Wednesday, 8 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৩. ৱালঙৰ পকা কমলাৰ জুতি ল'বলৈ পালোঁ



'কত জোৱানৰ মৃ্ত্যু হ'ল... কাৰ জীৱন-যৌৱন গ'ল...' সুধাকণ্ঠৰ গীতৰ কলি গুণগুণাই থাকি বহুদিনৰ পৰাই হেঁপাহ কৰি অহা ৱালঙৰ যুদ্ধ-স্মাৰক পুৱাই পুৱাই চালোঁ৷ তাৰ ওপৰলৈ এটা বৌদ্ধ বিহাৰ আছে৷ খটখটীও সজা আছে৷ খটখটী দেখা পায়ে ওপৰলৈ উঠি গ'লোঁ৷ সন্মুখত গে'ট এখন৷ গে'টখনত তলা ওলমি আছে৷ সোমোৱাৰ ইচ্ছা থাকিলেও সম্ভৱ নহ'ল৷ গোমপাটোতনো কি আছে চাবগৈ নোৱাৰিলোঁ যদিও সেই উচ্চ স্থানৰ পৰাই আমি থকা আই.বি.টোৰ বিপৰীত দিশৰ ৱালংখন ভালকৈ চাই ল'লোঁ৷ নাতিদৈৰ্ঘ্যৰ এটা উপত্যকা৷ কৰ্দৈসিৰীয়া পৰ্বতৰ শাৰীবোৰ ক্ৰমান্বয়ে পিছলৈ সৰু হৈ গৈ আছে৷ পৰ্বতৰ ওখ-চাপৰত কেৱল পাইন গছবোৰ৷ বাওঁ দাঁতিৰে অহোৰাত্ৰ বৈ থকা লোহিতখন৷ তাৰ পাৰত নিৰ্মীয়মান এয়াৰ প'ৰ্টটো৷ কাষেদি মূলপথটো৷ ডাঠ সেউজীয়া বেৰ আৰু ৰঙা টিনপাতৰ ঘৰ কিছুমান৷ ভাৰতীয় সৈন্য বাহিনীৰ আড্ডাৰ মাজেদিয়ে পশ্চিম দিশে হায়ুলিয়াঙলৈ যোৱা ৰাস্তাটো৷ পূব দিশে কিবিথোলৈ৷ নৈসৰ্গিক দৃশ্য৷ চালে চাই থাকিবৰ মন হয়৷

তেনেকৈ থকা অৱস্থাতে আমাৰ বাওঁহাতে নৈখনৰ সিপাৰৰ পৰ্বতৰ ওপৰৰ পৰা অহা সূৰ্যৰ ৰশ্মিয়ে প্ৰথমবাৰৰ বাবে সন্মুখৰ পাহাৰখনৰ অৰ্ধাংশ পোহৰাই তুলিলে৷ আধা ৰ'দ, আধা ছাঁ৷ বিৰল চিত্ৰপট এখন৷ নয়নাভিৰাম৷ ঠাইতে ৰৈ যিমান পাৰি উপভোগ কৰি মগন হ'লোঁ আমি৷ ৬বাজি ১৫মিনিট গৈছিল তেতিয়া৷ অলপ পিছত নামি আহিলোঁ৷

কিবিথোগামী পকা ৰাস্তাটোৰে খোজ কাঢ়ি সঞ্জু আৰু মই ধীৰে ধীৰে আগুৱাই গ'লোঁগৈ, আগত আৰু কিনো আছে চাওঁ বুলি৷ এটা কেঁকুৰিত তলফালে আৰ্মীৰ বেৰেক কিছুমান দৃষ্টিগোচৰ হল৷ মুক্তাংগনত পুৱাৰ কুচকাৱাজ চলি আছে৷ গাড়ী কেইখনমান শৃংখলাবদ্ধভাৱে শাৰী পাতি চালিৰ তলত সুমুৱাই থোৱা হৈছে৷ ওচৰতে হেলিপেড এটা৷ সেই স্থান অতিক্রম কৰি আৰু আগলৈ গ'লোঁ৷ ১৪ ইঞ্জিনিয়াৰ ৰেজিমেণ্টলৈ সোঁহাতে এটা পথ সোমাই গৈছে৷ ক্ষন্তেক পূৰ্বে দেখি যোৱা ঘৰবোৰযে ইঞ্জিনিয়াৰ ৰেজিমেণ্টৰে, তেতিয়াহে বুজি পালোঁ৷

