অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
ৱালং উপত্যকাৰ চৌদিশে তেতিয়া বিয়লিৰ ৰেঙণি৷ ওপৰৰ
ফালে থকা কোৱাৰ্টাৰকেইটাৰ সন্মুখত জমা হ’লোঁগৈ আমি সকলোটি৷ তাতে বাৰাণ্ডাৰ ভেটিত বহি লৈ আড্ডা পিটিব ধৰিলোঁ৷ নামনি
আৰু পৰ্বতৰ সংগম বিন্দুটোৰ পৰা আৰম্ভ কৰি উক্ত স্থানৰ পৰা সম্পূৰ্ণকৈ দেখা যায় ৱালংখন৷ ল’কেচনটো বৰ ধুনীয়া৷ যুদ্ধৰ বিভীষিকাৰে এসময়ত আতংকিত ৱালংখনো এতিয়া আমাৰ চকুত মৰম লগা৷
শৈলৰাজ হিমালয়ৰ পাদভূমিৰে প্ৰৱাহিত হৈ আছে লোহিত৷ বাৰিষা হ’লে কালান্তক ৰূপ লৈ অসমৰ ভৈয়াম
অঞ্চলৰ খেতিয়ক ৰাইজৰ চকুলো নিগৰায় যি৷ তাৰ পাৰত দীঘলীয়াকৈ সৌটো ৰানৱে৷ তাৰ কাষেদি সৌটো
কিবিথোলৈ যোৱা ৰাস্তা৷ সামান্য আগলৈকেহে দেখা গৈছে৷ তাৰ পিছতে কেঁকুৰিত নাইকিয়া হৈ
পৰিছে৷ গন্তি কৰি শেষ কৰি দিব পৰা সৌবোৰ ৱালঙৰ ঘৰ৷ চাল দেখা পাই থকা ঘৰবোৰ এফালৰ পৰা
গণিবলৈ চেষ্টা কৰিছিলোঁ৷ ৰানৱে বাদ দি দুমহলীয়া আৰ.চি.চি. ঘৰ আমাৰ সন্মিলিত চকুবোৰে এটাহে মাত্ৰ বিচাৰি
উলিয়াব পাৰিলে৷ সৰহসংখ্যকেই চৰকাৰী গৃহ৷ ৰিপেয়াৰিং, মেইনটেইনেন্সৰ অভাৱত তাৰে
কিছুমান কোৱাৰ্টাৰ জহি-খহি হৈছে৷ টিনপাতবোৰ মামৰৰঙী হৈ পৰিছে৷ অৰুণাচলত ব্যৱহৃত এক ধৰণৰ নীলা ৰঙে জনাই দিয়ে কোনবোৰ চৰকাৰী ঘৰ৷ সেই পিকক ব্লুক ৰাজ্যখনৰ এটা বৈশিষ্ট্যই বুলিব পাৰি৷ ইটানগৰতে হওক, খোপাতে হওক, ৱালঙতে হওক, মিলটো দেখা পাইছোঁ৷ বিপৰীতে, আই.বি.টোৰ পুৰণি অংশটো, আমি য’ত আশ্ৰয় লভিছোঁ, সেইটো কিন্তু সেউজীয়া ৰঙৰহে৷ সেইটো পাইন কাঠেৰে নিৰ্মিত৷
কাষতে কেইমিটাৰমান আগলৈ আৰ.চি.চি. আই.বি.৷ সেয়া ভি.আই.পি.ৰ বাবে৷ সাধাৰণ মানুহৰ বাবে নহয়
যদিও উপায় নোহোৱা ধৰণৰ প্ৰয়োজন ওলালে টুৰিষ্টক দিবলগীয়া হয়৷ কাৰণ ইয়াত হোটেল বুলিবলৈ নাই৷ তাৰ টিনপাতৰ বৰণো গাঢ় সেউজীয়া৷ এই দুয়োটা ঘৰতকৈ ওখত দীঘলীয়া আকৃতিৰ পুৰণি আই.বি.৷
