Monday, 27 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
১৮. ৱালং অভিমুখে উভতনি যাত্ৰা



উত্তৰ-পূবৰ অন্তিম পূব মানেই ভাৰতৰ সকলোতকৈ কুহেলিকাময় বুলি অভিহিত লোহিতৰ দুপাৰৰ মিছিমি পাহাৰবোৰৰ সমাৱেশ৷ সেইসমূহক চকুৰ সন্মুখত লৈয়ে এইকেইদিন একেৰাহে ঘূৰা-ফিৰা কৰি আছোঁ৷ তাৰে আজি চতুৰ্থ দিন৷ কোৱা হয়, স্বাধীনতাৰ পিছৰে পৰা সামৰিক বাহিনীৰ লোকৰ আহ-যাহ এইফালে আগতকৈ বেছিকৈ চলিছে৷ দেশৰ নিৰাপত্তাৰ খাতিৰত নিয়োজিত লোকৰ পৰিয়ালৰ সদস্যৰ বাহিৰে অন্য মানুহ খুব কমেইহে হয়তো এইবোৰ ঠাইলৈ আহি পাইছে৷ বাহিৰা লোক বাদেই, উত্তৰ-পূবৰো কিমানে এই স্থানসমূহ গৰকিছে সেয়া লাখটকীয়া প্ৰশ্ন৷ 'সেই পথে অধিক অসমীয়া মানুহ যোৱা নাই' বুলিও কোনোবাই আমাৰ যাত্ৰাৰ আৰম্ভণিতে কোৱা মনত পৰিছে৷ অঞ্চলবোৰ দেখাৰ পিছত কথাটো এতিয়া সঁচা সঁচা লাগিছে৷ হ’লেও আমাৰ ৫ অভিযাত্ৰীয়ে সংখ্যাটো সামান্য হ'লেও কমাবলৈ সক্ষম হ’লোঁ৷ তাকে ভাবি আনন্দ পাইছোঁ৷ আমাৰ পিছত কোন কেতিয়া আহিব নাজানো৷ হেণ্ডিকেমটো অন কৰি শেষবাৰৰ বাবে চাৰিওফালে এপাক ঘূৰাবলৈ উদ্যত হ'লোঁ৷ তাৰ পিছত গাড়ীত নিজৰ ছিটত বহিলোঁগৈ৷

লোহিতৰ পাৰে পাৰে পেটেলে সাৱধানে ৰিটাৰ্ণ ড্ৰাইভ কৰি থাকিল ৱালঙক ভাবনাত ৰাখি৷ মাজে মাজে পিছফালৰ আইনাৰে এৰি থৈ অহা এলেকাবোৰলৈ দৃষ্টি নিক্ষেপ কৰিছোঁ৷ আমি এতিয়া সোঁতৰ দিশতেই ভটিয়াই গৈ আছোঁ৷ সৰল গছৰ তলেৰে বালিময় পথছোৱাত উপস্থিত হৈছোঁহি৷ অতি সুন্দৰ এইখিনি৷ ক'ত আছোঁ, ক'ত আছোঁ যেন লাগিছে৷ নিৰ্মীয়মান দলংখন অদূৰত ভাহি উঠিছে৷ লগতে নৈখনৰ সৈতে যোগ চিন এটাৰ সৃষ্টি কৰা থকা ৰছীৰ সাঁকোডালো৷ তাৰ বহু আগতেই 'অলপ ৰখাওকচোন' বুলি কৈ পিঠিত হেঁচুকি দিলোঁ আমাৰ চালকৰ৷ শিলগুটি আৰু মিহি বালিৰে পৰিপূৰ্ণ নদীপৃষ্ঠত ইতিমধ্যে সোমাই পৰিছিলোঁৱেই৷ তাতে গাড়ীৰ পৰা নামি দিলোঁ৷ মোকে দেখি অনিলদাও নামিল৷ পেটেলক গৈ থাকিবলৈ ইংগিত দিলোঁ৷ খৰস্ৰোতা লোহিতৰ ওপৰত সজা অস্থায়ী বেইলী ব্ৰীজখনেৰে খোজ কাঢ়ি পাৰ হোৱাৰ একান্ত ইচ্ছা৷ কাহোলৈ যোৱাৰ সময়তে ওপজা সেই হেঁপাহকণক দমাওঁনো কেনেকৈ? সেয়ে সুযোগটো ল'লোঁ৷ ইফালে প্ৰকৃতিৰ কিযে অপৰূপ ৰূপ! বালিতে তম্বু তৰি থাকি যাম যেন! ওৰে ৰাতি সুৰ শুনিম চীনৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰা লৌহিত্যসুন্দৰীৰ! সেইডোখৰত নৈখনৰ উচ্চাংশতো এটা কেঁকুৰি, নিম্নাংশতো এটা কেঁকুৰি৷ শিলনিৰে নৈখনৰ সেই ইংৰাজী বৰ্ণমালাৰ 'এছ'টোৰ ভাঁজ, লয়লাস নৃত্য, তৰংগায়িত ছন্দ, পাৰত খুন্দিওৱাৰ শব্দবোৰ দেখি-শুনি ঘপহকৰে মনত ওপঙিছিল Lord Alfred Tennysonৰ ‘The Brook’ কবিতাৰ টুকুৰা : ‘And out again I curve and flow, To join the brimming river, For men may come and men may go, But I go on for ever.’

