Sunday, 29 March 2020

২.৭ ‘হাফ-অৰুণাচলী’ৰ স্মৃতি-বিজড়িত ব’লুং


গে’টৰ পৰা ১২ কিল’মিটাৰ গৈয়ে ব’লুং ৷ উচ্‌পিচনি এটা আগৰে পৰাই আৰম্ভ হ’ল ৷ ৬০ ভিলাটো কেনি আছিল ? চকুৱে পিটপিটাবলৈ ধৰিলে ৷ তাৰে সৰু কোঠা এটাত বহু নিশা যাপন কৰিছিল ‘হাফ-অৰুণাচলী’জনে, য’ত তেওঁ ব্যৱহাৰ কৰা কেইপদমান সামগ্ৰী আথে-বেথে সংৰক্ষণ কৰি ৰখা হৈছে বুলি শুনিছিলোঁ ৷ তেওঁৰে অন্তৰংগ বাল্যবন্ধু, অৰুণাচল প্ৰদেশ বিধান সভাৰ প্ৰথম প্ৰো-টেম অধ্যক্ষ প্ৰয়াত গ’ৰা পেৰটিনৰ মালিকানাধীন ঘৰটোৰ সন্মুখতে বাল্যবন্ধুজনৰ পুত্ৰ মিংগাম পেৰটিনে দান দিয়া মাটিত প্ৰতিষ্ঠা হোৱাৰ কথা আছিল ‘হাফ-অৰুণাচলী’ৰ পূৰ্ণাৱয়ৱ মূৰ্তি ৷ লগতে স্মাৰক ৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ গৱেষণা বিভাগে অৰুণাচল প্ৰদেশ লিটাৰেৰী চ’চাইটি, চমুকৈ এ.পি.এল.এছ.ৰ কাৰিকৰী পৰ্যবেক্ষণত ২০১৫-১৬ চনতে ৩০ লক্ষ টকা ব্যয়সাপেক্ষ প্ৰকল্পটো হাতত লৈছিল ৷ ‘অৰুণাচলতে বৰঘৰ সাজি দিম কৃষ্টিক জীয়াই’ বুলি সমন্বয়ৰ গান গোৱা ‘হাফ-অৰুণাচলীজন’ক এনেকৈয়ে বুকুৰ বৰঘৰত ঠাই দিয়াৰ প্ৰয়াস কৰিছিল অৰুণাচলৰ জনগণই ৷ ৮ ছেপ্টেম্বৰ অথবা ৫ নৱেম্বৰ, জন্ম অথবা মৃত্যু, যিটো তিথিতে সুবিধাজনক হয়, সেইদিনাই প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব বুলি খবৰ কাগজত পঢ়িছিলোঁ যদিও তাৰো বহু পাছত, ১৫ ডিচেম্বৰ ২০১৮ত মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে মুকলি কৰিছিল ৷ তাকে লৈ এতিয়া উদগ্ৰীৱ হৈ আছোঁ ৷ Statue of Brotherhood কোনফালেনো আছে, গৈ থাকোঁতেই এপলক চাই যাম বুলি সচেতনতাৰে যাত্ৰা কৰি আছোঁ ৷

দেশে স্বাধীনতা লাভ কৰাৰ ঠিক পাছৰটো বছৰতে স্থাপন কৰা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান, এতিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ব’লুং বাওঁহাতে দেখা পালোঁ ৷ আগৰ নেফাৰ অন্তৱৰ্তী পুৰণি শদিয়াত ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত ভূমিষ্ঠ হোৱা ‘হাফ-অৰুণাচলী’জনৰ শৈশৱৰ স্মৃতি-বিজড়িত ব’লুং এইখনেই ৷ ইয়াতে প্ৰখ্যাত ভাস্কৰ বীৰেন সিংহ দাদাৰ হস্তপৰশত ব্ৰঞ্জেৰে নিৰ্মিত ১০ ফুট উচ্চতাৰ প্ৰতিকৃতিটো স্থাপন কৰাৰ কথা আছিল ৷ দীঘল দলংখন উদ্বোধনৰ তৃতীয় দিনা অৰ্থাৎ আমি খোজ কাঢ়ি অতিক্ৰম কৰাৰ পাছদিনা মূৰ্তিটো দলং পাৰ কৰাই অনা হৈছিল ৷ সেই দিনটোতে ইয়াৰ আগৰবাৰ মই ৰ’য়িঙলৈ যাত্ৰা কৰিছিলোঁ ৷ ভালকৈ মনত আছে ৷

সদ্যহতে হৃদয়ত বাজি আছে ‘হাফ-অৰুণাচলী’জনৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত অসম সাহিত্য সভাই শোণিতপুৰ জিলাৰ বালিপাৰাত ৫-৬ নৱেম্বৰ, ২০১২ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুকলি সভাৰ অতিথি হিচাপে উপস্থিত থাকি অৰুণাচলৰ প্ৰশাসনিক বিষয়া, অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ য়েছে দৰজে ঠংছি ডাঙৰীয়াই দিয়া ভাষণৰ কিয়দংশ… ‘সংগীত-কিম্বদন্তী ডক্টৰ ভূপেন হাজৰিকা অসমৰ সন্তান নাছিল ৷ ভূপেনদা আচলতে অৰুণাচল প্ৰদেশৰ সন্তান ৷ নেফাৰ এখন গাঁৱত তেওঁৰ জন্ম৷ ঘৰৰ পৰা আঁতৰি কেইবাদিনো ধৰি অৰুণাচলী মাতৃৰ স্তনপান কৰিছে তেওঁ ৷ এতেকে তেওঁৰ যদি কোনোবা জন্মভূমি থাকিব লাগে, সেয়া অৰুণাচল প্ৰদেশ ৷’

সাংস্কৃতিক বৈচিত্ৰ্যৰে অতি চহকী পাহাৰীয়া অৰুণাচলীসকলৰ সুধাকণ্ঠৰ সৈতে সম্পৰ্ক অতি নিবিড় আছিল ৷ ‘মই হাফ-অৰুণাচলী’ বুলি নিজেও আত্মগৌৰৱত উফন্দি ৰৈছিল যাযাবৰী শিল্পীজন ৷ ‘মে’ অৰুণাচল কা বাচ্চা হুঁ’ বুলিও হেনো নিজমুখে কৈছিল ৷ মুঠতে ব’লুঙৰ প্ৰভাৱ জীৱনকালত বাৰুকৈয়ে পৰিছিল সংগীত-সাধকজনৰ ওপৰত ৷

নপৰিবনো কিয় ? এনেকৈ ভাবোঁতেই বাছখনৰ গতিটোৰ সৈতে ছন্দ মিলাই মোৰ মনলৈ আহিল ‘হাফ-অৰুণাচলী’জন হেৰোৱাৰ সেই মজাৰ কাহিনীটো, যিটো বহুতেই জানে ৷

শদিয়া তেতিয়া ব্ৰিটিছ পলিটিকেল এজেণ্টৰ শাসনাধীন ৷ ৰাজনৈতিক বিষয়াৰ ঘৰত অসমীয়া শিকায় নীলকান্ত হাজৰিকাই ৷ এদিন চাহাবে হাজৰিকাক মাতি নিলে ৷ নিজৰ শিশুটি ডাঙৰ হোৱাত তাৰ ভাগৰ পেৰামবুলেটৰখন কেঁচুৱা ‘হাফ-অৰুণাচলী’লৈ বুলি উপহাৰস্বৰূপে দি পঠালে ৷ শদিয়াত তেতিয়া ঘৰুৱা কাম-বন কৰা মানুহৰ অভাৱ নাছিল ৷ ব’লুং গাঁৱৰ মানুহেই চোৱা-চিতা কৰিছিল শিশু ‘হাফ-অৰুণাচলী’ক ৷ ৪চকীয়া কেঁচুৱা ফুৰোৱা বাহনখনত ৯মহীয়া শিশুটিক তুলি ১৫-১৬বছৰীয়া আবৰ অৰ্থাৎ আদি ছোৱালীবোৰে যেনি-তেনি লৈ ফুৰায় ৷ লগতে নিজেও খেলে ৷ এদিন তেনেকৈ খেলি থাকোঁতে সন্ধিয়া লাগিল ৷ সিহঁত উভতি নাহিল ৷ পলিটিকেল এজেণ্টৰ ঘৰত, আৰক্ষী চকীত নিৰুদ্দেশৰ খবৰ দিয়া হ’ল ৷ স্বাভাৱিকতে ঘৰত মাকজনী হৈ পৰিল অৰ্ধচেতন ৷ পিছদিনা দুপৰীয়ালৈকে শুং-সূত্ৰ নাই ৷ ‘হাফ-অৰুণাচলী’ হেৰাল !

