Tuesday, 24 March 2020

২.৪ চপাখোৱাত ৰলোঁহি



মজা লাগিছিল সেইবাৰ, কাৰণ ভাৰতবৰ্ষৰ ভিতৰতে সবাতোকৈ দীঘল দলংখন খোজেৰে অতিক্ৰম কৰি উৎফুল্লিত হৈ থকাৰ পাছতে বাকী ১৭ কিলমিটাৰ যাবলৈ বিনোদ বৰগোহাঁইৰ সৈতে বহুপৰ খাপ পিতিও অন্য গাড়ী-মটৰ একো নাপাই শ্ৰীমতী আৰু মই উঠি লৈছিলোঁ এখন ডাম্পাৰত ৷ ১০ চকীয়া, পুৰণা ডাম্পাৰখনৰ আহল-বহল কেবিনটোত গগৈ উপাধিৰ চালকজনকে ধৰি মানুহ আমি চাৰিজন ৷ কেতিয়াও উঠি নোপোৱা আৰু পৰিস্থিতিয়ে সুযোগ কঢ়িয়াই অনা আকস্মিক ডাম্পাৰ-যাত্ৰাটো খুবেই উপভোগ্য হৈছিল ৷ অকলে গোপনে হাঁহিলোঁ তাকে লৈ, সেই মুহূৰ্তৰ ভংগীমাবোৰ আকস্মিকভাৱে মনলৈ আহি যোৱাৰ লগে লগে ৷ অভিজ্ঞতাই যোগোৱা অম্লান হাঁহি ৷ জীৱনৰ অমৰ কাহিনী !
নিৰজুলি বাছ চলি আছে ৷ ৰাস্তা ভাল ৷ ৮ মাইলত লোহিতৰ উপনৈ কুণ্ডিল পাৰ হলোঁ ৷ তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী শদিয়ালৈ অহাৰ সময়ত, ১৯৮৬ চনত এই দলংখন নিৰ্মাণ কৰা হৈছিল ৷ ৯ মাইল, হৰিপুৰ, মংগলপুৰ, ইছলামপুৰ ৷ য়িঙলৈকে বাছভাড়া পৰিশোধ কৰা হৈ গৈছে যদিও চপাখোৱা যিমানেই নিকটলৈ আহিছে অন্য ভাবনা এটাই মনত খুদূৱনি লগাবলৈ আৰম্ভ কৰিলে ৷ নামি দিম নেকি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ আগত ? শ্বাহনাজ-ছাজিদৰ কোৱাৰ্টাৰত সোমাই, তাতে গা-পা ধুই, ভাত-পানী খাই, আস্তেকৈ ওলামগৈ ৰয়িং ? অয়ৰ পৰা পাই থোৱা এছ.এম.এছ. বাৰ্তামতে মোৰ হোটেলৰ চেক ইন্‌ দুপৰীয়া ১২ বজাতহে ৷ এতিয়াচোন চাৰে সাতটাই বজা নাই ! কি কৰোঁ ? কি কৰা ভাল হব ? নিজকে নিজে খৰকৈ সুধিছোঁ ৷ সিদ্ধান্তটো সোনকালে লাগে ৷
