Monday, 6 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
১৩. ৰেগুলাৰ মেট দেউকণ গগৈ



ৱালঙত আমি আলহী হোৱা গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোটোৰ পিছফালৰ দৰজাখন খুলিলে চিধাই চকুত পৰে ব্ৰহ্মপুত্ৰৰ পূবৰ প্ৰধান উপনৈখন৷ এচাটি শীতল বতাহ কৰবাৰ পৰা বৈ আহে আৰু দেহত কোবাই যায়৷ সেই শীতলতা গ্ৰহণ কৰি দৰজাৰে দেখা পোৱাখিনিকে মুখৰ আগত লৈ পুনঃ পুনঃ কল্পনা কৰাৰ চেষ্টা চলাইছোঁ, কেনেকুৱা আছিলবা ৱালং, ১৯৫০ৰ বৰ-ভূঁইকঁপৰ সময়ত? কেনেকুৱানো আছিল বাৰু, ১৯৬২ৰ যুদ্ধখনৰ মুহূৰ্তত? এতিয়াওনো কিমাননো ডাঙৰ হলহি! প্ৰাকৃতিক সৌন্দৰ্যত অনন্য যদিও সা-সুবিধাৰ ফালৰ পৰা পিছ পৰা বুলিয়ে ক'ব লাগিব নিশ্চয়৷ গা ধুই উঠি বাৰাণ্ডাৰ ৰেলিঙত গামোচাখন মেলিবলৈ লৈ প্ৰতিক্রিয়াটো সেই ধৰণৰে হল৷

কাপোৰকেইটা আওডালি, পৰিষ্কাৰ সাজ এযোৰ পিন্ধি বাহিৰ ওলাওঁমানে বেলিটোৱে আই.বি.টোৰ বাওঁফালৰ উলম্ব পাহাৰত লুকুৱাৰ যো-জা চলাইছিলেই৷ কেমেৰাটোৰ লেন্সখন মোকলাই লৈ ততাতৈয়াকৈ আকাশৰ তললৈ আহিলোঁ আৰু যেনি-তেনি স্নেপ ল’লোঁ৷ ৱালঙৰ আবেলি, ৱালঙৰ পৰ্বত, ৱালঙৰ পাহাৰ শিখৰত লুকাব ধৰা সূৰুয, ৱালঙৰ বৰফ, ৱালঙৰ পাইন অৰণ্য, ৱালঙৰ সেউজীয়া, ৱালঙৰ নীলা, ৱালঙৰ নিৰ্মীয়মান ৰানৱে, আমাৰ আশ্ৰয়স্থল পি.ডব্লিউ.ডি. আই.বি., পুৰণি ঘৰ ইত্যাদি ইত্যাদিলৈ কেমেৰা টোঁৱাই এফালৰ পৰা উপৰ্যুপৰি ক্লিক কৰি গ’লোঁ৷ অন্যথা অলপ পিছতে সূৰ্যটো আজিৰ বাবে যাবগৈ৷ কাইলৈ কি হয় কোনে জানে? একু-ৱেদাৰ ৰিপ’ৰ্টে শংকা জগায়ে থৈছে৷ তথাপিও কিন্তু অকণো বিঘিনি নঘটাকৈ আহিহে এৰিলোঁ আমি৷ নিজৰ সাহসৰ নিজেই শলাগ ল’লোঁ৷

