বিদ্যুৎ সমস্যা
এইটো কথা আমি সকলোৱে স্বীকাৰ কৰিম
যে বিদ্যুৎ সমস্যাই অামাক নাকনি-কাননি খুৱাইছে৷ দিনে দিনে মৰিশালিলৈ পৰ্যবসিত কৰিছে
আমাৰ ঠাইবোৰক৷ দিনটোৰ অধিকাংশ সময় বিজুলী প্ৰৱাহ ব্ন্ধ হৈ থকাৰ বাবে সকলোৰে নিত্যপ্ৰয়োজনীয়
কাম-কাজকে ধৰি বিভিন্ন কামবোৰ ভীষণভাৱে বাধাগ্ৰস্ত হৈছে৷ বিজুলী শক্তিযে আধুনিক উন্নত
জীৱন-যাত্ৰাৰ বাবে অপৰিহাৰ্য তাক নকৈ কোৱাৰ প্ৰয়োজন নাই৷ কিন্তু দিনে দিনে তলৰ ফালে
গতি কৰা বিদ্যুৎ পৰিস্থিতিয়ে আগন্তুক সময়বোৰ কেনে পৰ্যায়লৈ যাব তাৰেই নিশ্চয় স্পষ্ট
ইংগিত আমাক দি আহিছে৷ মই ভাবোঁ, নিজাববীয়াকৈ অপৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন
কৰাটোৱেই সমস্যা সমাধানৰ একমাত্ৰ পথ৷ জলবিদ্যুৎ ব্যৱস্থাই উৎকৃষ্ট বুলিও কোৱা হৈছে৷
পিছে নঞৰ্থক চিন্তা আৰু বিপৰীতমুখী কাৰ্যকলাপে ৰাজ্যখনৰ বাবে সেইটো সফল হ'বলৈ দিয়া
নাই৷ বিজ্ঞান-প্ৰযুক্তিৰ এনেহেন অগ্ৰগতিৰ দিনতো সমস্যাবিলাক সমাধান কৰাৰ কথা শক্তিশালীভাৱে
নাভাবিলে কেনেকৈ হয়? এতিয়াও আমাৰ গাঁওবোৰত পোহৰকণৰ বাবে টিপচাকিকেই সাৰথি কৰি দিন
নিয়াবলগীয়া হৈছে৷ অলপতে এখন গাঁৱত তাকেই দেখিলোঁ, মনত দুখ পালোঁ আৰু ভাবিলোঁ, ক'লৈ
গৈ আছোঁ আমি? ক'লৈ নি আছে আমাক? এনেকৈ থাকিলে হ'বনে? ইফালে বিদ্যুতো লাগে, প্ৰজেক্টো
হ'বলৈ নিদিয়ে৷ এইটো কেনে কথা? বিদ্যুৎ বিচাৰিও আন্দোলন, প্ৰজেক্ট বন্ধ কৰাৰো আন্দোলন৷
কেনেকৈ হ'ব? আজিৰ তাৰিখত আমাৰ অঞ্চলবিলাক বিজুলী-বাতিৰ পোহৰেৰে জকমকাই থাকিবৰ হ'লে
কোন কেতিয়াবাতে প্ৰকল্পবোৰ সম্পূৰ্ণ হ'ব লাগিছিল৷ নাই, নহ'ল, আৰু নহ'বও৷ দিন বাগৰি
গৈ আছে৷ ইতিমধ্যে চৰকাৰে হাতত লোৱা ভালেকেইটা প্ৰকল্পৰ অৱস্থা দেখি এই দিশত মোৰ আশাশূন্য
হৈছে বুলি খোলাখুলিকৈয়ে কওঁ৷ এইক্ষেত্ৰত শেষ কথা হ'ল... বিদ্যুৎ লাগে বা নালাগে...
দুটা কথাৰ এটাহে হ'ব পাৰে৷ নালাগিলে কথা নাই, তেনেকৈয়ে থাকক৷ যদিহে বিদ্যুৎ লাগে তেতিয়া
হ'লে উৎপাদনৰ বাবে প্ৰকল্প নিৰ্মাণ হ'বই লাগিব৷ কিন্তু প্ৰজেক্টো হ'ব নালাগে, বিদ্যুতো
লাগে... সেইটো কেনেকৈ সম্ভৱ? ইমানৰ পিছত মই এটা কথা চিন্তা কৰি সমাধান-সূত্ৰ দেখা
পাওঁ যে অসমত নহয়, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কোনো কাৰণতে বাধাপ্ৰাপ্ত নোহোৱাকৈ
হাইড্ৰ' ইলেকট্ৰিক প্ৰজেক্টবোৰ ইটোৰ পিছত সিটোকৈ দ্ৰুতগতিত গঢ়ি উঠিব লাগে৷ বহু
বছৰৰ আগতেই এটা সমীক্ষাত পঢ়িবলৈ পাইছিলোঁ যে অৰুণাচলত ভাৰতবৰ্ষৰ ভিতৰতে জলবিদ্যুৎ
উৎপাদনৰ সৰ্বাধিক সম্ভাৱনা আছে৷ বিভিন্ন অঞ্চলত প্ৰৱাহিত নদীসমূহৰ কোন নদীৰ উৎপাদন
ক্ষমতা কিমান আছে তাকো লিখা হৈছিল৷ গতিকে সেইবিলাকৰ প্ৰয়োগ হ'ব লাগে৷ আৰু অসমে (কেৱল
অসমেই নহয়, সমগ্ৰ দেশখনেই) তাৰ পৰাই কিনি ৰাইজক বিদ্যুৎ শক্তিৰ যোগানৰ দিশত আজিৰ নিশকতীয়া
অৱস্থাৰ পৰা উদ্ধাৰ কৰিব লাগে, বাৰেবিংকৰা কথা বাদ দি মানুহক প্ৰকৃতাৰ্থত উন্নয়নমুখী
কৰি তুলিব লাগে৷ আকৌ এটা কথা ভাবোঁ যে অৰুণাচলৰ ভিতৰুৱা অঞ্চলবোৰত এনে প্ৰজেক্ট
কিছুমান প্ৰতিষ্ঠা হ'লে মাজে মাজে সংবাদ মাধ্যমত সৰৱ হৈ পৰা চীনৰ আগ্ৰাসনো নিশ্চয়
ভেটিব পৰা যাব৷ নহ'লে, চীনে সীমান্তৱৰ্তী নৈবোৰত প্ৰজেক্টৰ ওপৰত প্ৰজেক্ট গঢ়ি থাকিব
আৰু আমি চাই থাকিম, চীন আগ বাঢ়ি আহি থাকিব আৰু আমি পিছুৱাই গৈ থাকিম, বিদ্যুৎ নাইকিয়া
হৈ গৈ থাকিব আৰু আমি প্ৰজেক্টৰ বিৰোধিতাৰে আন্দোলনৰ পিছত আন্দোলনৰ নামত হাতৰ মুঠি
দাঙিয়েই থাকিম... এনে ধৰণৰ কথা কিছুমানেৰেই জীৱন-পাত কৰিব লাগিব৷
No comments:
Post a Comment