Monday, 9 March 2020


১.৭ আকৌ অনিশ্চয়তা !




 তায়ুএ মোক সুধিলে আপোনালোক মুঠতে কেইজন আহিব ?
আপোনালোক বুলিবলৈ নাই ৷ মই অকলেহে ৷ ...চিধাচিধি উত্তৰ দিলোঁ ৷
অকলে !
মানুহজনক আচৰিত হোৱা যেন লাগিল ৷ খোকোজা ভাঙি দিবলৈকে অনিচ্ছাসত্ত্বেও সত্যটো উল্লেখ কৰিবলগীয়া হল যে বিভিন্নজন ভ্ৰমণ-সংগীক মই লগ নধৰা নহওঁ, ধৰিছিলোঁ ৷ আপোনাৰ পষ্ট আৰু আনিনিৰ কেইবাটাও ৰেকৰ্ডেড ভিডিঅও চাবলৈ দিছিলোঁ, হাতত সময় থকা অৱস্থাতে ৷ কিন্তু কোনো নোলাল ৷ বিভিন্নজন বিভিন্ন সমস্যাত বিভিন্ন ধৰণে আক্ৰান্ত ৷ এফালে বাসনাৰ জোৱাৰ, আনফালে সমস্যাৰ হেঙাৰ ৷ একো অস্বাভাৱিক কথাও নহয় এয়া ৷ মানুহৰ জীৱনত সমস্যা থাকেই ৷ মোৰো আছে ৷ তাৰ মাজতো সমস্যাক পদতলত ৰাখি মই অকলেই ওলাইছোঁ ৷ আনিনিত ১ ফেব্ৰুৱাৰীৰ পৰা হব লগা আপোনালোকৰ ৰেহ ফেষ্টিভেল চাম ৷ লাষ্ট বি.অ.পি. ডেমবিউন অতিক্ৰমি ভাৰতৰ শেষ গাঁও তথা নকৈ পোহৰলৈ আনি গুৰুত্ব আৰোপ কৰা টুৰিষ্ট স্পট্‌ আচ্‌হিছলৈকো যাম ৷ আপুনি অনুগ্ৰহ কৰি গাইড কৰিব দেই ৷
কাহানিও নেদেখা সুদূৰৰ লোকজনে মোৰ মানসিক অৱস্থা, ইচ্ছাৰ গভীৰতা, উৎসাহৰ পৰিধি, হৃদয়ৰ ভাষা ইত্যাদি ঠিকেই বুজি পালে চাগৈ ৷ তেওঁ মোক স্বাগতম জনালে ৷ সাহসো যোগালে... আপ আ যাইএ ৷ ৰাস্তা লাম্বা অউৰ খাৰাপ ভী হে ৷ তব ভী, দেখ লেগা ৷ মতলব, আচ্‌হিছ কে লিয়ে ভী কচিচ কৰেগা ৷ ঠিক হে ?
উত্তেজনাই শীৰ্ষবিন্দু চুলেগৈ ৷ পাখি লগা মনটো জাকি মাৰি উৰি গল ৷ কল্পনাৰ ড্ৰি ভেলী, আচ্‌হিছ’ ভিলেজখন যেন পোনছাটে পায়েই গলোঁ !
