অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
কেঁকুৰিটোত বাঁৱে ঘূৰি তলমুৱা হোৱাৰ পিছৰে পৰাই ৰাস্তাটো ক্রমে ক্রমে আৰু নামনিলৈ নামিব ধৰিলে৷ প্ৰথমে পালোঁ মেছাই৷ লোহিতখন তাৰ পৰা আৰু অলপ তলত আছে৷ সেইখিনিতে প্ৰজেক্ট উদায়াকৰ উদ্যোগত কম্প’জিত বেইলী ব্ৰীজ এখনৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে৷ মুঠ ৪৬০ফুট দীঘল হ’ব এই দলংখন৷ খুঁটাৰ ওপৰত এঠাইত লিখি থোৱা আছে দুটা শব্দ৷ ‘সদা সাহসিক’৷ হেলমেট টপৰ ‘তাগ্ৰা ৰহ’’ৰ পিছত এই শক্তিশালী শব্দযুগলে হৃদয়ক বৰকৈ আলোড়িত কৰিলে৷ সদায় সাহসী হ’বলৈ যেন আমাকো ৰিঙিয়াই দিছে ফলকখনে৷ হয়ো অৱশ্যে৷ 'তাগ্ৰা' আৰু 'সাহসিক' নহ’লে এনে ঠাইলৈ অহাৰ চিন্তা কৰাটোৱেই অমূলক৷ এতিয়াহে বুজিছোঁ, এই পথত পথিকৰ সংখ্যা কিয়নো তাকৰ৷
সেইখনৰ ওপৰলৈ লগাই ৰখা আন এখন ব'ৰ্ডত লিখা আছে আৰু এক সাংঘাতিক, তেজস্বী বাক্য৷ ‘We believe in do before die, rather than do or die.’ জীৱন, মৰণ আৰু কৰ্মক সাঙুৰি এষাৰ অতি অৰ্থপূৰ্ণ বচন৷ ডু অৰ ডাই নহয়, ডু বিফ'ৰ ডাই৷ নতুন কনচেপ্ট এটা ময়ো শিকিলোঁ৷ এনেকুৱা প্ৰাসংগিক আৰু সময়সাপেক্ষ কথা কিছুমান জীৱনৰ বাটত আগতেও পাইছোঁ৷ মুহূৰ্ততে মনলৈ অাহিল একে ধৰণৰ মিল থকা আৰু প্ৰয়োজনীয় আন দুটা উদাহৰণ... শ্ল' এণ্ড ষ্টেডী নহয়, 'ফাষ্ট এণ্ড একিউৰেট'৷ ন'লেজ ইজ পাৱাৰ নহয়, 'এপ্লাইড ন'লেজ ইজ পাৱাৰ'৷ প্ৰচলিত ধাৰণাৰ বিপৰীতে এনেবোৰ শক্তিশালী বাক্য বা বাক্যাংশই সদায়ে চিন্তাৰ খোৰাক যোগায় যায় আৰু মনক বল দিয়ে৷ ইয়ালৈ আহি নতুনকৈ আৰু এষাৰ সংগ্ৰহ কৰিলোঁ৷
সেইখিনিতে লোহিতৰ ওপৰত তাঁৰৰ হেঙিং ব্ৰীজ এখনো পালোঁ৷ ধেনুভিৰীয়া এনে ওলোমা সাঁকোবোৰ এই অঞ্চলবিলাকৰ লাইফ-লাইন৷ নদীখনক পথালিকৈ ছেদ কৰি নিজেই যেন বিৰাট একোটা সৌন্দৰ্যৰ আঁকৰ! সেইবোৰেই সিপাৰৰ গাঁৱৰ লগত এইপাৰৰ যোগাযোগ ৰক্ষাকাৰী একমাত্ৰ সাধন৷ আৰ.চি.