১০মিনিট ধৰি গৈ থকাৰ পিছত এটা তিনিআলিয়ে আমাৰ দৃষ্টি কাঢ়ি নিলে৷ লগতে খোজৰ গতিকো কিছু সময়লৈ স্থবিৰ কৰি পেলালে৷ লেফ্‌ট টাৰ্ণ লৈ ঠেক পকী ৰাস্তা এটা গুচি গৈছে৷ ক্রমাৎ ওপৰলৈ, আৰু ওপৰলৈ উঠিছে ৰাস্তাটো৷ সেইফালেই 'হেলমেট টপ'৷ ১৮কিল'মিটাৰ যাব লাগিব সেইডোখৰৰ পৰা৷ মূল পথৰ সোঁহাতে স্থাপন কৰা বি.আৰ.অ'.ৰ পকী ব'ৰ্ড এখনত কাঁড় চিনেৰে দিশ নিৰ্দেশনা দি থোৱা হৈছে৷ মূৰ ওপৰ কৰি, ডিঙি বেঁকা কৰি ভালকৈ লক্ষ্য কৰাত থিয় পৰ্বতৰ দেহত পকাই ৰখা ৰছী এডালৰ দৰে পথ এটাও ধৰা পেলাব পাৰিলোঁ৷ অদ্ভুত শিহৰণ এটা জাগি উঠিল মনৰ মাজত৷ ইমান ওপৰলৈ উঠিব লাগিব তাৰ মানে আমি, হেলমেট টপ পাবলৈ!

হেলমেট টপ হৈছে দেশপ্ৰেমত উদ্বুদ্ধ প্ৰত্যেক ভাৰতীয়ই চাবলগীয়া, ৱালংস্থিত এটা ঐতিহাসিক স্থল৷ দেশৰ প্ৰতিৰক্ষাৰ অৰ্থে নিয়োজিত ভাৰতীয় সেনাৰ বাবে একালত এই পৰ্বতশিখৰ বিদেশী শত্ৰুক নিৰীক্ষণ কৰিবৰ বাবে সুচল ঠাই আছিল৷ ১৯৬২ৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ত একাংশ জোৱান দুৰ্ভাগ্যক্ৰমে ইয়াতে আবদ্ধ হৈ পৰিছিল৷ হেড কোৱাৰ্টাৰৰ কোনেও তেওঁলোকৰ বিপদৰ বিষয়ে গমেই পোৱা নাছিল৷ লগত থকা অন্তিম বুলেটটোলৈকে প্ৰতিৰোধ সংগ্ৰাম আগ বঢ়াই প্ৰয়োজনীয় যুদ্ধাস্ত্ৰৰ নাটনিৰ উপৰি খাদ্যৰ অভাৱত ভোকে-পিয়াহে জৰ্জৰিত হৈ, তম্বু আৰু কাপোৰৰ অবিহনে প্ৰচণ্ড শীতত ঠেৰেঙা লাগি সকৰুণভাৱে মৃত্যুমুখত পৰিছিল সেইসকল দুৰ্ভগীয়া সৈনিক৷ যুদ্ধখন অন্ত পৰাৰ ভালেমান পিছতহে সেই স্থানত এদিন আৱিষ্কাৰ হৈছিল তেওঁলোকৰ শুং-সূত্ৰ৷ তেতিয়ালৈ ৰৈছিলগৈ কেৱল তেওঁলোকে পৰিধান কৰা হেলমেটকেইটাহে! সেয়ে এই চূড়াটোৰ নাম হ'ল হেলমেট টপ৷ উচ্চতা প্ৰায় ৭,৫০০ফুট৷ অজ্ঞাত সৈন্যসকলৰ সাহস আৰু সমৰ্পিত প্ৰাণৰ প্ৰতি সন্মান জনাবলৈ উক্ত স্থানত সজা হৈছে এটা স্মাৰক৷ আমাৰ পূবৰ এই যাত্ৰাটো আৰম্ভ নৌহওঁতেই হেলমেট টপৰ নামত উত্তেজিত হৈ আছিলোঁ৷ অৱস্থিতি উদ্ধাৰ কৰিব পাৰি এতিয়া মনটো উৰিবলৈ লাগিল৷ দেখা পোৱা মাত্ৰকে কেতিয়া পাওঁ, কেতিয়া পাওঁ ভাব এটাই খেলিব ধৰিলেই৷

