Thursday, 23 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
১১. উদ্ধাৰ কাৰ্যৰ পিছত, পুনৰ যাত্ৰা উত্তৰ-পূবৰ অন্তিম পূবলৈ



কিবিথোলৈ যোৱাৰ বাটতো আমি সুমথিৰাৰ বাগান দেখা পাইছোঁ৷ কথিত আছে, এই সুমথিৰাৰ ৰসবোৰত মিঠা হ’বৰ বাবে চেনী মিহলোৱাৰ প্ৰয়োজন নাই৷ প্ৰাতঃভ্ৰমণ কৰোঁতে আজি ৰাতিপুৱাই তাৰ প্ৰমাণ নিজেই পাইছোঁ৷ মৌচুম্বীৰ দৰে পাতল বাকলি৷ ৰস বেছি৷ গুটি কম৷ জলবায়ুৰ বাবেই চাগৈ ফলো তেনেকুৱা৷ জলবায়ুৰ প্ৰভাৱতে অঞ্চলটোত যেনি-তেনি পাইন গছৰ আধিক্যও মন কৰিবলগীয়া৷ তাৰ বাদে এজাতি হালধীয়া বৰণৰ ঘাঁহ আৰু কিছুমান বনৰীয়া ফুল দেখা পাইছোঁ, যিবোৰ আমাৰ ফালে সচৰাচৰ নেদেখোঁ৷ চৰাই-চিৰিকটি হ'লে এইফালে তেনেকৈ চকুত পৰা নাই৷ হাবিৰ মাজেৰে আহি আছোঁ যদিও জন্তু-জানোৱাৰো ওলাই থকা অৱস্থাত পোৱা নাই৷ ক'তো একো বাধা নাই পোৱা৷ সুকলমে চলি গৈ আছে আমাৰ গাড়ী৷

ভাৰতবৰ্ষ বা অৰুণাচল প্ৰদেশৰ মেপখন মেলি লৈ একেবাৰে পূবত চালে দেখা যায় অকণমানি এটা বিন্দু৷ নাম কিবিথো৷ ‘East of the North-East’ হিচাপে নামাংকিত এই বিন্দু৷ পৰ্যটন মানচিত্ৰত সৌ-সিদিনালৈকে সিমান জনাজাত নাছিলেই৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তাজনিত কাৰণতেই চাগৈ তেনেকৈ প্ৰচাৰ হোৱা নাছিল৷ ভাৰতীয় সৈন্য বাহিনীৰ সীমান্ত নিৰাপত্তাৰ এয়া শেষ ফ’ৰৱাৰ্ড বে’ছ৷ স্পৰ্শকাতৰ অঞ্চল৷ চন ২০০০ সূচনা হোৱাৰে পৰাই কেইবাটাও কাৰণত লাহে লাহে অঞ্চলটোৱে কৌতূহলীজনৰ দৃষ্টি আকৰ্ষণ কৰিব ধৰিছে৷ আমাৰ ক্ষেত্ৰতো সেইটোৱেই ঘটিছিল৷ সহস্ৰাব্দৰ সূৰ্যোদয়ক লৈ বিখ্যাত হৈ পৰা ডঙে মোকলাই দিছিল কিবিথোৰ বাট৷ কিবিথোৰ পৰা খালী চকুৰে পৰিষ্কাৰভাৱে দেখিবলৈ পোৱা ৰঙা চীনৰ বগা পৰ্বতমালা চাবলৈ ইচ্ছুক হৈ উঠিছিলোঁ৷ আনহাতে, এখন নহয়, দুখনকৈ বিদেশী ৰাষ্ট্ৰৰ সৈতে এইটুকুৰাতে সংযুক্ত হৈ ৰৈছে ভাৰতৰ ভৌগোলিক সীমা৷ উত্তৰত চীন, পূবফালে ম্যানমাৰ৷ চীনৰ সৈতে অৰুণাচল প্ৰদেশৰ ১,১২৬কিল’মিটাৰ আৰু ম্যানমাৰৰ সৈতে ৫২০কিল’মিটাৰ সীমান্ত আছে৷ গতিকে ৰাজনৈতিক, সামৰিক দৃষ্টিকোণৰ পৰা ঠাইখণ্ড সদায়েই গুৰুত্বপূৰ্ণ৷

আন্তৰ্জাতিক সীমা মেকমোহন লাইন৷ চিমলা চুক্তিয়ে জন্ম দিয়া নেদেখা সীমাৰেখাডালৰ সিপাৰে চীনৰ ৰিমা৷ এইপাৰে ভাৰতৰ কিবিথো৷ ভাৰতবৰ্ষৰ একেবাৰে পূব দিশত স্থায়ীভাৱে বসতি কৰা মানুহৰো কিবিথোৱে অন্তিম বাসস্থলী৷ এখন সৰু, গ্ৰাম্য ঠাই, সুউচ্চ পাহাৰে যাক ঘেৰি ৰাখিছে৷ দাঁতি কাষৰীয়া দুই-এক গাঁও৷ আৰু সেই ওখ পৰ্বতলানিৰ সিপাৰেই অদূৰত প্ৰতিৱেশী পিপুল্‌চ ৰিপাব্লিক অব চাইনা, মানে চীন দেশ৷ গাড়ীৰ চকা আগলৈ যিমানেই ঘূৰিছে চীন দেশৰ ভূখণ্ডও আমাৰ চকুৰ সন্মুখলৈ ওচৰ চাপি চাপি আহি আছে৷