তাৰ সিফালেই, সামান্য আগলৈ, এমূৰীয়াকৈ এই কোৱাৰ্টাৰ দুটা, য'ত বহি আমি ৱালংখন নিৰীক্ষণ কৰি আছোঁ৷ ৱালং ভিউ পইণ্ট বুলিলেও ভুল নহ'ব চাগৈ৷
আমাৰ পোনে পোনে অলপমান দূৰৈত পৰ্বতৰ গাত দণ্ডায়মান
শাৰী শাৰী পাইন গছবোৰ৷ চাৰিওফালে পাইনেই পাইন৷ দূৰত বৰফেৰে পোত গৈ বগা হৈ আছে পৰ্বতৰ টিং৷ কাৰাকোৰামৰ পৰা আৰম্ভ হোৱা হিমালয় ইয়াতেই শেষ হৈছে৷ দক্ষিণ অভিমুখে
আৰম্ভ হৈছে পাটকাই পৰ্বতমালা৷ বৰফৰ স্পৰ্শৰে সিক্ত শীতল বতাহ এচাটি অথনিৰে পৰাই মাৰি
আছে৷ নাক-কাণ, হাত-ভৰিত ঠাণ্ডা ঠাণ্ডা অনুভৱ এটা হৈছে৷ কিবা এটা ভাবি ৰুমলৈ নামি গ’লোঁ৷ গৰম সাজ, জেকেট, টুপী, মোজা আদিৰে তিপতিয়াৰ হৈ আহিলোঁগৈ৷ ফ্ৰষ্ট বাইটত আক্রান্ত হোৱাৰ আগেয়ে সাৱধান হোৱাটো ভাল৷ বাকী নহ'লেও অন্ততঃ ভেণ্টিলেটৰৰূপী কাণ দুখন বন্ধ ৰাখিব লাগে৷ নতুন ঠাইত শৰীৰৰ
প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি ৰখাটো প্ৰধান কৰ্তব্য৷ এনেয়ে ডাক্তৰ, ঔষধ, হস্পিতালৰ
পৰা দূৰত থকা মানুহ৷ ভ্ৰমণলৈ আহিছোঁ যদিও লগত দৰবৰ দ-টোও নাই অনা৷ আছে কেৱল ম্যানমাৰত
তৈয়াৰী ফুড চাপ্লিমেণ্ট ‘কেলচম’ৰ ৩০ – ৪ = ২৬টা চাচ্চেট৷ দৰব-জাতিৰ
কথা ভবাই নহ’ল আৰু নভবাটোৱেই স্বভাৱ৷ উৎসাহটোৱে মানসিকভাৱে ধনাত্মক
কৰি ৰাখিছিল আৰু ৰাখিছেও, এই পৰ্যন্ত৷ আৰু এই পৰ্যন্ত যিখিনি পাইছোঁ, চাইছোঁ, উপভোগ কৰিছোঁ, সি অধিক
যোগাত্মক কৰি তুলিছে৷ গতিকে চিকিৎসালয়, চিকিৎসক, মেডিচিনৰ চিন্তা তিলমাত্ৰও মূৰত নাই৷ ভোক
লাগিলে কেলচমেৰে কাম চলি যাব৷ গৰম পানী এগিলাচ আৰু চামুচ এখন হ’লেই হ’ল৷ এতিয়াও কাপোৰ পিন্ধিবলৈ যাওঁতে
ভোক লগাযেন অনুভৱ হোৱাত পাকঘৰলৈ গৈ কৃষ্ণক গৰম পানী দুগিলাচ আৰু চামুচ এখন খুজিছিলোঁ৷
পানীত মিহলাই তাৰে দুপেকেট ফটাফট গিলি পেলালোঁ৷ কৃষ্ণকো এপেকেট দিলোঁ৷ এলান্ধুকলীয়া পাকঘৰটোত জুইকুৰা জ্বলাই লৈ সি পানী গৰম কৰাৰ উপৰি নিশাৰ সাজৰ বন্দোবস্তত লাগিছিল৷ তাৰ লগত মোৰ দোস্তি বাঢ়ি আছে৷
আনহাতে খুপাত কালি সন্ধিয়া কমল আৰু চিমাকো দুপেকেট খাই চাবলৈ দিছিলোঁ৷
