অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন তিনি ৷৷ দিনাংক ১২.৪.২০১৫
৯. পৱিত্ৰ প্ৰাণীয়ে স্বাগতম জনালে ৱালঙলৈ
কমলা দিদিৰ হাতৰ চেনী নিদিয়া কফিটোপা খাই সতেজ হোৱাৰ পিছত সংগোপনে,
অতি সংগোপনে মোৰ সন্মুখৰ আসনত বহি যাত্ৰা কৰি থকা কবিজনে হয়তো এতিয়া কথা পাতিছে, নিজৰ
লগত৷ 'সমাধিৰ কবি' অৰুণদা৷ 'ঠিকনা' কবিতাটোত উল্লেখ কৰাৰ দৰে নিঃসংগতাৰ দিক্চৌ বাটত
এদিনযে ঠিকনা হেৰুৱাই পেলাইছিল, সেই কথাও তেওঁৰ এতিয়া হয়তো মনলৈ আহিব পাৰে৷ কাৰণ ঠিক
হায়ুলিয়াং পাৰ হোৱাৰ পিছতে আমি প্ৰত্যেকেই ঠিকনা হেৰুৱাই পেলালোঁ৷ নহয়তোবা নাচি-বাগি
বৈ থকা লোহিতখনৰ ভাঁজবোৰ দেখি, ডকমকাৰ ডিখাৰুৰ পাৰ, তাৰ বালি-চাপৰিৰ ছায়াঘন কৃষ্ণচূড়াৰ
তল নতুবা হিৰন্ময়ী নিৰৱধি পথাৰত ওমলি-জামলি ফুৰা নিজৰ নঙঠা শৈশৱৰ কথাও ভাবি থাকিব পাৰে৷
কবি মানুহ৷ সংবেদনশীল৷ অনুভূতিপ্ৰৱণ৷ আপোন-পাহৰা, ব'মভোলা হৈ পৰে কোনো কোনো মুহূৰ্তত৷
সেই ধ্যানমগ্ন অৱস্থাত আমি তেওঁক আমনি নকৰোঁ৷ অকলশৰীয়াকৈ এৰি দিওঁ৷ নিঃসংগতা কবিৰ অন্তৰৰ
কামনা বুলি নক'লেও বুজি পাওঁ আৰু নিজেও মৌন ব্ৰত পালন কৰি কবিৰ চিন্তা-চেতনাক প্ৰস্ফূটিত
হোৱাত ইন্ধন যোগাওঁ৷ ঘূৰি গৈ যাতে নতুন কবিতা এটা-দুটা পঢ়িবলৈ পাওঁ, তাকে আশাপালি ৰওঁ৷
অৰুণদাৰ কবিতা ভাল, কোমল কোমল৷ টাৱাং, শ্বিলং, উমতিলি, জিৰিকেন্দেং, মৌচিনৰাম, মাউলিননং,
মাজুলী, নামেৰী, লেহ, লাডাখ, পাংগাং-ছ' ভ্ৰমণ কৰি সেইবোৰক লৈ লিখা কবিতাবোৰৰ অনুৰূপ
অৰুণাচলৰ এই অমল বাতাবৰণক লৈ, আমাৰ এই এডভেন্সাৰ ট্ৰিপটোক সাঙুৰি হয়তো এইবাৰো কবিৰ
মন-গহনত ভাবৰ উদ্ৰেক ঘটিব৷ অৰুণদাৰ তেনেকুৱা এটা কবিতাই, মাথো এটা কবিতাই অমৰ কৰি পেলাব
পাৰে আমাৰ এই দীঘলীয়া যাত্ৰা৷ আমাৰ মেদযুক্ত কলমেৰে পৃষ্ঠাৰ পিছত পৃষ্ঠা ঘঁহি থকাৰ
কোনো প্ৰয়োজনেই নহ'ব৷ তাতেই কবিৰ বাহাদুৰি৷ তাতেই কবিতাৰ বিশ্বজননী আৱেদন৷
নাজানো৷ কিজানি কবি অৰুণদাৰ বুকুৰ একোণত এতিয়া