পৰৱৰ্তী সময়কণত আলোচনা চলিল, আনিনিলৈ মই কেনেকৈ যাব লাগিব, সেই সম্বন্ধে ৷ তিনিচুকীয়ালৈকে ট্ৰেইনৰ টিকট কাটিলোঁ, ইনাৰ লাইন পাৰ্মিটখনো উলিয়াই ৰাখিছোঁ, ৰয়িঙৰ হোটেল মিমত ৰূম বুক্‌ কৰা হল ৷ ৩০ তাৰিখে মই ৰয়িঙত উপস্থিত হমগৈ ৷ একে উশাহে মোৰ অগ্ৰগতি সম্পৰ্কে জনাই দিলোঁ ৷
বহুত আচ্ছা ছাৰ বুলি শলাগি তেওঁ মোক যাত্ৰাটোৰ সম্পৰ্কে বুজালে ৰয়িঙৰ পৰা আনিনিলৈ ২২৮  কিলমিটাৰ ৷ পেছেঞ্জাৰ ছুম চলে ৷ পুৱা ৭ বজাত এৰে ৷ ভাড়া গাইপতি ৮০০ টকা ৷ বাটত এবাৰ চাহ আৰু এবাৰ ভাত খাবলৈ ৰয় ৷ দীঘলীয়া যাত্ৰা ৷ ৰাস্তা সুচল নহয় বাবে সময় বহুত লয় ৷
মই মাজতে মাত দিলোঁ ৮ ঘণ্টামান লাগে বোলে ৷ ট্ৰেন্স অৰুণাচল হাইৱেৰ কাম চলি আছে নহয় ৷
তেওঁ জোৰ দি কৈ উঠিল ৮ কত ! আজিকালি ১০ৰ পৰা ১৪ ঘণ্টা পৰ্যন্ত লাগি যায় ৷ টু লেন পথৰ বাবে পাহাৰত কাটিং চলি আছে ৷ জেগাই জেগাই গেট ৷ আগলৈ যোৱাৰ ছিগনেল নহালৈকে ঘণ্টাৰ পাছত ঘণ্টা খপিবলগীয়া হয় ৷ গতিকে সময় কিমান লাগিব খাটাংকৈ কোৱাটো মস্কিল ৷ কমেও ১০ ঘণ্টা ধৰি ৰাখক আপুনি ৷
 তায়ুৰ কথাৰ লগে লগে যাত্ৰাপথটো মই কল্পনা কৰি থাকিলোঁ ৷ ভাবিয়ে মজা লাগিল ৷ এনেকুৱা অফ্‌ ৰড এড্‌ভেন্‌চাৰ যাত্ৰা মোৰ বৰ প্ৰিয় আৰু উপভোগ্য ৷ হাইৱে নিৰ্মাণ কমপ্লিট হৈ গলে কিন্তু তাৰ ১ শতাংশও মজা নাথাকিব ৷ গতিকে এতিয়াই উচিত সময় ৷ কোন যায় কোন নাযায় নাজানো ৷ মই মুঠতে যাম ৷
মনটো আৰু অকণমান দৃঢ় হৈ পৰিল ৷ এই দৃঢ়তাৰ প্ৰয়োজন আছে ৷
মানুহজনে কব ধৰিলে... মই ২৯ তাৰিখে আনিনিলৈ ঘূৰি যাম ৷ তাৰ আগতে আপোনাৰ কাৰণে ছুমত চিট এটা ৰিজাৰ্ভ কৰি ৰাখি দিম বাৰু ৷ ৩০ত ৰয়িঙত থাকি আপুনি ৩১ তাৰিখে পুৱা ইয়াৰ পৰা ওলালে নিশা আনিনি পাই যাব ৷ তাতে লগালগি হম আমি ৷
মোৰ চিটটোৰ কাৰণে ৮০০ টকা এতিয়াই পঠাই দিওঁ বুলি একাউণ্ট নম্বৰ বিচৰাত তেওঁ নালাগে নালাগে বুলি চিৎকাৰ কৰি উঠিল ৷
বোধ কৰোঁ মোৰ ভাব-ভাষা যোগাত্মক অনুভৱ কৰিয়ে  তায়ু উপযাচি আগ্ৰহী হৈছিল ৷ তেওঁৰ আন্তৰিকতাপূৰ্ণ সমৰ্থন আৰু দুঃসাহসিক উৎসাহকণ মোৰো খুব ভাল লাগিল ৷ এনেকুৱা মানুহেই বিচাৰি আছিলোঁ ৷ পাই গলোঁ ৷ ঈশ্বৰে মিলাই দিলে ৷ ওপৰৱালাক মনে মনে চেলুট এটা জনালোঁ ৷
তাৰ পাছত কথা আহিল থকা-মেলাৰ ৷ সুধিলোঁ আনিনি মে ৰেহনেকে লিয়ে ক্যা মিলেগা ? 
