Thursday, 16 July 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৬. হেলমেট টপত হিমাচলৰ দীনেশ কুমাৰ



ঐতিহাসিক হেলমেট টপত উঠিলোঁ৷ প্ৰায় ৭,৫০০ফুট উচ্চতাত আৰোহণ কৰাৰ পিছত ভোকটোৱে আমনি কৰিব ধৰিছিল৷ একেৰাহে উঠি গৈ থাকোঁতে ভাবিছিলোঁ, এইবাটে আচলতে ট্ৰেকিং কৰা হ'লেহে বেছি মজা পোৱা গ'লহেঁতেন৷ সি যি কি নহওক, সদ্যহতে ৰাস্তাৰ দাঁতিতে ৰৈ ৰুটি দুখন আৰু পানী কেইঢোকমান গলাধঃকৰণৰ উদ্দেশ্যৰে পজিছন লৈছোঁ৷ পিছফালৰ পৰ্বতটোত ওপৰলৈ দুটা কেম্প দেখা গৈছে৷ অস্থায়ী চালি এখনৰ তলত অন্য এজন জোৱানৰ উপস্থিতি ধৰা পৰিছে৷ তেওঁক দেখা পাই বাকীসকল ইতিমধ্যে সেইফালে উঠি গৈছে৷ মই তলত৷ ব্যস্ত আছোঁ ৰুটি চোবোৱাত৷

নাম দীনেশ কুমাৰ৷ ঘৰ হিমাচল প্ৰদেশত৷ তেওঁৰ ৰাজ্যত ৪,১৯৬ফুটত থকা 'ভেলী অফ দ্যা গডছ' কুল্লু, ৬,৭৩০ফুটত থকা পাৰ্বত্য নিবাস মানালি, ৭,২৩৫ফুটত থকা ৰাজধানী চহৰ চিমলাৰ নাম শুনিছোঁ৷ যোৱা বা দেখা নাই৷ আগতে হলত চিনেমা চাওঁতে পৰ্দাত দেখা ধুনীয়া দৃশ্যবোৰে আকৰ্ষণ কৰিছিল৷ হিমাচলৰ সৈতে অৰুণাচলৰ এই এলেকাটোৰ ভূ-প্ৰাকৃতিক, উষ্ণতা, উদ্ভিদকুলৰ সাদৃশ্য বা মিল নিশ্চয় আছে৷ বাকী উন্নয়নমূলক কাম-কাজত এই দুই প্ৰদেশক ৰিজাব হয়তো নোৱাৰি৷ একেদৰে, উচ্চতা, পাহাৰ, পাইন আৰু বৰফৰ মিল থকা বাবেইযে দীনেশ কুমাৰ ইয়াত বিৰাজমান সেইটোও মুঠেই নহয়৷ ভাতমুঠিৰ স্বাৰ্থত, কৰ্তব্যৰ খাতিৰতহে তেওঁ আছেহি দেশৰ এনেহেন অভ্যন্তৰীণ পূৰ্ব প্ৰান্তত, যুদ্ধভূমিৰ বিভীষিকাৰ মাজত, সীমাহীন নিৰ্জনতাৰ সাক্ষী হৈ৷ আধুনিক জীৱন-যাত্ৰাৰ কোনো সা-সুবিধা নথকা এই দুৰ্গম চিকিউৰিটি প'ষ্টত তেওঁৰ ৰুটিনমাফিক কামটো হৈছে সৈনিকৰ বাবে খানা সিজোৱা৷