লোহিত বৈ আছে, বৈ থাকিব৷ মহানদ ব্ৰহ্মপুত্ৰক ধিয়াই বৈ যোৱা খৰস্ৰোতা নৈখনৰ সেই অৰ্বুদ সুষমা অসামান্য৷ ৰং, ৰূপ আৰু গতিৰ কিযে সন্মোহনী! আমাৰ বাবে পাহৰিব নোৱাৰা বিধৰ৷ হেঁপাহ পলুৱাই তাক উপভোগ কৰি দৌৰি দৌৰি গৰাটো উঠিলোঁ৷ ওলোটাফালৰ পৰা চোৱাত প্ৰশ্ন এটাই মনত ক্ৰিয়া কৰিলে৷ লোহিতৰ পানী ইমান নীলা-সেউজীয়া কিয়? পৰশুৰাম কুণ্ডৰ পৰা কাহোলৈকে আমি লোহিতৰ পাৰে পাৰেই যাত্ৰা কৰি আহিছোঁ৷ সকলোতে দেখোন একেই শেলুৱৈ বৰণ! ইয়াতো, তাতো৷ কিয়? পানী এবিধ আকাৰহীন, বৰণহীন, জুলীয়া পদাৰ্থ বুলিহে আমি কিতাপত পঢ়িছিলোঁ৷ তেনেস্থলত কি হ'ব এই প্ৰাকৃতিক পৰিঘটনাৰ কাৰণ? শেলুৱৈৰ কাৰণে নে দ্ৰবীভূত হৈ থকা চূণশিল প্ৰভৃতি খনিজ পদাৰ্থৰ বাবে নে পোহৰ, পাহাৰ বা আকাশৰ প্ৰতিফলন নে কি কি কি? বৈজ্ঞানিক ব্যাখ্যাটো কি হ'ব পাৰে একধ্যানে ভাবিও থাকিলোঁ, লাহে লাহে আগ বাঢ়িও থাকিলোঁ৷ বহুত বছৰৰ আগতে গেংটকলৈ যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ দাঁতিয়ে দাঁতিয়ে বৈ থকা তিস্তাখনৰো অনুৰূপ বৰণেইতো দেখিছিলোঁ! উত্তৰৰ সন্ধানত থাকোঁতে একে সময়তে অতীতৰ সেই মুহূৰ্তবোৰেও মনটো জোকাৰি গ'ল৷

