Sunday, 15 March 2020

১.১১ চ’ক’ তায়ু গ’লগৈ



২৯ জানুৱাৰী ২০২০ ৷
চ’ক’ তায়ু আজি পুৱাতে আনিনিলৈ গুচি যোৱাৰ কথা আছিল ৷ ৰ’য়িং এৰাৰ আগতে কথা দুআষাৰমান পাতোঁ বুলি ফোন কৰাত ৰিংট’ন বাজি উঠিল, কিন্তু নধৰিলে ৷ কি বা হ’ল ! ভাবি থাকোঁতেই অলপ পাছত ঘূৰাই তেৱেঁই কৰিলে মোক ৷
চমু আলাপ ৷ ছুম’ ষ্টেণ্ডলৈ ওলাই আহি আছে তেওঁ ৷ চে’ফ জাৰ্নি তায়ুজী বুলি বাটৰ শুভেচ্ছা দিলোঁ ৷
আপুনি আহি থাকিব ৷ আনিনিত লগ পাম ৷ ধন্যবাদ জনাই তেওঁ ক’লে ৷
এঘণ্টামানৰ পাছত এনেয়ে এবাৰ আকৌ নম্বৰটো ডায়েল কৰি চাইছিলোঁ ৷ নাই, ম’বাইল নে’টৱৰ্কৰ বাহিৰ হ’ল ৷ এতিয়া আৰু তেওঁক নাপাওঁ ৷ কেতিয়া পাম তাকো নাজানো ৷ এক কথাত হেৰাই থাকিল মোৰ লিংকমেনজন ৷ সকলো ঠিকে থাকিলে একেবাৰে জেগাতহে দেখা-দেখি হ’ম, অহা ৩১ তাৰিখৰ নিশা, আগতে কেতিয়াও শ্ৰী-চেহেৰা নেদেখা লোকজনৰ সৈতে ৷ কেনে পৰিস্থিতিত নাজানো ৷
নতুন এক অনিশ্চয়তাৰ আৰম্ভণি ঘটিল এইমাত্ৰ, মানুহজন হেৰাই যোৱাৰ লগে লগে ৷
আনিনিত হ’মষ্টেৰ সন্ধান বিচাৰি জিবি প’ল’ক আকৌ এবাৰ এছ.এম.এছ.যোগে বাৰ্তা এটা দিবৰ মন গ’ল ৷ দি দিলোঁ ৷ পিছে নাই, কোনো প্ৰতিক্ৰিয়া, কোনো উত্তৰ নাহিল সিফালৰ পৰা ৷ আগৰ দৰেই অস্বাভাৱিক মৌনতা ৷ বিষয়টোৱে চিন্তাত ডুবাই ৰাখিলে মোক ৷ চ’ক’ তায়ুএ বুক কৰি যোৱা আসনত ৰ’য়িঙৰ পৰা ছুম’ত বহি বাৰু আনিনি পাই যাম ৷ পিছে আন্ধাৰে-মুন্ধাৰে মই তাত নামিম ক’ত ? থাকিম ক’ত ? কেনি যাব লাগিব? কাউণ্টাৰ ক’ত থাকিব, চ’ক’ তায়ু ক’ত ৰ’ব, একো নাজানো ৷ মুঠতে ভাবিলেই খেলিমেলি লগা বিধৰ, উত্তৰবিহীন অনিশ্চয়তাই পুনৰবাৰ গ্ৰাস কৰি পেলালে মোক ৷
হোৱাট্‌ছএপ বাৰ্তাৰ জৰিয়তেও প’ল’ক পুনৰবাৰ সুধি চালোঁ… আনিনিত মোৰ থকাৰ ব্যৱস্থা কিবা কৰিব পৰা গ’লনে ?
এইটো পথেৰেও কোনো জবাব নাহিল ৷ কি হ’ল মানুহজনৰ, ক’ব নোৱাৰোঁ ৷
দুপৰীয়া ফে’চবুকত উজলি উঠিল পুনৰ এক আহ্বান…
Welcome to ‘Reh’ Festival, 2020 in Anini Town. Anini is a small administrative town and headquarter of Dibang Valley District in Arunachal Pradesh. The festival will be held in the coming month of February 1st to February 3rd. Reh Festival Picnic spot has also been created for visitors. During festival hour's one can enjoy picnic and camping. Picnic spot lies at around 28 Km drive away from Festival Venue (Anini Town) in a village called Acheso (Dumbeun).
Start your February with a beautiful festival called Reh.
Once again welcome all.
Central Reh Celebration Committee, Anini.
হিয়া অস্থিৰ কৰি তোলা ২১খন শেহতীয়া ফটোৰে ভৰাই দিছে প’ষ্টটো ৷ মন্তব্য এটা নিলিখি নোৱাৰিলোঁ ৷ প্ৰশ্ন এটাও সুধি পেলালোঁ ৷
All good wishes to the Idu Mishmis. I want to come and see the festival, at Anini and Acheso. Shall I get a confirmed homestay (from 31.1.2020 to 3.2.2020)? I am alone.
চ’ক’ তায়ুৰ ওপৰত ১০০ শতাংশ ভৰসা ৰাখিলেও হ’মষ্টেৰ চিন্তাটোযে ১ শতাংশও দূৰ হোৱাই নাই, সেয়ে লিখিবলগীয়া হ’ল এনেকৈ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment