অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
১৫. চীনলৈ চুটি পথৰ সন্ধান
কাহো বুলিলেই ভাৰত আৰু চীনৰ মাজৰ স্পৰ্শকাতৰ সীমান্তৰ ছবি এখন মনলৈ আহে৷ ১৯৬২ৰ যুদ্ধখনেই এই সীমান্তৰ আটাইতকৈ যেন সহজ পৰিচয়! ভাৰতৰ ‘ফৰৱাৰ্ড পলিচী’কে সেই ইণ্ডো-চাইনীজ ৱাৰৰ অন্তৰ্নিহিত কাৰণ বোলা হয়৷ আন একাংশৰ মতে চীনৰ আগ্ৰাসন৷ ফৰৱাৰ্ড পলিচীৰ উদ্দেশ্য আছিল চীনাৰ অগ্ৰগতি ৰোধ কৰা আৰু আকচাই চীনত ভাৰতৰ স্থিতি মজবুত কৰা৷ এই নীতি তদানীন্তন ভাৰতীয় শাসক মহলৰ সাম্ৰাজ্যবাদী মনোভাবৰ প্ৰতিফলন আৰু তাৰে পৰিণতি ৬২ৰ ৱালঙৰ যুদ্ধখন বুলিও কোৱা হয়৷ চাবলৈ গ'লে দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সংঘৰ্ষমূলক মনোভাবৰ বীজ ৰোপিত হৈছিল ব্ৰিটিছ-ভাৰতৰ সময়ছোৱাতে৷ মোগল, ইংৰাজ, মহাসমৰ, স্বাধীনতা আন্দোলন, বৰ-ভূঁইকঁপ, চীন-ভাৰতৰ যুদ্ধ৷ অনেক ঘটনা-পৰিঘটনা৷ আমি একেলগে যাত্ৰা কৰি থকা প্ৰতিজনৰে জীৱন কাল সূচনা হোৱাৰ বা জ্ঞান হ’বৰ আগতেই সংঘটিত হৈ গৈছে এইবোৰ৷ পাৰ হৈ অহা জীৱনৰ বিভিন্ন স্তৰত শুনি অহা আৰু পঢ়ি পোৱা কথা৷ এই ভ্ৰমণৰ সময়ছোৱাত, যদিওবা সময় বহুত উকলি গ'ল, থলীসমূহৰ একাংশ দেখা পোৱাৰ সৌভাগ্য হৈছে৷ তাৰে অংশ হিচাপে সদ্যহতে আমি উপস্থিত হৈছোঁহি সীমামূৰীয়া শেষ স্থল কাহোত৷

গাড়ীৰ পৰা নমাৰ পিছত কাহোৰ ভূমি স্পৰ্শ কৰি থকাডোখৰৰ পৰাই দেখা পালোঁ, অৰ্ধচন্দ্ৰাকাৰ ৰূপ লৈ ৰাস্তাটো জংঘলত সোমাই পৰিছে৷ একেবাৰে আগলৈ লোৰ সৰু দলং এখন৷ সেই পৰ্যন্ত খোজেৰে যাব পাৰি৷ তাৰ আগৰফালে যোৱাটো সাধাৰণ লোকৰ বাবে নিষেধ৷ পথ নাই বুলি আমিও আগৰে পৰাই জানি আহিছোঁ৷ কিন্তু সেইটোৱেই চীনলৈ যোৱাৰ চুটি পথ, সহজ পথ, যি পথ বিচাৰি মোগল আহিছিল, ব্ৰিটিছ আহিছিল৷ এতিয়া তেনেকুৱা দিগ্বিজয়ী, সম্প্ৰসাৰণবাদী যোদ্ধা নাহিলেও চাগৈ নহাকৈ নাই কৌতূহলী, সত্যসন্ধানী গৱেষক-পৰ্যটক!
