Tuesday, 17 March 2020

১.১২ ডিব্ৰুগড় অভিমুখী নিশাৰ ৰেলত



পুৰণা দিনৰে আফ্ৰিকান প্ৰবাদ এটা এনেকুৱা আছিল If you want to go quickly, go alone. If you want to go far, go together. মোৰ গন্তব্যস্থানৰ দূৰত্ব হিচাপ কৰিলে ৬৭১ কিলমিটাৰ ওলায় ৷ ডিফুৰ পৰা তিনিচুকীয়া পৰ্যন্ত ৰেলেৰে ৩০২, তিনিচুকীয়াৰ পৰা ৰয়িঙলৈকে বাছেৰে ১১৩, ৰয়িঙৰ পৰা আনিনিলৈ টাটা ছুমৰে ২২৮, আনিনিৰ পৰা আচ্‌হিছলৈ ২৮ ৷ মোটামুটি ৬৭০ কিলমিটাৰ ৷ দূৰলৈ যোৱাৰ ইচ্ছা কৰিছোঁ যদিও সংগী হলে নাই ৷ গতিকে নিজৰ সমস্ত দায়িত্বযে নিজৰ ওপৰতে সেইটো বুজিছোঁ ৷
নান্‌য়ি ইনয়িতায়াৰ আশীৰ্বাদ বিচাৰি অকলেই ওলাইছোঁ ৷ ইদুসকলৰ ধাৰণাত নান্‌য়ি ইনয়িতায়া হৈছে তেওঁলোকৰ সৰগীয় মাতৃ, divine mother ৷ ১ ফেব্ৰুৱাৰীৰ পৰা আনিনি, ৰয়িং আদি ইদু মিচিমিপ্ৰধান ঠাইবিলাকত তিনিদিনব্যাপী আইগৰাকীৰে আৰাধনা চলিব, ৰাজহুৱাভাৱে ৷
পত্নীয়ে যতনাই দিয়া ভাতকেইটা খাই উঠিছোঁ কি নাই, আগফালৰ বাৰাণ্ডাত অৰূপদা হাজিৰ৷ নিবলগীয়া বেগ দুটা ঠাইৰ পৰা লৰচৰ কৰাৰ আগে আগে পকেট নোটবুকখন মেলি লিষ্টমতে আটাইবোৰ বস্তু সোমালনে চোৱা যাওক বুলি সজাগতাৰ শেষ-দৃষ্টি এটা দিয়া হল ৷ ৰেলৰ টিকট, ইনাৰ লাইন পাৰ্মিট আৰু মানিবেগ ৷ এইকেইটা বিশেষ গুৰুত্বপূৰ্ণ ৷ মবাইল ফোন আৰু পানীৰ বটলটো ললোঁনে নাই চালোঁ ৷ লোৱা হৈছে ৷ বচ, তাৰ পাছতে পৰিয়ালৰ মাজৰ পৰা বিদায় ৷ গপ্‌গপাই উঠি আহিলোঁ পকা ৰাস্তালৈ ৷ হৃদয়ত এতিয়া এটা মাথো শব্দৰে অনুৰণন আনিনি, আনিনি, আনিনি ৷
ব্যস্ততাৰ মাজতো বৌৰ চুইফ্‌ট ডিজায়াৰখনেৰে অৰূপদাই মোক ঘৰৰ পৰা উঠাই আনি ডিফু ৰেলৱে ষ্টেচনৰ আগচোতাল পোৱাই দিলে ৷ হাওৰা-ডিব্ৰুগড় ১৫৯৫৯ নং উজনিমুৱা কামৰূপ এক্সপ্ৰেছ আহি আছে, কিন্তু নিৰ্ধাৰিত সময় ২০.৪৮তকৈ কিছু পলম হব ৷ Where is my train Appটোত এইমাত্ৰ চাওঁতেহে গম পালোঁ ৷ অকণমান সময় ভ্ৰমণ সংক্ৰান্তীয় কিবাকিবি কথা পতাৰ পাছতে অৰূপদা ঘৰমুৱা হল ৷ মই এইফালে অকলশৰীয়া যাত্ৰাটোৰ কথাকে ভাবি ভাবি পায়চাৰি কৰি থাকিলোঁ মুকলি আকাশৰ তলত ৷ ঠাণ্ডা আছে যদিও উত্তেজনাই কাবু কৰি পেলাইছে ৷
