Saturday, 21 March 2020

(কৰনা ভাইৰাছৰ বিৰুদ্ধে মানুহৰ সাহসী প্ৰতিৰোধ কামনাৰে)

আনিনি… ত ডাৱৰে মাটিক চুমা যাচে

৩০ জানুৱাৰী ২০২০, বৃহস্পতিবাৰ

২.১ নিউ তিনিচুকীয়াত নামিলোঁ



পুৱা ৪ বাজি ৪৫ মিনিট ৷পোহৰৰ আগমন ঘটাই নাই ৷আচল সময়তকৈ প্ৰায় ২০ মিনিটৰ পাছত কামৰূপ এক্সপ্ৰেছখনে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত প্ৰৱেশ ঘটালে ৷ যোৱা নিশা ডিফু এৰোঁতে নিৰ্ধাৰিত সময়তকৈ এঘণ্টামানেই পলম হৈ গৈছিল ৷ তাৰ মানে যাত্ৰাপথত কমেও ৪০ মিনিট মেক্‌-আপ্‌ হল ৷
বাইল ফোনটোত ঠিক ৪ বজাত এলাৰ্ম দি থৈছিলোঁ ৷ সেইমতে উঠি গাড়ীতে প্ৰাতঃকৰ্ম সমাপন কৰি আজৰি হৈ লৈছোঁ, পাছত যাতে কৰবাত অসুবিধাত পৰিবলগীয়া, ৰৈ থাকিবলগীয়া নহয় ৷ ডাক্তৰ চক্ৰৱৰ্তীক দেখিলোঁ, চাইড বাৰ্থত আৰামত আউজি চকুহাল জপাই ৰাখিছে ৷ সাইলাখ ধ্যানমগ্ন ঋষি ! কাষেদি আগ বাঢ়োঁত এনেয়ে মাত এষাৰ দিলোঁ ছাৰ, ঘৰ পাইছেহি আৰু দেই আপুনি ৷ টোপনি নামাৰিব এতিয়া ৷
মূৰ দুপিয়াই মিচিকিয়ালে তেওঁ ৷ বুজিলোঁ, গৃহ-চহৰত নামিবলৈ তলে তলে সাজু হৈয়ে আছে তাৰ মানে ৷ আপোন ঘৰ বুলিলে যিকোনো মানুহৰে বেলেগ ধৰণৰ উত্তেজনা এটা থাকেই ৷ নহলেনো ম, চুইট হ বুলি সৌ কোন যুগৰে পৰা সাহিত্যত এনেয়ে উল্লেখ কৰি অহা হৈছেনে ? বিপৰীতে, মই ওলাইছোঁ ঘৰৰ পৰা দূৰলৈহে ! উত্তেজনা অৱশ্যে মোৰো আছে ৷ মাত্ৰ উত্তেজনাৰ চৰিত্ৰ পৃথক ৷ এইযে অলপ পাছতে প্লেটফৰ্মত নামি যাম, পিঠিত ৰাক্‌চেকটো পুনৰবাৰ তুলি লম, ভ্ৰমণকাৰীৰ বেশেৰে খোজ দি টেম্পত উঠিমগৈ, তাৰ পাছত বাছত, ৰয়িঙলৈ,  উঃ কম উত্তেজনানে ? তাতে আকৌ অকলশৰীয়া ৷ লগত কোনো নাই ৷ সঁচাই অবৰ্ণনীয় উত্তেজনা ৷ তাৰ মাজতো আকৌ সোমাই আছে মহা-চিন্তা এটা ৷ এতিয়াও সমাধান নোহোৱা, আনিনিত থকা-খোৱাৰ চিন্তাটো ৷ ইফালে প্ৰথম গন্তব্য এই পাওঁ এই পাওঁ ৷
কাষতে লৱাৰ বাৰ্থত শয়নৰত মহিলা এগৰাকী ৷ নিউ তিনিচুকীয়াত নামিব ৷ তাৰ পৰা যাব চপাখোৱালৈ ৷ ৰয়িঙলৈও যাব কাইলৈ ৷ শুই থকা অৱস্থাৰ পৰাই গাড়ী ষ্টেচন সোমাইছে নেকি বুলি হিন্দীতে মোক প্ৰশ্ন কৰাত কথাখিনি জানিব পাৰিলোঁ ৷ আৰু গম পোৱা গল যে তেওঁ এতিয়া ডিমাপুৰৰ পৰা আহি আছে ৷ থাকে কিন্তু দিল্লীত ৷ ৰিটায়াৰ্ড প্ৰফেচাৰ ৷ মস্ত মস্ত ভালেকেইটা টালি-টোপোলাৰে সৈতে অকলে ভ্ৰমণ কৰা বয়সস্থ ভদ্ৰ-মহিলাগৰাকীক