উত্তৰ-পূবেৰে চীনলৈ লুকাই থকা বাট মোকলোৱাৰ প্ৰসংগত উত্তৰ ভাৰতৰ সৰ্বপ্ৰথম স্বাধীন মুচলমান ৰজা, দিল্লীৰ প্ৰথমগৰাকী চুলতান তথা দাস বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাকৰ সুদক্ষ সেনাপতি মহম্মদ ইবন বিন বখটিয়াৰ খলজিৰ নাম সবাৰো আগত আহিব৷ সিন্ধু আৰু গংগা উপত্যকাত প্ৰকৃত তুৰ্কীৰাজৰ কৰ্তৃত্ব স্থায়ী কৰাৰ পিছত গৌড়ত খোপনি লৈ সুসংগঠিত সৈন্যশক্তিৰে ব্ৰহ্মপুত্ৰ উপত্যকা ভেদি তিব্বত, মহাচীন আদি জয় কৰাৰ অভিপ্ৰায়েৰে অভিযান ৰচনা কৰিছিল খলজিয়ে৷ বিশাল অশ্বাৰোহীৰ দল এটাৰ নেতৃত্ব বহন কৰি, তিব্বতলৈ বাট বিচাৰি ১২০৫খ্ৰীষ্টাব্দত লুইতৰ উত্তৰ পাৰেদি তেওঁ কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল৷ উত্তৰ গুৱাহাটীৰ আশে-পাশে ৰাজধানী পাতি স্বতন্তৰীয়া শাসন চলাই থকা কামৰূপী ৰাজবংশীয় কোঁৱৰ পৃথুৱে খলজিৰ উক্ত আগমন ব্যৰ্থ কৰে৷ কামৰূপী আৰু জনজাতীয় সেনা-প্ৰজাই মাৰ বান্ধি হাজোৰ ওচৰত বৰনদীৰ পাৰত প্ৰত্যাক্ৰমণ চলাই তুৰ্কী বাহিনীক থান-বান কৰে৷ তাৰ কেইবা শতিকাৰ পিছত দিল্লীৰ মোগল সম্ৰাট ঔৰংগজেবৰ মাৰফতত বংগৰ চুবাদাৰ মীৰজুমলা, সেনাপতি ৰছিদ খাঁ, অম্বৰৰাজ ৰামসিংহৰ অসম অভিযান৷ বাদছাহৰ উদ্দেশ্য আছিল চীনৰ মিং সাম্ৰাজ্য জয় কৰা৷ আহোম স্বৰ্গদেউ জয়ধ্বজসিংহৰ শাসন কাল (১৬৪৮-১৬৬৩চন)কে সামৰি মোগলে ১৭বাৰ অসম আক্ৰমণ কৰিছিল৷ শেষত ১৬৭১চনত 'অসমীয়া ট্ৰেফেলগাৰ', শৰাইঘাটৰ ৰণত পৰাজয় বৰণ নকৰালৈকে তেওঁলোকৰ হাততো সেই তথ্যই আছিল৷ মানস-পটত ক্ৰিয়াশীল হৈ আছিল সেই আকাংক্ষা যে চীনলৈ কম কষ্টকৰ আৰু চমু বাটটো এইপিনেদিয়েই আছে৷ কাজেই উপৰ্যুপৰি অসমত সোমোৱাৰ প্ৰচেষ্টা৷ তাৰ পৰৱৰ্তী কালত উপদ্ৰৱী মানক নিয়ন্ত্ৰণাধীন কৰি ১৮২৬চনৰ ২৪ফেব্ৰুৱাৰীত কৰা ইয়াণ্ডাবু সন্ধিৰে অসম মুলুকত নিজৰ স্থিতি গজগজীয়া কৰি পেলোৱা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্ৰিটিছ বাহাদুৰ৷ কিমানবোৰযে যুদ্ধ-বিগ্ৰহ! মূল কাৰণ একেটাই৷ সাম্ৰাজ্য সম্প্ৰসাৰণৰ জৰিয়তে চীনা ভূখণ্ড অভিমুখে চুটি পথৰ সন্ধান উলিওৱা৷ দীৰ্ঘ সময়ৰ অন্তত, ঊনৈশ শতিকাত ইংৰাজে ৰাস্তাটোৰ অৱস্থান একপ্ৰকাৰ নিশ্চিত কৰি পেলাইছিল৷ মূল ভাৰত ভূখণ্ডৰ পৰা এমূৰীয়াকৈ আঁতৰি থাকিলেও অসম আৰু চীনৰ কৰিড’ৰ এইফালেহে বুলি 'জন বুল' ব্ৰিগেড হাণ্ড্ৰেড পাৰ্চেণ্ট খাটাং হৈ পৰিছিল সেই কোন কাহানিবাই৷
