Wednesday, 8 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
১. ৱালঙত প্ৰাতঃভ্ৰমণ : এটা নৈসৰ্গিক দিনৰ আৰম্ভণি



পুৱা ৪.০০বজাতে চকু মেল খালে৷ অভ্যাসটোৱেই তেনেকুৱা৷ ঘৰত, খুপাত, ৱালঙত, য’তেই নাথাকোঁ কিয়৷ তদুপৰি, বিৰাজমান উত্তেজনা আৰু কৌতূহলেও যেন শুই থাকিবলৈ নিদিলে! গাৰুৰ পৰা মূৰ নোতোলোঁতেই লোহিতৰ হৰ্‌হৰণিটো চিধাই কাণত বাজিল৷ শিতানৰ খিৰিকীখনৰ আইনাৰ মাজেৰে বাহিৰখন চালোঁ৷ পোহৰ ভালকৈ হোৱাই নাই৷ বেলিটোৱে কেতিয়া দেখা দিব অনুমান কৰা টান৷ কাৰণ কালি আবেলিয়ে লক্ষ্য কৰিছিলোঁ, পূবদিশে সুউচ্চ পাহাৰ৷ গতিকে সূৰ্যটো আহি পাওঁতে দেৰিযে হ’ব সেয়া খাটাং৷ পিছফালৰ কমলা টেঙাৰ গছকেইজোপাৰ ফাঁকেৰে তলত ৰানৱেটো দেখা গৈছে৷ এজাকমান জন্তুৱে তাত দৌৰা-দৌৰি কৰি আছে৷ বোধহয় কুকুৰ৷ সিহঁতৰো টোপনি ভাগিল তাৰমানে! সোঁহাতলৈ দৃষ্টিত ধৰা পৰিছে লোহিতখনৰ একাংশও৷ ৰুমমেত সঞ্জুৰ তেতিয়ালৈ সাৰ-সুৰেই নাই৷ বিগত দুটা ৰাতিৰ দৰে যোৱাৰাতি হেলিকাপ্তাৰ চলাইছিল যদিও গম নাপালোঁ৷ কাৰণ বিছনাত পৰাৰ লগে লগে মোৰো গভীৰ টোপনি৷

টুথব্ৰাছডালত পে’ষ্ট অকণমান লগাই থাকোঁতেই বাহিৰখন চোৱাৰ প্ৰৱণতা এটাই ভিতৰি ক্ৰিয়া কৰিলেহি৷ আমি থকা কোঠা ‘নামতি লজ’ৰ হুকটো খুলি এপতীয়া দুৱাৰখন ভিতৰৰ ফালে টানি দিলোঁ৷ কেৰেচকৈ শব্দ এটা ওলাল৷ এটা যেন ভৌতিক শব্দ! হাইস্কুলীয়া ছাত্ৰাৱস্থাত 'বিস্ময়', 'ৰহস্য', 'ত্ৰিশূল', 'শিহৰণ', 'তৃষ্ণাতুৰ' আদিৰ পাতত গল্প কিছুমান পঢ়িছিলোঁ৷ উপজীব্য আছিল আই.বি.ৰ ৰুমত ভূত ওলোৱা, অশৰীৰী আত্মাৰ কাণ্ড-কাৰখানা, এখন নোমাল হাত ইত্যাদি ইত্যাদি৷ অলপধতুৱা আছিলোঁ গুণে সাজি সাজি লিখা সেই মিছা কাহিনীবোৰকে লৈ তেতিয়া অসম্ভৱ ভয় খাইছিলোঁ৷ পিছত বুজি পোৱা হ’লোঁ, সাহসী হ’লোঁ৷ তেনেকুৱা কথাবোৰে, গল্পৰ নামত লিখা মিথ্যাভৰা লেখাবোৰে মুঠেও লৰাব নোৱাৰে এতিয়া৷ তাতে আমি হ’লোঁ সত্যসন্ধানী৷ সত্যৰ পিছ খেদি মধ্যনিশাও চিভিল হস্পিতালত ভূত বিচাৰি যোৱাৰ ৰেকৰ্ড আছে৷ সত্যক বিচাৰিয়েই যাত্ৰা কৰি আছোঁ কিবিথোলৈ৷ এই দুৰ্গম বাটতো একেটাই কথা৷ সাহসেই সিদ্ধি৷

