ফাইনেলত পুতুলদাৰ জাৰ্মানীৰ প্ৰতিপক্ষ হ’লগৈ আৰ্জেণ্টিনা...
নিশাৰ খেলখন শেষ কৰি ঘৰ সোমাওঁতে ইতিমধ্যে পোহৰ হৈয়ে গৈছিল৷ কিনকিনীয়া বৰষুণজাকত তিতি-বুৰি পিছফালেৰে আহি নিৰ্দিষ্ট দৰজাখনত টোকৰ মাৰিলোঁ৷ দৰজা মেলি দি পৰিবাৰে সুধিলে... ‘কোন জিকিল আজি?’ উত্তৰটো পোনপটীয়াকৈ নিদি মই ক’লোঁ... ‘ল’ৰা-ছোৱালীৰ মাজত ফাইনেলখন হ’ব৷’ তেওঁ বুজি গ’ল৷ লগে লগে চিঞৰি উঠিল... ‘বাঃ!’ বিছনাত শুই থকা জীয়েক-পুতেকলৈ চাই একোবাৰকৈ চিঞৰিলে... ‘ঐ অমুক, ঐ তমুক...’
অষ্টম শ্ৰেণীত পঢ়া আমাৰ ল’ৰা আদিশ মেছিৰ ভক্ত, আৰ্জেণ্টিনাৰ ঘোৰ সমৰ্থক৷ আনহাতে পঞ্চম শ্ৰেণীত পঢ়া আমাৰ ছোৱালী আনিছা জাৰ্মানীৰ৷ কাজেই পুতুলদাৰ লগত বেলেগ ধৰণৰ মিতিৰালি তাইৰ৷ আজি সিহঁতৰ পৰীক্ষা থকা হেতুকে নিশাৰ খেলখন মাকে চাবলৈ অনুমতি নিদিলে৷ ফলত শুই থাকিবলগীয়া হ’ল৷
ঘৰ সোমাই দুয়োৰে নিজৰ নিজৰ সমৰ্থিত দলৰ জাৰ্চি দুটা আনি সিহঁতৰ নিজ নিজ পঢ়া টেবুল সংলগ্ন চকীৰ ওপৰত মেলি থৈ দিলোঁ, যাতে পুৱাৰ পৰিৱেশটো অলপ জমি উঠে৷ সাৰ পাই চকু মোহাৰিয়ে ল’ৰাই মোক সুধিলে... ‘কালি কোন জিকিল?’ চকী দুখনলৈ আঙুলিয়াই দিলোঁ... ‘ৰিজাল্ট চাই লোৱা৷’ উত্তেজনাত সি বিছনাৰ পৰা জাঁপ মাৰি নামি আহিল... ‘মই ঠিক কৈছিলোঁ, আৰ্জেণ্টিনা জিকিব বুলি৷ ৱাঃ, মজ্জা৷ আজি স্কুলত তামাম জমিব৷’ ইফালে মাক-দেউতাক দুয়োৰে সমৰ্থিত দল ব্ৰাজিলক পানী পানী খুৱাই প্ৰথমেই ফাইনেলত পদাৰ্পণ কৰি থৈছে ছোৱালীৰ সমৰ্থিত দল জাৰ্মানীয়ে৷ তাই ককায়েকলৈ চাই অৰ্থপূৰ্ণভাৱে হাঁহিলে৷ হাঁহিটোৰে যেন ইয়াকে বুজালে... ‘দেখা যাব ৰ তোকো৷’
আনিছাই তাইৰ ভাগৰ জাৰ্মানীৰ জাৰ্চি এটা পুতুলদাৰ ছোৱালী জেইনক পিন্ধিবলৈ দিছে৷ সমৰ্থিত দলৰ সাজ পৰিধান কৰি আনন্দ-উল্লাসৰ মাজেৰে সিহঁতে একেলগে পুতুলদাৰ চোতালত ৰাতি ৰাতি বিশ্বকাপৰ খেলা উপভোগ কৰে৷ আনহাতে আদিশেও তাৰ লগৰ সন্দীপনক আৰ্জেণ্টিনাৰ জাৰ্চি এটা ব্যৱহাৰ কৰিবলৈ দি আহিছে৷ দুয়োটা দলৰে আৰু এটাকৈ জাৰ্চি এতিয়াও সিহঁতৰ হাতত মজুত আছে৷ কোনোবা সমৰ্থকে ফাইনেলৰ দিনা পিন্ধিবৰ ইচ্ছা কৰিলে সানন্দে যোগান ধৰা হ’ব৷ কাৰণ ই পুতুলদাৰ চোতালৰ ছবিখন নিঃসন্দেহে আৰু অধিক সুন্দৰ, আৰু অধিক বাংময় কৰি তুলিব৷ সেইখন চোতালৰ প্ৰতি সিহঁতহালৰো মোহ আছে৷
অৱশেষত ফাইনেলত জাৰ্মানীৰ প্ৰতিপক্ষ হিচাপে থিয় দিলে আৰ্জেণ্টিনা৷ চাও পাওলোৰ এৰেনা কৰিনথিয়ানচত নিৰ্ধাৰিত ৯০ মিনিট গ’লশূন্য, অতিৰিক্ত ৩০ মিনিটো গ’লশূন্য আৰু তাৰ পিছত পেনাল্টি শ্বুট আউটত আৰ্জেণ্টিনা ৪, নেদাৰলেণ্ডছ ২৷ নিজৰ ‘ফাইনেল প্ৰেডিকচন’ আখৰে আখৰে মিলি যোৱাত পুতুলদাক অতিশয় সন্তুষ্ট যেন পৰিলক্ষিত হ’ল৷ ফলাফল মিলিলেতো 'কি কৰিম নিজেই নাজানো' বুলি আগতেই কৈ থৈছে৷ ইফালে ব্ৰাজিলে থাৰ্ড প্লেচটো ৰাখি হ’লেও আয়োজকৰ সন্মান বচাব পাৰেনে নোৱাৰে সেইটো কোৱা নিশ্চয় মস্কিল৷
No comments:
Post a Comment