‘ব্ৰাজিল ১৪’ৰ আলাপ...(গল্প নহয়, সত্য)
‘অৰূপদা, পিছৰখন কি হ’ব? থাকিবনে?’
...আহিম, আহিম৷ পোৱালিকেইটাক ঘৰত নমাই থৈ আকৌ আহি আছোঁ৷ চেকেণ্ড ৰাউণ্ডৰ গে’ম, এখনো এৰাত নাই৷ আৰে আমিতো চেলফ এমপ্লয়ড মানুহ না৷ কাক কৈফিয়ৎ দিবলৈ আছে, কোৱা? দহটালৈকে শুই থাকিম, কি আহে-যায়? ঘৰতো স্পষ্টকৈ কৈ দিছোঁ, ৱৰ্ল্ডকাপ শেষ নোহোৱা পৰ্যন্ত তহঁতে ডিফুৰ বাহিৰত ক’তো যোৱাৰ কথা নুলিয়াবি...
‘দাদা, টোপনিয়াইছে যেন লাগিছে?’
...আৰে এয়া ৱৰ্ল্ডকাপ ভাই৷ চাৰি বছৰত এবাৰ৷ টোপনি আহিলেও কিবাকৈ চাবই লাগিব৷ দুখৰ বিষয়, মোৰ টীম ইংলেণ্ড আজি ফিল্ডত নাই৷ নহ’লেতো চকুত জলকীয়া সানি টোপনি খেদিলোঁহেঁতেন বাপ্পেকে...
‘ঐ ৰাণা, এইবাৰ খেলৰ সময়বোৰ কেনে পাইছাহে’?’
…সময়টো বৰ ভাল হৈছে দাদা৷ নিশা চাৰে ন আৰু ডেৰ বজাত খেল চলিছে৷ ল’ৰা-ছোৱালীৰ পেনপেননি, ঘৈণীৰ কেংকেঙনিৰ পৰা মুক্তি৷ ম’বাইলৰো ডিষ্টাৰ্ব নাই৷ ভাত-পানী খুৱাই বিচনা পাৰি শুৱাই থৈ আহিছোঁ৷ পুৱা সিহঁতে আকৌ মোক বিচনাতে দেখিব, আন দিনাৰ নিচিনাকৈ৷ গতিকে খুব আৰামত, টেনচনমুক্তভাৱে খেল উপভোগ কৰিব পাৰিছোঁ দেই...
‘সুপ্ৰিয়দা, কিবা এটা কওকচোন...’
...আৰ কি কমো ৰে’ ভাই? ৰিলেটিভৰ গাড়ী লৈ সাৰা টৰণ্টো চহৰ ঘূৰিলোঁ, ইংলেণ্ডতো চফৰ কৰিলোঁ৷ গাড়ীয়ে গাড়ীয়ে নিজৰ সমৰ্থিত দলৰ ফ্লেগ বান্ধি মানুহবোৰক ইফালে-সিফালে ঘূৰাঘূৰি কৰি ফুৰা দেখিলোঁ৷ কিন্তু... সঁচা কথা কওঁ? পুতুলৰ নিচিনা জাৰ্মান-পাগল হ’লে ক’তো এটাও নেদেখিলোঁ৷ আমাৰ পুতুল বৰা সঁচাই ইউনিক ৰে’...
No comments:
Post a Comment