নিজকে বিচাৰি...
- কি হ’ল… ম’বাইল-চ’বাইল অফ যে?
- এ’ কি ক’বি আৰু! আমাৰ নেটৱৰ্কেই নাই অ’... কাৰেণ্ট নথকাত চাৰ্জো কৰিব
পৰা নাই...
ফাকি দি দিলোঁ তাক৷
- কথা ক’বলৈ আহিছ? ঈদ মুবাৰক জনাওঁ বুলি ফোন কৰি কৰি হায়ৰাণ হৈ
গ’লোঁ৷ পিছত এছ.এম.এছ. এটাকে চেণ্ড
কৰি দিলোঁ৷ বিশ্বাস নকৰিলে চাই ল’বি, হয়নে নহয়৷
- নাই অ’, মোৰ হেণ্ডছেটটোৰ অৱস্থাই নাই৷ সেই কাৰণে মাৰি মাৰি নাপালি
চাগৈ৷
আকৌ এটা নতুন ফাকি৷
হয়ো অৱশ্যে৷ কী-পেডটোৰ বাৰটা কীৰ ভিতৰত সাতটাই
অন্তৰ্ধান৷ কোনটো কেতিয়া ক’ত পৰিল, নাজানো৷ কোনোবাটো পাই
বুটলি থৈ দিছিলোঁ৷ পিছে কাম নাই৷ সন্মুখৰ ষ্টিলৰ পাতল ক’ভাৰটোও কাৰোবাৰ লগত কথা পাতি
থকা অৱস্থাতে দীঘলে দীঘলে সৰি পৰে৷ ৰাবাৰ বেণ্ড এডাল মাৰি চলাই আছোঁ৷ ইফালে বেটেৰীটোৱেও
চাৰ্জত দিওঁতে কিছু সময়ৰ পিছতহে ৰেচপণ্ড কৰে...
- নতুন এটা লৈ নলৱ কিয়? (...) এটাকে ল৷ ভাল লাগিব৷
- ধুউৰ...
ক্ষন্তেক দুয়ো নিস্তব্ধ৷
- কি হ’ল ঐ? হেল্ল’…
- শুনি আছোঁ৷ অন্য এটা কথাহে ভাবি আছোঁ৷
- কি? কচোন৷ বেলেগ কিবা ল’বি চাগৈ?
- নাই, বেলেগ একো নহয়৷ কওঁ বাৰু, শুনচোন... টিভি,
নিউজ পে’পাৰটোতো লাহে লাহে এৰিছোঁৱেই৷
এতিয়া এই ম’বাইলটোও...
- ধেই...
- অঁ, সঁচাকৈ কৈছোঁ৷ এই তিনিবিধ এৰিব পাৰিলে অন্য
এবিধ পোৱা যায় বুলি ধাৰণা এটা হৈছিল৷ তাকে যোৱা তিনিদিনত এক্সপেৰিমেণ্ট এটা কৰি চালোঁ৷
তোক অলপ আগতে মিছাকৈয়ে কৈছিলোঁ, নেটৱৰ্ক নাছিল বুলি৷ বেয়া নাপাবি৷ যোৱা তিনিদিন ধৰি
ফোনটো মই আচলতে ইচ্ছাকৃতভাৱেই চুইচ অফ কৰি থৈছিলোঁ৷ আজি অলপ আগতে অন কৰোঁতে তোৰ মেচেজটোও
পাইছোঁ৷ ধন্যবাদ দেই৷
- অ’... কি পোৱাৰ কথা ক’ব বিচাৰিছিলি তই? কচোন ক… শুনো৷
- শুনিবি? শুন তেন্তে... কথাটো হ’ল... সেই তিনিবিধ এৰিব পাৰিলে
নিজকে বিচাৰি পোৱা যায়৷ নিজকে নিজে চিনি পাবলৈ, নিজৰ সৈতে নিজে কথা পাতিবলৈ মন নাযায়নে?
টিভি, নিউজ পে’পাৰ আৰু ম’বাইল ফোন বাদ দি মই তাৰেই পৰীক্ষা
চলালোঁ, আৰু গম পালোঁ যে ঠিকেই, কথাটো হয়৷
No comments:
Post a Comment