অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
ৱালঙৰ পৰা কিবিথোলৈকে সমগ্ৰ সৰ্পিল পথছোৱা লোহিতৰ
পাৰে পাৰেই নিৰ্মাণ কৰা হৈছে৷ ভাৰতীয় সেনা আৰু সীমান্ত পথ সংগঠনেই মূলতঃ এই অঞ্চলৰ
বাট-পথবোৰৰ নিৰ্মাণ আৰু চোৱা-চিতাৰ সৈতে জড়িত৷ তেনে কাৰ্যতো বহুতো বনুৱাই প্ৰাণ আহুতি
দিবলগীয়া হৈছে৷ পথছোৱাত পকী দলঙৰ উপৰি বাঁহ আৰু কাঠৰ তক্তাৰে নিৰ্মিত, তাঁৰেৰে খোপনি
ধৰি ৰখা ওলোমা দলং দেখিবলৈ পোৱা যায়৷ স্থানীয় লোকৰ গাঁৱলৈ যোৱা পথ সেইবোৰ৷ অপৰ্যাপ্ত
পৰিমাণে পোৱা পাইন কাঠেৰে নিৰ্মিত ইয়াৰ ঘৰবোৰ৷ সমগ্ৰ অঞ্চলটোৰেই দৃশ্যাৱলী নিতান্তই
চালে চকুৰোৱা৷ ৰাজ্যখনৰ ভিতৰতে ই অতিশয় সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলী বুলি শেহতীয়াভাৱে
স্বীকৃতি লভিছে৷
পাহাৰৰ বক্ষত ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী ট্ৰেকিঙৰ
বাবেও এয়া জনপ্ৰিয় ঠাই হ'বগৈ পাৰে৷ হোৱাইট ৱাটাৰ ৰাফটিং, পেৰাগ্লাইডিং আদিৰ যথেষ্ট সম্ভাৱনা নথকা
নহয়৷ পিছে সীমান্তৱৰ্তী স্থান হেতুকে কিছুমান কামত বাধা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি
লোৱাৰ দৰকাৰ নিশ্চয় থাকিব৷
পাহাৰী জুৰিটি, উলাহতে নাচি, জিৰি জিৰিকৈ যায় বৈ
লোহিতলৈ... এইফালে যিমানবোৰ জান-জুৰি, নৈ-নিজৰা বৈ থকা দেখিছোঁ, সকলোৰে লক্ষ্য মাথো
একেটাই৷ সেয়া হৈছে লোহিত৷ লোহিতেই মুখ্য বাহিনী নৈ৷ লোহিতৰ ওপৰত দোঁ খাই থকা ৰছীৰ সেতুবোৰ
মাজে মাজে দেখা পোৱা যায়৷ পাৰ হৈ সিপাৰে নাম নজনা কিবা এখন গাঁও৷
বেইলী ব্ৰীজ এখন পাৰ হ’ব ধৰোঁতেই ওপৰৰ ফালে থকা লাইট
প’ষ্টৰ পৰা ছিগি অহা তাঁৰ এডালে
আহুকালত পেলালে৷ দীঘলকৈ গছৰ ঠানি এটা বিচাৰি আনি পেটেলে কোনো ৰকম দলংখনৰে এঠাইত সেইডাল
ফচাই ৰাখি তলেৰে যেনে-তেনে গাড়ীখন পাৰ কৰি নিলে৷ ৰক্ষা পৰিলোঁ যেনিবা৷ নহ’লে চিন্তাই লাগিছিল৷ ওচৰ চাপিও
যদি এই বাধাটোৰ বাবেই... ভাবিব নোৱাৰি আৰু!