চি. দলং কোন যুগত হ'ব তাৰ কোনো তাৰিখ কৈ দিব নোৱাৰি৷ কিবিথোলৈ গৈ থকাৰ সময়ত ওপৰৰ পৰা সোঁহাতে তলফাললৈ চাই চাই যাওঁতে লেণ্ডস্কেপৰ দৰে সুন্দৰ আৰু মনোমোহা আটাইবোৰ দৃশ্যৰে বিভিন্ন সময়ত বিভিন্ন এংগোলত চকুহালে একেলেথাৰিয়ে ৰূপ দৰ্শন কৰি আছিল৷ ডেৰ ঘণ্টামানৰ আগতে তেনেকৈয়ে সমস্তখিনি উপভোগ কৰি আছিলোঁ উচ্চতাৰ পৰা৷ ক্ৰমে ক্ৰমে নামনিলৈ নামি এতিয়া সেইবোৰৰে মাজলৈ সোঁশৰীৰে সোমাই গৈ আছোঁ৷ বিপৰীতে, ওপৰৰ ফাললৈ দৃষ্টি প্ৰসাৰিত কৰোঁতে লক্ষ্য কৰিছোঁ, পাহাৰৰ বক্ষত কিবিথোলৈ যোৱা অকোৱা-পকোৱা ৰাস্তাটো৷ অনন্যসুন্দৰ অন্য এক লেণ্ডস্কেপ! চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ, চলচ্চিত্ৰৰ ল'কেচন নিৰ্দেশক আদিৰ বাবে এনেবোৰ স্থান নিঃসন্দেহে বিবেচনাযোগ্য৷
নিৰ্মাণৰত দলঙৰ কাষেৰেই ৰাস্তাটো পুনৰবাৰ তললৈ নামিল৷ যেন লোহিতৰ বুকুত বিলীন হৈ পৰিবগৈ! সেইফালেই আমাৰ গাড়ীখন সশব্দে নামি গ’ল৷ শিলাখণ্ডৰে ভৰ্তি হৈ থকা এলেকাটোৰে শিল-বালিৰ ওপৰেদি পেটেলে ধীৰে ধীৰে আগুৱাই নিব ধৰিলে৷ অদূৰত ঠেক লোৰ দলং এখন৷ গাইবস্তিত সিদিনা কমলা দিদিৰ দোকানত লালচাহ বিচাৰি সোমাওঁতে ট্ৰাকৰ চালক-হেণ্ডিমেনকেইজনে কৈ থকা শুনিছিলোঁ, লোহিতৰ ওপৰত কাহোৰ ৰাস্তাত থকা দলংখন খুলি পেলালে বুলি৷ কালিও ৱালঙত কাৰোবাৰ মুখত একেষাৰকে শুনা পাইছিলোঁ৷ শুনিয়ে বুকুখন কিবা গধুৰ লাগি গৈছিল৷ খবৰটো ভুল হ'লেই ভাল হয় বুলিও মনে-প্ৰাণে কামনা কৰিছিলোঁ৷ পানী বাঢ়িলে বা সেনাৰ কোনো জৰুৰী নিৰ্দেশ আহিলে এনে ধৰণৰ দলংবোৰ তৎক্ষণাৎ খুলি পেলোৱা হয়৷ তেতিয়া যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে৷ গাড়ী পাৰ কৰিবলৈ বিকল্প কোনো বাট নাথাকে৷ অসুবিধা সেইখিনিতে৷
এইখনেই সেই ব্ৰীজখন৷ ওপৰৰ পৰা অকণমানকৈ দেখি আছিলোঁ৷ এতিয়া আমাৰ চকুৰ সন্মুখতে৷ মাত্ৰ কেইমিটাৰমান নিলগত৷ নাই, খোলা নাইকিয়া৷ সম্পূৰ্ণ সুৰক্ষিত আছে৷ উঃ ৰক্ষা! ভাগ্য ভাল আমাৰ৷ ইফালে পৰ্বতৰ বক্ষৰ পৰা একেলেথাৰিয়ে দেখি অহাৰ পিছত লোহিতৰ জলপৃষ্ঠ ইমান ওচৰৰ পৰা এয়াই প্ৰথম পাইছোঁ৷ দলঙৰ মাত্ৰ কেইহাতমান তলেৰে বৈ আছে খৰ সোঁতৰ নৈখন৷ হাত মেলিলেই যেন সেই স্ফটিকউজ্জ্বল পানী স্পৰ্শ কৰিব পাৰিম! আনহাতে পৰশুৰাম কুণ্ডত ৰাজ্যখনৰ ভিতৰতে দীঘল পকী দলংখনৰ পিছত হাৱাই ব্ৰীজৰ বাদে গাড়ী পাৰ কৰোৱাব পৰা লোহিতৰ ওপৰত এইখনেই একমাত্ৰ দলং দেখিলোঁ৷ তাকো অস্থায়ী৷ দৈৰ্ঘ্য ১৭০ফুট৷
সোঁ-বাওঁ, আগ-পাছ, কেউফালে অতি সুন্দৰ, নয়নাভিৰাম ভূ-প্ৰাকৃতিক সাজোন৷ ধীৰে ধীৰে দলংখন পাৰ হ’লোঁ৷ সিপাৰ হৈ পাইন গছৰ বাগিচাহে যেন! তাৰ মাজে মাজে বালিয়ে বালিয়ে গাড়ীখন অগ্ৰসৰ হ'ব ধৰিলে৷ নৈৰ বুকুৰে সৰলৰ তলে তলে সেইছোৱা যাত্ৰা বুজাব নোৱাৰা ধৰণৰ সুখপ্ৰদায়ক আৰু অতিশয় উপভোগ্য আছিল৷ সেয়া এছোৱা অতিশয় শান্তিময় পথ৷ উপত্যকাৰ বালিপথ এৰি কম সময়তে আকৌ পাহাৰত উঠিবলগীয়া হ’ল৷ কেঁচা ৰাস্তাৰে গৈ পকাত উঠিলোঁ৷ এইবাৰ লোহিতৰ সিটো অৰ্থাৎ সোঁ পাৰেদি৷ মাজে মাজে বি.আৰ.অ’.ৰ কেম্প একোটা৷ অস্থায়ী চালি কিছুমান৷ খেলি থকা কণমানি কেইটামান৷ তাৰ বাদে দেখিবলৈ একো নাই৷ কেৱল উন্মুক্ত প্ৰকৃতি৷ দুবাহু মেলি যেন আমাৰ আগমনলৈকে বাট চাই আছিল!
সুউচ্চ পৰ্বত শৃংগৰ মাজৰ ঠেক আৰু জয়াল উপত্যকাত ভাৰত-চীন সীমান্তত অৱস্থিত কাহো এখন সৰু গাঁও৷ জনসংখ্যা ১০০ হ’বনে নহ’ব সন্দেহ৷ অসামৰিক লোক নিৰ্বিঘ্নে উপস্থিত হ'ব পৰা এইটোৱেই ভাৰতৰ পূৰ্ব সীমা৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা ইয়াৰ পৰা তেনেই ওচৰত৷ এখন গ্ৰাম্য বিদ্যালয়, এটা বৌদ্ধ বিহাৰ, এখন সৰু চাহ দোকানৰ সৈতে ই এক নীৰৱ ঠাই য’ত কুমাৰী প্ৰকৃতিয়ে অনুপম দৃশ্যৰাজিৰে মোক চা মোক চা কৰি ৰয়৷ অনৱৰতে সেনাৰ তহলদাৰী চলি থাকে ইয়াত৷ গাঁৱৰ বাসিন্দাৰ বাহিৰে কাৰো বাবে থকাৰ অনুমতি নাই৷ সদায়েই এক যুদ্ধসদৃশ পৰিৱেশ৷ পাহাৰৰ ওপৰে-তলে বাংকাৰেই বাংকাৰ৷ সাজিয়েই আছে, সাজিয়েই আছে৷ মাজত শূন্য অঞ্চল৷ তাৰ এফালে ভাৰতীয় সৈন্য, আনফালে চীনা সৈন্য৷ স্বদেশৰ নিৰাপত্তা ৰক্ষাৰ নামত শপত খোৱাসকলৰ হাতে হাতে উদ্যত মাৰণাস্ত্ৰ৷ ইয়াৰ পৰা চীনৰ দিশে চাবও পাৰি, বাধাহীনভাৱে ফটো তুলিবও পাৰি৷
নামনিলৈ বৈ থকা নৈখনৰ পাৰে পাৰে শিলাময় পাহাৰৰ কাষে কাষে উজনিলৈ আমি গৈ আছোঁ৷ নৈখন ঠেক দেখা গৈছে৷ ৰাস্তাটোও তেনেই ঠেক যদিও মোটামুটিভাৱে ভালেই পাইছোঁ৷ ইফালে মনত অনেক উৎকণ্ঠা৷ লোহিত অন্ত পৰি আহিছে৷ ৰাস্তাও শেষ হৈ আহিছে৷ তেনেকৈ আৰু কেইটামান কিল’মিটাৰ মাথো৷ এঠাইত স্থিৰ হৈ গ’লোঁ৷ সন্মুখত কেঁকুৰি এটা৷ সোঁহাতে ওপৰলৈ বুধিষ্ট গোম্পাটো৷ দোকানখন ৰাস্তাটোৰ বাওঁহাতে৷ তাৰ নামনিলৈ ঘৰ কিছুমান৷ খেতি পথাৰ অলপমান৷ কাহো পালোঁহি৷

ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এয়াই অন্তিমখন ভাৰতীয় গাঁও, য’লৈকে আমাৰ দৰে চিভিলিয়ান মানুহৰ আহ-যাহ সম্ভৱ হৈছে৷ বুজিলোঁ, আমাৰ হেঁপাহৰ যাত্ৰাটোৰো এয়াই অন্তিম অৱস্থান হ'ব৷ আমি আমাৰ চূড়ান্ত গন্তব্যস্থল কাহোত সোঁশৰীৰে, সুস্থশৰীৰে উপস্থিত হ’লোঁ৷ তেতিয়া সময় দিনৰ প্ৰায় ২.৪৫বজা৷ ঠিক কেঁকুৰিটোতে দোকানখনৰ কাষত পেটেলে গাড়ীখন ৰাখিলে৷ ওচৰতে পায়চাৰি কৰি থকা সৈন্য বাহিনীৰ জোৱানে জনাই দিলে সেই কথা৷ পূবমুৱা যাত্ৰাটোৰ সফল সমাপ্তি ঘটিল৷ মনত গভীৰ আনন্দৰ ভাবনা লৈ আমি আটায়ে এজন এজনকৈ গাড়ীৰ পৰা নামি শেষভূমিৰ স্পৰ্শসুখ গ্ৰহণ কৰিলোঁ৷
সীমান্ত বুলিলেই অনুভৱ কৰোঁ এক ধৰণৰ মাদকতা৷ ষ্টীলৱেল পথেৰে অৰুণাচলৰ নামপঙৰ আগলৈ ভাৰত-ম্যানমাৰৰ সীমান্ত, মেঘালয়ৰ ডাউকী-তামাবিলত ভাৰত-বাংলাদেশ সীমান্ত, উত্তৰ বংগৰ পানীটেংকী-কাকৰভিটাত ভাৰত-নেপাল সীমান্ত৷ সীমান্তত উপস্থিত হ’লেহে আচলতে সেই মাদকতা প্ৰকৃতাৰ্থত উপলব্ধি কৰা যায়৷ একদম সঁচা কথা৷ কিন্তু সীমান্তৰ সঁচা মাদকতা বিচাৰিলে লোহিতৰ পাৰে পাৰে এনেকৈ আহিলেহে দেখিছোঁ, কৌতূহলী মনৰ দেধাৰ খোৰাক পোৱা যায়৷ বিৰলধৰ্মী এটা এডভেন্সাৰ যাত্ৰা৷ সীমান্তমুখী এই যাত্ৰাই আমাক ভৱিষ্যতৰ দিনবোৰতো অবৰ্ণনীয় সুখস্মৃতি আৰু বিপুল উৎসাহ যোগাই থাকিব৷ ভাৰতৰ পূবমূৰীয়া পথৰ অন্তিমত নিজকে অৱতীৰ্ণ কৰোৱাৰ পিছত প্ৰথমেই এই বোধটোৱে টীম মাৰ্ক' পল'ৰ প্ৰতিজন সদস্যৰে হ'ল৷
১৫. চীনলৈ চুটি পথৰ সন্ধান
No comments:
Post a Comment