অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৯. যুদ্ধভূমি নামতি দেখিলোঁ
লোহিত-দিচুৰ কুহুমীয়াত অৱগাহন কৰাৰ পিছত আকৌ গাড়ীত
বহিলোঁ আমি৷ মূল পথটো ধৰি পেটেলে গাড়ী আগলৈ দৌৰাব লাগিল৷ সেইফালেই কিবিথো৷ ৱালঙৰ পৰা
৭কিল’মিটাৰ দূৰত্বত, কিবিথোলৈ যোৱাৰ
পথত পালোঁ নামতি ভেলী৷ প্ৰাচীনকায় পাইন গছেৰে ভৰা এটা সৌন্দৰ্যময়, চালে চকুৰোৱা উপত্যকা৷ ৱালঙত যেনেকৈ লোহিতখন পৰ্বতৰ গাতে লাগি বৈ আছে, ইয়াতো প্ৰায় একেই৷ অৱশ্যে ৱালঙতকৈ ইয়াত সমতলভাগ বেছি আহল-বহল৷ চীনা যুদ্ধৰ
ফলত ৰক্তাক্ত হৈছিল নামতিৰ পাৰ্বত্য আৰু সমতল, উভয় অঞ্চল৷ যুদ্ধত অৱতীৰ্ণ হোৱা ভাৰতীয়
সৈনিকৰ সাহসৰ আজিও নীৰৱ সাক্ষী হৈ আছে এই ভূখণ্ড৷ এডোখৰ স্মৰণীয় স্থান হিচাপে পৰিচিতি লভিছে ভাৰতীয় সেনাৰ যুদ্ধ-বিগ্ৰহৰ ইতিহাসত৷ সেয়ে বহুতে নাজানিলেও এই উপত্যকা উত্তৰ-পূবৰ
বিশেষ পৰ্যটন থলী হিচাপে পৰিগণিত৷ ইয়াৰ জলবায়ু শীতল আৰু সুস্বাস্থ্যকৰ৷
নামতি প্লেইনছ বা নামতি ময়দান হৈছে ১৯৬২ৰ গুৰুত্বপূৰ্ণ ৰণক্ষেত্ৰ৷ পাহাৰৰ মাজত লোহিতৰ পাৰত এছোৱা মুকলি ঠাই৷ কেউফালে নিজান, নিস্তব্ধ৷ পাহাৰৰ
কাষে কাষে ৰাস্তাটো গৈ আছে৷ সুন্দৰ লেণ্ডস্কেপ কিছুমান৷ তাতে কেঁকুৰি এটাত আলিটো চুই থকাকৈ যুদ্ধৰ
স্মাৰক এটা সজা আছে৷ জি.অ’.চি. ডি.এ.অ’. ডিভিজনৰ মেজৰ জেনেৰেল জি. এম.
কাটচ্চে এই স্মাৰকটো সৃষ্টি কৰাৰ লগতে উদ্বোধন কৰিছিল ২৯মে’ ২০১১ তাৰিখে৷ বাঁহৰ জেওৰাৰে
ঘেৰি থোৱা হৈছে ঠাইখিনি৷ বগা গে’টখন খুলি সোমাই গ’লোঁ৷ ৰঙা দলিচাৰ দৰে ফ্ল’ৰ টাইলচ দিয়া আছে৷ ৩টা পকী
খুঁটাৰ ওপৰত থিয় হৈ থকা জাপি আকৃতিৰ চন্দ্ৰতাপ এখনৰ তলত মাৰ্বলৰ ফলক এখন৷ ফলকখনত লিখা
আছে নামতিৰ ইতিহাস৷ এয়া অৱশ্যে ৱালং ৱাৰৰ সবিশেষ নহয়৷ এই যুদ্ধৰ ইতিহাস বহুত দীঘলীয়া৷ সদ্যহতে আমাৰ সন্মুখত দেখা মাৰ্বলৰ ফলকখনত যিখিনি পঢ়িলোঁ...
The
Namti Plains : You are standing at the Namti Plains where the Indian Army fought
a fierce battle in Oct-Nov 1962 in defence of Walong, five kilometers to the
south.
After
the capture of Kibithu on 22 Oct the Chinese advanced along with the west bank
of the Lohit river. 4 Sikh had been flown in by otter aircraft to Walong
commencing and was occupying defences of mithun ridge to your right, ladders to
the south, and high plateau to your left on the bank of the Lohit.
By
25 Oct, 'D' Coy of 6 Kumaon had taken up
a screen position at Ashi Hills behind you, which inflicted casualties on the
Chinese. It's task accomplish successfully the screen was ordered to withdraw.
as the dense morning haze lifted at 07:30 a.m. on 25 Oct, a column of 600-700
Chinese was seen on these plains. Fire was opened on 4 Sikh when the enemy
massed around the wire obstacles. Surprise was complete and the Sikhs cause
numerous casualties to the advancing Chinese.
A
company of 2/8 Gorkha Rifles relieved the 4 Sikh platoon at ladders that
evening. The Chinese pressed repeated attacks on the Namti defences over the
next two nights unsuccessfully. Unable to achieve a breakthrough, they named
this place 'Tiger's Mouth'. The Kumaonis, Sikhs and Gorkhas had halted the
Chinese war machine at the gates of Walong from 25-27 Oct 62. This was one of
the most successful actions of the war.