অৰুণদাৰ কেমেৰাটো জুম কৰি বৰফৰ বুকু চাই আছোঁ৷ তেনেকুৱাতে আহি পালে উত্তম অধিকাৰী৷ অপৰিচিত যদিও
হাঁহিমুখে আমাক অভ্যৰ্থনা জনালে৷ কম বয়সীয়া যুৱক৷ অসমৰ মাকুমত ঘৰ৷ কৃষ্ণৰ সম্পৰ্কীয় ল'ৰা৷ আমি বহি থকা কোৱাৰ্টাৰটোৰ ৰুম এটাতে থাকে৷ নিৰ্মীয়মান ৰানৱেত কাম কৰে৷ অন্ধ্ৰপ্ৰদেশৰ নাগাৰ্জুন কনষ্ট্ৰাকচন কোম্পানী লিমিটেডে ২০১৩চনৰ নবেম্বৰ মাহৰ
পৰা এই এয়াৰ ষ্ট্ৰিপটো সাজি থকা বুলি তেওঁ ব্যক্ত কৰিলে৷ বহুত কথা আৰু কাহিনী শুনিলোঁ
আৰু জানিলোঁ তেওঁৰ মুখৰ পৰা৷ চিকিৎসালয়, ডাকঘৰ, দোকান, বিদ্যালয় সকলো মিলাই ইয়াত বৰ বেছি ২০০মান ঘৰ হ'ব৷ আনফালে
কিমান আছে এই স্থানৰ পৰা অৱশ্যে দেখাৰ উপায় নাই৷ মানুহ ৫০০মান হ'ব৷ স্থানীয় লোকতকৈ সেনাৰ সংখ্যাই বেছি৷
শুনিলোঁ, সন্ধিয়া ৱালংবাসীৰ মূল কাম হৈছে টিভি
চোৱা৷ মদ খোৱাটোও এটা নৈমিত্তিক কাম৷ এইফালৰ মানুহে হাৰ্ড ড্ৰিংকচতকৈ বিয়েৰ বেছি খায়
বুলি অনিলদাৰ তাৎক্ষণিক তদন্তই ইতিপূৰ্বে সদৰি কৰিছিলেই৷ নিজস্ব পৰ্যবেক্ষণেৰে বজাৰত অথনি এপাক মাৰিয়ে তেওঁ তথ্যটো সংগ্ৰহ কৰি পেলাইছিল৷ আনহাতে টিভি ধৰে যদিও আই.বি.টোত টিভি
নাছিল৷ ভালেই পালোঁ৷ শান্তি৷ উন্মুক্ত প্ৰকৃতিৰ বাহিৰে এতিয়া অন্য একোৰে আমাক দৰকাৰ নাই৷ একেখিনিকে ঘূৰাই-পকাই
বলকি থকা নিউজ ৰিডাৰৰ আঁহফলা চিঞৰ, টক্ শ্ব’ৰ নামত চলা উখনা-উখনি, নাচৰ নামত দেখুওৱা বান্দৰামিৰ পৰা
দূৰণিত খুব সুখত আছোঁ এতিয়া৷ কথাত ব্যাঘাত জন্মাবলৈ ম’বাইলৰো ডিষ্টাৰ্ব সমূলি নাই৷
নিজৰ বুলিবলৈনো কিমান কি আছে, চিন্তা কৰাৰ অৱকাশ পাইছোঁ৷ নিজকে নিজে জুখি চোৱাৰ সুযোগ
এটা পাইছোঁ৷ Scott Cameronএ ক’বৰ দৰে, ‘Travel makes
one modest. You see what a tiny place you occupy in the world.’ পৰ্বতৰ ওপৰত এখন সৰু ঠাইত এটা ধুনীয়া দৰ্শন স্থলত ৰৈ বিৰল সন্ধিয়া এটি উপভোগ কৰাৰ সুযোগ
সমাগত৷ এই মুহূৰ্তত তাতোকৈ আনন্দৰ কথা কি থাকিব পাৰে?