তেওঁ কলে... চাৰ্কিট হাউচ মে ত চান্স কম হে ৷ কিউ কি ফেষ্টিভেল মে চীফ মিনিষ্টাৰ লগ আ ৰাহা হে ৷ ৱাহাঁ কা হোটেল ভী আচ্ছা নেহী হে ৷ তব ভী দেখেগা, মতলব আপকে লিয়ে এক ৰূম ৰাখ দেগা ৷
চাৰ্কিট হাউচ, আই.বি., টুৰিষ্ট লজ, হোটেল মোক নালাগে দেই ৷ সেইবোৰৰ সলনি স্থানীয় কোনোবা ইদু মিচিমিৰ পৰম্পৰাগত চাংঘৰত থাকিবলৈ পালেহে ভাল পাম ৷ মই মোৰ পচন্দৰ কথাটো খোলাখুলিকৈ কৈ দিলোঁ ৷ লগতে যোগ দিলোঁ যে খোৱা-বোৱাৰ বিষয়ে ইমান ভাবিবলগীয়া নাই ৷ মই নিৰামিষভোজী মানুহ ৷ ভাত, দাইল, ভাজি হলেই লেঠা শেষ ৷ ন্যূনতম, ভাত আৰু লাইপাত বইলতো পামেই নিশ্চয় ৷ আৰু কি ? লালচাহ খুৱালেই হৈ যাব ৷
খাদ্যৰ তালিকা শুনি তেওঁ বেচ হাঁহিলে ৷ সুৰত সুৰ মিলাই কৈ উঠিল মে ভী ভিজিটেৰিয়ান হুঁ ৷
আচ্ছা আপুনিও... ! খাদ্যাভ্যাস মিলি যোৱাত দুয়োৰে দোস্তি যেন বাঢ়ি গল ৷
সুধিলোঁ... হমষ্টে মিলেগা ক্যা, আনিনি মে ?
জনালে তাত এতিয়াও হমষ্টে গঢ়ি উঠা নাই ৷ ট্ৰেডিচনেল চাংঘৰো আজিকালি কমি আহিছে৷ থাকোঁতে ফেষ্টিভেল কমিটিৰ প্ৰেচিডেণ্টৰ চাংঘৰ এটা আছে ৷ তাত তেওঁৰ মাক অকলে থাকে ৷ হমষ্টে দিয়েনে নিদিয়ে সুধি চাব লাগিব ৷ মই গৈ পাই লওঁ বাৰু ৷
ঠিক আছে, আপুনি যেনে-তেনে কিবা এটা কৰিব আৰু খবৰ দিব ৷ মোৰ ফোন নম্বৰটো চেভ কৰি লওক ৷ বাকী একাে চিন্তা কৰিব নালাগে ৷ মদ, ভাং, চাধা, চিগাৰেট এইবোৰো মোৰ নচলে ৷ মুঠৰ ওপৰত মোৰ পৰা কোনো সমস্যা নাপাব ৷
মোৰো একেই ৷ নিচাজাতীয় বদভ্যাস মোৰো নাই ৷ ...তেওঁ কলে ৷
আকৌ আচৰিত হোৱাৰ পাল মোৰ ৷ নিজৰচোন ডুপ্লিকেট এজনেই ওলাই গল ! বঢ়িয়া ৷
আৰু কিছু দৰকাৰী কথা পতাৰ পাছতে আমি ফোন সামৰিলোঁ ৷
’ তায়ুক কবলৈ থাকি গ যে আনিনিত কৰ্মৰত ডেপুটি কমিছনাৰ চাহাব মোৰ ভাইৰ পুৰণা সতীৰ্থ ৷ তাৰ পৰিৱৰ্তে মনে মনে চিন্তা কৰিলোঁ... উপায়ুক্ত মহোদয়ে কৈছিল হমষ্টে বিচাৰিবলৈ ৷ এইজনে আকৌ কলে আনিনিত হমষ্টে এতিয়াও গঢ়ি উঠাই নাই বুলি ৷ তেনেহলে ? দোধোৰ-মোধোৰ ভাব এটাই মনৰ অভ্যন্তৰত বেয়াকৈ ক্ৰিয়া কৰিব ধৰিলে ৷ যাতায়াতৰ বিষয়টো অকণমান সুস্থিৰ হোৱা বুলি ভাবিব পাৰিলোঁ যদিও থকা-মেলাৰ কথাটো অনিশ্চয়তাৰ মাজত ওলমি থাকিল ৷ (ক্ৰমশঃ)

No comments:

Post a Comment