পণ্ডিত-শিক্ষাবিদৰ অধ্যয়নতো ঠাৱৰ হৈছে এই কথা৷ মোগল বা ব্ৰিটিছে ভালকৈ গম পাইছিল যে চীনলৈ যোৱা চমু ৰাস্তাটো এইফালেই কেনিবাদি আছে৷ হিমালয়ৰ পাদদেশত অসম বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অৱস্থিতি৷ অলপমান ওপৰলৈ নেফা৷ সিপাৰেই চীন৷ মাজত মাথো হিমালয়ৰ গিৰিমালা৷ ইয়াৰ মাজতেই নিশ্চয়কৈ লুকাই আছে চীনলৈ বা তেতিয়াৰ তিব্বতলৈ যোৱা উজু গিৰিপথটো৷ হাবি-জংঘলেৰে দুৰ্গম আছিল যদিও অতীজতে যাতায়াত চলিছিল এইটো পথেৰেই৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জনৈক বিদ্বানৰ লেখাতো আমি পঢ়িবলৈ পাওঁ যে ব্যৱসায়ী, তীৰ্থযাত্ৰী, চোৰাং কাৰবাৰী আনকি হেনো দেহোপজীৱীনীৰো আহ-যাহ চলিছিল এই চমু বাটেৰে!
স্থানীয় পাৰ্বত্য জনগোষ্ঠীয় লোকসকলৰ জ্ঞাত আছিল পূবৰ পথৰ দুৱাৰখন ক’ত আছে৷ গতিকে এইফালেৰে চীন দেশলৈ যাবলৈ সহজ আৰু সম্ভৱ বুলি ভবা ইংৰাজ দুঃসাহসিক অভিযানকাৰীক প্ৰয়োজন আছিল একমাত্ৰ থলুৱা খামতি, মিছিমি, চিংফৌ আদি পৰ্বতীয়া অধিবাসীৰ সাহায্য৷ তেতিয়াৰ এই জংগীসকলৰ সহায়-সন্মতি অবিহনে সঠিক পথ বিচাৰি উলিওৱাটো অসম্ভৱ বুলি অত্যুৎসাহী ব্ৰিটিছেও আনকি ভাবি ল’বলৈ বাধ্য হৈছিল৷ ভূগোলৰ জ্ঞান আৰু বিশ্লেষণেৰে বৰ্তমানৰ পৰা ১০০বছৰৰ আগতেই তেওঁলোকে এইটোও অনুমান কৰি লৈছিল যে ব্ৰহ্মপুত্ৰৰে উজাই গ’লেই চীন সোমাব পৰা যাব৷ ব্ৰিটিছ অধিকৃত ভাৰত আৰু চীনৰ মাজত লোহিত ভেলী৷ কাজেই ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ শদিয়াত কোঠ মাৰিছিল ইংৰাজে৷ এনেয়ে নহয়৷ মতলব আছিল চীন চুই পেলোৱাৰ৷
স্বভাৱতে দুঃসাহসী ইংৰাজ জাতি৷ আজিৰ পৰা প্ৰায় ছকুৰি বছৰৰ আগতেই দাক্ষিণাত্যৰ পৰা আহি হেনৰী কোট্টামে খোজ কাঢ়িয়েই যাবলৈ মৰসাহ কৰিছিল চীন চাবলৈ৷ ১৮৭৬চনত শদিয়াৰ পৰাই সূচনা কৰিছিল সেই যাত্ৰা৷ পিছে পৰশুৰাম কুণ্ডত স্তব্ধ হৈ গৈছিল৷ অহাৰ বাটত ১১এপ্ৰিল তাৰিখে আমিও গৰকি আহিছোঁ ব্ৰহ্মকুণ্ড বা পৰশুৰাম কুণ্ড৷ নিজে যাত্ৰা কৰি গম পাই গৈছোঁ পথৰ উদ্গতি আজি কেনেকুৱা৷ তৎসত্ত্বেও ব্ৰিটিছ তেতিয়াই নিশ্চিত আছিল যে পথটো এইদিশেই লুকাই আছে ক'ৰবাত৷ পাৰ্বত্য জনগোষ্ঠীয় মানুহৰ সাহায্যত সন্ধান চলাই শদিয়াৰ পৰা তেজু, তেজুৰ পৰা ৱালং হৈ লোহিতৰ পাৰে পাৰে এদিন চীন দেশৰ ৰিমা ওলাইছিলগৈ অত্যুৎসাহী ইংৰাজ চাহাবৰ দল৷