আশ্বি হিল্ছৰ মাজে মাজে তেনেকৈ আগুৱাই আছোঁ৷ হঠাতে
পাহাৰৰ ওপৰৰ এঠাইৰ পৰাই দূৰত বৰফে আৱৰি ৰখা পৰ্বতমালা, উপত্যকাৰ সমতল ভূখণ্ড, বিল্ডিং
আদি ৰিণিকি ৰিণিকি দৃশ্যমান হ’ল৷ পেটেলে সেইফাললৈ আঙুলিয়াই দিলে৷ লগতে কৈ উঠিল, ‘সৌৱা চাইনা, চাওক ছাৰ৷’ আৰু কিছুদূৰ আগ বাঢ়ি সুচল জেগা
এটুকুৰাত গাড়ীখন ৰাখি দিলে৷ বাটতে ৰৈ লৈ আমি হেঁপাহ পলুৱাই চীন দেশৰ প্ৰথম দৰ্শন উপভোগ
কৰিব ধৰিলোঁ৷ সেইফালে যিমান পাৰি ওচৰ
চাপি যোৱাটোৱেই আমাৰ একান্ত কামনা৷ সোঁহাতে বাওঁহাতে পোৱা পাইন গছবোৰৰ তলত যেনি-তেনি
দেখিলোঁ, অসংখ্য বাংকাৰ সজা আছে৷ ৬২ৰ সমৰথলী এইবোৰ৷ দেখিয়ে নিজকে কিবা যুদ্ধৰ মাজত
সোমাই থকা যেন লাগি গ’ল৷ এইমাত্ৰ যেন কোনোবা ফালৰ পৰা
মেচিনগানৰ গুলী উৰি আহিব!
ভূস্খলনৰ বাবে পুৰণি ৰাস্তা এৰি দি পৰ্বতৰ ওপৰেৰে
নতুনকৈ এছোৱা নিৰ্মাণ কৰা হৈছে৷ দুঠাইত লোৱা টাৰ্নিঙত অৱস্থা দেখি আচৰিতেই হৈছোঁ৷ পাহাৰটো
একেবাৰে উলম্বভাৱে কাটি ৰখা হৈছে৷ বৰষুণ পৰিবলৈ হ’লে কিযে বিলৈ নহ’ব! বতৰটো ডাৱৰীয়া হৈ আহিছে৷
অলপ তলত সৰু জোখৰ পকী দলং এখন নিৰ্মাণ কৰি থকা হৈছে৷ কেঁচা ৰাস্তা৷ বালিচহীয়া মাটি৷
একা-বেঁকা পথ৷ কেঁকুৰি এটা ঘূৰিবলৈ লওঁতেই দেখা গ’ল, আগদিনা ৱালঙৰ আই.বি.ত আশ্ৰয় লোৱা দলটোৰ চেণ্ট্ৰ’খন ৰৈ আছে৷ বিবৰ্ণ মুখমণ্ডল যাত্ৰীসৱৰ৷
‘ইহঁতৰ আকৌ হ’ল কি? কিবা অসুবিধাত পৰা নাইতো?’ কোনোবা এজনে কৈ উঠিল৷ কিংকৰ্তব্যবিমূঢ়
যাত্ৰী এজনে আগ বাঢ়ি আহি জনালে যে তেওঁলোকৰ সিখন গাড়ী ফচি গ’ল৷ উঠিব পৰা নাই৷ তাৰ আগৰটো কেঁকুৰি
পাক মাৰিয়ে দেখোঁ যে হয়, ইণ্ডিগ’খন পথৰ একেবাৰে দাঁতিত ৰৈ আছে৷ এই তললৈ যাওঁ যাওঁ! ব’ল্ডাৰ কেইটামান জাপি দি কোনো
ৰকম খাদলৈ পিছলি যোৱাৰ পৰা বচাই ৰখা হৈছে৷ অন্যথা গভীৰ পাহাৰতলীত পৰেই! বৰ্ণনাৰ পৰা
গম পালোঁ, থিয় গৰাটো একেকোবতে উঠিব নোৱাৰাত কেনা লাগিল৷ বেক কৰিও যাব নোৱাৰে৷ ফলত না
