২.৭ ‘হাফ-অৰুণাচলী’ৰ স্মৃতি-বিজড়িত ব’লুং
গে’টৰ পৰা ১২ কিল’মিটাৰ গৈয়ে ব’লুং ৷ উচ্পিচনি এটা আগৰে পৰাই আৰম্ভ হ’ল ৷ ৬০ ভিলাটো কেনি আছিল ? চকুৱে পিটপিটাবলৈ ধৰিলে ৷ তাৰে সৰু কোঠা এটাত বহু নিশা যাপন কৰিছিল ‘হাফ-অৰুণাচলী’জনে, য’ত তেওঁ ব্যৱহাৰ কৰা কেইপদমান সামগ্ৰী আথে-বেথে সংৰক্ষণ কৰি ৰখা হৈছে বুলি শুনিছিলোঁ ৷ তেওঁৰে অন্তৰংগ বাল্যবন্ধু, অৰুণাচল প্ৰদেশ বিধান সভাৰ প্ৰথম প্ৰো-টেম অধ্যক্ষ প্ৰয়াত গ’ৰা পেৰটিনৰ মালিকানাধীন ঘৰটোৰ সন্মুখতে বাল্যবন্ধুজনৰ পুত্ৰ মিংগাম পেৰটিনে দান দিয়া মাটিত প্ৰতিষ্ঠা হোৱাৰ কথা আছিল ‘হাফ-অৰুণাচলী’ৰ পূৰ্ণাৱয়ৱ মূৰ্তি ৷ লগতে স্মাৰক ৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ গৱেষণা বিভাগে অৰুণাচল প্ৰদেশ লিটাৰেৰী চ’চাইটি, চমুকৈ এ.পি.এল.এছ.ৰ কাৰিকৰী পৰ্যবেক্ষণত ২০১৫-১৬ চনতে ৩০ লক্ষ টকা ব্যয়সাপেক্ষ প্ৰকল্পটো হাতত লৈছিল ৷ ‘অৰুণাচলতে বৰঘৰ সাজি দিম কৃষ্টিক জীয়াই’ বুলি সমন্বয়ৰ গান গোৱা ‘হাফ-অৰুণাচলীজন’ক এনেকৈয়ে বুকুৰ বৰঘৰত ঠাই দিয়াৰ প্ৰয়াস কৰিছিল অৰুণাচলৰ জনগণই ৷ ৮ ছেপ্টেম্বৰ অথবা ৫ নৱেম্বৰ, জন্ম অথবা মৃত্যু, যিটো তিথিতে সুবিধাজনক হয়, সেইদিনাই প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব বুলি খবৰ কাগজত পঢ়িছিলোঁ যদিও তাৰো বহু পাছত, ১৫ ডিচেম্বৰ ২০১৮ত মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে মুকলি কৰিছিল ৷ তাকে লৈ এতিয়া উদগ্ৰীৱ হৈ আছোঁ ৷ Statue of Brotherhood কোনফালেনো আছে, গৈ থাকোঁতেই এপলক চাই যাম বুলি সচেতনতাৰে যাত্ৰা কৰি আছোঁ ৷
দেশে স্বাধীনতা লাভ কৰাৰ ঠিক পাছৰটো বছৰতে স্থাপন কৰা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান, এতিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ব’লুং বাওঁহাতে দেখা পালোঁ ৷ আগৰ নেফাৰ
অন্তৱৰ্তী পুৰণি শদিয়াত ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত ভূমিষ্ঠ হোৱা ‘হাফ-অৰুণাচলী’জনৰ শৈশৱৰ
স্মৃতি-বিজড়িত ব’লুং এইখনেই ৷
ইয়াতে প্ৰখ্যাত ভাস্কৰ বীৰেন সিংহ দাদাৰ হস্তপৰশত ব্ৰঞ্জেৰে নিৰ্মিত ১০ ফুট
উচ্চতাৰ প্ৰতিকৃতিটো স্থাপন কৰাৰ কথা আছিল ৷ দীঘল দলংখন
উদ্বোধনৰ তৃতীয় দিনা অৰ্থাৎ আমি খোজ কাঢ়ি অতিক্ৰম কৰাৰ পাছদিনা মূৰ্তিটো দলং