এফালে ভাৰতৰ শদিয়া, আনফালে চীনৰ ৰিমা৷ জনা যায়, অতীজতে আহ-যাহ চলা শদিয়া-ৰিমা সংযোগী পথেৰে দেশ স্বাধীন হোৱাৰ পিছতো মানুহৰ আহ-যাহ চলি আছিল৷ আমডোৰ পৰা এইফাললৈ তিব্বতীসকলৰ আৰু এইফালৰ পৰা মিছিমিসকলৰ ৰিমালৈ অহা-যোৱা আছিল৷ কোনো হকা-বধা নাছিল৷ চৌখাম, নামচাইলৈ ঘটা বৌদ্ধসকলৰ আগমনেও তদনুৰূপ সত্যতাকে সমৰ্থন কৰে৷ ১৯৪৭চনত ভাৰত স্বাধীন হোৱাৰ পিছতে শদিয়াৰ গুৰুত্ব ক্ৰমান্বয়ে নাইকিয়া হ’ল৷ শদিয়া-দিল্লী, শদিয়া-শ্বিলঙৰ মাজৰ দূৰত্ব দিনে দিনে বৃদ্ধি হৈ থাকিল৷ ১৯৫০চনৰ বৰ-ভূঁইকঁপৰ পূৰ্বে শদিয়া আৰু ৰিমা দুয়ো মূৰৰ দুখন ডাঙৰ নগৰ আছিল৷ ভূমিকম্পই আৰু অধিক যতি পেলালে৷ শদিয়া হৈ পৰিল কলীয়াপানী৷ সীমা সমস্যা আৰু ৬২ৰ চীনা যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত সিপাৰৰ ৰিমাৰ সৈতে যোগাযোগ নোহোৱাই হৈ থাকিল৷ পৰৱৰ্তী যুগত এইপাৰে তিনিচুকীয়াই শদিয়াক স্থলাভিষিক্ত কৰিলে৷ সিফালে ৰিমা আকৌ মেপৰ পৰাই অন্তৰ্ধান! তেনেকৈয়ে জাপ খাই থাকিল পূবৰ দুৱাৰখন৷
আগন্তুক দিনবোৰত এই চুটি বাটটো মোকলোৱা বা বন্ধ দৰজা খোলাৰ প্ৰসংগত নতুন চিন্তাই কি ৰূপ লয় সেই নিৰ্ঘণ্ট সময়ে প্ৰস্তুত কৰিব৷ স্বদেশৰ অন্তিম আৰু ক্ষুদ্ৰ গ্ৰাম্যাঞ্চল কাহোৰ এই স্থানত উপৱিত হৈ, যোৱা কেইদিন একেৰাহে অতিক্রম কৰি অহা দুৰ্গমতা, বিপদসংকুলতাখিনি মনতে সুঁৱৰি আজি আমি এইটো কথা অনুমান কৰিবলৈকো টান পাইছোঁ যে কিমান কষ্ট আৰু বিপদ-বিঘিনি হৈছিল চাগৈ, ব্ৰিটিছ অভিযানকাৰীৰ, অতীতৰ সেই যাত্ৰা আগ বঢ়াই নিয়াত! তাৰো আগৰ তিব্বতী, মিছিমিসকলৰ কথাটো ভাবিবই নোৱাৰি৷ আমি যেনিবা আজি ২০১৫ৰ বিশেষ এক সন্ধিক্ষণত গাড়ীত উঠি, কম সময়তে, কম আয়াসতে আহিব পাৰিছোঁ পথ-সমাপ্তি পৰ্যন্ত৷ কিন্তু তেতিয়া? কল্পনা কৰিবলৈ লৈ মূৰটো হঠাতে আচন্দ্ৰাই কৰা যেনেই লাগি গ'ল৷ কেনেকৈযে সম্ভৱ হৈছিল তেতিয়া!

