সত্যৰ সন্ধানত পুতুলদা...
পুতুলদাৰ চোতালখনৰ কালিৰ পৰিৱেশটো আছিল অভূতপূৰ্ব, যাক ভাষাৰে বৰ্ণোৱা সহজ নহ’ব৷ ফিফাৰ ২০ সংখ্যক আয়োজনৰ ৬৪ সংখ্যক তথা অন্তিম মেচখনত ফুটবলপ্ৰেমীৰ গিজগিজনি দেখি তবধ নামানি নোৱাৰিলোঁ৷
‘এই জয়লাভ মোৰ নহয়৷ এই জয় ডিফুৰ জয়, এই জয় কাৰবি আংলঙৰ৷ কাৰণ এই আয়োজনৰ জৰিয়তে ডিফুক, কাৰবি আংলঙক বিশ্বই অলপ হ’লেও জানিছে৷’ …কালি জাৰ্মানী-আৰ্জেণ্টিনাৰ মাজৰ ব্ৰাজিল বিশ্বকাপৰ চূড়ান্ত খেলখনৰ সমাপ্তিৰ হুইচেল বাজি উঠাৰ লগে লগে এইদৰে নিজৰ প্ৰতিক্রিয়া প্ৰকাশ কৰিলে জাৰ্মানীৰ উগ্ৰ সমৰ্থক পুতুলদাই৷
সৰু পাহাৰীয়া চহৰ ডিফুৰ এজন নিচেই সৰু আৰু সাধাৰণ লোক পুতুলদা৷ কিন্তু নিজৰ প্ৰবল ইচ্ছাশক্তি আৰু ব্যতিক্রমী চিন্তা-ধাৰাৰ বাবেই মানুহজনৰ আছে এটা বেলেগ ধৰণৰ অভিব্যক্তি৷ ৰাফ এণ্ড টাফ মানুহজনক নিজ চকুৰে নেদেখিলে একো ধাৰণা কৰা নাযায়৷ এনে মানুহক ‘পাগল’ বুলি এনেয়ে কোৱা নহয়, ‘পাগল’ হয়েই হয়৷ আৰু, এইটো স্বীকাৰ্য যে ‘পাগল’ নহ’লে এনে ধৰণৰ বিশেষ বৈশিষ্ট্যপূৰ্ণ কাম কৰাও নাযায়৷ লোক বহুত আছে, ফুটবল চায়৷ পিছে পুতুলদাৰ দ্বিতীয় সংস্কৰণ নাই৷ বোধ হয় ইয়াত দ্বিমত নাথাকিব৷ কাৰণ পুতুলদাৰ আছে ‘অনন্য এক কাহিনী ফুটবলৰ’৷ সেয়া তেওঁৰ একচেটিয়া৷
আটাইতকৈ উল্লেখনীয় কথাটো হ’ল, পুতুলদাই এইবাৰ বিশ্বকাপক লৈ যি ভৱিষ্যৎবাণী ব্যক্ত কৰিছিল, যাক কেন্দ্ৰ কৰি এখন হৰ্ডিঙো ডিজাইন কৰোৱাই সকলোৰে চকুত পৰাকৈ প্ৰদৰ্শন কৰিছিল সেয়া এশ শতাংশই শুদ্ধ নিৰূপিত হ’ল৷ ‘মাই প্ৰেডিকচন ব’ৰ্ড’ত নাম থকা আন দুজন ব্যক্তি ক্রমে সুপ্ৰিয় ৰয় আৰু আনচন টেৰণৰো আগজাননী শুদ্ধ হৈছে৷ আনকি গ’ল পৰ্যন্ত শুদ্ধ!
ব্ৰাজিল ১৪ত ফাইনেল খেলৰ শেষত ফুটবলপ্ৰেমীসকলৰ সৈতে হাঁহি-আনন্দৰ মাজেৰে পুৰী-ভাজি-ৰসগোল্লা চোবাওঁতে পুৱা পোহৰ পোহৰ হৈছিল৷ তাৰ পিছত আহক এজাক পাতলীয়া বৰষুণ৷ মোৰ ধাৰণাত, সুদীৰ্ঘ দিন ধৰি নিজৰ শপত-বাক্যত একধ্যান একচিত্তৰে ৰত হৈ থকা পুতুলদাৰ ওপৰত সেয়া যেন পুষ্পবৃষ্টিহে হ’ল৷ সঁচাকৈ, উক্ত সময়ত কথাটো তেনেকুৱা যেনেই লাগিছিল৷
বিশ্বকাপ ফুটবল সুকলমে সমাপ্ত হ’ল৷ পুতুলদাৰ কিন্তু কেইটামান গুৰুত্বপূৰ্ণ কাম এতিয়াও ৰৈ গ’ল৷ জাৰ্মানীৰ জয়ে আনি দিয়া উৎসাহৰ জোৰতে চকুৰ টিপ এটা নমৰাকৈ তেওঁ এতিয়াও ব্যস্ত সেইখিনি সমাধা কৰাত৷ আজি পুৱাৰে পৰাই তেওঁ ‘ব্ৰাজিল ১৪’ত নাই৷ তেওঁ আছে নিজৰ পুৰণি ঘৰটোত, য’ত মাটিৰ তলত লুকুৱাই ৰাখিছিল তেওঁৰ পঞ্চম প্ৰতিজ্ঞা৷ তাৰে সন্ধানত ৮.৩০বজাতেই নিজৰ হাতত তুলি লৈছে কোৰ, চিপ্ৰাং, বেলচা৷
No comments:
Post a Comment