ইচপাৰ, না উচপাৰ৷ মাজতে ৰৈ আছে এতিয়া৷ খাদৰ ফালে গাড়ীখনৰ পিছৰ অংশটো বেঁকা হৈ আছে৷
উঠিবৰ চেষ্টা কৰিলে ৰাস্তাটোৰ কাৰণেই আৰু বেঁকা হৈ যায়৷ ফলত তলমুখী হোৱাৰ সম্ভাৱনাই
দেখা দিছে৷ যাত্ৰীসকল নিৰুপায়ত পৰিছে৷ এইফালে ইমান গাড়ীৰ আহ-যাহো নাই যে লাগ বুলিলেই
কাৰোবাৰ পৰা কিবা সহায় পাব৷ সাহায্য বিচাৰি মাতিবলৈকো কাক মাতিব? কেনেকৈ মাতিব? ঈশ্বৰৰ
নাম জপ কৰি থকাৰ বাদে আৰু কোনো উপায় নাই৷
ভাগ্য ভাল আছিল৷ হঠাতে আমি আহি ওলালোঁ, উদ্ধাৰকৰ্তাৰ
ৰূপত! আমাক দেখি মানুহখিনিৰ মুখলৈ পানী আহিল৷ দলটোত মহিলাও আছিল দুগৰাকী৷ ৱালং আই.বি.ৰ
পৰা আমাতকৈ পিছত যাত্ৰা আৰম্ভ কৰিও আগতেই কিবিথো পাই তেওঁলোক ঘূৰি আহি আছিল৷ বাটতে
এয়া অথন্তৰ৷ কি হ’ব এতিয়া? ৰাস্তাও তেনেই ঠেক৷
সেইখন গাড়ী আঁতৰাব নোৱাৰিলে আমিও পাৰ হৈ যাব নোৱাৰোঁ৷ পাৰ হৈ যাব নোৱাৰিলে কিবিথো নাপামগৈ৷
দেৰিও হৈছেই ইতিমধ্যে৷ ভূতৰ ওপৰত দানহ পৰাদি তেনেকুৱাতে কিনকিনীয়া বৰষুণ এজাক পাহাৰৰ
ওপৰত সৰিবলৈ আৰম্ভ কৰিলে৷ বিপদৰ মাজত থাকিও অৰুণদাৰ কবিতা এটাই মনত ভুমুকি মাৰি উঠিল৷
‘বৰষুণজাক নামিছে টুং-টাংকৈ, মেণ্ডলিনৰ
সুৰৰ দোলাত উঠি, কোলাহলৰ পৰা আঁতৰত৷’ টুং-টাংকৈ পৰি থকা বৰষুণ কেইটোপালৰ মাজেৰে ওপৰলৈ চালোঁ৷
গোমা আকাশখনে হঠাতে চুই গ’ল আদিগন্ত বিয়পা বিস্তীৰ্ণ সেউজীয়াখিনিক৷
নাতিদূৰৰ পাহাৰৰ ওপৰত জৰজৰাই বৃষ্টিপাত হৈ আছে৷ শব্দটোৱে ভয় খুৱাই দিছে৷ এইফালেও ডাঙৰকৈ
ঢালিব লাগিলে সৰ্বনাশ৷ গাড়ীয়ে মানুহে ইয়াতে জব্দ হ’ব লাগিব৷ কেনে ভয়ংকৰ পৰিস্থিতি হ’বগৈ তাক কল্পনা কৰিব নোৱাৰি৷
বিপৰীতে আমাৰ আশাটোকো চেঁচাপানী হ’বলৈ দিব নোৱাৰি৷ ৰাস্তাৰ অৱস্থা, দলটোৰ দুৰৱস্থা দেখি
শোক লাগিল৷ আমাৰ মাজৰে দুই-এক আকৌ খঙতে জঁক্জকাই উঠিল, ‘নাজানে নেকি, এইবোৰ গাড়ী লৈ এনেকুৱা