অনেক চালি-জাৰি চাই চঞ্চল মনটোক বান্ধিলোঁ যে নাই নহয়, কতো সোমোৱাৰ দৰকাৰ নাই ৷ সোনকাল হৈ থাকিলেও ডাইৰেক্ট যোৱাটোহে বুদ্ধিমানী কথা হব ৷ কাম আছে ৰয়িঙত ৷ ১. চ তায়ুক যোগাযোগ কৰিব লাগিব, যিটো অতিকৈ জৰুৰী ৷ ২. পাল কাউণ্টাৰটোৰ সন্ধান উলিয়াই টাটা ছুমৰ ভাড়াৰ বাবদ দিবলগীয়া টকা ৮০০ দি চিটটো গজগজীয়া কৰিব লাগিব, যিহেতু সিদিনা ফোনতে কথা দি থোৱা হৈছে ৷ ৩. লগত নিবৰ বাবে দৰকাৰী খোৱাবস্তু কেইটামানো সংগ্ৰহ কৰিবলৈ আছে ৷ ৪. পাৰিলে আনিনিৰ বতৰ আৰু পৰিৱেশৰ সৈতে খাপ খোৱা জোতা এযোৰো বিচাৰিব লাগিব, ৰয়িঙৰ বজাৰত ৷ ইত্যাদি ইত্যাদি ৷
কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা ৷ কিছুমানে আজিয়ে পাতিছে ৷ দেৱালী, ফাকুৱা দুদিনীয়া হৈ পৰাৰ অনুৰূপ বাগ্‌দেৱীৰ বন্দনাও দুদিনীয়াৰ শাৰীলৈ পৰ্যবসিত হব ধৰিছে ৷ ভকতি বাঢ়িছে ৷ বিদ্যাধন মহাধন বুলি সৰ্বত্ৰ বুজি উঠিছে ৷
শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পালোঁহি ৷ ১৯০৫ চনত স্থাপিত ৷ ছাজিদে শিক্ষকতা কৰা স্কুল ৷ ইংৰাজী পঢ়ুৱায় ৷ সন্মুখ পাওঁতে চৌহদটোলৈ চালোঁ ৷ ইমূৰৰ পৰা সিমূৰলৈ ৰছী টানি আঠা সানি ৰঙা-নীলা কাগজ লগাই আছে ছাত্ৰ-ছাত্ৰী কেইজনমানে ৷ স্কুলীয়া দিনত আমিও কৰিছিলোঁ ৷ নিজকে যেন বিচাৰি পালোঁ সৌ লৰা-ছোৱালীকেইটাৰ মাজত ৷ আৱেদন সাৰ্বজনীন সৰস্বতী আই, বিদ্যা দিয়া ৷ কিন্তু কেৱল ইমানতেই সীমাবদ্ধ আছিলোঁজানো আমি ? সহপাঠী বিষ্ণু, লেখন, বিদুল, দিব্যহঁতৰ সৈতে জংঘললৈ গৈ চামিয়ানা তৰিবলৈ খুঁটা বিচাৰি আনিছিলোঁ, কলপাত কাটিছিলোঁ, নিশাটো শ্ৰেণীকোঠাতে কটাই বাঁহৰ চুঙাৰে বেঞ্চত লুচি বেলিছিলোঁ, কতযে কি নকৰিছিলোঁ সাৰদাৰ সাধনাৰ নামত ! এতিয়া সাধু হল ৷
বাকৰিৰ দৃশ্যটো দেখি এই মুহূৰ্তত মনৰ পৰ্দাত পুৰণা স্মৃতিবোৰ আপোনা-আপুনি উদ্ভাসি উঠিছে ৷ এটা যাত্ৰাই পৰিৱেশ-পৰিস্থিতি অনুসাৰে কতবোৰ কথাযে চেতনালৈ এনেকৈ ঘূৰাই আনিব পাৰে ! ক্ষণে ক্ষণে নস্তালজিক কৰি তুলিব পাৰে !