এই ব’লুংখনৰ ৰূপ তেতিয়া আছিল বেলেগ ৷ সম্পূৰ্ণৰূপে এখন আদি গাঁও ৷ অৰণ্যৰ মাজেৰে বাট ৷ ইফালে ছোৱালীকেইজনীৰ ঘৰ বিচাৰি যোৱাৰ গুণা-গঁথা চলি থাকোঁতেই আবেলি পৰত কণমানি ‘হাফ-অৰুণাচলী’ক পেৰামবুলেটৰত বহুৱাই সিহঁত আহি ওলাল ৷ আহিয়েই দস্তুৰমত জেৰাৰ সন্মুখীন… ‘তহঁতি কিয় এনেকুৱা কৰিলি ?’ বোলে, ‘নহয়, আমি কালি গ’লোঁ আৰু সবেই তাক খুব মৰম কৰিলে ৷ আমাৰ বস্তিৰ সবেই তাক ৰাখি দিব খুজিলে ৷ থাকি দিলোঁ বস্তিতে ৷’ আউলী-বাউলী হৈ পৰা মাকজনীয়ে চিন্তিতনেত্ৰে সুধিলে… ‘কিন্তু সিতো মোৰ পিয়াহ খায় ৷ কি খালে সি ?’ উত্তৰ আহিল… ‘বস্তিত যিমান মা আছে নহয়, সবৰে পিয়াহ খালে সি ৷’

এঠাইত পঢ়িছিলোঁ, চাহাবে দিয়া পেৰামবুলেটৰখনত বহুৱাই কেঁচুৱা ‘হাফ-অৰুণাচলী’ক গাঁৱত ফুৰাবলৈ নিয়াৰ পাছতে আহিল বৰষুণ ৷ উপায়হীন হৈ নিশাটো ব’লুঙতেই ৰাখিবলগীয়া হ’ল ৷ ভোকত আটাহ পাৰি থকা শিশুটিক শান্ত কৰিবলৈ নিশা গাঁওখনৰ মাতৃসকলে পাল পাতি নিজৰ নিজৰ স্তনপান কৰোৱাই টোপনি নিয়ালে ৷ গাখীৰ খাবলৈ পাই ‘হাফ-অৰুণাচলী’ৰ কান্দোন বন্ধ ৷ পাছদিনা পুৱা জন্মদাতৃ মাকৰ কোলাত তুলি দিওঁতে এইবুলি সৈ কাঢ়িলে আবৰ ছোৱালীকেইজনীয়ে ৷

শিশুকালৰ এই বিস্ময়কৰ কাহিনীটো ভালকৈ জনা এম. পি. ডাইংলুঙে কৈছিল... ‘ভূপেন হাজৰিকাৰ গাত নেফাৰ তেজ আছে ৷ তেওঁ নেফাৰ গাখীৰ খাইছিল ৷’ ‘হাফ-অৰুণাচলী’লৈ চাই তেওঁ এবাৰ হেনো কৈছিল... ‘আপোনাক একোছা অদৃশ্য চাবি দিলোঁ ৷ আপুনি নেফালৈ আহি থাকিব, গৈ থাকিব ৷ আমি অসমক ধাৰলৈহে দিছোঁ, আমাৰ ল’ৰা ৷’

‘চিয়াঙৰে গালং’ (১৯৬১), ‘কত জোৱানৰ মৃত্যু হ’ল’ (১৯৬২), ‘টিৰাপ সীমান্ত’ (১৯৬৬) আদি যুগজয়ী গীত অৰুণাচলক ভিত্তি কৰি ৰচনা কৰি থৈ গৈছে ‘হাফ-অৰুণাচলী’জনে ৷ দেশৰ ভিতৰতে প্ৰথম সূৰ্যোদয় হোৱা পূব প্ৰান্তক লৈ ১৯৬৯ চনত মুম্বাইত লিখিছিল ‘ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’ ৷ ১৯৭২ চনত জিৰ’ত লিখিছিল ‘অৰুণ কিৰণ শিৰৰ ভূষণ গলে হিমৰ ঢল, পুৱাৰ সূৰুযে চুমা খোৱা দেশ আমাৰ অৰুণাচল’ ৷ গীতটি অৰুণাচলৰ জাতীয় সংগীতৰূপে গ্ৰহণ কৰাই নহয়, হিন্দীৰ উপৰি ৰাজ্যখনৰ ভালেকেইটা দোৱানলৈ অনূদিত হৈছিল ৷ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ সন্মুখত গোৱা হৈছিল অসমীয়া, আদি, নিছি, আপাতানি আৰু হিন্দীত ৷ ডাপ'ৰিজ’ত তেওঁ গোৱাইছিল ‘মনৰ পখিলা আজি সুৰৰ ৰঙেৰে সাজি উৰি উৰি নাচি নাচি যায়’ ৷ এনেদৰেই ‘হাফ-অৰুণাচলী’ৰ যাদুকৰী সুৰ বিন্যাসত মূৰ্ত হৈ উঠিছিল নেফা তথা অৰুণাচল ৰাজ্যৰ নানা জাতি-উপজাতি আৰু তেওঁলোকৰ বাৰেৰহণীয়া কৃষ্টি ৷