আচৰিত লাগে শুনি, দুৰ্গম যদিও ৱালঙৰ পথেৰে এসময়ত তিব্বত আৰু ভাৰতৰ মাজত হেনো সঘনাই আহ-যাহ চলিছিল৷ সময়ৰ সেই ৰূপটো কল্পনা কৰিবলৈ লৈ ভাগৰি পৰাৰ বাদে উপায় নাই৷ কেনেকুৱা আছিল বাৰু তেতিয়াৰ ৱালংখন? আজিৰ তাৰিখতো দেখোন অৱস্থাটো এনেকুৱাহে! কোনোবাই পোনচাটেই ‘একোৱেই নাই’ বুলি মন্তব্য কৰিলেও আচৰিত হ’বলগীয়া কথা মুঠেই নহ’ব৷ আচলতে ডং, কিবিথোৰ মায়াত পৰিয়ে আমি এইখিনি পালোঁহি আজি৷ আৰু এইটোও ঠিক যে প্ৰকৃতিক প্ৰাণভৰি ভাল নাপালে, পাহাৰীয়া ৰাস্তাত যাত্ৰা কৰাৰ আনন্দ ল'ব নাজানিলে ইমান আগুৱাবও নোৱাৰি৷ বৰ বেছি পৰশুৰাম কুণ্ড৷ তাতে লোহিতৰ ঠাণ্ডা পানী এচলুত গাটো কোনোৰকম তিয়াই পুণ্যভাগ শিৰত লৈ উভতাই মংগল৷ আৰু যদি ডং, কিবিথোৰ মায়াবী পৰিচিতিয়ে লম্ভিছে, তেতিয়া ৱালং ওলাবহি এদিন নহয় এদিন৷ কাৰণ অৰুণোদয়ৰ বাটটো এইফালেই আছে৷ নিতৌ নতুন সূৰ্য এটাই ইয়াত পোহৰ দিহে ভাৰতৰ আন আন ঠাই ওলাইগৈ৷ সেই বাটটো চোৱাৰ তাড়নাতে আমিও ওলাইছোঁহি আজি৷ এই তাড়নাটোৱেই আমাক ঘূৰাই ফুৰায় যেনি-তেনি৷ এইবাৰ যেনিবা লক্ষ্য বন্ধা হৈছিল এই দিশে, কিবিথো-ডঙলৈ, সহস্ৰাব্দৰ সূৰ্যোদয় দৰ্শন কৰিব নোৱাৰাৰ হেঁপাহ ১৫বছৰৰ মূৰত পূৰণ কৰিবলৈ!

জোতাত লিখা আছিল নিৰ্দিষ্ট তাৰিখ এটা৷ ১২ এপ্ৰিল ২০১৫! সেয়ে আহি পালোঁ৷ তাকে ইমানদিনে নহৈছিল৷ জোতা ৰাজী নহৈছিল! ২০০০ৰ পৰা ৰৈ ৰৈ অৱশেষত যেনিবা সময়টো হ’লহি৷ জোতাইহে জানে ভ্ৰমণৰ ঠাই, যেনেকৈ চৰণেহে জানে মৰণৰ ঠাই৷ আৰু এনে পৰিস্থিতিত আহি পালোঁ যে আধুনিক জীৱন-যাত্ৰা বুলিলে যিবোৰ অত্যাধুনিক উপকৰণৰ কথা চাঁত চাঁতকৈ মনলৈ আহে তাৰ এটাও কিজানি ইয়াত নাই৷ আই.বি.ৰ ৰাস্তাটোৰে প্ৰথমবাৰ উঠি আহোঁতেই, অনুমান নহয়, খাটাংকৈয়ে ক’ব পৰা হৈ গৈছিলোঁ যে শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য, উদ্যোগ, বাণিজ্য, যোগাযোগ সকলো বিষয়তে এই অঞ্চল তুলনামূলক হিচাপত এতিয়াও একো আগ বঢ়া নাই বুলিলে ভুল হ’বলৈ নাই৷ কেতিয়া আগ বাঢ়িব তাৰ কোনো তাৰিখ অৱশ্যে উল্লেখ কৰিব নিবিচাৰিম৷ কিন্তু সেই লৈ আমি মুঠেই উদ্বিগ্নও নহওঁ৷ ৱালঙৰ ইতিহাসে আমাক ইতিমধ্যে কৈ দিছে ইয়াত আছে কি, নাই কি৷ সেই অমূল্য প্ৰাপ্তিৰ প্ৰতিহে আমি প্ৰতিটো মুহূৰ্ততে কৌতূহলী আৰু ইচ্ছুক হৈ উঠিছোঁ৷ ‘একোৱেই নাই’ কথাটোৱে আমাক নিৰুৎসাহ কৰিব নোৱাৰে৷