পাৰ কৰাই অনা হৈছিল ৷ সেই দিনটোতে ইয়াৰ আগৰবাৰ মই ৰ’য়িঙলৈ যাত্ৰা কৰিছিলোঁ ৷ ভালকৈ মনত আছে ৷
সদ্যহতে হৃদয়ত
বাজি আছে ‘হাফ-অৰুণাচলী’জনৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত অসম সাহিত্য সভাই শোণিতপুৰ
জিলাৰ বালিপাৰাত ৫-৬ নৱেম্বৰ, ২০১২ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুকলি সভাৰ
অতিথি হিচাপে উপস্থিত থাকি অৰুণাচলৰ প্ৰশাসনিক বিষয়া, অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী
বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ য়েছে দৰজে ঠংছি ডাঙৰীয়াই দিয়া ভাষণৰ কিয়দংশ… ‘সংগীত-কিম্বদন্তী ডক্টৰ ভূপেন হাজৰিকা অসমৰ সন্তান
নাছিল ৷ ভূপেনদা আচলতে অৰুণাচল প্ৰদেশৰ সন্তান ৷ নেফাৰ এখন গাঁৱত তেওঁৰ জন্ম৷ ঘৰৰ
পৰা আঁতৰি কেইবাদিনো ধৰি অৰুণাচলী মাতৃৰ স্তনপান কৰিছে তেওঁ ৷ এতেকে তেওঁৰ যদি
কোনোবা জন্মভূমি থাকিব লাগে, সেয়া অৰুণাচল প্ৰদেশ ৷’
সাংস্কৃতিক
বৈচিত্ৰ্যৰে অতি চহকী পাহাৰীয়া অৰুণাচলীসকলৰ সুধাকণ্ঠৰ সৈতে সম্পৰ্ক অতি নিবিড়
আছিল ৷ ‘মই হাফ-অৰুণাচলী’ বুলি নিজেও
আত্মগৌৰৱত উফন্দি ৰৈছিল যাযাবৰী শিল্পীজন ৷ ‘মে’ অৰুণাচল কা বাচ্চা হুঁ’ বুলিও হেনো নিজমুখে কৈছিল ৷ মুঠতে ব’লুঙৰ প্ৰভাৱ
জীৱনকালত বাৰুকৈয়ে পৰিছিল সংগীত-সাধকজনৰ ওপৰত ৷
নপৰিবনো কিয়
? এনেকৈ ভাবোঁতেই বাছখনৰ গতিটোৰ সৈতে ছন্দ মিলাই মোৰ মনলৈ আহিল ‘হাফ-অৰুণাচলী’জন হেৰোৱাৰ সেই মজাৰ কাহিনীটো, যিটো বহুতেই জানে ৷
শদিয়া তেতিয়া
ব্ৰিটিছ পলিটিকেল এজেণ্টৰ শাসনাধীন ৷ ৰাজনৈতিক বিষয়াৰ ঘৰত অসমীয়া শিকায় নীলকান্ত
হাজৰিকাই ৷ এদিন চাহাবে হাজৰিকাক মাতি নিলে ৷ নিজৰ শিশুটি ডাঙৰ হোৱাত তাৰ ভাগৰ
পেৰামবুলেটৰখন কেঁচুৱা ‘হাফ-অৰুণাচলী’লৈ বুলি
উপহাৰস্বৰূপে দি পঠালে ৷ শদিয়াত তেতিয়া ঘৰুৱা কাম-বন কৰা মানুহৰ অভাৱ নাছিল ৷ ব’লুং গাঁৱৰ
মানুহেই চোৱা-চিতা কৰিছিল শিশু ‘হাফ-অৰুণাচলী’ক ৷ ৪চকীয়া
কেঁচুৱা ফুৰোৱা বাহনখনত ৯মহীয়া শিশুটিক তুলি ১৫-১৬বছৰীয়া আবৰ অৰ্থাৎ আদি
ছোৱালীবোৰে যেনি-তেনি লৈ ফুৰায় ৷ লগতে নিজেও খেলে ৷ এদিন তেনেকৈ খেলি থাকোঁতে সন্ধিয়া
লাগিল ৷ সিহঁত উভতি নাহিল ৷ পলিটিকেল এজেণ্টৰ ঘৰত, আৰক্ষী চকীত নিৰুদ্দেশৰ খবৰ দিয়া হ’ল ৷ স্বাভাৱিকতে
ঘৰত মাকজনী হৈ পৰিল অৰ্ধচেতন ৷ পিছদিনা দুপৰীয়ালৈকে শুং-সূত্ৰ নাই ৷ ‘হাফ-অৰুণাচলী’ হেৰাল !
এই ব’লুংখনৰ ৰূপ
তেতিয়া আছিল বেলেগ ৷ সম্পূৰ্ণৰূপে এখন আদি গাঁও ৷ অৰণ্যৰ মাজেৰে বাট ৷ ইফালে
ছোৱালীকেইজনীৰ ঘৰ বিচাৰি যোৱাৰ গুণা-গঁথা চলি থাকোঁতেই আবেলি পৰত কণমানি ‘হাফ-অৰুণাচলী’ক
পেৰামবুলেটৰত বহুৱাই সিহঁত আহি ওলাল ৷ আহিয়েই দস্তুৰমত জেৰাৰ সন্মুখীন… ‘তহঁতি কিয় এনেকুৱা কৰিলি ?’ বোলে, ‘নহয়, আমি কালি
গ’লোঁ আৰু সবেই তাক খুব মৰম কৰিলে ৷ আমাৰ বস্তিৰ সবেই তাক ৰাখি দিব
খুজিলে ৷ থাকি দিলোঁ বস্তিতে ৷’ আউলী-বাউলী
হৈ পৰা মাকজনীয়ে চিন্তিতনেত্ৰে সুধিলে… ‘কিন্তু সিতো
মোৰ পিয়াহ খায় ৷ কি খালে সি ?’ উত্তৰ আহিল… ‘বস্তিত যিমান মা আছে নহয়, সবৰে পিয়াহ খালে সি ৷’
এঠাইত
পঢ়িছিলোঁ, চাহাবে দিয়া পেৰামবুলেটৰখনত বহুৱাই কেঁচুৱা ‘হাফ-অৰুণাচলী’ক গাঁৱত
ফুৰাবলৈ নিয়াৰ পাছতে আহিল বৰষুণ ৷ উপায়হীন হৈ নিশাটো ব’লুঙতেই
ৰাখিবলগীয়া হ’ল ৷ ভোকত আটাহ পাৰি থকা শিশুটিক শান্ত কৰিবলৈ নিশা গাঁওখনৰ মাতৃসকলে
পাল পাতি নিজৰ নিজৰ স্তনপান কৰোৱাই টোপনি নিয়ালে ৷ গাখীৰ খাবলৈ পাই ‘হাফ-অৰুণাচলী’ৰ কান্দোন
বন্ধ ৷ পাছদিনা পুৱা জন্মদাতৃ মাকৰ কোলাত তুলি দিওঁতে এইবুলি সৈ কাঢ়িলে আবৰ
ছোৱালীকেইজনীয়ে ৷
শিশুকালৰ এই
বিস্ময়কৰ কাহিনীটো ভালকৈ জনা এম. পি. ডাইংলুঙে কৈছিল... ‘ভূপেন
হাজৰিকাৰ গাত নেফাৰ তেজ আছে ৷ তেওঁ নেফাৰ গাখীৰ খাইছিল ৷’ ‘হাফ-অৰুণাচলী’লৈ চাই তেওঁ
এবাৰ হেনো কৈছিল... ‘আপোনাক একোছা
অদৃশ্য চাবি দিলোঁ ৷ আপুনি নেফালৈ আহি থাকিব, গৈ থাকিব ৷ আমি অসমক ধাৰলৈহে দিছোঁ,
আমাৰ ল’ৰা ৷’
‘চিয়াঙৰে গালং’ (১৯৬১), ‘কত জোৱানৰ
মৃত্যু হ’ল’ (১৯৬২), ‘টিৰাপ সীমান্ত’ (১৯৬৬) আদি যুগজয়ী গীত অৰুণাচলক ভিত্তি কৰি ৰচনা
কৰি থৈ গৈছে ‘হাফ-অৰুণাচলী’জনে ৷ দেশৰ
ভিতৰতে প্ৰথম সূৰ্যোদয় হোৱা পূব প্ৰান্তক লৈ ১৯৬৯ চনত মুম্বাইত লিখিছিল ‘ভাৰতৰে পূৰ্ব
দিশৰ সূৰ্য উঠা দেশ’ ৷ ১৯৭২ চনত জিৰ’ত লিখিছিল ‘অৰুণ কিৰণ
শিৰৰ ভূষণ গলে হিমৰ ঢল, পুৱাৰ সূৰুযে চুমা খোৱা দেশ আমাৰ অৰুণাচল’ ৷ গীতটি অৰুণাচলৰ জাতীয় সংগীতৰূপে গ্ৰহণ
কৰাই নহয়, হিন্দীৰ উপৰি ৰাজ্যখনৰ ভালেকেইটা দোৱানলৈ অনূদিত হৈছিল ৷ তদানীন্তন
প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ সন্মুখত গোৱা হৈছিল অসমীয়া, আদি, নিছি, আপাতানি
আৰু হিন্দীত ৷ ডাপ'ৰিজ’ত তেওঁ গোৱাইছিল ‘মনৰ পখিলা আজি
সুৰৰ ৰঙেৰে সাজি উৰি উৰি নাচি নাচি যায়’ ৷ এনেদৰেই ‘হাফ-অৰুণাচলী’ৰ যাদুকৰী সুৰ
বিন্যাসত মূৰ্ত হৈ উঠিছিল নেফা তথা অৰুণাচল ৰাজ্যৰ নানা জাতি-উপজাতি আৰু তেওঁলোকৰ বাৰেৰহণীয়া
কৃষ্টি ৷
১৯৭১-৭২ চনত ‘হাফ-অৰুণাচলী’জনৰ অসমীয়া
চিনেমা ‘ৰশ্মিৰেখা’ৰ শ্বুটিং
চলিছিল কেন্দ্ৰীয় শাসিত অৰুণাচলত ৷ তেওঁৰ তত্ত্বাৱধানতে ১৯৭৪ চনত ৰাজ্যখনৰ পটভূমিত প্ৰথমখন ৰঙীন
ডকুমেণ্টৰী For whom the sun rise নিৰ্মাণ হৈছিল ৷ ১৯৭৬ৰ ডিচেম্বৰত অৰুণাচল চৰকাৰৰ
প্ৰযোজনাত এইচ. নাবাম টাটাৰ কাহিনীৰে তেওঁৰ
চিত্ৰৰূপ, সংগীত আৰু পৰিচালনাত মুক্তি পাইছিল ৰাজ্যখনৰ পটভূমিত নিৰ্মিত প্ৰথমখন
ৰঙীন কথাছবি ‘মেৰা ধৰম মেৰী
মা’ ৷ চিনেমাখনত সন্নিৱিষ্ট চিৰসেউজীয়া গীত ‘হামাৰা অৰুণাচল’ ৰাজ্যখনৰ শীৰ্ষস্থানীয় ছাত্ৰ সংগঠন অৰুণাচল প্ৰদেশ
ষ্টুডেণ্টছ ইউনিয়ন (আপচু)এ এন্থেম হিচাপে আদৰি লৈছিল ২০০৯ চনৰ ১১ এপ্ৰিল
তাৰিখে ৷ অৰুণাচল চৰকাৰৰ অবৈতনিক সাংস্কৃতিক উপদেষ্টা হ’বলৈকো
প্ৰস্তাৱ দিয়া হৈছিল ‘হাফ-অৰুণাচলী’জনক ৷
চিনেমাৰ
জৰিয়তে অৰুণাচলৰ জনজাতীয় কৃষ্টি-সংস্কৃতিক প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি
ধৰাৰ উপৰি জনজাতিৰ মংগলাৰ্থে যোগোৱা বিশিষ্ট বৰঙণিৰ বাবে অৰুণাচল প্ৰদেশে
তেওঁক সোণৰ পদক উপহাৰ দিছিল ১৯৭৯ চনত ৷ আনহাতে সৃষ্টিৰ সুদীৰ্ঘ ৩৩ বছৰৰ পাছত হ’লেও ৰাজ্যখনৰ ছাত্ৰ সমাজে তেওঁৰ গীতক উচিত প্ৰাধান্য দিলে ৷ গন্ধৰ্ব কোঁৱৰজনৰ পৰলোকপ্ৰাপ্তিত অৰুণাচলবাসীয়েও পালন কৰিছিল ৰাজ্যিক শোক দিৱস ৷ চিতাভষ্ম বিসৰ্জন
দিয়া হৈছিল লোহিত, ডিবাং, চিয়াং, সোৱণশিৰি, ডিক্রং, কামেং, টিৰাপ আদি কেইবাখনো
মূল নৈ-উপনৈত ৷ অৰুণাচলীৰ প্ৰিয় মানুহজনৰ প্ৰয়াণত ঠংছি ছাৰে শোক প্ৰকাশ কৰি কৈছিল...