মস্ত প্ৰেছাৰ কুকাৰ এটাত কিবা ৰান্ধি আছিল সৈন্যৰ সাজ পিন্ধি থকা লোকজনে৷ কেঁচা খৰিৰ ধোঁৱাৰ প্ৰতাপত অস্থায়ী ৰন্ধনশালা ধুঁৱলি-কুঁৱলি৷ হাজাৰ প্ৰতিকূল পৰিস্থিতি সত্ত্বেও সৈনিকে সন্মুখ সমৰত অসীম ধৈৰ্যৰে অৱতীৰ্ণ হোৱাৰ দৰে চৌকাটোৰ সৈতে মোকাবিলা কৰি আছে তেওঁ৷ ভাবৰ আদান-প্ৰদান ঘটাৰ পিছত কম সময়ৰ ভিতৰতে তেওঁৰ সৈতে আমাৰ বন্ধুত্ব পকি উঠিল৷ হুইচেল মৰা নুশুনিলোঁৱেই, কুকাৰটো নমাই থলে৷ ফুৱাই ফুৱাই জুইকুৰা ডাঙৰ কৰিলে৷ তাৰ পিছত হেঁপাহেৰে চাহ কৰি আমাক খুৱালে৷ কষ্টগম্য সেই পৰ্বত শিখৰত হঠাতে লগ পোৱা দীনেশে আমাৰ প্ৰতি দেখুওৱা আদৰ-সাদৰৰ লগতে হাঁহিমুখীয়া আতিথেয়তাত বৰকৈ মুগ্ধ হলোঁ৷ তেনেকুৱা ভয়ংকৰ স্থানলৈ যোৱা অসামৰিক মানুহ বা গৱেষক-পৰ্যটকৰ সংখ্যাটো নিশ্চয় তাকৰেই হব৷ গতিকে তেৱোঁ আমাক পাই হয়তো ভাল পাইছে, প্ৰান্তীয় ভূখণ্ডত কৰ্তব্যৰত ফৌজীৰ কষ্টকৰ জীৱনটোৰ বুজ লবলৈ কেইজনমান লোক অন্ততঃ আহিছে বুলি ভাবি৷ তাতে এজন পত্ৰকাৰো আছে, সঞ্জু৷ তেওঁ হয়তো আৰ্মীৰ দিনপঞ্জী সম্বন্ধে কাকতত অলপমান লিখিব৷ কাৰবি প এখন জোৱানজনৰ ডিঙিত ওলোমাই দি যথাৰীতি সন্মান যাচিলে অৰুণদাই৷

মন কৰিলোঁ, আমাৰ হাতে হাতে গৰম গিলাচকেইটা তুলি দিয়েই অন্য এগিলাচ চাহ হাতত লৈ দীনেশ দপদপাই নামি গ’ল স্মৃতি-স্মাৰকৰ ফালে৷ তাত মজিয়াত থকা থালখনত গিলাচটো থলে৷ সামৰিক কায়দাৰে চাবধান ভংগীত চেলুট এটা মাৰিলে৷ সেনাৰ পোছাকৰ ওপৰত ৰঙা প’হ’খন তেতিয়াও দূৰৰ পৰাই তেওঁৰ ডিঙিত ট ট কৰে জিলিকি আছিল৷ খুব ধুনীয়া লাগিছিল তেওঁক৷ অনুমান কৰিব পাৰিলোঁ যে তেওঁলোকে যেতিয়াই যি খায় তাৰে একাংশ প্ৰথমে স্মৃতিচিহ্নৰ সন্মুখত অৰ্পণ কৰে৷ দেশৰ প্ৰতি দায়বদ্ধ প্ৰাক্তন সতীৰ্থলৈ সেই শ্ৰদ্ধা প্ৰদৰ্শন প্ৰথাগতভাৱে চলি আহিছে তেওঁলোকৰ মাজত৷ ঘূৰি আহি দীনেশে নিজৰ গিলাচটো হাতত তুলি ল’লে৷ পাহাৰৰ এঢলীয়াত বহি গৰম ষ্টিলৰ গিলাচত চুমুক দি আমি কথা পতাত লাগিলোঁ৷ মনতে বেয়া লাগিল এই ভাবি যে অলপ আগতে সেইখিনিতে ৰাস্তাটোৰ এইপাৰে ৰখোৱা আমাৰ গাড়ীখনৰ কাষত থিয় হৈ মই ৰুটি দুখন খাইছিলোঁ৷ তিনিখন বাচি গৈছিল৷ নিয়মটো আগেয়ে জনা হ’লে ময়ো তাৰে একাংশ আগ বঢ়াব পাৰিলোঁহেঁতেন৷ অজ্ঞানতাৰ কাৰণেই সেইটো কৰা নহ’লগৈ৷ বেদীৰ ওপৰত ষ্টিলৰ থাল এখন আৰু গিলাচ এটা প্ৰথমৰে পৰাই দেখিছিলোঁ যদিও পৰম্পৰাটো পিছতহে গম পালোঁ৷ আৰু সেয়া গম পোৱাৰ পিছত মনটো অশান্ত হৈ থাকিল৷