গাড়ী লৈ ওলাই আজি প্ৰথমে সৌ শিখৰলৈকে যাম আমি৷ শ্ৰদ্ধা তৰ্পণ কৰিম৷ তাৰ পিছত মূল ৰাস্তাটো ধৰি টিলাম পামগৈ৷ সেইখিনিতে টিনাই নৈখন লোহিতত মিলিছে৷ তাৰ আগলৈ গৰমপানী৷ তাতে হট ৱাটাৰ স্প্ৰীঙত গা ধুম৷ তাৰ পিছত ডাইৰেক্ট কিবিথো৷ আমাৰ কালিৰ প্ৰাকনিদ্ৰাকালীন বৈঠকত আজি দিনটোৰ কাৰ্যসূচী তেনেকুৱাকৈয়ে সৰ্বসন্মতিক্ৰমে নিৰূপণ কৰা হৈছে৷ 

টীম মাৰ্ক' পল'ৰ সমূহীয়া ইচ্ছাক বাস্তৱায়িত কৰাৰ দায়িত্ব যিহেতু স্বেচ্ছাই মই কান্ধ পাতি লৈছোঁ, গতিকে ৰাতিপুৱা ৪বাজি ১৫মিনিটতে উঠি আগতীয়াকৈ বুজ লৈছোঁ, চাৰ্ভে কৰিছোঁ কেনি কি আছে৷ তাৰ বাবেই আই.বি.ৰ পৰা মৰ্ণিং ৱাক কৰি এইখিনি পাইছোঁহি৷ লগত আছে সঞ্জু৷ খোজ কঢ়াত এলাহ নথকা মানুহ৷ আমি আহি থাকোঁতে জগিং কৰা সুঠামদেহী সেনা জোৱানক বাটত লগ পাইছোঁ৷ চকুলৈ চাই হাঁহি মাৰি গুড মৰ্ণিং জনাইছোঁ৷ আমাকো হাঁহিৰে সম্ভাষণ জনাইছে৷ সিফালে যাত্ৰা-সহচৰ অৰুণদা, অনিলদা, পেটেলে তেতিয়াও শেতেলি এৰিবই পৰা নাই! ভাগৰ মাৰিয়ে আছে৷ বিপৰীতে, অকুতোভয় সত্যসন্ধানী সৈনিক আমি দুটা অবিৰতভাৱে গৈ আছোঁ একালত চীনা সেনা সোমাই অহাৰ দিশে আগ বাঢ়ি খোজ লেখি লেখি৷ হাতত ৰাইফল নাই৷ আছে কেমেৰা! আৰু অন্তৰত আছে অন্তহীন অনুসন্ধিৎসু ভাবনা৷

দোকান তিনিখনমান পালোঁ৷ পাৰ হৈ আৰু অকণমান আগলৈ গ'লত সোঁহাতে তলৰ ফালে লোহিতৰ ওপৰত ওলোমা সাঁকো এখন ওলাল৷ দেখা পায়ে ৰৈ দিলোঁ৷ অনুমান লগালোঁ, সেইফালেই হ’ব চাগৈ ডং৷ স্বপ্নৰ ডং৷ ইমানদিনে আমাক আকৰ্ষণ কৰি অহা ডং মালভূমি সেইফালেই তাৰমানে! পকা ৰাস্তাটো পোনে পোনে কিবিথোলৈ যোৱা বুলি নিশ্চিত আছিলোঁ৷ তথাপিও ধাৰণাটো পৰিষ্কাৰ কৰিবলৈকে ৰাস্তাৰ কাষতে পোৱা মেয়ৰ ডেকা এজনৰ ওচৰ চাপি গ'লোঁ৷ তেওঁ ক'লে যে সেইফালেৰেও যাব পাৰি, কিন্তু আচল ট্ৰেকটো তাৰ পৰা ৫কিল'মিটাৰ আগত হট ৱাটাৰ স্প্ৰীঙৰ ওচৰত আছে৷ তাতো অন্য এখন হেঙিং ব্ৰীজ পোৱা যাব৷ ৩০-৩৫মিটাৰমান আগলৈ নি ডং মালভূমিৰ অৱস্থিতি তেওঁ আমাক যথেষ্ট উৎসাহেৰে আঙুলিয়াই দেখুৱালেও৷ হালধীয়া-সেউজীয়া বৰণ এটা চকুত লাগি থাকিল৷ অলপ পিছত আমি কিবিথোলৈ গাড়ীৰে যাওঁতে সেয়া পাই যাম তেনেহ'লে! ভাবিয়েই পুলকিত হৈ উঠিলোঁ৷ উত্তৰ-পূবৰ অন্তিম পূবলৈ কৰা এই যাত্ৰাটোৱে, অৰুণোদয়ৰ এই পথটোৱে এনেদৰে পদে পদে সীমাহীন আনন্দৰ যোগান ধৰি গৈছে আমালৈ৷