বেগকেইটা নমোৱাত সহায় কৰাটো সহযাত্ৰী হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলিয়েই ধৰি ললোঁ ৷ ৰাক্‌চেক, ট্ৰলী, হেণ্ডবেগ, ভেনিটি সকলোবোৰ ধুনীয়াকৈ ভাগে ভাগে জাপি, হাতে-পিঠিয়ে সন্তুলিতভাৱে ভগাই লাদি লৈ আমাক ধন্যবাদ জনাই তেওঁ বিদায় ললে ৷ ভাল লাগিল অকলশৰীয়া মানুহগৰাকীৰ আত্মবিশ্বাস, সাহস আৰু মনোবল দেখি ৷ দিনটোৰ আৰম্ভণিতে শক্তি আৰু প্ৰেৰণাদায়ক সঁচা চিত্ৰ এখন দেখা পালোঁ ৷ এইবিলাকে নিজৰো উদ্যম বহুলাংশে বৃদ্ধি কৰে ৷
লাইটৰ পোহৰত উজলি আছে নিউ তিনিচুকীয়া ষ্টেচন ৷ চিক্‌চিকীয়া, পৰিষ্কাৰ ৷ ৰেলৰ পৰা নামি আমি দুয়ো নাতিদূৰতে থকা প্ৰস্থান-দ্বাৰ অভিমুখে খোজ লৈছোঁ ৷ চক্ৰৱৰ্তী ছাৰৰ মত, বাহিৰখন ভালদৰে পোহৰ নোহোৱালৈকে তেওঁ ৱেইটিং ৰূমত বহি থাকিব ৷ মোৰ আকৌ ৰোৱাৰ মতলব নাই ৷ পুৱাৰ পেট খালী, দাঁত ব্ৰাছ আৰু মুখ ধোৱা কাম চলন্ত গাড়ীতে ইতিমধ্যে সমাপ্ত ৷ এতিয়া কৰবাত লালচাহ একাপ পালেও পালোঁ, নাপালেও নাই ৷ গৈ থাকিম মুঠতে ৷ সময় অপব্যয় নকৰোঁ ৷ এটা খেপহে সমাপ্ত হৈছে ৷ আৰু কতখিনি আছেই বাটকুৰি বাবলৈ ৷ থিয়ৈ থিয়ৈ অলপ পৰ দুই-এটা বাক্য বিনিময় কৰাৰ অন্তত মই বিদায় মাগিলোঁ ৷ সোঁহাতখনত খুব জোৰকৈ খামোচ মাৰি ধৰি আনিনি যাত্ৰাৰ পৰৱৰ্তী অংশৰ বাবে ডাক্তৰ চক্ৰৱৰ্তীয়ে মোক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে ৷
ধন্যবাদ জনাই বিদায় লৈয়ে চিধাই বাহিৰলৈ পোনাই দিলোঁ ৷ মুকলি আকাশৰ তল পাওঁতে অভ্যাসবশতঃ ওপৰলৈ চকু গল ৷ বতৰটো দেখোন সন্দেহজনক ! ইণ্টাৰনেটত একু-ৱেদাৰ ৰিপৰ্ট চাওঁতে তিনিচুকীয়ালৈ মনেই কৰা নহল ৷ এতিয়া উপলব্ধি কৰিছোঁ ৷ উপেক্ষিত তিনিচুকীয়াত নামি সদ্যহতে চকুৰ সন্মুখত দেখিবলৈ পাইছোঁ, আহল-বহল পকী ষ্টেচন চৌহদ, অৱস্থানৰত গাড়ীবিলাক ভিজি আছে ৷ তাৰ মানে বৰষুণ ভালেই দিছিল ৷ হয়তো ক্ষন্তেক আগে আগেহে এৰিছে ৷ যি কি নহওক, ৰক্ষা ৷ গতি ৰুদ্ধ নহব মোৰ ৷ ঠাণ্ডাহে কিছু অনুভৱ হৈছে ৷
ষ্টেচন বিল্ডিঙৰ বাহিৰত চিঞৰি চিঞৰি মাতি যাত্ৰী উঠাই থকা টেম্পএখনত সুবিধাজনক চিট এটা পাই গলোঁ ৷ তাতে বহি বাছ আস্থানলৈ আগ বাঢ়িছোঁ ৷ কাকো সোধা নাই ৷ সেইখিনিৰ পৰা ৰয়িঙলৈ গাড়ী পোৱা যায় বুলি পুৰণা অভিজ্ঞতাৰে খাটাং হৈ আছোঁ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment