Friday, 18 July 2014

অকবৰ আকৰ্ষণতে হোৱা এটা সংযোগ আৰু কেইটামান আনন্দপূৰ্ণ মুহূৰ্ত

দুপৰীয়া ফোনত কেইমিনিটমান কথা পতাৰ পিছত নিজেই নিৰ্দিষ্ট কৰি ৰখা সময়মতেই মানুহজন বিয়লি মোৰ ওচৰলৈ আহিল৷ মানুহজনৰ সৃষ্টিশীল কাম-কাজসমূহৰ সম্বন্ধে মই জানিছিলোঁ যদিও পূৰ্বতে কেতিয়াও তেখেতৰ মুখামুখি হোৱা নাছিলোঁ৷

দেহৰক্ষীসহ বগা বলেৰ’ এখনৰ পৰা নামি গহীন খোজেৰে মোৰ প্ৰতিষ্ঠানলৈ সোমাই আহিছে মানুহজন৷ কঁকালৰ খোঁচনিত ৰিভলভাৰটো৷ সিফালে নমস্কাৰৰ ভংগীত মই৷ সামান্য বাক্য বিনিময়ৰ পিছতে দুয়ো মুখামুখিকৈ বহি ল’লোঁ, যেনিবা পৰস্পৰে পৰস্পৰক জেৰাহে কৰিম এতিয়া!

ই-দুনীয়াৰ সৈতে থকা মোৰ সম্বন্ধৰ কথা গম পাই মোক লগ পাবলৈ তেখেতৰ অন্তৰত ইচ্ছা জাগিছিল৷ গতিকে কালবিলম্ব নকৰি ব্যক্তিগত পৰ্যায়ৰ কথা চমুকৈ সামৰি মই তেখেতক ‘অকব’ খুলি দেখুৱালোঁ, ‘সাহিত্য ডট অৰ্গ’ দেখুৱালোঁ৷ মানুহজনে খুব আগ্ৰহেৰে লক্ষ্য কৰি গ’ল৷ তাৰে কিছু কিছু অংশ খৰ গতিৰে পঢ়িও পেলালে৷ সেই মুহূৰ্তত তেখেতৰ চকুৱে-মুখে যি আভা দেখা পালোঁ তাকে দেখি ‘অকব’ৰ এজন সাধাৰণ সদস্য হিচাপে নিজেও এক ধৰণৰ গৰ্ব অনুভৱ কৰিলোঁ৷

এতিয়া মোৰ আজিৰ আলহীৰ সম্বন্ধে তিনিটা বাক্য কওঁ৷ তেখেতৰ নাম শ্ৰী নন্দ সিং বৰকলা৷ তেখেত কাৰবি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) পদত সম্প্ৰতি ডিফুত কৰ্মৰত৷ সৃষ্টিশীল মনৰ লোকজনৰ এখন নিজা জগত আছে য’ৰ দুৱাৰ আজি সৌভাগ্যক্ৰমে ‘অকব’ৰ পাঠকসকলৰ বাবে খোলাৰ সুযোগ এটা পাইছোঁ৷

প্ৰথমে সিং চাহাবে মৰিগাঁৱৰ এখন আলোচনীত দিব বিচৰা দীঘলীয়া প্ৰবন্ধ এটা (‘নালন্দা বিশ্ববিদ্যালয়, ভাৰতৰ প্ৰজ্ঞা, সংস্কৃতি, সংস্কাৰৰ বিৰল সিন্ধু’) শুধৰাই দিয়া (!)ৰ অনুৰোধেৰে মোৰ হাতত অৰ্পণ কৰিলে৷ তাৰ পিছতে উলিয়ালে এটা কবিতা (‘মানুহ পানীৰে গজি অহা শইচ সমগ্ৰ’), ‘অকব’ৰ ৱালত, ই-আলোচনীত দিয়াৰ ইচ্ছা৷ ‘অকব’ আৰু ই-আলোচনীৰ প্ৰতি আকৰ্ষিত হৈ সেইটো তেখেতে লিখি লৈ আহিছিল, পাঠো কৰি শুনালে৷ 

উক্ত কবিতা পাঠে মোক মনত পেলাই দিলে শ্ৰী নৱ কুমাৰ বৰা ডাঙৰীয়ালৈ৷ এই ব্যক্তিজন ডিফু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থকাৰ দিনবোৰ মনলৈ আহিল৷ পুলিচ বিভাগৰ সৰ্বসময়তে কৰ্তব্যসষ্টম লোক হ’লেও তেখেতে আনকি পেট্ৰ’লিঙৰ সময়তো ছেগ বুজি ফটা কাগজত লিখা কবিতা হাতৰ মুঠিত লৈ প্ৰৱেশ কৰিছিল ‘প্ৰিণ্টৱেল’ত আৰু মোক পঢ়ি শুনাইছিল৷ সেইবোৰ লগে লগে কম্পিউটাৰত সুমুৱাই ৰাখিছিলোঁ৷ আৰু তেনেকৈয়ে এদিন সৃষ্টি হৈছিল কাব্যপুথি ‘পিতাইৰ বাটামী ঘৰ’৷ সেয়া অন্য এক দীঘলীয়া কাহিনী৷ এতিয়া সিং চাহাবৰ প্ৰসংগলৈ ঘূৰি আহোঁ৷