কোনো দিনে তেল-গ্ৰীজৰ পৰশ নোপোৱা কব্জাযোৰৰ পৰা ওলোৱা সেই ভৌতিক আৱাজে কাজেই মনটোৰ ওপৰত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে৷ চিধাই গৈ পিছফালেৰে বাহিৰলৈ ওলোৱা একমাত্ৰ দৰজাখনো বহলকৈ মেলি দিলোঁগৈ৷ সেমেকা বতাহ এচাটি লগে লগেই সোমাই আহিল আৰু দেহে-মনে খুন্দিয়ালে৷ লগে লগে পৰ্দাখনেও নাচিবলৈ আৰম্ভ কৰিলে৷ ৱালঙৰ মায়াৱী বতাহ! তাৰ লগতে পাইনৰ সোঁ-সোঁৱনি এটাও শুনা পাইছোঁ৷

দৰজামুখত থকা বাৰাণ্ডাখনতে আৰম্ভ হৈছে ষ্টেপটো৷ ক্রমান্বয়ে তললৈ নামি গৈছে৷ পৰিৱেশটো চাওঁচোন বুলি এখোজ দুখোজকৈ নামি আহিলোঁ৷ আই.বি.ৰ তলফালেৰে পূবৰ পৰা পশ্চিমলৈ ধাৱমান লোহিতৰ খল্‌খলনি৷ ফেৰ্‌ফেৰীয়া বতাহ৷ তাৰ বাদে কেউফালে নিস্তব্ধতা৷ চৌপাশে চকু ঘূৰালোঁ৷ আকাশত অলপ ডাৱৰ, অলপ পোহৰৰ এক অভিনৱ সংযোজনা৷ ধ্যানমগ্ন মৌন-গম্ভীৰ গছ-গছনিয়ে দিনটোৰ বাবে যেন আদৰণি জনালে!  ৱালঙক ঘেৰি ৰখা পৰ্বতৰ ওখবোৰত জিলিকি আছে শুভ্ৰ বৰফ৷ ডিচেম্বৰ-জানুৱাৰীত কি অৱস্থা হ'ব বাৰু! চিন্তা কৰিলোঁ৷

কাঠৰ আই.বি.টোৰ জেগাখিনি মোৰ খুব পছন্দ হৈছে৷ এইটো ঘৰ কাঠৰ৷ অকণমান আঁতৰৰটো পকী, ভি.আই.পি.ৰ কাৰণে সজা৷ মনটোৱে কৈ উঠিল, আমাৰটোৱেই ভাল, পাইন কাঠৰ৷ থাকিও ভাল লাগিছে৷ গভীৰ প্ৰশান্তিৰ এক বাতাবৰণ৷ কৃষ্ণই কৈছিল, ‘২৫বছৰমান হ’ল এই ঘৰটোৰ৷’ পাৰদৰ্শী বাঢ়ৈৰ পৰশ স্পষ্ট৷ তক্তাবোৰ কেনেকৈ খাপে খাপে জোৰা দিছে সূক্ষ্মভাৱে কিছু পৰ মন কৰিলোঁ৷ বাতামবোৰ গছৰ ডাল একোটা৷ গজাল মাৰিবলগীয়াফালে ৰাণ্ডা মৰা৷ খুঁটাবোৰ গোলাকাৰ৷ ওপৰত টিনপাত৷ সেউজীয়াৰ মাজত থকা ঘৰটোৰ ৰঙো সেউজীয়া৷ ৰুম মাত্ৰ দুটা হ’লেও বেচ ডাঙৰ ডাঙৰ৷ দুখনকৈ বিছনা ৰাখিছে যদিও আৰু দুখনকৈ আৰামত পাতিব পাৰি৷ ছিটিং কাম ডাইনিং ৰুমটোও কম ডাঙৰনে? মোৰ বেগত লৈ যোৱা 'টীম কাৰবি আংলং পুলিচ'ৰ কেলেণ্ডাৰ এখন কালিয়েই তাত গজাল এটা বিচাৰি ওলোমাই থৈছোঁ যাতে অন্যান্য আগমনকাৰীয়ে গম পায়, ইয়াত অসমৰ কাৰবি আংলঙৰ মানুহ আহিছে বুলি৷ তাতে আকৌ জুলাই মাহটোত ওলাব মোৰ ফটোগ্ৰাফখন!