পেটেলে গাড়ীখন আৰু অকণমান আগলৈ ৰাখিছে৷ ভালেই হৈছে৷ এইখিনি খোজ কাঢ়িবলৈ পোৱাটোৱে উভতনি অপৰাহ্নটোক সুকীয়া এটা মাত্ৰা প্ৰদান কৰিছে৷ খোজেৰেই আহি নিৰ্মীয়মান দলংখনৰ সমীপত থিয় দিলোঁহি৷ কাম-কাজ লক্ষ্য কৰিলোঁ৷ তাৰ পিছত কাষতে থকা হেঙিং ব্ৰীজখনৰ ফালে অগ্ৰসৰ হ'লোঁ৷ সাঁকোডালত দীঘলে দীঘলে ৬ছটাকৈ তক্তা পৰা আছিল৷ কাৰ্যসূচী অনুসাৰে কাইলৈ পুৱাতে আমি ডঙলৈ যাত্ৰা কৰিম৷ দীঘল ওলোমা দলং এখন পাৰ হৈ যাব লাগিব তেতিয়া৷ সেয়েহে সুবিধা পাই এইখনতে কিছু অনুশীলন কৰি পেলোৱাৰ মানস এটা হ'ল৷ সঞ্জু আৰু অনিলদাই কাম আৰম্ভ কৰিয়ে দিলে ইতিমধ্যে৷ এনে ধৰণৰ হেঙিং ৰ'প ব্ৰীজবোৰেই দুপাৰৰ যোগসূত্ৰ ৰক্ষা কৰি আহিছে৷ অন্যথা নদী পাৰ হোৱাটো সম্ভৱৰ কথাই নহয়৷ বৰফ-চেঁচা পানীৰ কোবাল প্ৰৱাহেযে মানৱ দেহাৰ সকলো ক্ৰিয়া-প্ৰক্ৰিয়া তৎমুহূৰ্ততে স্তব্ধ কৰি পেলাব পাৰে, তলত পৰম বিক্রমেৰে ধাৱমান নিৰ্মল জলধাৰালৈ এবাৰ চায়ে অনুমান কৰিব পাৰি৷ সিপাৰৰ মেছাইৰ পৰা মাক-জীয়েক এহাল দলংখনেৰে খুপি খুপি আহি আছিল৷ অনিলদা আৰু সঞ্জুৱে সিহঁতৰ সৈতে কথা পতা আৰু ফটো উঠোৱাত লাগি গ'ল৷ মই আৰু অৰুণদা গাড়ীলৈ আগ বাঢ়িলোঁ৷ মৰ্নিং ৱাকত মেয়ৰ ডেকাজনে দিয়া কমলা টেঙা এটা মোৰ আংগামী মোনাখনত তেতিয়াও সোমাই আছিল৷ তাকে উলিয়াই পৰিৱেশটোৰ স্বাদৰ সৈতে মিলাই দুয়ো ভগাই খালোঁ, জীপাল হ'লোঁ আৰু কাহোৰ কথাবোৰকে অলপপৰ পাগুলি থাকিলোঁ৷

শেহতীয়াকৈ, অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত ভাৰতে ৰে’ল ষ্টেচন নিৰ্মাণ কৰিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে গোৱাৰ পানাজীৰ এটা অনুষ্ঠানত ভাগ লৈ কৰা ঘোষণা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতে লিখিছিল৷ ৰে’ল ষ্টেচন নিৰ্মাণৰ সন্দৰ্ভত শীঘ্ৰেই এখন বুজাবুজি চুক্তিত স্বাক্ষৰ হোৱাৰো কথা আছিল৷ এতিয়ালৈ কি ৰূপ লৈছে নাজানো৷ ইফালে চীনো পিছ পৰি থকা ভকত নহয়৷ গগনচুম্বী মাউণ্ট এভাৰেষ্টৰ তলেৰে হিমালয় পৰ্বতত এটা সুৰংগ খান্দি নেপাললৈ ৰে’ল সেৱা সম্প্ৰসাৰণৰ বৃহৎ আঁচনি লৈছে! নাভূত-নাশ্ৰুত কথা যেন লাগিলেও টেকন'লজী আৰু টেকন'ক্ৰেট খণ্ডটো সবল হ'লে আজিৰ পৃথিৱীত য’তে-ত’তে যিকোনো চেলেঞ্জ স্বীকাৰ কৰি নিৰ্মাণ গঢ়ি তোলাটো সম্ভৱ৷ নেপাল ভ্ৰমণ কালত চীনা প্ৰযুক্তিকুশলীৰ পৃষ্ঠপোষকতাত কৃত বৃহৎ প্ৰজেক্ট নিজ চকুৰে দেখিছিলোঁ৷ সি যি কি নহওক, ভাৰতৰ বিশাল বজাৰখনক লক্ষ্য কৰিয়ে চীনে নেপাললৈ ৰে’ল সেৱা সম্প্ৰসাৰণৰ মৰসাহসী পদক্ষেপ হাতত লোৱা বুলিও প্ৰকাশ৷ গতিকে ভাৰতেও ৰৈ নাথাকি অৰুণাচলৰ চীন সীমান্তত ৰে’ল ষ্টেচন স্থাপন কৰিব বুলি জানিব পৰা গৈছে৷ অনাগত দিনত ৰে’ল যোগাযোগ তথা পৰিৱহণ ব্যৱস্থাৰ উন্নয়ন সাধি উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশ ক্ষিপ্ৰতৰ কৰা হ’ব বুলি আন এটা বাতৰিত প্ৰকাশ৷ তেতিয়া হ’লে আজি আমি থিয় হোৱা ভিতৰুৱা এই ঠাইবোৰলৈ এদিন ৰে’লগাড়ী আহিব! অসম্ভৱ পাছে একো নহয়৷ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং-বদৰপুৰ হিল ছেকছনত ব্ৰডগজ ট্ৰেক কনভাৰ্চনৰ বাবে গঢ়ি তোলা দুখন পাহাৰ সংযোগী দীৰ্ঘকায় ওখ দলঙৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে নিজ চকুৰে দেখা পাইছোঁ৷ তাৰে গইনা লৈ ক'ব পাৰোঁ যে ইয়াতো, ভাৰতীয় ৰে'লৰ ৱাগন এদিন এইমূৰে অহাটো সম্ভৱপৰ৷ মাথো সদিচ্ছা আৰু কৰ্মপটুতাৰহে দৰকাৰ৷ তাৰে লক্ষ্যত যুদ্ধৰ সলনি দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত টেকন'লজী আৰু টেকন'ক্ৰেটৰ প্ৰতিযোগিতা আৰু সহযোগিতা নিঃসন্দেহে অতিকৈ কাম্য আৰু লক্ষ্যণীয়৷

