‘মিছাইল মেন’ৰ কথাৰে...
মেঘালয়স্থিত ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনল'জী (ইউ.এছ.টি.এম.)ত আয়োজিত মহাবিদ্যালয়ৰ
অধ্যক্ষ সমাৱৰ্তনত ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ এ. পি. জে. আব্দুল কালামে ক‘লে... ‘শিক্ষকসকলে অন্ততঃ আধা ঘণ্টা
টিভি চোৱা বন্ধ কৰি কিতাপ পঢ়ক’ ...৷
ঘৰত পুথিভঁৰাল স্থাপন কৰা, আধা ঘণ্টা টিভি চোৱা
বন্ধ কৰি অধ্যয়নত সময় দিয়াত গুৰুত্ব আৰোপ কৰিবলৈ তেখেতে আহ্বান জনাই গ’ল৷ মই ভাবোঁ, এই আহ্বান কেৱল
শিক্ষকেই নহয়, প্ৰতিগৰাকী পিতৃ-মাতৃ, প্ৰতিগৰাকী অভিভাৱকে নিষ্ঠাসহকাৰে স্বীকাৰ কৰি
লোৱা উচিত৷ আনহাতে সকলো সামগ্ৰীৰ ঊৰ্ধ্বতযে কিতাপ সেয়াও প্ৰখ্যাত বিজ্ঞানীগৰাকীয়ে আমাক
সোঁৱৰাই দি গ’ল৷
এই কথাখিনিয়ে মোক টানি লৈ গ’ল আজিৰ পৰা পঁয়ত্ৰিশ-চল্লিশ বছৰৰ
আগলৈ৷ আমাৰ গড়কাপ্তানি ক‘লনীত বাস কৰা আৱাসীসকলৰ কোৱাৰ্টাৰবিলাকলৈ
তেতিয়া আমাৰ সঘন আহ-যাহ আছিল৷ লগৰ ল’ৰা-ছোৱালী থাকক-নাথাকক, কথা নাই৷ প্ৰত্যেকৰে ঘৰৰে আগফাল-পিছফাল,
ভিতৰ-বাহিৰ সকলোতে আমাৰ আছিল অবাধ বিচৰণ৷ সেই সময়ৰ কেতবোৰ দৃশ্যপট এতিয়াও ফট্ফটীয়াকৈ
মনত পৰে৷ কিবা কাৰণত কাৰোবাৰ ঘৰলৈ সোমাই গ’লে প্ৰায়েই তেতিয়া চকুত পৰে বৰমা বা বৰদেউতাহঁতে, খুৰা
বা খুৰীহঁতে ড্ৰয়িং ৰুমত চকীত বহি বা পিছফালৰ বাৰাণ্ডাত মুঢ়াত বহি লৈ এহাতে বিচনী মাৰি
মাৰি কিতাপ পঢ়াত নিমগ্ন হৈ থাকে৷ ইঘৰ-সিঘৰৰ মাজত কিতাপৰ আদান-প্ৰদানো চলে৷ তেনে পৰিৱেশ
এতিয়া আৰু ক’ত? এতিয়া কাৰোবাৰ তালৈ গ’লে হকে-বিহকে টিভিটোহে চলি থকা
দৃষ্টিগোচৰ হয়৷ টিভিও জাত জাত, চেনেলো জাত জাত৷ সময়ৰ ধামখুমীয়াত পৰি পিছৰ মানুহবোৰৰ
অধিকসংখ্যকেই কিতাপ-পত্ৰ যেন পাহৰিয়েই থাকিল৷
‘মই বহু সম্ভাৱনা লৈ জন্ম লৈছোঁ৷ মোৰ বহুত সপোন
আছে৷ মোৰ বহুত আশা আছে৷ মই দুখন পাখি লৈ জন্ম লৈছোঁ৷ সেয়ে মই উৰিব পাৰিমেই৷’ ...কেৱল ছাত্ৰ-ছাত্ৰীসকলেই নহয়,
ডক্টৰ কালামে কৈ যোৱা এই বাক্যকেইটা প্ৰতিজন মানুহেই পৱিত্ৰ হৃদয়েৰে দৈনিক আওৰোৱা উচিত৷
ডিফুত কৰ্মৰত চিনাকি বাইদেউ এগৰাকীৰ ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীত অধ্যয়নৰত ছোৱালীজনী
কেইদিনমানৰ আগতে মাকৰ সৈতে মোৰ ওচৰলৈ আহোঁতে ‘পাখি’ৰ কথাই মই তাইক কৈছিলোঁ৷ গুণী ব্যক্তিগৰাকীৰ মন্তব্যৰ
সৈতে মিলি যোৱাত তাকে লৈ এতিয়া মনত ভীষণ আনন্দ লাগি আছে৷ মনোবল বৃদ্ধি কৰা কালাম মহোদয়ৰ
এই কথাখিনি সকলোৱে দকৈ গমি চোৱা উচিত আৰু নিজৰ নিজৰ জীৱনত প্ৰয়োগ কৰা উচিত৷
No comments:
Post a Comment