নস্তালজিয়াৰ চক্ৰবেহু ভেদ কৰি শ্বাহনাজহঁতৰ কোৱাৰ্টাৰটোৰ ফালে সোমাই যোৱা ঠেক পথটোলৈ চলন্ত বাছৰ খিৰিকীৰে সন্তৰ্পণে দৃষ্টি নিক্ষেপ কৰিলোঁ, দেখোঁ নেকি কাৰোবাক বুলি ৷ নাই, চিনাকি মুখ দেখা নগল ৷ বাচিলোঁ ...স্বগতোক্তি ওলাই আহিল মুখৰ পৰা ৷ স্পীড ব্ৰেকাৰত হেন্দোলনি তুলি নিৰজুলি গৈ থাকিল আগলৈ ৷
দীঘল দলঙে শদিয়াৰ ৰং-ৰূপ, ৰস-গোন্ধ আটাইবোৰ সলাই পেলাইছে ৷ কায়-কাৰবাৰ বাঢ়িল ৷ হাট-বজাৰ সম্প্ৰসাৰিত হল ৷ যাতায়াতো ঘন হৈ পৰিল ৷ সঁচা অৰ্থতে যেন শদিয়া এতিয়া ৰিং এটাৰ বাট ৷ অনেক যুগৰ অপেক্ষাৰ মূৰকত শদিয়াবাসীৰ যোগাযোগজনিত মহা-সমস্যাটোৰ স্থায়ী সমাধান হৈ গল যেনিবা ৷ আচলতে ২০১০ চনৰ নৱেম্বৰ মাহতে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হৈছিল ৷ উক্‌মুকনি অটল বাজপেয়ী চৰকাৰৰ দিনতে ৷ ৮০ শতাংশ কাম সমাধা হৈছিল ডক্টৰ মনোমোহন সিং চৰকাৰৰ আমোলত ৷ সম্পূৰ্ণ হলগৈ মোদী চৰকাৰৰ হাতত ৷ ২০০৭ চনৰ ১৪ ছেপ্টেম্বৰত ইউ.পি.এ. চৰকাৰে ধাৰ্য কৰা প্ৰকল্প-ব্যয় আছিল ৫০৫.৪০ কোটি টকা ৷ গৈ গৈ ২,০৫৬ কোটিত দলংখন পোৱা গল ৷ ১৯৫০ৰ ভূমিকম্পত ধ্বংসপ্ৰাপ্ত, বান-বিধ্বস্ত, খহনীয়া-আক্ৰান্ত শদিয়াৰ আগৰ নিমাওমাও ৰূপটোলৈ, নৈপৰীয়া শদিয়াবাসীৰ জীৱন-পৰিক্ৰমালৈ লাহে লাহে পৰিৱৰ্তনৰ বতাহ বলিব ধৰিলে ৷ আগতে এবাৰ (১৬.৪.২০১৫) ঘাটলৈ যোৱা বাটটোনো কেনেকুৱা ৰূপত আছে ? চাম চাম বুলি আহি আছিলোঁ যদিও নস্তালজিকতা আৰু পৰিৱৰ্তনৰ ধামখুমীয়াত সমূলি পাহৰিয়েই থাকিলোঁ ৷
চপাখোৱাত বাছখন এখন্তেক ৰল ৷ সিবাৰ আহোঁতে শ্বাহনাজ-ছাজিদৰ কোৱাৰ্টাৰত থাকি পংপঙাই গোটেইখন চাই ফুৰিছিলোঁ, অকলে অকলে ৷ গতিকে পৰিৱেশ একেবাৰে অচিনাকি নহয় ৷ ভৱিষ্যতৰ আগজাননীৰ সুৰেৰে সিহঁতক তেতিয়াই কৈছিলোঁ, আহকচোন ডিচেম্বৰ-জানুৱাৰী ৷ মানুহবোৰে তিনিচুকীয়া, শদিয়াৰ সীমা চেৰাই আৰু আগলৈ যাব ৷ গাড়ী লৈ পুটুক-পুটুক ঢাপলি মেলিব মোহনীয়া অৰুণাচলৰ ডিবাং ভেলীলৈ ৷ ইমানদিনে অনাৱিষ্কৃত হৈ ৰোৱা ডিবাং উপত্যকাৰ অন্তহীন ৰূপ-মাধুৰী লোকচক্ষুৰ পোহৰলৈ আহি যাব ৷ বিশেষকৈ, সমুদ্ৰপৃষ্ঠৰ পৰা ২,৬৫৫ মিটাৰ উচ্চতাৰ মায়ডিয়া গিৰিপথত কাশ্মীৰসদৃশ প্ৰাকৃতিক পৰিৱেশত বৰফ দলিওৱা-দলি খেল খেলিবগৈ ৷ পাবগৈ হুনলি, আনিনি ৷ দেখিছোঁ, ভবাৰ দৰেই কথাবোৰ হুবহু প্ৰতিপন্ন হৈছেহি ৷ নিজেও আহিলোঁ আকৌ এবাৰ ৷ পামগৈ অনেক দূৰণি ৷ ভাবিয়ে নিজকে কিবা সুখী সুখী অনুভৱ হৈছে ৷ এতিয়া নোসোমালেও ঘূৰি যাওঁতে সিহঁতহালক এবাৰ দেখা কৰি যাব লাগিব ৷ (ক্ৰমশঃ)

No comments:

Post a Comment