ঠাইলৈ আহিব নাপায় বুলি? আমাৰ নিচিনা তাগ্ৰা গাড়ী আনিব লাগে৷’ ‘তাগ্ৰা’ শব্দটোৱে হেলমেট টপৰ পৰা নমাৰ
পিছৰে পৰাই আমাৰ বাক্যবোৰত কথাই কথাই স্থান লাভ কৰি আহিছিল৷ এইমুৱা যাত্ৰাত ভাগ ল’বলৈ তাগ্ৰা হ’বই লাগিব৷ অন্যথা পৰশুৰাম কুণ্ডই
শেষ সীমা৷
ততাতৈয়াকৈ আমি গাড়ীৰ পৰা নামি পৰিলোঁ, উদ্ধাৰকাৰীৰ
মনোবৃত্তিৰে৷ অন্তৰত সেনা জোৱানৰ তাগ্ৰা মানসিকতা৷ পৰিস্থিতি অধ্যয়ন কৰিলোঁগৈ প্ৰথমে৷
ইঞ্জিন ষ্টাৰ্ট দি আগলৈ নিয়াৰ চেষ্টা কৰিলে দিগদাৰ আছে৷ বৰষুণৰ পানী যোৱা লোৰত ফচি
গাড়ী ইতিমধ্যে একতীয়া হৈ পৰিছেই৷ পিছ চকাটো কেনেবাকৈ আৰু দুফুট সিফালে গ’লেই বিপদ অৱশ্যম্ভাৱী৷ চিধাই
তলিত সৰি পৰিবগৈ৷ ৰখোৱাৰ উপায় নহ’ব৷ বচাবলৈযে আৰু কোনোবা আহিব, সেই কথাও নভবাই ভাল৷ গ্ৰহদশা ভাল আছিল
যে কিবাকৈ আমি আহি ওলালোঁ৷ তথাপিও আধা ঘণ্টামান তেওঁলোক ৰ’বলগীয়া হ’ল, ঈশ্বৰক যথেষ্ট প্ৰাৰ্থনা জনাবলগীয়া
হ’ল৷ কেনেকুৱা মানসিক অৱস্থা হ’ব বাৰু এনেকুৱা পৰিস্থিতিত? উপলব্ধি
কৰিবৰ যত্ন কৰিলোঁ৷ আমি নহা হ’লে কিযে কৰিলেহেঁতেন! ভাবিবই নোৱাৰি৷ চালকো নাৰ্ভাচ, অন্যান্যসকলো
মানসিকভাৱে বিধ্বস্ত৷ হঠাতে আমি আহি ওলোৱাটোক এতিয়া একমাত্ৰ ভগৱানৰ ইচ্ছা বুলিয়ে ক’ব লাগিব৷ সি যি কি নহওক, এতিয়া
আমাৰ কৰণীয় কি তাকে লৈ গভীৰ চিন্তা-চৰ্চা চলিল৷
আমাৰ চালক পেটেলে ভালকৈ চাই-চিতি বুদ্ধি এটা উলিয়ালে৷
পাহাৰত গাড়ী চলোৱাত তেওঁৰ অভিজ্ঞতা দীঘলীয়া৷ কুশলীৰ লগতে সাহসীও৷ এনেকুৱা পথত সুকলমে
ড্ৰাইভিং কৰিবলৈ এই দুয়োটা গুণেই লাগে৷ সমতলৰ চিধা ৰাস্তাতকৈ ইয়াত কথাটো সম্পূৰ্ণ বেলেগ৷
সমতলত ওস্তাদ দেখুওৱা চালকৰো এনে পথতহে পৰীক্ষাটো দৰাচলতে সম্পূৰ্ণ হয়৷
ক্ষন্তেকীয়া আলোচনা এটা হ’ল৷ তাৰ পিছত পুৰুষকেইজন দুভাগ
হ’লোঁ৷ গাড়ীখন দুফালৰ পৰা লৰাই
লৰাই একোবত ফটকৈ বাওঁফালে ৰাস্তাৰ মাজলৈ চোঁচোৰাই অনাৰ দিহা কৰা হ’ল৷ হেলৌ-হৈচৌ কাৰবাৰ৷ তেনেকুৱা