কেঁচুৱা এজনীক ডেকাজনে কাগজৰ কাৰ্টন এটাৰ পৰা কমলা এটা উলিয়াই দিছিল৷ এনেয়ে হাতত লৈ থাকি ওমলাবৰ বাবে চাগৈ৷ নহ'লে ইমান পুৱাতে তাইক টেঙা চেলেকিবলৈ দিয়াৰ কোনো কাৰণ নেদেখিলোঁ৷ মোৰ সন্ধানী চকু দুটাই দৃশ্যটো ততালিকে বন্দী কৰি পেলালে৷ কমলা টেঙা! সন্মুখত এটা-দুটা নহয়, তিনিটাকৈ ভৰ্তি কাৰ্টন! গোটেইকেইটাতে পকা পকা সুমথিৰা! তাৰে এটা নাপামনে কিবাকৈ? ৱাক্র' পোৱাৰ পিছৰে পৰা এইফালে আহি আছোঁমানে গছে গছে সুমথিৰা টেঙাৰ সন্ধানতেই চকুকেইটা বাগৰি আহিছিল, যদিও চিজন গ'ল বুলি বুজি পাইছোঁ৷ অলপ পৰ কথা পাতি বন্ধুত্ব হোৱাত আৰু ৰৈ থাকিব নোৱাৰিলোঁ৷ যি হ'ব হ'ব বুলি ধৰি লৈ প্ৰসংগটো কমলাৰ ফালে নি অলপ পিছতে খুজি পেলালোঁ তেওঁক৷ কাৰ্টনৰ ৰছী খুলি সঞ্জু আৰু মোৰ হাতত দুটা দুটাকৈ তুলি দিলে ডেকাজনে৷ পইচা দিব খুজিলোঁ৷ নাই নল'লে৷ হাঁহিটোতেই কথা শেষ৷ আচৰিত নহৈ নোৱাৰিলোঁ৷ আনহাতে, সেই ব্ৰহ্মপুৱাতে ঠাণ্ডাত ৰৈ ৰাস্তাৰ ওপৰতে আমি দুটাই এটা এটা সুমথিৰাৰ বাকলি লগে লগে বখলিয়ালোঁৱেই৷ গছপকা শেহতীয়া কমলা৷ অতি সোৱাদভৰা৷ খোজ কাঢ়োতে কাঢ়োতে পিয়াহ লাগি গৈছিল৷ লগত পানীৰ বটলো নাছিল৷ ৱালঙৰ মিঠা ফলবিধৰ ৰস পাই ক্ষন্তেকতে ৰিফ্ৰেচ হৈ গ'লোঁ৷ বাচি যোৱাটোহঁত অৰুণদা আৰু অনিলদাক দেখুৱাবৰ বাবে মোনাত সুমুৱাই থ'লোঁ৷ খাই নেপেলালোঁ৷

সেই স্থানৰ পৰাই যাত্ৰা আৰম্ভ হ'ব এখন টাটা চুম'ৰ, তেজু অভিমুখে৷ ৱালঙৰ পৰা তেজুলৈ ভাড়া গাইপতি ৫০০টকাকৈ৷ দূৰত্ব প্ৰায় ২০০কিল'মিটাৰ৷ টালি-টোপোলাৰে সৈতে মানুহ কিছুমান উঠাত গাড়ীখন চলিব লাগিল৷ আমাক কমলা টেঙা দিয়া ডেকাজনে ক'লে যে তেওঁ চুম'ৰ কাউণ্টাৰ চলায়৷ তেৱোঁ গাড়ীখনত বহিলগৈ ৱালঙলৈ বুলি৷ ৱালঙত পেচেঞ্জাৰ উঠাই গাড়ী যাবগৈ৷ তেওঁ ৰৈ যাব৷ ছিট খালী আছিল, যথেষ্ট দূৰত্ব খোজ কঢ়াও হৈছিল যদিও আমি চুম'খনত নুঠিলোঁ৷ বৰঞ্চ লাহে-ধীৰে উভতিলোঁ খোজেৰেই৷ কমলাৰ সোৱাদ আৰু গোন্ধ মিহি মিহিকৈ জিভাই নাকে লাগি থাকিল৷ কমলা দিদিৰ নামটো আৰু চেহেৰাটো মনলৈ আকৌ আহিল৷















পৰৱৰ্তী লেখা :
৪. জীৱনত প্ৰথমবাৰৰ বাবে পালোঁ মেয়ৰ টিৰ স্বাদ

No comments:

Post a Comment