কেমেৰা সামৰি ৰুমত সোমাইছোঁ, তেনেতে গহীন-গম্ভীৰ খোজেৰে গাঁঠলু চেহেৰা এটাৰ আবিৰ্ভাৱ ঘটিল৷ কাঠৰ মজিয়াখনত চেণ্ডেলৰ ধপ্‌-ধপ্‌ শব্দ তুলি ডাইনিং ৰুমটোৰ মাজেৰে পিছফালৰ ষ্টেপলৈকে আগুৱাই আহিছিল আগন্তুক৷ প্ৰথম দৰ্শনত অৰুণাচলী বুলিয়ে ধৰি ল’লোঁ, আন্দাজতে৷ পোনতে ময়ে মাত দিলোঁ, হিন্দীতে৷ নতুন ঠাইত আমি নতুন মানুহ৷ গতিকে স্থানীয়জনক সন্মান দিয়া উচিত৷ সম্ভাষণ বিনিময়ৰ পিছত তেনেকৈয়ে অলপপৰ কথা চলিল৷ পিছত যেতিয়া ক’লে, 'বাহিৰত মেলি থোৱা গামোচাখন দেখি মই উমান ল’বলৈ আহিছোঁ, এই দুৰ্গম পাহাৰলৈ অসময়ত কোন অসমীয়া মানুহ আহিল, তাকো আই.বি.ৰ বুকিঙৰ বাবে আগতীয়াকৈ কোনাে খবৰ-খাতিৰ নিদিয়াকৈ' বুলি, তেতিয়া মোৰ আৰু বুজিবলৈ অকণো বাকীয়ে নাথাকিল যে সেইজন আমাৰে একে, খাৰখোৱা জাতৰেই হ’ব৷ পিছৰটো বাক্যতে ধাৰণাটো সম্পূৰ্ণ শুদ্ধ ওলাল মোৰ৷

কম সময়ৰ ভিতৰতে বন্ধুত্ব বেচ জমি উঠিল দেউকণ গগৈৰ সৈতে৷ পি.ডব্লিউ.ডি.ৰ তেওঁ ৰেগুলাৰ মেট৷ ২৭বছৰ হ'ল ইয়াত৷ তেওঁৰ পদবীটোৰ সম্বন্ধে উপৰ্যুপৰি সুধিও মনত খোকোজা ৰৈ গ'ল৷ আমাৰ ফালে পি.ডব্লিউ.ডি.ত তেনে পদবী শুনা নাই৷ সি যি কি নহওক, বাকী সংগীসকল নথকাত আমি দুয়ে মিলি ঘৰুৱাৰ পৰা আদি কৰি বহুতো কথাই পাতি পেলালোঁ৷ সেই সুযোগতে ৱালং, ডং, কিবিথোৰো আভাস ল’লোঁ তেওঁৰ পৰা৷ ক'লোঁ, 'জোতাত লিখা আছিল...'৷ তেওঁ হাঁহিলে৷ মস্ত চশমাযুৰিৰে সৈতে মানুহটোক স্ফূৰ্তিবাজ যেনেই লাগিল৷

ছোফাত বহি লৈ কথাৰ মহলা মাৰি থাকোঁতেই স্কৰপিঅ'খন অহাৰ শব্দ হ’ল৷ খাদ্য বিচাৰি তললৈ যোৱা চাৰিওজন আহি ওলাল৷ অচিনাকি এজনৰ সৈতে মাতৃভাষাতে খোলামনে কথা পাতি থকা দেখি তেওঁলোকৰো কৌতূহল জাগি উঠিল৷ প্ৰত্যেকৰে সৈতে নতুন সংগীক পৰিচয় কৰোৱালোঁ৷ তেনেকুৱা এঠাইত ভাবনাৰ সম্পূৰ্ণ অগোচৰে অসমৰে মানুহ এজনক লগ পাই, অসমীয়া মাত-কথাকেইটা শুনি সকলোৰে ভাল লাগিল৷ ইমানবোৰ মানুহক একেলগে পাই গগৈয়েও বৰ আনন্দ লভিলে৷ লগ এৰিবই নোখোজা হ’ল৷ আমাৰ সকলোৰে নাম-ধাম বগা কাগজ এখনত লিখোৱাই লৈ আই.বি.ৰ নিয়মমাফিক এলটমেণ্টৰ বাবে ক্ষন্তেক পিছতে তেওঁ নিজেই এখোজ এখোজকৈ ষ্টেপেৰে তললৈ নামি গ’ল, অথনি কৃষ্ণ আৰু মই বিচাৰি নোপোৱা মানুহজনৰ সন্ধানত৷ মতগজ লোকজন গৈ থকাটো অলপ সময় এক দৃষ্টিৰে চাই ৰ’লোঁ৷
















পৰৱৰ্তী লেখা :
১৪. ৱালঙৰ সেই স্মৰণীয় বিয়লি বেলাটো

No comments:

Post a Comment