদাক চিন্তিত যেন দেখা গ'ল৷

বৃহৎ টাৰ্নিংটো লৈ আগলৈ আহিয়ে চকু থৰ হোৱাৰ পাল, উত্তেজিত হোৱাৰ পাল৷ সন্মুখত বিশাল এয়াৰ ষ্ট্ৰিপটো! কেইদিনমানৰ পৰিসৰতে একেবাৰে চিনাকি হৈ পৰা এখন ছবি৷ ইয়াৰ ফটোগ্ৰাফখনেই অৰুণদাই মোক দিয়া ‘নৰ্থ ইষ্ট ট্ৰেভেল গাইড’খনত কিবিথো পৃষ্ঠাটোত সন্নিৱিষ্ট কৰা হৈছিল৷ আজি ভালেমান দিন ধৰি সেইখনৰ পাত লুটিয়াওঁতে লুটিয়াওঁতে চিত্ৰখন ইমানেই চিনাকি হৈ পৰিছিল যে এতিয়া কোনেও নক’লেও প্ৰথম দৰ্শনতে বুকুত হাত থৈ কৈ দিব পাৰিছোঁ যে এইটো ৱালং এয়াৰ ষ্ট্ৰিপ৷ হাণ্ড্ৰেড পাৰ্চেণ্ট খাটাং৷ ন' ডাউড এবাউট ইট৷ পিছত বুজি পালোঁ যে নিৰাপত্তাজনিত কাৰণত কিবিথোত ফটো তোলা নিষেধ৷ সেয়ে ৱালং ৰানৱেৰ ছবিখনকে পুস্তিকাখনত সংলগ্ন কৰিবলগীয়া হৈছে৷ এতিয়া তাকে সন্মুখত ৰাখি আমাৰ গাড়ীখন আগুৱাব লাগিছে৷ ভাবি আছোঁ, প্ৰথমে ক'ত খবৰ ল'ম, কাক সুধিম? থকা-মেলাটো কি হ'ব?











পৰৱৰ্তী লেখা :
১১. প্ৰত্যাশাৰ ৱালং

No comments:

Post a Comment