এই পথ নে ষ্টীলৱেল পথ? চীনলৈ দৰাচলতে পূবৰ কোনটো পথ, কোনখন দুৱাৰ খোলা উচিত? সেই লৈও জল্পনা-কল্পনাৰ অন্ত নাইকিয়া৷ চীনগামী এইটো বাটে আমি নিজে আহিয়ে দেখিলোঁ, ইয়াত নাই কোনো বাধা৷ ইফালে দ্বিতীয় মহাসমৰৰ সময়ত এই পূৰ্বোত্তৰতে দুবছৰৰ লক্ষ্য বান্ধি ৯,০০০ফুট উচ্চতাৰ পাটকাই পৰ্বতৰ বক্ষ বিদীৰ্ণ কৰি সজা হৈছিল অসমৰ লেখাপানীৰ পৰা চীনৰ কুনমিঙলৈ ১,৭৩৬কিল’মিটাৰ দৈৰ্ঘ্যৰ ষ্টিলৱেল ৰ'ড৷ সৌভাগ্যক্ৰমে সেই বাটেও এদিন এছোৱা সোমাই পাইছোঁ আমি৷ পিছে ভাৰতৰ উত্তৰ-পূবৰ লগত চীন দেশৰ সংযোগ সাধিবলৈ চকুৰ আগত এতিয়া ওলাই থকা এইটো পথহে একে আষাৰে অধিক প্ৰশস্ত বুলিম৷ ষ্টীলৱেল ৰাস্তা কেতিয়াও বাস্তৱ নহয়৷ কাৰণ মাজত আছে অন্য এখন বিদেশ৷ ভাৰতৰ ৬১কিল'মিটাৰ, চীনৰ ৬৩২কিল'মিটাৰ৷ বাকী পথছোৱাৰ সৰহখিনিয়ে তৃতীয়খন চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত৷ সেই পথেৰে 'ল'কেল বাৰ্মুডা ট্ৰায়েংগল' অথবা বাৰ্মিজ ভাষাত 'নংয়াং' হ্ৰদ বুলি জনাজাত 'লে’ক অফ ন’ ৰিটাৰ্ণ' পৰ্যন্ত যাওঁতে আমি দেখিছিলোঁ, এটা যেন এৰি দিয়া পথহে সেইটো! ম্যানমাৰ হৈ চীনলৈ দূৰত্বও বহুত বেছি৷ ৱালঙৰ পথেৰে অনেকগুণে কম৷ নাথু-লা, বুম-লাৰ দৰে উচ্চতাৰ ভয় আৰু বৰফৰ বাধা কিবিথো-কাহোৰ এই পথছোৱাত নাই৷ সেয়ে হ’লেও চীনলৈ কোনবাটে কিমাননো দূৰ, সেয়া আজিও এটা মাত্ৰ তথ্যৰ ৰূপতে ৰৈ আছে৷ বৈদেশিক বাণিজ্য, পৰ্যটন আদিৰ বিকাশত অৱদান তেনেই শূন্য৷ ২০১১তে ষ্টিলৱেল পথ দেখিলোঁ৷ এইবাৰ এই পথো দেখিলোঁ৷ তুলনামূলক বিচাৰেৰে এইটোৱে চীনলৈ চুটি আৰু সহজ বাট৷
নক’লেও
চলে, প্ৰাকৃতিক সম্পদেৰে চহকী ব্ৰহ্মপুত্ৰ উপত্যকা৷ ইয়াৰ তেল, চাহপাত, কয়লা, কাঠ
আদি সম্পদসমূহ আহৰণ কৰাৰ লক্ষ্য ব্ৰিটিছৰ আগৰে পৰাই আছিল৷ তাৰ বাবেই ৰাস্তা
সাজিছিল, ৰে’ল লাইন বহুৱাইছিল৷ তাৰ লগতে চুবুৰীয়াৰ সীমাবোৰো
যিমান পাৰি ঠেলি যোৱাৰ প্ৰৱণতা এটা আছিল, যাতে পিছলৈ আনে নিজৰ বুলি দাবী তুলিব
নোৱাৰে৷ মেকমোহন লাইনক লৈ চীনৰ লগতো তেনেকুৱা এটাই হৈছিলগৈ৷ ঠিক তেনেতে দ্বিতীয় মহাযুদ্ধৰ দামামা