পাৰ্বত্য পথত দিনৰ দিনটো ধৰি ইমানখিনি যাত্ৰা কৰিও আমাৰ কাৰো একো অসুবিধা বা আমনিও লগা নাই৷ স্কৰপিঅ'খনৰ পিছ চকা এটাতহে মাত্ৰ বায়ুৰ পৰিমাণটো কম হৈ যোৱা যেন লাগিছিল৷ ইয়াত ৰওঁতে পেটেলে মন কৰিলে৷ বাটতে পোৱা বি.আৰ.অ'.ৰ ডাঙৰ কেম্প এটাত তেওঁ গাড়ী সুমুৱাই দিলে৷ হাৱা চেক কৰোৱাৰ পিছত হিচাপ মতে ভৰাই লোৱা হল৷ বিনিময়ত এটকাও নললে৷ এইবোৰ কথাত ধনৰ প্ৰসংগ নাহে৷ দেখিলোঁ যে অস্থায়ী হলেও ভিতৰুৱা ঠাইত পতা তেনেকুৱা কেম্পবিলাকত সেইবোৰ সা-সুবিধা আৰু সৰঞ্জাম কিছুমান মজুত থাকে৷ বিপদত কাৰোবাক সহায় কৰাটো তেওঁলোকৰ ধৰ্ম৷ আমিও আজি কিবিথোলৈ যাওঁতে গাড়ী এখন ঠেলি উঠোৱাত আনক সহায় কৰিছিলোঁ৷ এতিয়া আনৰ পৰা সহায় পালোঁ৷ বেলেন্স হৈ গল৷ মানুহকেইজনক আন্তৰিক ধন্যবাদ জনাই, হেণ্ডশ্বেক মাৰি আমি আকৌ গাড়ীত বহিলোঁ৷

সৌন্দৰ্যময় নৈ-নিজৰাবোৰৰ মাজেৰে উভতনি যাত্ৰাটো চলি থাকিল৷ ঠায়ে ঠায়ে সেনাৰ বাংকাৰবোৰো চকুত পৰি আছিল৷ আশ্বি হিল্‌ছৰ মাজেৰে আহি থাকোঁতে দেখিলোঁ, অথনিৰ ইণ্ডিগ আৰু চেণ্ট্ৰখন ৰৈ আছে৷ ঘাঁহনিত চক্ৰাকাৰে বহি দলটোৰ সদস্যসকলে কিবা খোৱাত লাগিছে৷ এইবাৰ আমাৰ সহায়ৰ প্ৰয়োজন নাই৷ কাজেই তাত ৰবলগীয়াও নহল৷ এপলক দৃষ্টি বিনিময় মাথো৷ নিজৰ গতিত গৈ থাকিলোঁ আমি, ৱালং ধিয়ায়৷