তায়ু চাগৈ এতিয়া আনিনিত ৷ ক্ষন্তেক পাছতে ময়ো চ এড্‌ভেন্‌চাৰ আৰম্ভ কৰি আছোঁ বুলি কবলৈ খুব মন গৈছিল যদিও নেছেল ৷ ডায়েল কৰি কৰি হাৰি গলোঁ ৷ কলীয়াপানী আনিনি ৷ তালৈকে ওলাইছোঁ ! ফোনৰ সংযোগ বিচ্ছিন্ন, ৰাস্তা ঠিক নাই, মৰ-জাৰ, পদে পদে অনিশ্চয়তা ৷ কোননো ওলাব বাৰু মোৰ লগত ? আকৌ ভাবিছোঁ, দুঃসাহস কৰি অকলে ওলাইছোঁ হয়, এইদৰে যোৱা ঠিক হয়নে নহয় তাৰ প্ৰমাণ পাম এইবাৰ ৷
ৰেলখন ১ নং প্লেটফৰ্মত আহি আছে বুলি ঘোষণা হল ৷ ১ শব্দটো কাণত পৰিবলৈহে পালে, ততাতৈয়াকৈ অভাৰব্ৰীজ বগোৱাত লাগি গলোঁ ৷ খোজ গহীন ৷ পিঠিত ৰাক্‌চেক ৷ বুকুত স্কুলবেগ, ছোৱালীৰ ভাগৰ ৷ নিজৰ কিতাপ-বহী, স্কেল-পেন্সিল বাহিৰ কৰি মুক্তহস্তে তাই দি পঠাইছে, বস্তু কঢ়িওৱাত দেউতাকৰ সুবিধা হব বুলি ৷ দৰাচলতে এইবোৰো একপ্ৰকাৰৰ শুভেচ্ছাই ৷
শেষ জানুৱাৰীৰ জাৰে সৰ্বত্ৰ ছানি ধৰিছে ৷ প্লেটফৰ্মখনত সৰহ মানুহ দেখিবলৈ নাই ৷ যাত্ৰীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা ৷ সময় নিৰ্দেশক ডাঙৰ ডিজিটেল ক্লক্‌টোৰ লগতে চৌপাশৰ লাইটবোৰ তিৰবিৰাই আছে ৷ ষ্টেচন মাষ্টৰৰ কোঠাৰ সন্মুখত ৰলোঁহি ৷ চিনাকি চিনাকি লগা চেহেৰা এটা দেখা গল ৷ ডাক্তৰ ভৱতোষ চক্ৰৱৰ্তী ৷ সেৱাৰ থলী ডিফু অসামৰিক চিকিৎসালয় ৷ বাসস্থান তিনিচুকীয়াত ৷ আমছাকন ২০১৫ৰ স্মৃতিগ্ৰন্থৰ কাম কৰাৰ সময়ৰে পৰাই ঘনিষ্ঠতা বাঢ়িছিল ৷ একে পথৰ পথিক দুয়ো এতিয়া মুখামুখি হলোঁ আৰু ভালো লাগিল, লগ এটা পাই ৷ মোৰ বেশভূষা দেখি স্বাভাৱিকতে তেওঁৰ মনত উদয় হল অপাৰ কৌতূহল ৷ ঘূৰি-ফুৰা মানুহ বুলি আগৰে পৰাই গম পায় ৷ তাৰে অচিলাৰেই প্ৰশ্নবান এৰিলে এইবাৰ কলৈ ওলাইছে ? যথাযথ উত্তৰ দিলোঁ ৷ তাৰ পাছত বাকী কথা বাদ, আলোচনাৰ ঘাই স্থান দখল কৰিলে অৰুণাচল প্ৰসংগই ৷ তেওঁ যোৱা নাই ৷ মোৰ অভিজ্ঞতাখিনি কিন্তু মন দি শুনিলে ৷ প্ৰশ্নোত্তৰ কাল চলি থাকিল ৷
কামৰূপত মোৰ ৰিজাৰ্ভেচন আছে ৷ ডাক্তৰ চক্ৰৱৰ্তীৰ নাই ৷ হঠাতে ওলাইছে ঘৰলৈ ৷ তাকে লৈ অকণমান টেনচনত থকাযেন লাগিল মানুহজনক ৷ অভয় দি মই কলোঁ, একো নাই ছাৰ, এছ ছিক্সতে উঠি দিব, মোৰ লগত ৷ পাছত সিজন ছাৰৰ লগত কথা পাতি ললেই হল ৷ তেওঁ হাঁহিলে ৷ সকাহ পোৱাযেন লাগিল ৷ তাৰ পাছত আকৌ অনৰ্গল কথাৰ মহলা, কামৰূপ এক্সপ্ৰেছৰ হেডলাইটৰ সুতীব্ৰ পোহৰ-ৰশ্মিয়ে ষ্টেচনটো উজলাই নোতোলা পৰ্যন্ত ৷
ৰেলখন ৰল ৷ উঠিলোঁ দুয়ো ৷ চিট খালী পোৱাত ডাক্তৰ চক্ৰৱৰ্তী আগুৱাই গল ৷ মই ৩৮, আপাৰ বাৰ্থ অধিকাৰ কৰি ললোঁ ৷ দীৰ্ঘ-আকাংক্ষিত যাত্ৰাটো আৰম্ভ হল ৷ (ক্ৰমশঃ)


No comments:

Post a Comment