ৰিঅ’ ডি জেনেইৰ’ৰ আগৰ কাহিনীছোৱাৰ আঁত ধৰি...
উল্লাস-আনন্দৰ মাজেৰে আমি আহি আহি ৰিঅ’ ডি জেনেইৰ’ৰ চূড়ান্ত দিনটো পালোঁহি৷ সন্মুখত
জাৰ্মানী আৰু আৰ্জেণ্টিনা৷ কোন জিকিব? জাৰ্মানীৰ বিজয় সংক্রান্তত পুতুলদাইতো মাৰ্চ
মাহৰ ১০ তাৰিখেই ‘অকব’ৰ তৰফৰ পৰা লোৱা সাক্ষাৎকাৰত
কৈ থৈছে ‘হাণ্ড্ৰেড পাৰ্চেণ্ট’ বুলি৷ সেই লৈ পুতুলদাৰ ব্ৰাজিল
১৪ প্ৰাংগণ স্বাভাৱিকতেই উদুলি-মুদুলি৷ বিশ্বকাপ জ্বৰ এতিয়া তুংগত৷ ফুটবলৰ বাহিৰে বেলেগ
কোনো কথা পতাৰ প্ৰতি ইয়াত কোনোৱেই আগ্ৰহী নহয়৷
ফিফা বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে ফাইনেলত
প্ৰতিদ্বন্দ্বিতা কৰিব জাৰ্মানী আৰু আৰ্জেণ্টিনাই৷ দুয়োটা দল প্ৰথমবাৰ মুখামুখি হৈছিল
মেক্সিকো বিশ্বকাপত৷ মেক্সিকো চিটিৰ এষ্টাডিঅ’ এঝটেকাত ২৯জুন তাৰিখে অনুষ্ঠিত ত্ৰয়োদশ ফিফা ৱৰ্ল্ডকাপৰ
উক্ত চূড়ান্ত খেলখনত আৰ্জেণ্টিনা জিকিছিল ৩-২ গ’লত৷ পুতুলদাৰ বাবে সেই খেলখনৰ জীৱনজোৰা বিশেষত্ব
এয়ে যে জ’চ লুই ব্ৰাউনে প্ৰথমাৰ্ধৰ ২৩মিনিটত
আৰ্জেণ্টিনাৰ হৈ দিয়া প্ৰথম গ’লটোৰ কল্পেই তৎমুহূৰ্তৰ পৰা তেওঁ পৰিণত হৈ গ’ল জাৰ্মান সমৰ্থকত৷ তেতিয়াৰ পৰাই
তেওঁ ‘ডাই হাৰ্ড জাৰ্মান ফেন’৷ তেতিয়াৰ পৰাই তেওঁ ‘জাৰ্মানী-পাগল পুতুল বৰা’ বুলি বিভূষিত হ’ল৷
চাৰিটা বছৰৰ পিছত ফাইনেলত আকৌ এই দুটা দল সন্মুখীন
হৈছিল ৰোমত, ইটালীয়া ১৯৯০ত৷ তেতিয়া ফলাফল জাৰ্মানী ১, আৰ্জেণ্টিনা ০৷ আগৰবাৰৰ পৰাজয়ৰ
পোতক তুলি তৃতীয়বাৰৰ বাবে জাৰ্মানী ৱৰ্ল্ডকাপ চেম্পিয়ন৷ উৎফুল্লিত হৈছিল জাৰ্মানীৰ
দোৰ্ঘোৰ সমৰ্থক পুতুল বৰা৷
ইয়াৰ পিছত ২০০৬চনৰ জাৰ্মানী বিশ্বকাপত ৩০জুন তাৰিখে
বাৰ্লিনত আৰ্জেণ্টিনা আৰু জাৰ্মানীয়ে কোৱাৰ্টাৰ ফাইনেল খেলিছিল৷ নিৰ্ধাৰিত সময়ত ১-১
গ’লত অমীমাংসিত হৈ ৰোৱা খেলখনৰ
পেনাল্টি শ্বুট আউটত জাৰ্মানী জয়ী হৈছিল ৪-২গ’লত৷ তাৰ পিছত ২০১০ৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপত কেপ টাউনত
৩জুলাইত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীয়ে আৰ্জেণ্টিনাক ৪-০গ’লৰ পৰিষ্কাৰ ব্যৱধানত ধৰাশায়ী
কৰিছিল৷
বিশ্বকাপৰ এই ট্ৰেক ৰেকৰ্ড হৃদয়ংগম কৰি পুতুলদা
আগতেই ‘হাণ্ড্ৰেড পাৰ্চেণ্ট’ খাটাং হৈ আছে যে আৰ্জেণ্টিনাৰ
বিৰুদ্ধে ৰিঅ’ ডি জেনেইৰ’ত ১৪জুলাই তাৰিখে তেওঁৰ দল জাৰ্মানী বিংশতম প্ৰতিযোগিতাখনিৰ চূড়ান্ত বিজয়ী হ’বই হ’ব৷ কোনেও ৰখাব নোৱাৰিব জাৰ্মানীক৷
আৰু তাৰ লগে লগে তেওঁৰ সন্মুখলৈ আহিব ২৯বছৰীয়া বিশ্বকাপ যাত্ৰাৰ সবাতোকৈ ৰোমাঞ্চকৰ
অনুভূতি আৰু ৰহস্যাবৃত্ত সময় কিছুমান৷ তাৰ বাবে তেওঁ একান্তভাৱে ঈশ্বৰক খাটিও আহিছে৷
জাৰ্মানী-আৰ্জেণ্টিনাৰ খিতাপ লাভৰ আগন্তুক তৃতীয়
সাক্ষাতৰ সমান্তৰালভাৱে পুতুলদাৰ জীৱনৰ স্মৰণীয় সময়টোলৈ বিশ্বৰ চুকে-কোণে অধীৰ আশা
আৰু আগ্ৰহেৰে বাট চাই আছে ফুটবল-পাগলজনৰ কাণ্ড-কাৰখানাৰ বিষয়ে ভূ ৰখা বিভিন্নজন ফুটবলপ্ৰেমী
তথা শুভাকাংক্ষীয়ে৷ ‘অনন্য এক কাহিনী ফুটবলৰ...’ নায়ক পুতুল বৰাৰ এতিয়া এটাই
মাত্ৰ ইচ্ছা... জাৰ্মানীয়ে জানিব লাগে তেওঁ জাৰ্মান ফুটবলক কিমান ভাল পায়, সেই কথা৷
No comments:
Post a Comment