আই.বি.টোত বিদ্যুৎ আৰু পানীৰ সুব্যৱস্থা আছে৷ ৱালঙত এই দুটা কথা ভাল বুলিব পাৰি৷ এই বিষয়ে কালি আমাৰ আলোচনাতো ওলাইছিল৷ দেউকণ গগৈয়ে জনাইছিল, ‘খৰস্ৰোতা নদীক সাৰথি কৰি ঠায়ে ঠায়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ পাৱাৰৰ জৰিয়তে হাইডেল প্ৰজেক্ট কিছুমান বহুওৱা হৈছে৷ তাৰ পৰাই স্থানীয়ভাৱে প্ৰয়োজন হোৱা বিজুলী শক্তি উৎপাদন কৰি লোৱা হয়৷ সেই গতিকে টুৱেণ্টি ফ’ৰ আৱাৰ্চ কাৰেণ্ট৷ নৈৰ পানীয়ে অৱশ্যে মাজে মাজে বৰ অঘটন ঘটায়৷ আপোনালোকে আহোঁতে বাটত ক'ৰবাত প্ৰজেক্ট ধুই লৈ যোৱা দেখা নোপোৱাকৈ থকা নাই চাগৈ!’ শেষৰ বাক্যটো ময়ো শলাগিছিলোঁ৷ কাৰণ অহাৰ বাটত আমি তেনে ধ্বংসাৱশেষ দেখি আহিছোঁ৷ দেখি আচৰিতো হৈছোঁ৷ বহু বছৰৰ আগতে পঢ়া শক্তি খণ্ডৰ এক সমীক্ষাত পোৱা মনত আছে যে দেশৰ ভিতৰত জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা সবাতোকৈ বেছি অৰুণাচল প্ৰদেশতে৷ বিদ্যুৎ বিক্রি কৰিয়েই অৰুণাচলে প্ৰগতিৰ সোপান ৰচনা কৰিব পাৰে৷ ভিতৰুৱা অঞ্চলবোৰৰ ঔদ্যোগিক বিকাশ সাধন ইয়াৰ জৰিয়তেই সম্ভৱ৷ আনহাতে, দ্বিতীয়টো ক্ষেত্ৰ হৈছে পৰ্যটন৷ প্ৰকৃতি-সংস্কৃতি-ক্ৰীড়া-স্বাস্থ্য-কৃষি বিষয়ক পৰ্যটন, শিক্ষা-সংহতি-আনন্দ-পৰিৱেশ-ধৰ্ম সম্পৰ্কীয় পৰ্যটনৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ সাধন কৰিব লাগিব৷ এইকেইদিন এইমুৱাকৈ নিজে পৰ্যটন কৰি যি দেখা পাইছোঁ, তাৰ ভিত্তিতে এইষাৰ বুকুত হাত থৈ ক’ব পাৰোঁ৷ কথা হ'ল এইবিলাকৰ বাস্তৱভিত্তিক সুপ্ৰয়োগ হ'ব কেতিয়া? সময়ে ক'ব৷

ষ্টেপটোৰ দুকাষে মুঠতে ৯জোপা কমলা গছ৷ ফল আছেনে নাই ধৰিব পৰা নাই অথোন৷ জাৰ এটাতে ভিতৰৰ পৰা পানী আনি সেইখিনিতে প্ৰথমে মুখখন ধুলোঁ৷ পানী অতিপাত চেঁচা৷ কাটি নিয়া যেন লাগিল৷ 'গংগা... পানী ঠাণ্ডা হ্যায়'৷ 'ৰাম তেৰী গংগা মৈলী' ফিল্মৰ ডায়লগটো মনলৈ আহিল৷ অকলে অকলেই হাঁহিলোঁ অলপমান৷ খুপাৰ পিছৰে পৰা অনিলদা আৰু মোৰ মাজত পানীৰ প্ৰসংগ ওলালেই এই ডায়লগটোৰে বিমল হাস্যৰসৰ সৃষ্টি হৈ আহিছে৷ অনিলদালৈ মনত পৰিল৷ তেওঁ এতিয়া সুখনিদ্ৰাত৷ ৱালঙত উপস্থিত হ'ব পৰাৰ সুখত বন্দী৷