সিং চাহাবক মই ‘অকব’ৰ সদস্য পদৰ বাবে আৱেদন জনাবলৈ অনুৰোধ কৰিলোঁ৷ চৰকাৰী চাকৰিজনিত ব্যস্ততাৰ পৰা এখন্তেক সময় উলিয়াব পাৰিলে আৰু ইউনিক’ডত অসমীয়াত টাইপ কৰিবলৈ শিকিলে সেয়া নিশ্চয় যোগাত্মকভাৱে কাৰ্যকৰী হ’ব৷ মোৰ ফালৰ পৰা যৎপৰোনাস্তি সহায়ৰ প্ৰতিশ্ৰুতিও প্ৰথম চিনাকিতে দি দিলোঁ৷

এতিয়া তাৰ পিছৰ কথাখিনি ক’বলৈ লৈছোঁ৷ ইমানপৰে মোৰ কম্পিউটাৰটো খোলা আছিলেই৷ সচিত্ৰ ‘অনন্য এক কাহিনী ফুটবলৰ’ দুচকুৰ সন্মুখত ভাহি উঠাৰ লগে লগে মানুহজনে বৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলে৷ কাহিনীৰ নায়ক পুতুলদাক ততালিকে লগ পোৱাৰো ইচ্ছা বেকত কৰিলে৷ সেই ইচ্ছাৰ প্ৰতি যোগাত্মক সঁহাৰি জনাই সন্ধিয়াৰ অলপ পিছতে মই তেখেতক প্ৰৱেশ কৰোৱালোঁ ‘ব্ৰাজিল ১৪’ত, যিখন চোতাল সকলোৰে বাবে উন্মুক্ত, পুতুলদাৰ নিজৰ ভাষাত ‘আজাদ হিন্দুস্তান’৷ 

আকস্মিকভাৱে আবিৰ্ভাৱ হোৱা অতিথিগৰাকীক পাই গৃহস্থ অত্যন্ত সুখী হ’ল৷ সিদিনাৰ ‘উপহাৰ কুপন খেল’খনৰ প্ৰথম পুৰস্কাৰৰ লাকী নম্বৰটো সিং চাহাবৰ হাতেৰেই উঠোৱা হ’ল৷ 'ৱৰ্ল্ডকাপ কুইজ প্ৰতিযোগিতা'ত প্ৰথম স্থান লাভ কৰা প্ৰতিযোগী দলটোলৈ চাৰ্টিফিকেট আৰু প্ৰাইজমানীও তেখেতৰ হাতেৰে প্ৰদান কৰোৱা হ’ল৷ ‘ব্ৰাজিল ১৪’ প্ৰাংগণ চাই অভিভূত হোৱা মানুহজনে গৃহাভিমুখী হওঁতে গাড়ীত উঠিবৰ পৰত মোক কৈ গ’ল... ‘মই আজিয়ে কিবা এটা লিখিমগৈ আৰু আপোনাক নিজে দি আহিম৷’

ইফালে দুদিনীয়া কাৰবি আংলং বন্ধৰ সুযোগ পূৰ্ণ ৰূপত গ্ৰহণ কৰি বিগত এমাহ ধৰি ভুগি থকা বিশ্বকাপৰ জ্বৰ শাম কটোৱাৰ অভিপ্ৰায়েৰে জনঅৰণ্যৰ পৰা ফালৰি কাটি অভয়াৰণ্যত সোমালোঁগৈ মই৷ সেয়াও অন্য এক দীঘলীয়া কাহিনী৷ 

সদ্যহতে ক’ব খোজা কথাটো হ’ল, জংঘলৰ পৰা ঘূৰি আহি পিছদিনা সন্ধিয়া ঘৰ সোমোৱাৰ অলপ পাছতেই সিদিনা কথা দিয়া মতে লেখা হাতত লৈ চিপাহী-চন্তৰীসহ সিং চাহাবৰ গাড়ী ৰ’লহি আমাৰ ঘৰৰ সন্মুখত৷ চাহ পৰ্ব পাৰ হৈ যোৱাৰ পিছত তেখেতে পঢ়া আৰম্ভ কৰিলে পুতুলদাক উদ্দেশ্য কৰি ৰচনা কৰা ‘ধ্ৰুপদী সংস্কৃতিয়েই সন্ধান দিব মানুহৰ’ শীৰ্ষক লেখাটি৷

প্ৰবন্ধ পাঠ মন দি শুনি থাকোঁতে মনে মনে এবাৰলৈ ভাবিলোঁ... ফুটবল জ্বৰ এৰুৱাবলৈ গৈছিলোঁ হাবিলৈ, পিছে ফুটবলে সতকাই নেৰিছেহে নেৰিছে৷ কথাটো অৱশ্যে ভালো লাগিল, কাৰণ ফুটবলযে আমাৰ জীৱনৰ সৈতে সম্পৃক্ত৷ এতেকে...