১৯৭১-৭২ চনত ‘হাফ-অৰুণাচলী’জনৰ অসমীয়া চিনেমা ‘ৰশ্মিৰেখা’ৰ শ্বুটিং চলিছিল কেন্দ্ৰীয় শাসিত অৰুণাচলত ৷ তেওঁৰ তত্ত্বাৱধানতে ১৯৭৪ চনত ৰাজ্যখনৰ পটভূমিত প্ৰথমখন ৰঙীন ডকুমেণ্টৰী For whom the sun rise নিৰ্মাণ হৈছিল ৷ ১৯৭৬ৰ ডিচেম্বৰত অৰুণাচল চৰকাৰৰ প্ৰযোজনাত এইচ. নাবাম টাটাৰ কাহিনীৰে তেওঁৰ চিত্ৰৰূপ, সংগীত আৰু পৰিচালনাত মুক্তি পাইছিল ৰাজ্যখনৰ পটভূমিত নিৰ্মিত প্ৰথমখন ৰঙীন কথাছবি ‘মেৰা ধৰম মেৰী মা’ ৷ চিনেমাখনত সন্নিৱিষ্ট চিৰসেউজীয়া গীত ‘হামাৰা অৰুণাচল’ ৰাজ্যখনৰ শীৰ্ষস্থানীয় ছাত্ৰ সংগঠন অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়ন (আপচু)এ এন্থেম হিচাপে আদৰি লৈছিল ২০০৯ চনৰ ১১ এপ্ৰিল তাৰিখে ৷ অৰুণাচল চৰকাৰৰ অবৈতনিক সাংস্কৃতিক উপদেষ্টা হ’বলৈকো প্ৰস্তাৱ দিয়া হৈছিল ‘হাফ-অৰুণাচলী’জনক ৷

চিনেমাৰ জৰিয়তে অৰুণাচলৰ জনজাতীয় কৃষ্টি-সংস্কৃতিক প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰাৰ উপৰি জনজাতিৰ মংগলাৰ্থে যোগোৱা বিশিষ্ট বৰঙণিৰ বাবে অৰুণাচল প্ৰদেশে তেওঁক সোণৰ পদক উপহাৰ দিছিল ১৯৭৯ চনত ৷ আনহাতে সৃষ্টিৰ সুদীৰ্ঘ ৩৩ বছৰৰ পাছত হ’লেও ৰাজ্যখনৰ ছাত্ৰ সমাজে তেওঁৰ গীতক উচিত প্ৰাধান্য দিলে ৷ গন্ধৰ্ব কোঁৱৰজনৰ পৰলোকপ্ৰাপ্তিত অৰুণাচলবাসীয়েও পালন কৰিছিল ৰাজ্যিক শোক দিৱস ৷ চিতাভষ্ম বিসৰ্জন দিয়া হৈছিল লোহিত, ডিবাং, চিয়াং, সোৱণশিৰি, ডিক্রং, কামেং, টিৰাপ আদি কেইবাখনো মূল নৈ-উপনৈত ৷ অৰুণাচলীৰ প্ৰিয় মানুহজনৰ প্ৰয়াণত ঠংছি ছাৰে শোক প্ৰকাশ কৰি কৈছিল... 'ভূপেনদা সূৰ্যৰ বুকুত লুকাই পৰিল ৷ জাতিৰ হকে এনে কিছু সম্পদ এৰি থৈ গ'ল অনাগত দিনত যিবোৰ বিশেষকৈ অৰুণাচলৰ পৰ্বতবোৰত অহৰহ প্ৰতিধ্বনিত হৈ থাকিব ৷'