মিছিমি যুৱক এজন আহি ওলাল৷ অনেক দূৰৰ পৰাই তেওঁক
মটৰ চাইকেল চলাই আই.বি. অভিমুখে উঠি আহি থকা দেখা পাই আছিলোঁ৷ আমাৰ লগত চিনাকি হ’ল৷ অৰুণদাৰ চেহেৰালৈ ভালেমান
পৰ চালে৷ তেওঁক অৰুণাচলৰ নিছি জনগোষ্ঠীৰ লোক বুলি সজোৰে দাবী কৰিলে৷ নহয় বোলাতো শেষ
পৰ্যন্ত নামানিলেই৷ হিন্দী, মাজে মাজে দুই-এটা খাপচাৰা ইংৰাজী, ভগা ভগা অসমীয়াৰে ডেকাজনে ৬২ৰ যুদ্ধখনৰো কিছু শুনালে৷ কথাৰ লগে লগে পাহাৰৰ টিঙলৈ আঙুলিয়াই দেখুৱাই গ’ল কোনফালেৰে চীনা সৈন্য সোমাই আহিছিল, ক’ত যুদ্ধ সংঘটিত হৈছিল ইত্যাদি
ইত্যাদি৷ স্বাধীনতাৰ পিছত সাংবিধানিক শাসন ব্যৱস্থাৰ তললৈ অহাত অৰুণাচলৰ পৰিৱেশ আৰু
মানসিকতা বিগত শতাব্দীবোৰতকৈ বহুত সলনি হৈছে৷ ঠাইবিশেষে প্ৰকৃতি-নিৰ্ভৰশীলতাও ক্রমাৎ হ্ৰাস
পাইছে৷ অতীত আৰু বৰ্তমানৰ জীৱন নিৰ্বাহ প্ৰণালী আৰু ধ্যান-ধাৰণাতো তাৰতম্য আহি নপৰা নহয়৷ গোষ্ঠীসমূহৰ মাজত আগৰ দৰে পৰস্পৰ সংঘৰ্ষ নাইকিয়া হৈছে৷ অবিশ্বাস আঁতৰ হৈছে৷ শান্তিপূৰ্ণ
জীৱন নিৰ্বাহ, মিলামিছা, সংস্কাৰ, ব্যৱসায়-বাণিজ্য, আধুনিক পৰিৱেশ গঢ় লৈ উঠিছে৷ বহুপৰ থাকি আন্ধাৰ
হওঁ হওঁ কৰোঁতেই সকলোৰে সৈতে এফালৰ পৰা কৰমৰ্দন কৰি ডেকাজন গ’লগৈ৷ অৰুণদাক কিন্তু পুনৰবাৰ ‘আপুনিতু নিছি মানু আছে’ বুলি কৈ যাবলৈ নাপাহৰিলে৷ বাইকখন
যোৱাটো আই.বি.ৰ ওপৰৰ সেই সুখকৰ 'ৱাশ্ব টাৱাৰ'ৰ পৰা বিহংগম দৃষ্টিৰে পলক নেপেলোৱাকৈ আমি নিৰীক্ষণ
কৰি থাকিলোঁ৷
অস্তাচলত ম্লান পোহৰৰ আভা এৰি থৈ বেলিটো কেতিয়াবাই দিগন্তত হেৰাই গৈছিল৷ আধা পোহৰ আৰু আধা আন্ধাৰৰ মাজত ৱালংখনৰ ৰূপটো অতীব সুন্দৰ হৈ উঠিছিল৷ সন্ধিয়াৰ পিছত লাহে লাহে অন্ধকাৰ নামি আহিল ৱালঙলৈ৷ বিজুলী চাকিবোৰ ইফালে-সিফালে এটা-দুটাকৈ জ্বলিবলৈ আৰম্ভ কৰিলে৷ ইয়াত কাৰেণ্টৰ সমস্যা নাই৷ আমাৰ ফালেহে সন্ধিয়াতে মৰিশালি! দিনটোত কেইবাৰ যায় ঠিকনা নাই৷ বিদ্যুতেই এতিয়া আমাৰ ফালে সবাতোকৈ ডাঙৰ প্ৰহসন৷ পানীক লৈ উদ্ভৱ হ'বলগীয়া সমস্যাও ইয়াত নাই৷ খোৱাপানীয়ে কওক, বানপানীয়ে কওক৷ বাথৰুমত ৰানিং ৱাটাৰ৷ আই.বি.টোৰ আগত থকা টেপটোত অনৱৰতে পানী ওলায়েই থকা দেখিছোঁ, আহিবৰে পৰাই৷ তাতে কৃষ্ণক ফুটছাইৰে ডাঙৰ ডাঙৰ চৰু-হাৰীবোৰ ধোৱা-পখলা কৰা দেখা পাইছোঁ৷ বাটত পাই অহা জান-জুৰিসমূহৰ পানীও ফটফটীয়া, চাফা৷ ৱালঙত দোকান-পোহাৰ আমি ভবাতকৈ তাকৰ যদিও আৰ্মীৰ কেণ্টিনত লাগতিয়াল প্ৰায়বোৰ বস্তুৱেই পোৱা যায় বুলি বিয়লিৰ আলোচনা প্ৰসংগত গম পাই থ'লোঁ৷