'ভূপেনদা সূৰ্যৰ বুকুত লুকাই পৰিল ৷ জাতিৰ হকে এনে কিছু সম্পদ এৰি থৈ গ'ল অনাগত দিনত
যিবোৰ বিশেষকৈ অৰুণাচলৰ পৰ্বতবোৰত অহৰহ প্ৰতিধ্বনিত হৈ থাকিব ৷'
এয়াই তাহানিৰ নেফা, এতিয়া অৰুণাচল ৷ এইখনেই ব’লুং, তাহানিৰ আৰু এতিয়াও ৷ জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে প্ৰোজ্জ্বল হ’বলৈ মহাযাত্ৰাৰ পানচৈখন ইয়াৰ পৰাইতো মেলি দিছিল সুৰৰ সদাগৰজনে ৷ সাম্প্ৰতিক অৰুণাচল প্ৰদেশৰ নামনি ডিবাং উপত্যকা নামৰ জিলাখনৰ অন্তৰ্গত অখ্যাত ব'লুং গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি একক আৰু অদ্বিতীয় ৰূপত পৃথিৱীলৈ ওলাই গৈছিল বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৷ প্ৰথম গীত পৰিৱেশনতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই চুমা-পৰশেৰে বিশাল প্ৰতিভাধৰজনক অসম ভূমিৰ কৰিলে ৷ ডাঙৰ হোৱাৰ পাছত তেওঁক এবাৰ ব’লুং গাঁৱলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল হেনো ৷ ব’লুং তেতিয়াও নেফাতে ৷ আকৌ, ‘হাফ-অৰুণাচলী’জনে নিজে লিখি থৈ যোৱামতে, জন্মৰ ২৫ বছৰৰ পাছত অৰ্থাৎ ১৯৫১ত তেওঁ এবাৰ আহিছিল শদিয়ালৈ ৷ আগৰ শদিয়া তেতিয়া দেখিবলৈ নাছিল অৱশ্যে ৷ মৃত্যুৰ পূৰ্বেও নিজৰ জন্মভূমি তথা জন্মস্থানখন দৰ্শনৰ বাবে ব্যাকুল হৈ পৰিছিল গীতৰ খনিকৰজন ৷ পিছে সম্ভৱ নহ’ল ৷ সেই আশা আশা হৈয়ে থাকি গ’ল ৷ হয়তো তাকে জানি অৰুণাচলীসকলে পদক্ষেপ ল'লে ‘হাফ-অৰুণাচলী’জনক জন্মপ্ৰদেশত ধৰি ৰখাৰ ৷
এয়াই তাহানিৰ নেফা, এতিয়া অৰুণাচল ৷ এইখনেই ব’লুং, তাহানিৰ আৰু এতিয়াও ৷ জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে প্ৰোজ্জ্বল হ’বলৈ মহাযাত্ৰাৰ পানচৈখন ইয়াৰ পৰাইতো মেলি দিছিল সুৰৰ সদাগৰজনে ৷ সাম্প্ৰতিক অৰুণাচল প্ৰদেশৰ নামনি ডিবাং উপত্যকা নামৰ জিলাখনৰ অন্তৰ্গত অখ্যাত ব'লুং গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি একক আৰু অদ্বিতীয় ৰূপত পৃথিৱীলৈ ওলাই গৈছিল বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৷ প্ৰথম গীত পৰিৱেশনতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই চুমা-পৰশেৰে বিশাল প্ৰতিভাধৰজনক অসম ভূমিৰ কৰিলে ৷ ডাঙৰ হোৱাৰ পাছত তেওঁক এবাৰ ব’লুং গাঁৱলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল হেনো ৷ ব’লুং তেতিয়াও নেফাতে ৷ আকৌ, ‘হাফ-অৰুণাচলী’জনে নিজে লিখি থৈ যোৱামতে, জন্মৰ ২৫ বছৰৰ পাছত অৰ্থাৎ ১৯৫১ত তেওঁ এবাৰ আহিছিল শদিয়ালৈ ৷ আগৰ শদিয়া তেতিয়া দেখিবলৈ নাছিল অৱশ্যে ৷ মৃত্যুৰ পূৰ্বেও নিজৰ জন্মভূমি তথা জন্মস্থানখন দৰ্শনৰ বাবে ব্যাকুল হৈ পৰিছিল গীতৰ খনিকৰজন ৷ পিছে সম্ভৱ নহ’ল ৷ সেই আশা আশা হৈয়ে থাকি গ’ল ৷ হয়তো তাকে জানি অৰুণাচলীসকলে পদক্ষেপ ল'লে ‘হাফ-অৰুণাচলী’জনক জন্মপ্ৰদেশত ধৰি ৰখাৰ ৷
ডক্টৰ ভূপেন
হাজৰিকা সেতুৱে ধলা-শদিয়াৰ সহজ-সংযোগ স্থাপন কৰি দিয়াৰ পাছত নিজৰ ঘৰখনলৈ এইফালৰ
অৰুণাচলী জনসাধাৰণে সুকলমে, নিশ্চিন্তমনে অহা-যোৱা কৰিব পৰা হৈছে, সদায় সুঁৱৰি
থাকিব পৰা হৈছে বুকুৰ কুটুম, ব’লুঙত আদি-মাতৃৰ গাখীৰ খোৱা পুৰণি বান্ধৈজনক৷ সহজ
হৃদয়েৰে তেওঁলোকে আজিও মানি আহিছে যে ব’লুঙেই ‘হাফ-অৰুণাচলী’জনৰ জন্মস্থান
৷ আজিও ভাবে যে অসমতকৈ তেওঁ বেছি অৰুণাচলৰ, নেফাৰ ৷ অৰুণাচল প্ৰদেশ চৰকাৰে নিজগুণে কৃপাধন্য
হৈ প্ৰদান কৰিছে ‘হাফ-অৰুণাচলী’ৰ পূৰ্ণাৱয়ৱ মূৰ্তিৰ সমস্ত নিৰ্মাণ ব্যয় ৷ ৰাজ্যখনৰ ভিতৰতে
ওখ ব'লুঙৰ প্ৰতিকৃতিটোৰ উপৰি ৰাজধানী ইটানগৰ আৰু য়াজালিতো কিম্বদন্তী শিল্পীগৰাকীৰ দুটা অৱয়ৱ প্ৰতিষ্ঠাত
উদ্যোগ লোৱা বুলি শুনিছিলোঁ, যাৰ বাবে ২০১৬-১৭ৰ বাজেটত ধাৰ্য কৰা হৈছিল ৭০ লাখ টকা ৷
‘হাফ-অৰুণাচলী’ৰ ভাবনাত মজি আছোঁ ৷ নিৰজুলি আগুৱাই গৈ আছে ৷ ইফালে-সিফালে চাওঁতেই কেতিয়ানো ব’লুংখন ভুটুংকৈ পাৰ হৈ গ’লোঁ ধৰিবই নোৱাৰিলোঁ ! প্ৰতিমূৰ্তিটো দৃষ্টিগোচৰেই নহ’ল ৷ (ক্ৰমশঃ)
No comments:
Post a Comment