দেখিলেই বুজা যায় জীৱন ইয়াত সহজ নহয়৷ অনেক প্ৰতিবন্ধকতাৰ মাজত থাকি এক প্ৰকাৰৰ প্ৰত্যাহ্বানমূলক জীৱন-যাত্ৰাৰে কিবিথো আৰু ইয়াৰ কাষৰ-পাজৰত বাস কৰা সংখ্যানগণ্য অধিৱাসীসকলে দৈনন্দিন অতিবাহিত কৰি আহিছে৷ সৰল মানুহ, সৰল জীৱনশৈলী৷ প্ৰতিকূল পৰিস্থিতিৰ মাজত থাকি তেনেকৈয়ে নিজৰ উপস্থিতিৰে কিবিথো এলেকাক কৰি তুলিছে উত্তৰ-পূবৰ অন্তিম পূব প্ৰান্তত ভাৰতীয়ৰ শেষ বসতি৷ সেই শেষ বসতি চোৱাৰে মন হৈছিল আমাৰো৷ কেনেকৈনো আছে ইয়াৰ মানুহ? কি লৈ আছে তেওঁলোকে? এটা প্ৰশ্ন, এটা কৌতূহল৷

১৯৬২ৰ চীন-ভাৰত যুদ্ধৰ নীৰৱ সাক্ষী কিবিথো৷ ভৌগোলিক অৱস্থান ২৮0১৬'৪৯.৩'' উত্তৰ অক্ষাংশ আৰু ৯৭0০'৫৯.৪'' পূব দ্ৰাঘিমাংশ৷ সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা ১১,০০০ফুট৷ লোহিতৰ বাওঁপাৰে অৱস্থিত এই ঠাই অৰুণাচল প্ৰদেশৰ আনজাৱ জিলাৰ কিবিথো চাৰ্কোলৰ হেডকোৱাৰ্টাৰ৷ হাৱাই-ৱালং তহচিলৰ অন্তৰ্গত৷ পশ্চিমে মানচাল তহচিল আৰু হায়ুলিয়াং তহচিল, দক্ষিণে চালাংগাম তহচিল আৰু পশ্চিমে আনজাৱ তহচিলে ইয়াক আগুৰি আছে৷ তেজুৰ পৰা কিবিথোলৈ দূৰত্ব ২৩০কিলমিটাৰ৷ জিলা সদৰ হাৱাইৰ পৰা দক্ষিণে ১২৭কিলমিটাৰ, হায়ুলিয়াঙৰ পৰা উত্তৰে ১৪০কিলমিটাৰ, ৱালঙৰ উত্তৰে প্ৰায় ৩০কিলমিটাৰ দূৰত্বত এই মনোমোহা স্থান অৱস্থিত৷