ধুম্‌...৷ চাহ খাই থাকোঁতেই শুনা গল পাহাৰ কঁপাই তোলাকৈ প্ৰচণ্ড শব্দ এটা৷ যুদ্ধথলীত আহি অন্ততঃ এটা হলেও কামানৰ শব্দ শুনা পালোঁ! আৰ্মীৰ লোকৰ হাতত তাৰ আগতীয়া ইনফৰ্মেচন আছিল৷ তৎমুহূৰ্ততে জোৱানজনে আমাক সেই সম্পৰ্কে জানিবলৈ দিলে৷

‘ব’ৰ্ডাৰ’ চিনেমাৰ বিখ্যাত গীতটো সেই মুহূৰ্তত হঠাতে মনলৈ আহিছিল৷ ‘সন্দেশে আতে হ্যায়, হামে তৰপাতে হ্যায়...’ সুদূৰ হিমাচল প্ৰদেশৰ অখ্যাত স্থানত অৱস্থিত ৰান্ধনি সৈনিকজনৰ ঘৰৰ পৰা সন্দেশ এটা, অজ্ঞাত ঠাইত থকা তেওঁৰ প্ৰেয়সীজনীৰ পৰা চিঠি এখন ইয়ালৈ আহিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব বাৰু? নাজানো৷ কিন্তু খবৰৰ বাবে চিঠিয়েইতো আহিব লাগিব৷ ম’বাইল ফোনৰ ইয়াত কোনো কাম নাই৷ ম'বাইল ইয়াত অচল টকা৷ সেনাৰ বিশেষ যোগাযোগ ব্যৱস্থা হয়তো থাকিব৷ সেয়াও কিজানি ৱালঙত, ১৮কিল’মিটাৰ তলত! হ’লেও চিঠিৰ সমান আমেজ ক’ত? গাড়ীত লগাই থোৱা মোৰ পে’ন ড্ৰাইভটোত ব'ৰ্ডাৰৰ গানটো আছিল৷ পৰিৱেশটোলৈ চাই ডাঙৰকৈ বজাই দিবলৈকো ইচ্ছা এটা গৈছিল ‘চিটঠি আতী হ্যায়, পুচে জাতে হ্যায়...’৷ পিছে মিছিমি হিল্‌ছৰ এই নিমাওমাও হিলটপত গধুৰ ৰাষ্ট্ৰীয় দায়িত্বত নিয়োজিত সৈনিকক আৱেগিক কৰি তোলাটো দোষদায়ক আৰু দুখদায়ক দুয়োটায়ে হ’ব বুলি বিবেচনা কৰি চিন্তাটো বিসৰ্জন দিলোঁ৷ নহয়তু অ’..অ’..অ’ বুলি আৰম্ভ কৰোঁতেই দীনেশহঁত চকুপানীৰে বাট নেদেখা হৈ নপৰিবনে? কথাটো আমি ঘূৰি আহি থাকোঁতে গাড়ীতে ওলাইছিল৷ ঘৰ-পৰিয়াল, প্ৰেয়সী-পৰিবাৰ, ল’ৰা-ছোৱালী, আত্মীয়-কুটুমক লৈ চিন্তা বা ঘৰ-গোনা স্বভাৱৰ দৰে অৱস্থাই যাতে মানসিকভাৱে সতকাই বশ কৰিব নোৱাৰে তাৰ কাৰণেও তেওঁলোক তাগ্ৰা হৈ থাকিবলগীয়া হয়৷ হেলমেট টপত খোদিত 'তাগ্ৰা ৰহ’'ৰ অৰ্থ প্ৰকৃততেই বৰ ব্যাপক! দীনেশহঁত প্ৰতি মুহূৰ্ততে তাগ্ৰা হৈ থাকিবই লাগিব৷

সেই স্পটৰ পৰা আৰু অলপমান আগলৈকে গাড়ীৰে যাব পাৰি৷ অফুৰন্ত উৎসাহেৰে সৈতে ৰান্ধনি সৈনিকজনে আমাক সেউজ সংকেত দি দিলে৷ বুকুত বুকু মিলাই পৰস্পৰ সাবটা-সাবটি কৰি বিদায় ল’লোঁ আৰু গৰাটোৰ পৰা তলমুখী হ'লোঁ৷ কাৰবিসকলৰ সন্মানৰ চিনস্বৰূপ ৰঙা প’হ’খন ভাৰতীয় সৈনিকজনৰ ডিঙিত তেতিয়াও উজলি আছিল৷ স্বপ্নৰো অগোচৰে এনেহেন আদৰণী সম্পদবিধ পাই তেওঁৰ খুব স্ফূৰ্তি হৈছিল যেন মোৰ অনুভৱ হ'ল৷ ‘অহাবাৰ ঘৰলৈ গ’লে সেইখন নিশ্চয় নিব আৰু গৰ্বেৰে দেখুৱাবগৈ৷’ আমি নিজৰ মাজতে এনেদৰে কোৱা-কুই কৰিলোঁ৷ যথোচিতভাৱে সীমান্তৰ প্ৰহৰীক কিবা এটা যাচিব পাৰি প্ৰত্যেকে আত্মপ্ৰাসাদো লভিলোঁ৷