কেইবাটাও প্ৰচেষ্টাৰ মূৰত ইঞ্চি ইঞ্চি হিচাপত সফল হৈ আহিলোঁ যেনিবা৷ বেঁকা অৱস্থানত
থকা গাড়ীখন চিধা হ’ল আৰু ভালেখিনি নিৰাপদ স্থানলৈ
আহি গ’ল৷ এতিয়া সাৱধানে পিছলৈ নিব লাগিব৷
কাৰণ বৰ্তমান যি ঠাইত ৰৈ আছে তাৰ পৰা পিক্ আপ্ নল’ব৷ তেওঁলোকৰ চালকক ড্ৰাইভিং ছিটত বহিবলৈ কোৱা হ’ল৷ সিটো পক্ষৰ পৰা আমাৰ চালককে
তাৰ বাবে অনুৰোধ জনোৱা হৈছিল যদিও অৰুণদাই পেটেলক সেইটো কৰাত বাধা দিলে৷ সেমেনা-সেমেনিকৈ
তেওঁলোকৰ চালকজন বহিল৷ গম পালোঁ, পৰিস্থিতি দেখিয়ে তেওঁৰ অণ্ঠ-কণ্ঠ শুকাইছে৷ আমি
সাহস দিলোঁ৷ গাড়ীখন প্ৰথমে লাহে লাহে তেওঁ বেক কৰি তললৈ নিব লাগিব৷ মস্ত ব’ল্ডাৰ এটা লৈ পিছফালে কাষৰীয়াকৈ
বহি ল’লোঁ৷ এবাৰ পাতো, এবাৰ উঠাওঁ৷
ড্ৰাইভাৰক ইংগিত দিবলৈকে চিঞৰ একোটা মাৰোঁ৷ এঢলীয়া ৰাস্তাটোৰে নিয়ন্ত্ৰণহীনভাৱে তললৈ
হৰহৰাই নামি যোৱাৰ পৰা গাড়ীখনক যিকোনো প্ৰকাৰে যাতে বাধা দি ৰাখিব পাৰি তাৰেই প্ৰয়াস
চলিল৷ এবাৰত এফুটমানকৈ কেইবা খেপো নিয়াৰ পিছত সামান্য সুচল জেগা এডোখৰ পালেগৈ৷ গাড়ী
স্থিৰ হোৱাত ষ্টাৰ্ট দিবলৈ কোৱা হ’ল৷ তাৰ পিছত গৰাটো উঠাৰ নিৰ্দেশ৷ একেবাৰতে উঠি যাব লাগিব৷
কোনো কাৰণতেই যাতে খাদৰ ফালে নাকাটে৷ লাগিলে বাঁওফালৰ পাহাৰৰ গাত ঘঁহনি খাই ৰং এৰাই
যাওক৷ কথা নাই৷ নিয়ন্ত্ৰণলৈ আহি যোৱাৰ পিছত সকলোৱে পিছফালৰ পৰা ঠেলা মাৰিবলৈ লাগিলোঁ৷
গাড়ীখন লাহে লাহে উঠি গ’ল৷ ওপৰৰ নিৰাপদ ঠাই এটুকুৰা পালেগৈ৷
মুখবোৰৰ পৰা যেন একোটাকৈ ভীষণ স্বস্তিৰ নিশ্বাস ওলাই আহিল! ঈশ্বৰক ধন্যবাদ৷ হেঙাৰ
আঁতৰিল৷ তেওঁলোক ৱালং অভিমুখী হ’ল৷ আমিও কিবিথোলৈ বাকী থকা যাত্ৰাপথত চলিবলৈ আকৌ আৰম্ভ কৰিলোঁ৷
পৰৱৰ্তী লেখা :
১১. উদ্ধাৰ কাৰ্যৰ পিছত, পুনৰ যাত্ৰা উত্তৰ-পূবৰ অন্তিম পূবলৈ
১১. উদ্ধাৰ কাৰ্যৰ পিছত, পুনৰ যাত্ৰা উত্তৰ-পূবৰ অন্তিম পূবলৈ
No comments:
Post a Comment