সি যি কি নহওক, মানুহজনৰ হেঁপাহ পূৰণাৰ্থে আৰু ‘অকব’ৰ আকৰ্ষণতে হোৱা আমাৰ সংযোগ তথা আনন্দ লাভৰ কথা সুঁৱৰি এয়া প্ৰথমে তেখেতে সিদিনা মোৰ হাতত দি যোৱা কবিতাটিকে ‘অকব’ৰ ৱালত দিলোঁ৷ আৰু সবিনয়ে মাননীয় সদস্যসকলক পুনৰ জনালোঁ যে কবিৰ নাম শ্ৰী নন্দ সিং বৰকলা৷ (আব্দুছ ছাজিদ নহয় আকৌ দেই৷) অনুগ্ৰহ কৰি সময় পালে এবাৰ চকু ফুৰাব৷

‘মানুহ পানীৰে গজি অহা শইচ সমগ্ৰ’

ডাৱৰবোৰ জীৱনৰ ৰঙেৰে পানী হৈ সৰে তললৈ
পানীৰে গজি আহে শইচৰ মানুহ
এই মানুহে ফুলৰোৱা হাতেৰে ফুলতোলা হাতত
গুজি দিয়ে দিন, জোনাক, ৰ’দ, ৰাতি আৰু ছাগলী পোৱালিৰ চেঁকুৰণি


মাটিয়ে শিপা মেলিছে মোৰ বুকুলৈ
মই প্ৰসাৰিত হৈছোঁ আকাশ আৰু জোনৰ দেহলৈ
বৰষুণৰ কলিজাত লুকাই থকা কৃষ্ণ সাগৰৰ কূটকৌশল নাশিবলৈ
ৰাতি ৰাতি আন্ধাৰৰ ভিতৰেদি পাৰ কৰা শইচ পথাৰৰ যাতনাই
মেলিছে দুহাত প্ৰেম আৰু আনন্দৰ হাঁহি বিচাৰি

গছৰ শিৰাত তাৰ পৰা উপশিৰাত গজালিয়ে সুহুৰিয়াইছে
সূৰ্যৰ জ্বলন্ত পোহৰত স্নিগ্ধতাৰে
গছৰ উখল-মাখল জগতত চৰাইৰ জয়ধ্বনি
গান গুণ-গুণ পাতত বতাহৰ জোনাক তিৰবিৰোৱা সুষমা

জুই পুৰি পুৰি দুহাত জ্বলোৱা আকাশ, শ কটা মানুহৰ বিবৰ্ণ দুহাত-মুখ
আণৱিক বোমাৰ গুণ গোৱা বতাহ,
পথাৰ পুৰি ছাই হোৱা ৰ’দৰ তথাপি বিলাপ
চিত্ৰ, মহাচিত্ৰ, নিত্য, অনিত্য, শংখশব্দৰ অনন্ত জগতকলৈ

এই শব্দ জুয়ে পুৰিব নোৱাৰে
আণৱিক বোমা বিদীৰ্ণ হয় এনে শব্দ-সমুদ্ৰত

আৰ্তনাদ নৈৰ সীমা ভাঙি গাঁও হেৰুৱা মানুহৰ
স্যমন্ত প্ৰভুৰ মুখৰ শব্দ চহকী হৈ আহে ক্ষমতাৰ চকীৰ বলত
পানী ভাঙি বৰষুণ পৰে, ৰজাই তেজৰ নৈত সাঁতুৰে
বৰষুণত ৰজা নিতিতে সেয়ে ৰজা পথাৰৰ সুষমা নহয় কোনোদিন
গেঁৰ ওলোৱা ধানৰ মৃণ্ময় মাত হ’ব নোৱাৰে৷

মাটি হেৰুৱা মানুহৰ ভৰিত মাটিৰ শিপাৰ সুগন্ধি
জোনাকৰ হেন্দোলনি,
ডাৱৰৰ ইননি-বিননি
মাটিয়ে চিঞৰিছে মানুহ মহাকাব্য, মহাৰণ্য, মহাসমুদ্ৰ,
মহাঅন্তৰীক্ষ, পথাৰৰ শইচ গজোৱা দিব্য আলোক উৎসৱ

মানুহেই সাতৰঙী ৰামধেনুৰ ৰং,
ৰাজহাড় বেঁকা হ’লেও মানুহেই গায়
ৰং বিলোৱা জীৱনৰ হাতবোৰৰ বৰগীত,
মানুহ সূত্ৰধাৰ পৃথিৱীৰ
মানুহে মানুহে মহামানুহৰ পানীৰে গজি অহা শইচ সমগ্ৰ

(নন্দ সিং বৰকলা
ভ্ৰাম্যভাষ নং ৯৪৩৫১-৬৯০৩৮)


No comments:

Post a Comment