এয়াই তাহানিৰ নেফা, এতিয়া অৰুণাচল ৷ এইখনেই ব’লুং, তাহানিৰ আৰু এতিয়াও ৷ জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে প্ৰোজ্জ্বল হ’বলৈ মহাযাত্ৰাৰ পানচৈখন ইয়াৰ পৰাইতো মেলি দিছিল সুৰৰ সদাগৰজনে ৷ সাম্প্ৰতিক অৰুণাচল প্ৰদেশৰ নামনি ডিবাং উপত্যকা নামৰ জিলাখনৰ অন্তৰ্গত অখ্যাত ব'লুং গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি একক আৰু অদ্বিতীয় ৰূপত পৃথিৱীলৈ ওলাই গৈছিল বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৷ প্ৰথম গীত পৰিৱেশনতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই চুমা-পৰশেৰে বিশাল প্ৰতিভাধৰজনক অসম ভূমিৰ কৰিলে ৷ ডাঙৰ হোৱাৰ পাছত তেওঁক এবাৰ ব’লুং গাঁৱলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল হেনো ৷ ব’লুং তেতিয়াও নেফাতে ৷ আকৌ, ‘হাফ-অৰুণাচলী’জনে নিজে লিখি থৈ যোৱামতে, জন্মৰ ২৫ বছৰৰ পাছত অৰ্থাৎ ১৯৫১ত তেওঁ এবাৰ আহিছিল শদিয়ালৈ ৷ আগৰ শদিয়া তেতিয়া দেখিবলৈ নাছিল অৱশ্যে ৷ মৃত্যুৰ পূৰ্বেও নিজৰ জন্মভূমি তথা জন্মস্থানখন দৰ্শনৰ বাবে ব্যাকুল হৈ পৰিছিল গীতৰ খনিকৰজন ৷ পিছে সম্ভৱ নহ’ল ৷ সেই আশা আশা হৈয়ে থাকি গ’ল ৷ হয়তো তাকে জানি অৰুণাচলীসকলে পদক্ষেপ ল'লে ‘হাফ-অৰুণাচলী’জনক জন্মপ্ৰদেশত ধৰি ৰখাৰ ৷

ডক্টৰ ভূপেন হাজৰিকা সেতুৱে ধলা-শদিয়াৰ সহজ-সংযোগ স্থাপন কৰি দিয়াৰ পাছত নিজৰ ঘৰখনলৈ এইফালৰ অৰুণাচলী জনসাধাৰণে সুকলমে, নিশ্চিন্তমনে অহা-যোৱা কৰিব পৰা হৈছে, সদায় সুঁৱৰি থাকিব পৰা হৈছে বুকুৰ কুটুম, ব’লুঙত আদি-মাতৃৰ গাখীৰ খোৱা পুৰণি বান্ধৈজনক৷ সহজ হৃদয়েৰে তেওঁলোকে আজিও মানি আহিছে যে ব’লুঙেই ‘হাফ-অৰুণাচলী’জনৰ জন্মস্থান ৷ আজিও ভাবে যে অসমতকৈ তেওঁ বেছি অৰুণাচলৰ, নেফাৰ ৷ অৰুণাচল প্ৰদেশ চৰকাৰে নিজগুণে কৃপাধন্য হৈ প্ৰদান কৰিছে ‘হাফ-অৰুণাচলী’ৰ পূৰ্ণাৱয়ৱ মূৰ্তিৰ সমস্ত নিৰ্মাণ ব্যয় ৷ ৰাজ্যখনৰ ভিতৰতে ওখ ব'লুঙৰ প্ৰতিকৃতিটোৰ উপৰি ৰাজধানী ইটানগৰ আৰু য়াজালিতো কিম্বদন্তী শিল্পীগৰাকীৰ দুটা অৱয়ৱ প্ৰতিষ্ঠাত উদ্যোগ লোৱা বুলি শুনিছিলোঁ, যাৰ বাবে ২০১৬-১৭ৰ বাজেটত ধাৰ্য কৰা হৈছিল ৭০ লাখ টকা ৷


‘হাফ-অৰুণাচলী’ৰ ভাবনাত মজি আছোঁ ৷ নিৰজুলি আগুৱাই গৈ আছে ৷ ইফালে-সিফালে চাওঁতেই কেতিয়ানো ব’লুংখন ভুটুংকৈ পাৰ হৈ গ’লোঁ ধৰিবই নোৱাৰিলোঁ ! প্ৰতিমূৰ্তিটো দৃষ্টিগোচৰেই নহ’ল ৷ (ক্ৰমশঃ)

No comments:

Post a Comment