থিয় পাহাৰ আৰু খৰস্ৰোতা নৈয়ে মন-প্ৰাণ আলোড়িত কৰা কুমাৰী প্ৰকৃতিৰ বিনন্দীয়া লেণ্ডস্কেপেৰে অপূৰ্ব কিবিথো অঞ্চল৷ শীতল, ধূলি-মাকতিহীন, স্বাস্থ্যকৰ ইয়াৰ জলবায়ু৷ চীন সীমান্তৰ দুশাৰী পৰ্বতৰ মাজেৰে সোমাই আহি সোঁ দাঁতিয়েদি বৈ গৈছে লোহিত নৈ৷ ব্ৰহ্মপুত্ৰৰ এই মূল উপনৈখনে সিপাৰৰ পৰা খৰ গতিৰে এইমুৱাকৈ আহি ভাৰতীয় ভূভাগেৰে নামনি অভিমুখে গতি কৰিছে বৰনৈক লক্ষ্য কৰি৷ চমৎকাৰ জলপ্ৰপাত, গৰম পানীৰ বোঁৱতী ধাৰ, পাইন গছৰ সোঁ-সোঁৱনিভৰা ঘন অৰণ্য, পৰাশ্ৰয়ী উদ্ভিদ, বনৰীয়া ফল-ফুল, বন্যপ্ৰাণী, সুউচ্চ সেউজ পাহাৰ, চকু জুৰ পেলোৱা চিত্ৰবৎ সৌন্দৰ্যময় প্ৰাকৃতিৰ উন্মুক্ত দানেৰে মেটমৰা এই স্থানসমূহ৷ এনে লাগে, হয়তো অনেক কথাই এতিয়াও অনাৱিষ্কৃত হৈয়ে আছে৷ ইয়াৰ কাষেৰেই বৈ যোৱা অন্যান্য জান-জুৰি, নৈ-নিজৰা অঞ্চলটোত অনেকবোৰ আছে৷ অনিশ্চয়তা আৰু বাধা-বিপত্তিৰ মাজেৰে কৰিব পৰা ট্ৰেকিং, হাজাৰ হাজাৰ ফুট ওখ শৃংগযুক্ত থিয় পৰ্বত, লোহিত নদীৰ ওপৰৰ ওলোমা দলং, বেইলী ব্ৰীজ, লোহিতৰ বালিৰ চিকমিকনিবোৰ যাত্ৰাপথৰ প্ৰধান আকৰ্ষণ৷ বিশেষভাৱে জাখ্ৰিং বা মেয়ৰ আৰু কম পৰিমাণে মিছিমি এই ঠাইত বাস কৰা প্ৰধান অৰুণাচলী জনজাতি৷ এডভেন্সাৰপ্ৰেমীসকলৰ বাবে অনেক ধৰণৰ আমোদজনক ক্রীড়াক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ সুযোগ আছে দাঁতি-কাষৰীয়া স্থানসমূহত৷ উত্তৰ-পূৰ্বাঞ্চলৰ পথৰ অন্তিমত অৱস্থিত এই ঠাই সম্প্ৰতি অৰুণাচল প্ৰদেশৰ ভিতৰতে সবাতোকৈ আকৰ্ষণীয়, প্ৰদূষণমুক্ত পৰ্যটন থলী হিচাপে পৰিগণিত হৈছে৷

১৯৬২ৰ চীন-ভাৰতৰ যুদ্ধ সংঘটিত হোৱা অঞ্চল এইটো৷ উক্ত যুদ্ধৰ কিবিথো আছিল হৃৎপিণ্ড স্বৰূপ৷ আক্রমণকাৰী চীনা সৈন্যৰ ই আছিল অন্যতম প্ৰৱেশদ্বাৰ৷ ৰিমাৰ ফালৰ পৰা আহি কিবিথো হৈয়ে সোমাইছিলহি ভাৰতত৷ ৱালঙৰ যুদ্ধ বুলি জনাজাত চীনো-ইণ্ডিয়া ৱাৰত চীনা বাহিনীক প্ৰতিৰোধ কৰিবলৈ গৈ ৪,০০০ চীনা সৈন্যৰ সন্মুখত আত্মবলিদান দিছিল অনেকজন ভাৰতীয় সেনাই৷ সেই কিবিথোৱেই এতিয়া চিকিমৰ নাথু-লা আৰু অৰুণাচল প্ৰদেশৰে বুম-লাৰ পিছতে পৰিগণিত হৈছে ভাৰত-চীন মৈত্ৰী সম্পৰ্কৰ নতুন মেলটিং পইণ্ট হিচাপে৷ নাথু-লাৰ পিছত ফাষ্ট মেলটিং পইণ্ট কিবিথো৷ বৰ্ডাৰ পাৰচনেল মিটিঙক উদ্দেশ্য কৰি উভয় দেশৰে প্ৰতিনিধি ইয়াত মিলিত হৈছে পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ মানসেৰে৷ চীন-ভাৰত সীমান্তৰ এইখন তৃতীয় স্থান যত উভয় পক্ষৰ মাজত সৌহাৰ্যপূৰ্ণ বাৰ্তা আৰু ভাব বিনিময় চলিছে৷ দুয়োখন দেশৰে বাৰ্ষিক প্ৰতিৰক্ষা বিভাগৰ আলোচনা ডিফেন্স ডায়লগ অনুষ্ঠিত হৈ আহিছে৷ ভাৰত-চীন কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত ইয়ে এক নতুন আৰম্ভণিৰ ইংগিত বহন কৰিছে৷

১৯৫০ৰ পৰা ১৯৬২৷ দুটা শ্ল'গান৷ ‘হিন্দী-চীনী ভাই-ভাইৰ পৰাই এদিন হৈছিলগৈ হিন্দী-চীনী দুচমন৷ দুচমনৰ পৰা ভাই-ভাই হোৱাৰ দিন, দৃষ্টিভংগী সলনি হোৱাৰ দিন আকৌ আহিব বুলি আমিও আশাবাদী৷ সম্প্ৰীতি আৰু সহাৱস্থানৰ জৰিয়তে এই অঞ্চলটোৱে উন্নতিৰ সোণালী সোপান ৰচনা কৰিব পাৰে৷ বহুচৰ্চিত পূবৰ দুৱাৰখন এইফালেই৷ আমি গৈ আছোঁ তাৰ ওচৰ চাপি চাপি৷









পৰৱৰ্তী লেখা :
১২. কিবিথো, 'দ্যা লেণ্ড অফ ফেণ্টাচি'

No comments:

Post a Comment