এটা বিৰল অপৰাহ্ন৷ নামতি সোমোৱাৰ লগে লগে যুদ্ধৰ কথাবোৰে মন-গহনত দোলা দিব ধৰিলে৷ ৬২ৰ যুদ্ধখন যদিও দেখদেখকৈ ভাৰত আৰু চীনৰ মাজত সংঘটিত হৈছিল, তাৰ সৈতে জড়িত হৈ আছিল অনেক ঘটনা-উপঘটনা৷ বুৰঞ্জী অনুসৰণ কৰি অতীতলৈ গৈ থাকিলে সেইবোৰৰ উমান পোৱা যায়৷ যুদ্ধখনে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্রম কৰিলে৷ ভূমি দখলক লৈ চীন-ভাৰত সীমান্তৰ এই খেলিমেলি স্বৰাজোত্তৰ কালতেই সূচনা হৈছিল৷ ব্ৰিটেইন আৰু ৰাছিয়াৰ সম্প্ৰসাৰণবাদী যুগৰ পৰাই ইয়াৰ আৰম্ভণি বুলিব পাৰি৷ তিব্বত, চীন আৰু ভাৰত ৰাষ্ট্ৰকে মুখ্য কৰি ব্ৰিটেইন, ছোভিয়েট ৰাছিয়া, আকচাই চীন, কাশ্মীৰ, নেফা বা অৰুণাচল প্ৰদেশ, জনছন লাইন, জনছন-আৰ্দাঘ লাইন, মেককাৰ্টনি-মেকডনাল্ড লাইন, মেকমোহন লাইন, লাইন অফ একচুৱেল কণ্ট্ৰল ইত্যাদি অনেক প্ৰসংগ ইয়াৰ সৈতে যোগ হৈ আছে৷ অলপ পিছতে নামতিতো আন্ধাৰ নামিব৷ এইটো নিশ্চিত যে যুদ্ধভূমিৰ জোনাকত নিশা এটা ৰৈ যোৱাৰ আশাটো থাকি যাব৷

কেতবোৰ ঐতিহাসিক সত্যৰ পম খেদি মনটো যিমানেই কুৰুকি কুৰুকি সোমাই গৈছে তিমানেই যেন কৌতূহলৰ অন্ত নপৰিবই! যাত্ৰাপথত আমি পোৱা ফলকবোৰত কিছুমান কথা লিখা আছে৷ সেয়া পঢ়িছোঁ৷ পঢ়ি জানিছোঁ৷ অৱশ্যে বহুত কথা লিখা নাইও৷ লিখাটো সম্ভৱো নহয়৷ লিখা নাই যুদ্ধখনৰ কাৰণটো কি? গুৰিটো কত? জৱাহৰলাল নেহৰুৰ ফৰৱাৰ্ড পলিচীয়ে ১৯৬২ৰ কাৰণ বুলি কেতিয়াবাতে শুনিছিলোঁ৷ তথাপিতো মনতে এটা প্ৰশ্ন জাগে, জন্মভূমিৰ স্বাধীনতা ৰক্ষাতকৈ কোনো মূল্যই বেছি হব নোৱাৰে বুলি কোৱা আমাৰ দেশৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰীজনেনো সেয়া অনুসৰণ কৰিলে কি সতে? বহুতে কবৰ দৰে নেহৰু একছত্ৰী নে আন কোনোবাও সংযুক্ত আছিল? তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী ভেংগালিল কৃষ্ণণ কৃষ্ণ মেনন, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ আৰ্মী ষ্টাফ জেনেৰেল প্ৰাণ নাথ থাপাৰ, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ জেনেৰেল ষ্টাফ লেফটেনেণ্ট জেনেৰেল ব্ৰিজ মোহন কৌল, ইণ্টেলিজেন্স বুৰৰ চীফ ভোলা নাথ মল্লিক, ... নামবোৰ মনলৈ আহে৷ তাকে লৈ এতিয়াও সমিধানবিহীন অনেক প্ৰশ্নই চেতনাত দোলা দি যায়৷ সময়ে, সময়ে সময়ে অৱশ্যে এই সংক্রান্তত ৰায়দান দি আহিছে৷ এই সমৰক India's Most Crushing Military Disaster বুলি অভিহিত কৰা ব্ৰিগেডিয়াৰ জন ডালভীৰ হিমালয়ান ব্ৰাণ্ডাৰ, নেভিল মেক্সৱেলৰ ইণ্ডিয়া চাইনা ৱাৰ, মৃণাল তালুকদাৰৰ '১৯৬২' আদি প্ৰণিধানযোগ্য৷

যুদ্ধখনৰ কথা ভাবি থাকোঁতেই নামতি প্লেইনচৰ যুদ্ধ-স্মাৰক পালোঁহি৷ সাৱধানে টাৰ্নিং লৈ পেটেলে আমাক সুদৃশ্য পাইন অৰণ্য পৌচাই দিলে৷ কৌতূহলী মনটোৱে পুৰণি কাহিনী খুঁচৰিবলৈ লাগি গ'ল৷


















পৰৱৰ্তী লেখা :
১৯. উৰহী গছৰ ওৰ বিচাৰি

No comments:

Post a Comment