বাজি উঠিল৷ সমস্ত পট পৰিৱৰ্তন কৰি দিলে উক্ত মহাসমৰে৷ ভূতৰ ওপৰত দানহৰূপে আহিল ফিৰিংগীৰ শাসনৰ বিৰুদ্ধে দেশীয় জনগণৰ স্বৰাজকামী আন্দোলনৰ শ্ল'গান 'কুইট ইণ্ডিয়া"৷
অতীতৰ বৰ-অসম আৰু চীনক চমু পথেৰে লগ লগোৱাৰ উদ্যোগ এটা হয়তো সেই সময়তে ব্ৰিটিছৰ দ্বাৰা লোৱা হৈছিল৷ কিন্তু যৱনিকাও পৰিল তেতিয়াই৷ ইংৰাজ গুচি যাবলগীয়া হ’ল ভাৰত ত্যাগ কৰি৷ তল পৰি ৰ’ল পূবৰ বাটটো কটাৰ প্ৰয়াস৷ সেই ৰুদ্ধ দুৱাৰ আজিও খোল খোৱা নাই! বহুতৰ মতে, ব্ৰিটিছ থকা হ’লে কিজানি কথাটো বেলেগ হ’লহেঁতেন৷ সেই পথটোৱেই হয়তো আনি দিলেহেঁতেন পূবৰ সৈতে পোনপটীয়া সম্পৰ্ক৷ দেশৰ এমূৰীয়া, পিছ পৰা উত্তৰ-পূৰ্বাঞ্চল অংশটোৰ ৰং-ৰূপ হয়তো কিছু বেলেগ হ’লহেঁতেন৷ কিন্তু নহ'ল৷ সেই পথ তেনেকৈয়ে থাকিল৷ যুদ্ধৰ প্ৰয়োজনত ষ্টিলৱেল পথ তৈয়াৰ কৰা হ'ল যদিও তাৰো তথৈবচ অৱস্থা৷ সেই পথ দূৰণিবটীয়া, এই পথ চমু৷ কাৰ্যতঃ কিন্তু দুয়োটাই আজিৰ তাৰিখতো একোটা বন্ধ পথ৷ বগাহাতী৷ 'ভাল ৰাস্তা য’লৈ যায় সভ্যতা আৰু প্ৰগতিৰ ৰথখন ত’লৈকে যায়' বোলা কথাষাৰ প্ৰণিধানযোগ্য৷ পথ বন্ধৰ ফলশ্ৰুতিত নেফা, অৰুণাচল, অসম, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন পঁয়া লাগি ৰ'ল৷ দিল্লীও যেন বহুদূৰ! দিল্লীত বহি উত্তৰ-পূবৰ উন্নতি কৰা সম্ভৱ নহয় বুলি শেহতীয়াভাৱে প্ৰধান মন্ত্ৰী মোদীয়েও অকপটে স্বীকাৰ কৰি লোৱাটো এইখিনিতে মন কৰিবলগীয়া৷
প্ৰসংগক্ৰমে, উত্তৰ-পূৰ্বাঞ্চলৰ সীমালৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে ৯৮শতাংশই চুই আছে দক্ষিণ এচিয়াৰ ৰাষ্ট্ৰবোৰৰ সৈতে৷ মাত্ৰ ২শতাংশহে ভাৰতৰ সৈতে আছে৷ উত্তৰ-পূব য’তেই শেষ হৈছে তাতেই আৰম্ভ হৈছে দক্ষিণ এচিয়া৷ উত্তৰ-পূবৰ ৮খন ৰাজ্য ক্রমে অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু ছিকিমে চীন, ম্যানমাৰ, ভূটান, বাংলাদেশ আৰু নেপালৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰিত্ব লৈ আছে৷ তৎসত্ত্বেও সম্পৰ্ক আৰু সুচল যোগাযোগৰ দিশত এতিয়াও বিৰাজমান অনেক নিমিলা অংক!
১৯৬২চনৰ পিছত ২০০৬চন৷ যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে সেই বছৰতে নাথু-লা পাছ মুকলি কৰা হয়, সীমান্ত বাণিজ্যৰ লক্ষ্যৰে৷ চীন-ভাৰতৰ মাজৰ বাণিজ্যিক সম্পৰ্কৰ উত্থানত উল্লেখযোগ্য ভূমিকা ল’ব বুলি আশা কৰি আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন কামনাৰে কেইবাখনো ব্যৱসায়িক চুক্তিসহিত ভাৰতীয় আৰু চীনা অফিচাৰসকলৰ উপস্থিতিত ২০০৬চনত ছিকিম আৰু চীন অধিকৃত তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ মাজৰ নাথু-লা পাছ খুলি দিয়া হয়৷ ছিল্কৰুটৰ অংশবিশেষ নাথু-লা গিৰিপথ৷ মূলতঃ যোগাযোগৰ সুবিধা, বিভিন্ন খণ্ডৰ উন্নয়নৰ স্বাৰ্থত আৰু উমৈহতীয়া লাভালাভৰ বাবে বহু বিলিয়ন ডলাৰ ব্যয়সাপেক্ষ বিলাসী ছিল্কৰুট প্ৰকল্পত ভাৰত আৰু শ্ৰীলংকাৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা ব্যক্ত কৰিছে চীন দেশে৷ অতীজৰ বিভিন্ন দিশত ভাব বিনিময়ৰ উপৰি চীন দেশৰ চহকী সাংস্কৃতিক পৰম্পৰা আৰু আধুনিক চীনা বিজ্ঞান-প্ৰযুক্তি, কৃষিৰ বিকাশৰ বিষয়কে ধৰি বিভিন্ন বিষয়ক জ্ঞান লাভৰ সুযোগ মুকলি হ’ব সেই ব্যৱস্থাৰ জৰিয়তে৷ সমুদ্ৰপৃষ্ঠৰ পৰা নাথু-লাৰ উচ্চতা ১৪,১৭০ফুট৷ বৰফাবৃত্ত সেই উচ্চ পথতকৈও নিকটৱৰ্তী, চুটি আৰু সহজ বুলি দেখদেখকৈ গণ্য কৰিব পাৰি পূবমূৰৰ এই বাটটোক৷
বিজ্ঞান-প্ৰযুক্তিক সাৰথি কৰি কৃষি, উদ্যোগ, বাণিজ্য সকলো ক্ষেত্ৰতে চীন দেশ আগ বাঢ়ি যোৱাটো আমি দেখিছোঁ৷ চীনত নিৰ্মিত বস্তু আজি গোটেই পৃথিৱীতে উভৈনদী৷ আমেৰিকাৰ দৰে পশ্চিমৰ ধনী দেশলৈও উচ্চমানৰ দ্ৰব্য চীনে ৰপ্তানি কৰে৷ ভাৰতৰ বজাৰবোৰত সস্তাতে চীনৰ সামগ্ৰী উপলব্ধ৷ উত্তৰ-পূবৰ ৰাজ্যবোৰৰ বজাৰ চীনা বস্তুৰে ভৰপূৰ৷ আমাৰ ঘৰবোৰতে দেখোঁ চাইনীজ মালৰ কদৰ! আনহাতে আমাৰ ঠাইত প্ৰস্তুত হোৱা বস্তু চীনলৈ কিমান যায় বা যাব সেয়া এটা প্ৰশ্ন৷ পথ যোগাযোগ স্থাপন হ’লে এইটো নিশ্চয় নোহোৱাকৈ নাথাকিব৷ কাৰণ আমাৰ কেঁচামাল আছে৷ উৎপাদনমুখী প্ৰচেষ্টা নাই৷ বস্তু পঠিয়াবলৈ সহজ ব্যৱস্থা নাই৷ ৰাস্তা খুলিলে এয়া সম্ভৱ হ’ব বুলি ভাবিব পাৰি৷ ভাৰত চৰকাৰৰ ‘লুক ইষ্ট পলিচী’, ‘এক্ট ইষ্ট পলিচী’, পূবৰ দুৱাৰ খোলাৰ প্ৰচেষ্টা সম্পৰ্কীয় কুৰুংকাৰাং মাজে-মধ্যে আনৰ দৰে আমিও শুনা পাই আহিছোঁ৷ বেপাৰ-বাণিজ্যই হওক, পৰ্যটনেই হওক পূবলৈ চালে পাবলগীয়া বহুত আছে৷ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তেনেকৈয়ে উত্তৰ-পূবৰ জনসাধাৰণ আগ বাঢ়ি যাব বুলি আশা কৰাটো নিশ্চয় ভুল নহ’ব৷
ভাৰত-চীন সম্পৰ্ক সবল হ’বনে, চীন-ভাৰতৰ সন্দেহ আৰু অবিশ্বাস আঁতৰ হ’বনে, সীমান্তৰ সমস্যাবোৰৰ সন্তোষজনক সমাধান ওলাবনে নাই সেয়াও আমাৰ কাৰণে গম্ভীৰ প্ৰশ্ন৷ সীমান্ত অঞ্চল সদায়েই স্পৰ্শকাতৰ৷ আন্তঃৰাষ্ট্ৰীয় হওক কিম্বা আন্তঃৰাজ্যিক৷ চীন-ভাৰত সীমান্তৰ কথাবোৰ আমি মাজে মাজে শুনিবলৈ পাওঁ৷ একেদৰে অসম-নাগালেণ্ড, অসম-মেঘালয়, অসম-অৰুণাচল সীমান্তৰ কথাও আমি শুনিবলৈ পাওঁ৷ সীমান্তৰ সমস্যা সীমাৰ মাটি আৰু মানুহৰ জীৱন-জীৱিকাক লৈ৷ এই সমস্যাবোৰৰ ৰাজনৈতিক সু-সমাধানে ৰাজ্য বা দেশ একোখনক বিকাশৰ দিশত মুকলিমূৰীয়াভাৱে আগুৱাই নিব পাৰে৷

অসমৰ দৰেই তাম, মাৰ্বলমিশ্ৰিত চূণশিল, মাইকা, বেৰেল, নিকেল, সীহ, জিংক, চিলিমিনাইট, কীয়ানাইট, এচবেচটছ, বাঁহ, কাঠ আদি বহুমূলীয়া সম্পদেৰে ভাৰতৰ অন্তিম পূবৰ প্ৰদেশ অৰুণাচলখন ভৰপূৰ৷ উচিত মানুহৰ জৰিয়তে এই সম্পদসমূহৰ উচিত ব্যৱহাৰে ৰাজ্যখনক দোপত দোপে আগুৱাই নিব পাৰে৷ অঞ্চলটোৰ ক্ষিপ্ৰবেগী উন্নয়ন সাধন হ’লে সামগ্ৰিকভাৱে ভাৰতবৰ্ষখনেই আগুৱাই যাব৷ কাহো পাই এয়া অনুভৱ কৰিছোঁ, পূবৰ দুৱাৰখন খোলোৱাত অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূবৰ সম্পদ আৰু মানুহৰ এক বিশিষ্ট ভূমিকাযে আছে, তাত সন্দেহ নাই৷ তাৰ লগতে আছে সৌহাৰ্দপূৰ্ণ আৰু চৰ্তহীন ভাৰত-চীন ৰাজনৈতিক মৈত্ৰী৷ ব্ৰিটিছে যিটোৰ মীমাংসা নকৰি ওলোমাই থৈ গ’ল, আধুনিক ধাৰণাৰে দুয়োখন দেশে মিলিজুলি সীমাই সৃষ্টি কৰা সেই দীৰ্ঘদিনীয়া জঞ্জালটোক কবৰ দিব লাগিব৷ সময় সলনি হ’ল৷ মানুহে এতিয়া যুদ্ধ-বিগ্ৰহ নিবিচাৰে, বিচাৰে শান্তি-সম্প্ৰীতি৷ উন্নতিহে মানুহৰ প্ৰিয় শব্দ৷ উন্নয়নহে আজি শেষ আৰু সৰ্বজনগ্ৰাহ্য কথা৷ চুটি পথটোৰ গুৰুত্বও সেইখিনিতে৷
পৰৱৰ্তী লেখা :
১৬. কাহোৰ বৌদ্ধ মন্দিৰৰ
বাৰাণ্ডাত ৰৈ
No comments:
Post a Comment