সত্য উন্মোচিত হ'ল...
জাৰ্মানী
বিশ্ব চেম্পিয়ন হোৱাৰ পিছত ১৪জুলাই তাৰিখে পুৱা ৮বজাৰ পৰা এটা সত্যৰ সন্ধানত
পুতুলদাৰ সৈতে আমি নেৰানেপেৰাকৈ লাগি আছিলোঁ৷ সেই কাৰ্য সম্পূৰ্ণ হ'ল মধ্যৰাতি!
ইউ.এছ.এ. ১৯৯৪ বিশ্বকাপৰ ১০জুলাই তাৰিখে ইষ্ট ৰাডাৰফ'ৰ্ডৰ জায়েণ্ট ষ্টেডিয়ামত
বুলগেৰীয়াৰ লগত জাৰ্মানী কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ দুখতে বিগত ১১.৭.১৯৯৪
তাৰিখে নিজ হাতে কবৰ দিয়া পাচপ'ৰ্ট স্কটচৰ বটলটোৱে মাটিৰ তলত দেখা দিলে প্ৰায়
নিশা ১১বজাত৷ বটলটো সুকলমে ওলাই আহিল প্ৰায় ১২.৩০ত (১৫জুলাই ২০১৪)৷ উক্ত সময়ত
ৰাইজৰ লগতে উপস্থিত আছিল অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী বলীন দেউৰী৷ সমূহ ৰাইজক
ধন্যবাদ জনাই পুতুলদাৰ লগতে আমিও আনন্দৰে ঘৰমুৱা হ'লোঁ৷ 'সত্যৰ সদায় জয়', কথাটো
পুনৰবাৰ প্ৰমাণিত হ'ল৷ আনহাতে নিজ চকুৰে দেখা পালোঁ, বটলটো মেৰিয়াই ৰখা
প্লাষ্টিকৰ ঠোঙাকেইটা সুদীৰ্ঘ ২০বছৰেও একে ধৰণেই থাকিল৷ বটল ঘূৰাই পোৱাৰ আনন্দত
পুতুলদাই ঈশ্বৰক ধন্যবাদ জনালে৷
No comments:
Post a Comment