নিনাদিত হৈ বাজি আছে অহৰহ ক্রমশঃ নীলা হৈ পৰা অজস্ৰ অশৃংখল শব্দ! নিঃসংগতাৰ গান হৈ
কুঁৱলী-ধূসৰ শূন্যতাৰে আৱৰা সন্মুখৰ বাটটোলৈ একান্তমনে চাই চাই কবিৰ শৰীৰটোৱে যাত্ৰা
কৰি আছে ঠিকেই৷ সিফালে মনটোৱে চাগৈ খেলিব লাগিছে কবিতাৰ পংক্তিৰ মাজত, শব্দৰ নিছিদ্ৰ সন্ধানত৷ বতাহত দুলি থকা অৰণ্যানী,
নিমাওমাও পৰিৱেশ, ৰক্তিম সূৰ্যটোলৈ চাই চাই তেওঁৰ পিছৰ ছিটত বহি আমিও গৈ আছোঁ সদলবলে৷ মনৰ পৰ্দাত ঘূৰি ঘূৰি আহিছে কমলা দিদিৰ সাদৰ আপ্যায়নৰ দৃশ্যৰাজিৰ লগতে আৰু এখন গামোচা হেঁপাহ কৰি ভগা অসমীয়াত কোৱা... ‘আৰু একটা থাকিলে দিবিনা৷’৷
ৱালঙলৈ আৰু অধিক দূৰত্ব নাছিল৷ কেইকিল'মিটাৰমান যাওঁতেই এঠাইত বাট ভেটিলে কেইটামান মেঠোনে৷ মেঠোন অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰাণী৷ দৃশ্যটো দেখিয়ে এনে লাগিল, অচিনাকি দৰ্শনাৰ্থীক ইহঁতে যেন এতিয়া সম্ভাষণহে জনাইছে! অৰুণাচল প্ৰদেশত বিভিন্ন উপলক্ষ্য আৰু দৰকাৰত ব্যৱহাৰ কৰা হয় মেঠোনৰ ছবি আৰু আকৃতি৷ অৰুণাচলীৰ মানত মেঠোন বৰ পৱিত্ৰ৷ সন্মানীয় জীৱ৷ কিন্তু গাহৰি, কুকুৰা, বা কুকুৰৰ দৰে তাক ঘৰচীয়া কৰা নহয়৷ ই আধা ঘৰচীয়াহে৷ পূজাৰ সময়ত বলি দিবলৈ প্ৰয়োজন হ'লেহে হাবিৰ পৰা তাক ধৰি অনা হয়৷ গোহালিতো ৰখা নাযায়৷ মেঠোন, গাহৰি, কুকুৰা আৰু কুকুৰৰ ভিতৰত মেঠোনকেই বলিৰ বাবে প্ৰশস্ত বুলি গণ্য কৰা হয়৷ জনজাতীয় লোকসকলে মেঠোনক সাহস আৰু শক্তিৰ প্ৰতীক ৰূপে জ্ঞান কৰে৷ মেঠোন উপহাৰ দিয়া বা বলি দিয়া কাৰ্য মিছিমি, নগা আদি জনজাতিৰ মাজত প্ৰচলিত আছে৷
পেটেলে গাড়ীখন মেঠোনকেইটা পোৱাৰ অলপমান আগতেই ৰখাই দিলে৷ পৱিত্ৰ প্ৰাণীকেইটাৰ স্বাগতম আৱাহনীৰ প্ৰতি সন্মান জনাই আমিও নামিলোঁ৷ অনিলদাৰ হাতত মেৰী বিস্কুতৰ পেকেট৷ মেঠোনক কিবা এটা খুউৱাৰ আগ্ৰহতে ডেচব'ৰ্ডৰ পৰা আগে-ভাগে নিজৰ হাতত লৈ লৈছে৷ কিবা এটা অনুমান কৰি গহীন খোজেৰে জন্তুকেইটা আমাৰফালে আগ বাঢ়ি আহিল৷ সাৱধানী দূৰত্বৰ পৰাই অনিলদাই বিস্কুত দিলে৷ অলপ সময়ৰ বাবে সকলোৱে নিৰীক্ষণ কৰিব ধৰিলোঁ সিহঁতৰ গুৰু-গম্ভীৰ কাণ্ড-কাৰখানাবোৰ৷