বিৰল বিয়লিটো পূৰ্ণ ৰূপত উপভোগ কৰি থাকোঁতেই
দুখন গাড়ী আহি ওলাল৷ এখন চেণ্ট্ৰ’, আনখন ইণ্ডিগ’৷ টুৰিষ্ট আহিছে৷ কৃষ্ণ প্ৰায় উধাতু খাই অহাদি ওপৰলৈ উঠি আহিল৷ আমাক
ক’লে, ‘ছাৰ আপোনালোক ৰুমে ৰুমে সোমাই
যাওকচোন৷’ ভাবিলোঁ, কি হ’ল আকৌ? কিবা ঘমঘণ্ট লগাব নেকি
এই আলহীসকলে? পিছত গম পালোঁ, টুৰিষ্ট পাৰ্টিটোৱে হেনো আই.বি.ৰ কোঠা আগতীয়াকৈ বুক কৰি ৰাখিছিল৷
আগবেলাতে আহি পোৱাৰ কথা আছিল যদিও ওলাইছেহি নিৰ্ধাৰিত সময়তকৈ বহু দেৰিকৈ৷ তাৰ আগতেই উপস্থিত
হ’লোঁহি আমি৷ ৰুমৰ প্ৰয়োজনত আমাক
যাতে এতিয়া কোনেও একো আমনি দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কৃষ্ণই গোপনে সেই পদক্ষেপ
লৈছিল৷ ইফালে আমাৰ কাগজ-পত্ৰ তেতিয়ালৈ হোৱাই নাই! অথচ ৰুম অধিকাৰ কৰি আছোঁ! আমাৰ প্ৰতি
জন্মা তাৰ মৰমৰ ভাবটো দেখি আনন্দ লাগিল৷ আপোন আপোন লাগি গ’ল কৃষ্ণক৷ অচিনাকি ঠাই, অচিনাকি
মানুহ৷ কম সময়তে কমল, চিমাৰ দৰে কৃষ্ণ, উত্তম, দেউকণ গগৈও আমাৰ বন্ধু হৈ পৰিল৷
ৰক্ষা৷ নতুনকৈ অহা সাতজনীয়া দলটোৰ থকাটো কিবা উপায়ে
মেনেজ কৰা হ’ল যেনিবা৷ কৃষ্ণৰ পৰা পিছত সেই
সংক্রান্তত বুজ ল’লোঁ৷ কাৰণ ইয়াত হোটেল, হোম ষ্টে’, টুৰিষ্ট লজ নাই৷ থাকিবৰ বাবে
অন্তিমখন হোটেল আছেগৈ তেজুত৷ ক’ত তেজু, আৰু ক’ত ৱালং! মিছিমি পৰ্বতমালাৰ ইপাৰ-সিপাৰ৷ তেওঁলোকৰ ঠাইত আমি হোৱা হ’লে একে দশাইতো হ’লহেঁতেন৷ কৃষ্ণই ক’লে, ‘কিবাকৈ মিলাই দিলোঁ৷ মহিলাকেইজনীক
ভি.আই.পি. ৰুমত ভৰাই দিছোঁ৷ বাকীকেইজনক ওপৰৰ পুৰণি আই.বি.ত থৈছোঁ৷’ ‘যিয়েই নহওক, এই কাঠৰ কোঠালিৰ
পৰা আমাক কিন্তু নুলিয়াবা ভাই৷ ইয়াত বুজাব নোৱাৰাকৈ এক ধৰণৰ মায়া লাগিয়ে গৈছে! আৰ.চি.চি.,
ভি.আই.পি. কোঠা আমাক নালাগে৷ তাতোকৈ ইয়াতেই ভাল৷ সেয়া লাগিলে দি দিয়া তেওঁলোকক৷ কোনো আপত্তি
নাই৷’
বিশেষ কাৰুকাৰ্য নাথাকিলেও পাইন কাঠেৰে নিৰ্মিত
পুৰণি কোঠা দুটাই আমাক অনিৰ্বচনীয় সুখ, সন্তুষ্টি আৰু প্ৰশান্তি যোগাব
ধৰিছিল সোমাবৰ পৰাই৷
পৰৱৰ্তী লেখা :
১৫. মায়াৱী ৱালঙত নিশা মাউথ অৰ্গেনৰ সুৰ
No comments:
Post a Comment