The
regrouped and reinforced Chinese launched a final offensive on 15-16 by
crossing the Lohit river to your left as also climbing the highest ridge line
to your right. By then, the defences of Walong were occupied by 4 Sikh, 3/3
Gorkha Rifles and 6 Kumaon. Fierce fighting took place at all localities as the
Chinese attacked in hordes and kept coming while ammunition was being exhausted
with no possibilities of reinforcement. In some locations soldiers fought till
the last man and the last round. The defences of Namti, having been outflanked,
finally capitulated on 16 Nov. Our gallant soldiers had given a bloody nose to
the enemy for 22 days.
As
you stand on this hallowed ground and remember those who fought for India's
honour, we ask you to join us in this solemn pledge : 'Walong will never fall
again.' Lohit Brigade
ছহিদ স্তম্ভৰ পিছফালে সেউজী চৌপাশৰ মাজতে হৰিৎৰঙী টিনপাতৰ ঘৰ এটা৷ ভেড়া ছাগলী এপাল চৰি আছিল৷ পাইন গছেৰে বৰ্ণময় সমগ্ৰ অঞ্চলটো৷ এইডোখৰক কাশ্মীৰৰ পেহেলগামৰ সৈতে তুলনা কৰা হয়৷ পেহেলগাম মই দেখাগৈ নাই৷ গতিকে নাজানো৷ নামতিত কিন্তু প্ৰতিটো কেঁকুৰিতে ৰৈ ইফালে-সিফালে চাবলগীয়া দৃশ্যপট একোটা৷ প্ৰকৃতিয়ে যেন ইয়াতেই সকলো সৌন্দৰ্য ঢালি-বাকি দি পূব মূৰৰ পৰা ভাৰত ৰাষ্ট্ৰখন সজোৱাৰ কামটো আৰম্ভ কৰিছে! তেনেকৈয়ে পেহেলগাম পাইছেগৈ৷ প্ৰকৃতিৰ বিচাৰতো যেন প্ৰথমে পূব, তাৰ পিছতহে অন্যান্য দিশ! পশ্চিম, উত্তৰ, দক্ষিণ৷ চতুৰ্দিশ, দশোদিশ৷ কিন্তু পূব প্ৰথমে৷ আমিও ভাৰতৰ সবাতোকৈ পূব মূৰটোকে প্ৰথমে চাবলৈ সিদ্ধান্ত লৈছিলোঁ৷ সেয়েহে আহিছোঁ৷ আহি পাইছোঁ৷ পাই চাইছোঁ৷ চাই অভিভূত হৈছোঁ৷
গাড়ী ৰাখি আমি পূৰ্বোত্তৰৰ নামতি ভেলীৰ বিনন্দীয়া সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে এই স্থানৰ ঐতিহ্য, মহত্ত্ব উপলব্ধি কৰিলোঁ৷ ফলক পঢ়াৰ উপৰি বীৰ জোৱানৰ প্ৰতি শ্ৰদ্ধা নিৱেদনো কৰিলোঁ৷ চীন-ভাৰতৰ যুদ্ধখনৰ পাছৰে পৰাই যেন গভীৰ প্ৰশান্তিত দিন কটাই আহিছে নামতি ভেলীয়ে! এনেকুৱা এঠাইত আমাৰো এৰাতি তম্বু তৰি কটোৱাৰ বৰ মন আছিল৷ কিন্তু থকাৰ অনুমতি নাই৷ ওচৰে-পাজৰে লোকালয়ো গঢ়ি উঠা নাই৷ সেনাৰ অধীনস্থ, সেনাৰ দ্বাৰা নিয়ন্ত্ৰিত এলেকা৷ নামতিক এতিয়া কোনেও আমনি কৰাটো বিচৰা নাই কিজানি! মনে মনে উচ্চাৰণ কৰিলোঁ... 'All things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all.'
ৱালঙৰ পিছত দৰাচলতে আমাৰ লক্ষ্যস্থান আছিল কিবিথো৷ সেই পথতে মাত্ৰ কেই কিল’মিটাৰ আগলৈ এই নামতি ভেলী৷ ভাৰতৰ সামৰিক বুৰঞ্জীত এৰাব নোৱাৰা এটা নাম৷ ৱালং আই.বি.ত আমি থকা ৰুমটোৰো এই স্থানডোখৰক স্মৰণীয় কৰাৰ মানসেৰেই নামকৰণ কৰা হৈছে ‘নামতি লজ’ বুলি৷ সন্মুখত ওলাই থকা টাৰ্নিংটো লৈ ওপৰলৈ উঠি ইয়াৰ পৰা এতিয়া পোনে পোনে কিবিথোৰ ফালে অগ্ৰসৰ হ’ম৷ পেটেলে গাড়ীখন ষ্টাৰ্ট দিলে৷ নামতি এৰি আমি লাহে লাহে আশ্বি হিলছত সোমাই পৰিলোঁ৷ এয়া যেন এখন বেলেগ ৰাজ্য! সিপাৰে কিবিথো! গাতে লাগি চীন! উত্তেজনা বাঢ়িব ধৰিলে৷
পৰৱৰ্তী লেখা :
১০. আশ্বি হিলছৰ মাজেৰে চীনৰ চমকনি আৰু এখন গাড়ী
No comments:
Post a Comment