মেঠোন বা মিঠুনৰ উৎপত্তি বা সৃষ্টি সম্পৰ্কে অৰুণাচলী জন-সমাজত পৰম্পৰাগত গীত কিছুমান অতীতৰে পৰা চলি আহিছে৷ আদি জনগোষ্ঠীৰ লোকসকলৰ মাজত এই সম্বন্ধে জন-বিশ্বাস আজিও প্ৰচলিত আছে৷ বিশ্বাসমতে, দাদি-ছোমিয়েই মানৱ সমাজক উপকাৰী জন্তু দান দিছিল৷ তাৰ ভিতৰত মেঠোনো এটা৷ তেনে এটা গীতৰ ভাবাৰ্থ অনুযায়ী দাবিৰ পুত্ৰ আৰু পেডঙৰ নাতিয়ে পোনপ্ৰথমে এটা উঁইৰ সৃষ্টি কৰে৷ উঁইটোৱে বগাবলৈ আৰম্ভ কৰাৰ পিছত লিমিৰ গাৰ পৰা চকু এটা উলিয়াই আনিলে আৰু তাক লৈ য়াংমো (বিশ্বকৰ্মা?)ৰ ঘৰ পালেগৈ৷ এই চকুটোৰ পৰা এজোপা গছ হ'ল৷ তাৰ বহল পাতবোৰ দেখিবলৈ মেথোনৰ চকুৰ দৰে৷ চকুযোৰ পানীত ডুবুৱাই য়াংমোৰ ঘৰৰ কলহত ভৰাই থোৱা হ'ল৷ কালক্রমত চকুযোৰ পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিল৷ ইফালে লিমিৰ ভৰিৰ পৰা ডুগ্লা বুলি আন এজোপা গছ গজিল৷ য়াংমোই গছজোপা লগোৱাত লগে লগে ভৰিবোৰ হ'ল৷ বেঁকা আৰু ফেৰেঙণি মেলা ডালবোৰৰ পৰা হ'ল মেথোনৰ খুৰা৷ পসু বুলি এজোপা গছ লগোৱাত চোকা জিভা এখন ওলাল৷ সেইদৰে কামগাং গছৰ পৰা নেজ আৰু তাকত গছৰ পৰা শিং হ'লগৈ৷ ইয়াৰ পিছত য়াংমোৱে মৌবাহ এটা আনি গাত লগালত সি কুঁজ হৈ পৰিল৷ এইদৰে এটা নতুন জন্তুৰ সৃষ্টি হ'ল৷ ৰপুম আৰু পূবই তাৰ নাম ৰাখিলে 'এসো' বা 'মিঠুন' বা 'মেঠোন'৷ মেঠোনবোৰৰ দেৱতাৰ নাম 'এসো আগম'৷
প্ৰথমতে দেৱতাই মানুহ এঘৰৰ জখলাৰ গুৰিতে একোটাকৈ মেঠোন আৰু গাহৰি বান্ধি থৈ গ'লহি৷ ঘৰচীয়া কুকুৰটোৱে জন্তুটো দেখা পাই ভুকিবলৈ লাগিল৷ মেঠোন আৰু গাহৰি দুইটাই ভয় খাই পলাই গ'ল৷ পুনৰ দেৱতাক প্ৰাৰ্থনা কৰিলত জন্তু দুটা চৰ্ত সাপেক্ষে ঘূৰাই দিলে৷ সেই চৰ্ত অনুসৰি মেঠোন বধ কৰোঁতে তাক ভয় খুৱাব নোৱাৰে৷ উশাহ নিৰোধ কৰি মেঠোন বধ কৰা