প্ৰাতঃকৰ্মকণ কৰি অঁতাই ২১৮টা ষ্টেপ নামি অকলেই তলৰ মূলপথটোত উপস্থিত হ’লোঁগৈ৷ সোঁহাতে ঘূৰি আগলৈ গৈ আছোঁ৷ অদূৰত আচম্বিতে দেখা দিলে ডাঙৰ-সৰু মিলাই এজাক কুকুৰে! ১৫টাৰ কম নহ'ব৷ অথনি ৰানৱেত দেখা পালটোৱেই চাগৈ! অচিনাকি পথিক দেখি দূৰৰ পৰাই তাৰে দুই-এটাই স্বভাৱসুলভ ভুকভুকনি আৰম্ভ কৰিছিলেই৷ এনেয়ে কুকুৰ বুলিলে সাতজাঁপ! বিনাকথাত এবাৰ কামোৰ খোৱাৰ পিছত ভাল চকুৰে চাওঁ কেনেকৈ?  সিহঁতক নোপোৱালৈকে নিজকে নিৰাপদ সীমাৰ ভিতৰত ৰাখি আৰু কেইখোজমান গ’লোঁ৷ কুকুৰজাকৰ কোৰাচটো চৰিবলৈ লৈছিল৷ আনহাতে, ময়ো জানো যে সাৱধানীৰ বিপদ নাই৷ হেনজানি সিহঁতজাকক বাগি দি কেঁকুৰিটোৰ ওচৰৰ পৰাই পিছমুৱা হ’লোঁ৷ খটখটী বগাই একেবাৰে আই.বি.ৰ বাৰাণ্ডাত উঠিলোঁহি৷ দুটামান আগ বাঢ়ি আহিছিল যদিও নোৱাৰিলে৷ মোৰ ইফালে ঠাণ্ডা সত্ত্বেও ঘাম ওলাল৷

ৰুমত সোমাই দেখোঁ যে সঞ্জু উঠিছে৷ আনটো কোঠাত নিদ্ৰামগ্ন অৰুণদা-অনিলদাহঁতৰ খবৰেই নাই৷ বেছ শুইছে৷ ঘৰত দেৰিলৈকে শোৱাৰ মজাটো ইয়াতো নিৰ্বিঘ্নে আৰু পূৰাদমে লুটিছে৷ কোনো ডিষ্টাৰ্ব নাইযে! টোপনি ভাঙিবলৈ ঘৈণীও নাই, কাৰো ফোনকলো আহিবলৈ নাই! পাহাৰীয়া যাত্ৰাই দেহাত ভাগৰ তুলিবও পাৰে অৱশ্যে৷ অলপ পাছতে সঞ্জু সাজু হৈ ওলাল৷ হাতত কেমেৰা৷ কাকো একো নকৈ দুয়ো চুপচাপ ওলাই গুচি গলোঁ, কৌতূহল এবুকু এবুকু লৈ৷

আই.বি. পৰা ওলাই অহা ঠেক, পকী ৰাস্তাটোতে বাওঁহাতে সৰুকৈ এটা মন্দিৰ৷ সঞ্জুৱে পোনতে তালৈ উঠি গ'ল৷ সেৱা এটা কাঢ়ি আহিলগৈ৷ তাৰ পিছত দুয়ো ৱাৰ মেমৰিয়েললৈ লক্ষ্য কৰি খোজ কাঢ়িব ধৰিলোঁ৷ সন্মুখৰ পাহাৰৰ ওপৰৰ পৰা বালিমাটিৰ ৰাস্তাটোৰে হৈ-হাল্লা কৰি ৮জনী ছোৱালী নামি আহিছে৷ কৰ পৰা ওলাল এই অৰুণাচলীকেইজনী? এজনীৰ হাতত আকৌ এখন ক্রিকেট বেট! ৰাতিপুৱা পঢ়া টেবুল এৰি কি বেপাৰ ইহঁতৰ? বোধ হয় খেলিবলৈ যাব ওচৰৰে কৰবাত৷ দেশৰ পূব প্ৰান্তৰ নিবাসী ইহঁতবোৰো ক্রিকেটৰ বৰ ভক্তচোন! আমোদ পালোঁ, সিহঁতৰ ক্রিকেটাৰ ক্রিকেটাৰ লগা চাল-চলনবোৰলৈ চাই৷ ওচৰতে নিশ্চয় ফিল্ড আছে৷ মিছিমি-মেয়ৰ ছোৱালীজাকৰ ক্রিকেটৰ প্ৰতি আকৰ্ষণ দেখি কিবা এটা ভালো লাগি গল৷ দেশত আই.চি.এল. চলি আছে৷ ক্ৰিকেট জ্বৰত আক্ৰান্ত বহুজন৷ সেয়ে চাগৈ সীমাহীন উৎসাহ ইহঁতমখাৰো৷ মৰম লাগিল সিহঁতলৈ৷ এইকেইজনীয়েনো কেনেকুৱা ক্রিকেট খেলে চাম ৰহ বুলি গোপনে পাঙি থলোঁ৷ সুযোগ পালে ফিল্ডত নিজেও সোমাই যাম বাপ্পেকে!