গুদামজাতীয় ঘৰ এটাৰ সন্মুখেৰে এইবাৰ গাড়ীখন আগ বাঢ়িল৷ বৰ বেছি আধা কিল’মিটাৰমান হ’ব৷ তাৰ পৰা আগলৈ গাড়ী চলাৰ পথ আৰু নাই৷ জংঘলৰ মাজেৰে লুংলুঙীয়া বাট এটা ওপৰলৈ উঠি গৈছে৷ দুঘণ্টা ট্ৰেকিং কৰিলে পৰ্বতৰ শীৰ্ষত থকা যুদ্ধথলী পোৱা যায়৷ দীনেশৰ মুখত কথাষাৰ শুনিয়ে মনটো নাচি উঠিছিল৷ হাবিতলীয়া ট্ৰেকিং এনেয়েও ভাল লাগে৷ পিছে অস্ত্ৰধাৰী সৈনিকৰ সাহায্য অবিহনে এই অচিন ঘন অৰণ্যত তেনেকুৱা গহীন হাবিয়নীৰে নতুন মানুহ যোৱাটো বুদ্ধিমানৰ কাম নহয়৷

সেনাৰ পাঁচজনীয়া দল এটা আগ দিনা গৈছিল বুলি দীনেশে কথা প্ৰসংগত উলিয়াইছিল৷ আজিও কোনোবা সেইবাটে যাব নেকি বুলি সুধিছিলোঁও৷ তেতিয়ালৈ কোনো নিশ্চিতি নাছিল৷ উভতি অহাৰ সময়ো সন্নিকট৷ এতিয়া পথৰুদ্ধ হৈ পৰাত বুজিলোঁ যে আমাৰ বাবে হেলমেট টপৰ লাষ্ট পইণ্ট সেইটোৱে৷ সি যি কি নহওক, আন্তৰ্জাতিক সীমামূৰীয়া তেনেকুৱা দুৰ্গম জংঘলী অঞ্চলবোৰত কেনে সাহসক সাৰথি কৰি, কেনে ধৰণৰ কষ্টক অহৰ্নিশে স্বীকাৰ কৰি দেশৰক্ষকসকলে কৰ্ম সম্পাদন কৰিব লাগে নিজ চকুৰে দেখিলোঁ আৰু বুজিলোঁ৷ দেশৰ কোন কোণৰ পৰা আহি ক’তযে সীমান্তৰ ৰখীয়া, সদাজাগ্ৰত প্ৰহৰী হৈ থাকিব লাগে, ফৌজৰ সদস্য মাত্ৰেই সেইটো যোগদানৰ সময়তে স্বীকাৰ কৰি লোৱা এটা চৰ্তই চাগে'৷ 

হেলমেট টপত অন্তিম চেলুট জনাই পাইনৰ মাজে মাজে ঘূৰি বাট ধৰিলোঁ৷ 'তাগ্ৰা ৰহ'৷' পৰ্বতৰ ওপৰৰ কৰ্মস্থলীৰ পৰাই দীনেশে বিদায়ৰ ভংগীমাৰে সোঁহাতখন দাঙি দিলে৷ অকণমান আৱেগিক হৈ উঠিছিলোঁ চাগৈ আমিবোৰ৷ আকৌ কেতিয়া ক'ত কেনেকৈ লগ পাম নাজানো৷ অৰুণাচলত শিখৰত ক্ষন্তেকৰ বাবে পোৱা হিমাচলৰ ফৌজী দীনেশ কিন্তু আমাৰ মানস-পটত ৰৈ গ'ল৷














পৰৱৰ্তী লেখা :
৭. পাইন অৰণ্যৰ মাজেৰে নামি গৰমপানীলৈ

No comments:

Post a Comment