হয়৷ সেই প্ৰথাটো তিব্বতৰ আমডোপাসকলৰ পৰা আহিছে বুলি অনুমান কৰা হয়৷ মেঠোনৰ বংশ বৃদ্ধি আৰু উন্নতি কামনা কৰা উৎসৱো অৰুণাচলী মানুহৰ মাজত আছে৷ সাৰুৱাকৰণ উৎসৱত মেঠোনৰ ৰক্তৰে বসুমতীক সগৰ্ভা কৰা হয়৷ মেঠোনৰ চুলিও হেনো মংগলবিধায়ক৷ গৱেষক-পণ্ডিত-বিশ্লেষকৰ মতে বলি-বিধান, তেজ-মাংস বাদ দিলে অসমীয়া জন-জীৱনৰ গৰু বিহুৰ ভাবটোৰ সৈতে ইয়াৰ এক ধৰণৰ যেন সামঞ্জস্য আছে! ধ্যান-ধাৰণাৰ এনেকুৱা সৰু-সুৰা মিলবিলাক মন কৰিবলগীয়া৷ এইবোৰে মানুহৰ মাজত মিলা-প্ৰীতি আৰু সদ্ভাৱ বৃদ্ধিত অনুঘটকৰ দৰে যুগে যুগে কাম কৰি আহিছে৷
সামৰিক বাহিনীৰ ট্ৰাকবোৰেই এইফালে সঘনাই চলাচল কৰে৷ সাধাৰণ জনজাতীয় লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসাও সিয়েই৷ ভাৰতীয় সৈন্য বাহিনীৰ ওপৰত পূৰামাত্ৰাই নিৰ্ভৰশীল মানুহবোৰৰ জীৱন৷ আজি পিছে গাড়ী-মটৰৰ বাধা তেনেকৈ আমি পোৱা নাই৷ সেয়েহে পথৰ দাঁতিতে চৰি আছে মেঠোনকেইটা৷ আপোনমনে ঘাঁহ-বন, গছ-পাত খাই আছে৷ এইফালে আঙুলিৰ মূৰত লেখিব পৰা সংখ্যাৰ গাড়ী-মটৰ৷ ইমান দূৰ আহিও আমি কেৱল সেনাৰ বাহনকেইখনমানহে বাটত ক্রছ কৰিছোঁ৷ তাকো এবাৰহে৷ সংখ্যাটোও মেঠোনৰ সংখ্যাৰ সমানেই৷ সিফালৰ পৰা অহা ডাঙৰ গাড়ী দেখিয়ে পেটেলে স্কৰপিঅ'খন আগে-ভাগে নিৰাপদ স্থানত থিয় কৰাইছে৷ পাহাৰত সেইটো অঘোষিত নিয়ম৷ কোনাে ধৰণৰ আকোঁৰগোজালি নচলে৷ বহুতে কৰাৰ দৰে হামবৰা ভাব দেখুৱাই নিয়ম নামানি তেনেকুৱা কৰিলে বিপদ সকলোৰে৷ লটিঘটিও নিজৰে৷ আমাৰ চালক ঠিক আছে৷ মিলিজুলি চলিব জানে৷ সেয়ে পেটেলক আমাৰ ভাল লাগিছে৷
সি যি কি নহওক, সেনাৰ গাড়ীকেইখন আমাৰ দাঁতিয়েদি আগ বাঢ়ি অহাৰ সময়ত আমি হেঁপাহেৰে যাত্ৰীসকলৰ ফালে চাইছিলোঁ৷ তেওঁলোকেও আমালৈ চাইছে৷ সোঁ হাতৰ পাঁচোটা আঙুলি চেপেটাভাৱে থুপ খুৱাই কপাল স্পৰ্শ কৰি নিজৰ আসনত বহি থাকিয়েই চেলুট মাৰিছোঁ৷ তেওঁলোকেও ৰিটাৰ্ণ চেলুট দিছে৷ তাকে দেখি নিজৰ এল.পি. স্কুলীয়া দিনবোৰলৈ মনত পৰি গৈছে, যেতিয়া আমাৰ ঘৰৰ আগেৰে মিলিটেৰী কনভয়, টেংক, ৰে’ডক্ৰছ অঁকা গাড়ী, ফ্লেগ লগোৱা গাড়ী আদি আহি থকা দেখিলেই দৌৰ মাৰি ৰাস্তালৈ ওলাই আহি সোঁহাতখন কপালত লগাই অভিবাদন জনাইছিলোঁ৷ সেয়া আমাৰ চেলুট৷ তেতিয়াও, আজিও৷ এই চেলুটেৰে আমি সৈনিকক সন্মান জনাওঁ৷ বাই বাই দিওঁ৷ তেওঁলোক আমাৰ ৰক্ষাকাৰী৷ দেশৰ নিৰাপত্তাৰক্ষী৷ আমি এতিয়া যিফালে গৈ আছোঁ সেইফালেও দিনে-ৰাতিয়ে চৌব্বিশ ঘণ্টাই সৈন্য বাহিনীৰ জোৱানৰে গিজগিজনি থাকিব৷ চিভিলিয়ান মানুহৰ এইফালে আহ-যাহ তাকৰ৷ তাৰ উমান বহুত আগতেই পাই গৈছোঁ৷ এতিয়ালৈকে যিটো দেখিছোঁ আগমনকাৰী একমাত্ৰ আমিহে৷ ভালো লাগিছে কথাটোত৷ বেছি মানুহৰ সমাগম আমি বিচৰা নাই৷ সন্মুখৰ ছিটত বহি ভাবত মগন হৈ থকা অৰুণদায়ো নিবিচাৰে৷ সেয়ে ইচ্ছা কৰিয়ে বাছি লৈছোঁ এনে কষ্টগম্য ঠাই, য'ত প্ৰকৃতিৰ সমাগমে মন ভৰাই তুলিব৷ ফাৰ ফ্ৰম দ্যা মেডিং ক্ৰাউড!
পাৰ হৈ যোৱা শেষৰখন গাড়ীৰ পিছফালে বহি যোৱা সৈনিকসকলক
বাই বাই দিলোঁ৷ তেওঁলোকেও আমাক বাই বাই দিলে৷ তাৰ পিছত আমাৰ গাড়ীখন ৰাস্তাটোৰ ওপৰত
উঠিল আৰু আকৌ আগলৈ চলিব লাগিল৷ আমাৰ ক'লা স্কৰপিঅ'খনৰ ভিতৰত আমি প্ৰাণী মুঠতে পাঁচোটা৷
তাৰে পেটেলক বাদ দি বাকী চাৰিজনেই এইটো পথত নতুন আৰু অনভিজ্ঞ৷ এই দিশৰ অভিজ্ঞতা প্ৰথমবাৰৰ
বাবে আহৰণ কৰি আছোঁ যদিও প্ৰতি মুহূৰ্ততে আশাবাদী যাত্ৰী আমি৷ সেয়ে যাত্ৰাটোত সকলো
কামেই ভালে ভালে হৈ আছে৷ ৰাজভগনৰ পৰা কলঠোকা বাদুলীয়ে খোৱালৈকে কিমান কথাযে ওলাইছে
আমাৰ মাজত! মাজে মাজে মৌনতা৷ সংগীত৷ সমস্বৰে
কৰা কোৰ্হাল৷ আকৌ নিস্তব্ধতা!
সময় চমু চাপি আহিছে৷ সন্মুখত আহি আছে ৱালং৷ ৬২ৰ চীন-ভাৰত ৱাৰৰ পূবৰ সমৰথলী ৱালং৷ প্ৰৱল অনিশ্চয়তাৰ মাজতো ভাবি আহিছোঁ, ৱালঙতে কৰিম বে'ছ কেম্প৷ তাৰ পৰাই কিবিথো, কাহো, ডং৷
পৰৱৰ্তী লেখা :
১০. পালোঁহি ৱালং উপত্যকাৰ দুৱাৰমুখ
No comments:
Post a Comment