চৰ্ট কাট মাৰি সিঁহত ফটাফট তললৈ নামি গৈছে৷ সেই পথ অনুসৰণ কৰি আমিও নামিব ধৰিলোঁ৷ ঘপাঘপ নামি নামি যুৱতীৰ দলটো কেতিয়াবাই কোনোবা ধুবুৰী পালেগৈ৷ আমি নতুন মানুহ, ক'ৰবাতে থাকিলোঁ৷ জাকটোৰ টুকুৰা-টুকুৰি কথা আৰু হাঁহিৰ শব্দবোৰহে কেৱল মাজে মাজে বতাহত উফৰি আহি থাকিল৷ মাজে মাজে হিন্দী, মাজে মাজে সিহঁতৰ ভাষা৷ চিঞৰ-বাখৰ, হাল্লা৷ ঠিক যেন ৰাতিপুৱা চৰাই-চিৰিকটিবোৰে কৰাৰ অনুৰূপ কাৰবাৰ এটা৷ অলপ পিছত পিছফালৰ পৰা আৰু দুজনী আহিল৷ ‘চিষ্টাৰ, কাহাঁ যায়েগা?’ ৰিং মাৰিলে সঞ্জুৱে৷ উত্তৰত গম পালোঁ যে সিহঁতৰ জৱাহৰ নবোদয় বিদ্যালয়ত গে'মছ আছে৷ স্কুলখন আছে মূল পথৰ পৰা কিছু আগলৈ৷ চুলি উৰুৱাই দৌৰি দৌৰি সেই দুজনীও আগুৱাই গুচি গ’ল দলটোক লগ ধৰিবলৈ৷ দূৰৰ পৰাই দেখিলোঁ, আগৰ জাকটোৰ কেইজনীমানে ৱাৰ মেম’ৰিয়েলত উঠিছেগৈ৷ ম’বাইলেৰে ফটো তোলাত লাগিছে৷ আকৌ ম’বাইল! ম’বাইলৰ কাম কি ইয়াত? সময় চোৱা, গান শুনা, চিনেমা চোৱা, ফটো তোলা, ৰেকৰ্ড কৰা, টৰ্চ জ্বলোৱা? ফোন কৰিবলৈ নে’টৱৰ্কটো নায়েই! তথাপিও পকেটত সসন্মানে ৰখা হয় মস্ত মস্ত হেণ্ডছেট একোটা! কথাটোৰ আঁতি-গুৰি ল’বলৈ এজনীও ওচৰত নাছিল তেতিয়া৷

কেইমিনিটমানৰ পিছত আমিও ৱাৰ মেমৰিয়েল পালোঁগৈ৷ তেতিয়ালৈ সিহঁত লোহিতৰ পাৰে পাৰে চৰ্ট কাট মাৰি মাৰি আগুৱাই ফিল্ডত উপস্থিত হলগৈয়ে চাগৈ৷ পাহাৰীয়া ছোৱালীজাকৰ উৎসাহ, উলাহ, উদ্যম দেখি আপ্লুত হলোঁ৷ খেল চোৱাৰ ইচ্ছাটো সংগোপনে জীয়াই ৰাখি আমি দুয়ো ৱাৰ মেমৰিয়েল চোৱাত ধ্যান দিলোঁ৷







পৰৱৰ্তী লেখা :
২. ৱাৰ মেমৰিয়েলত পদাৰ্পণ

No comments:

Post a Comment