‘অসমীয়াত কথা-বতৰা’ৰ বাবে পুতুলদাৰ ব্যস্ততাৰ এখন্তেক…
পুতুলদা… ব্ৰাজিল বিশ্বকাপ ২০১৪ৰ জাৰ্মানী আৰু আৰ্জেণ্টিনাৰ মাজত
ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিতব্য চূড়ান্ত খেলখনলৈ
মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত আপোনালৈ আৰু আপোনাৰ সমৰ্থিত জাৰ্মান দলটিলৈ আন্তৰিক
শুভেচ্ছা জনাইছোঁ আৰু এই প্ৰশ্নকেইটা আপোনালৈ বুলি আগ বঢ়াইছোঁ৷ আশা কৰোঁ উত্তৰ দিব৷
১. ১৯৮৬চনৰ
পৰা ২০১৪চন৷ মেক্সিকোৰ পৰা ব্ৰাজিললৈ ফিফাৰ দ্বাৰা ৮বাৰকৈ অনুষ্ঠিত হৈ যোৱা বিশ্বকাপ
ফুটবল প্ৰতিযোগিতাৰ সমান্তৰালভাৱে আয়োজিত ঘটনাবহুল আৰু নিশ্চিতভাৱে আপোনাৰ এক সুদীৰ্ঘ
পৰিক্রমা৷ জীৱনৰ বহুমূলীয়া ২৯টা বছৰ৷ পিছলৈ ঘূৰি চাই কেনে লাগে আপোনাৰ?
পুতুল বৰা : এৰি অহা দিনবিলাকৰ কথা ভাবি সঁচাই
বৰ ভাল লাগে৷ বিশ্বাসেই নহয়, ইমান দূৰ কেনেকৈযে অতিক্রম কৰিলোঁ! সকলো ঈশ্বৰৰ আশীৰ্বাদ
এয়া৷
২. এতিয়াৰ
পৰা ২৯বছৰৰ আগৰ কথা কওঁ৷ মেক্সিকো বিশ্বকাপ ১৯৮৬৷ আপুনি তেতিয়া ২৫বছৰীয়া ডেকা৷ ডিফুৰ
পৰা গৈ বোকাজানত খুৰা যজ্ঞেশ্বৰ বৰাৰ ঘৰত ক’লা-বগা টিভিত ফাইনেল খেলা চাইছে আপুনি৷ মেক্সিকো চিটিৰ
এষ্টাডিঅ’ এঝটেকাত ২৯জুন তাৰিখে অনুষ্ঠিত
ত্ৰয়োদশ ফিফা ৱৰ্ল্ডকাপৰ উক্ত চূড়ান্ত খেলখনত প্ৰথমাৰ্ধৰ ২৩মিনিটত আৰ্জেণ্টিনাৰ ৫নম্বৰ
জাৰ্চি পৰিহিত ডিফেণ্ডাৰ জ’চ লুই ব্ৰাউনে গ’ল এটা দিলে৷ ফলশ্ৰুতিত বন্ধু
প্ৰদীপ সিংহ আৰু প্ৰশান্ত কুমাৰ বৰাক আগতে কথা দিয়া মতেই আপোনাৰ সমৰ্থিত দল হৈ পৰিল
পশ্চিম জাৰ্মানী, আজি জাৰ্মানী৷ এইবাৰ ফাইনেলত মুখামুখি সেই একে দুটা দলৰে, অৰ্থাৎ
আৰ্জেণ্টিনা আৰু জাৰ্মানী৷ ইটালীয়া ৯০ৰ পিছত বিশ্বকাপ ফুটবলৰ ইতিহাসৰ ই এক পুনৰাবৃত্তি৷
আপোনাৰ বাবেও নিশ্চয় কম গুৰুত্বপূৰ্ণ নহয়৷ কি ক’ব বিচাৰিব আপুনি?
পুতুল বৰা : জাৰ্মানীয়ে শেষ হাঁহি মৰাটো বিচাৰোঁ৷
৩. ‘ডাই হাৰ্ড জাৰ্মান ফেন’, ‘জাৰ্মানী-বলিয়া পুতুল বৰা’৷ সৰুৰে পৰাই ফুটবলপ্ৰেমী আছিল
যদিও এইটো পৰিচয় কিন্তু আপুনি নিজে বাছি লোৱা বা তৈয়াৰ কৰি লোৱা নহয়, ঘটনাক্রমে ১৯৮৬ৰ
পৰা হোৱা কথাহে৷ সেয়া ‘ঈশ্বৰৰ ইচ্ছা’ বুলি মানি লয়নে আপুনি?
পুতুল বৰা : হয়৷ ঈশ্বৰৰ ইচ্ছাৰ অবিহনে এয়া সম্ভৱ
নহ’লহেঁতেন৷
৪. প্ৰতিজ্ঞা
এক..
ইটালীয়া ৯০ৰ সময়ত
এটা ৰঙীন টেলিভিচন, প্ৰতিজ্ঞা দুই.. ইউ.এছ.এ. ৯৪ত নিজৰ এটা কোঠালি, প্ৰতিজ্ঞা তিনি..
ফ্ৰান্স ৯৮ত এখন গাড়ী, প্ৰতিজ্ঞা চাৰি.. কোৰিয়া-জাপান ২০০২ত এটা ঘৰ, প্ৰতিজ্ঞা পাঁচ..
জীৱনৰ সকলোতকৈ ডাঙৰ বাজি আৰু আনুষংগিক কিছু কথা (২০০২)৷ ইয়াৰে প্ৰথম চাৰিটা ইতিমধ্যে
পূৰ্ণ হৈছে আৰু পঞ্চমটোৰ পিছত আজিও আপুনি নেৰানেপেৰাকৈ লাগি আছে৷ ‘পূৰণ কৰিহে এৰিম’ বুলিও দৃঢ়তাৰে কৈ থৈছে৷ সেই
শপত এইবাৰ পূৰণ হ’ব বুলিও আপুনি ‘হাণ্ড্ৰেড পাৰ্চেণ্ট’ আশাবাদী৷ তেনেস্থলত নতুনকৈ ল’ব লগা প্ৰতিজ্ঞাৰ বিষয়ে মনত কিবা
ভাবিছেনে?
পুতুল বৰা : হয়, ভাবিছোঁ৷ ৰাছিয়া ৱৰ্ল্ডকাপৰ আগতে
মই কৰিব বিচাৰোঁ এখন নতুন মিনি ষ্টেডিয়াম, মোৰ ঘৰতে৷
৫. ‘অনন্য এক কাহিনী ফুটবলৰ...’ ইউনিক’ডৰ জৰিয়তে অসমীয়া ভাষাক বিশ্বদৰবাৰলৈ
নিয়াৰ হকে প্ৰতিশ্ৰুতিবদ্ধ, ফে’চবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ ৱালত আৰু লগতে ই-মেগাজিন
‘সাহিত্য ডট অৰ্গ’ত আপুনি একেবাৰে খোলাখুলিকৈ আৰু
সাৱলীলভাৱে নিজৰ বিষয়ে কৈছে… আপুনি কিদৰে জাৰ্মান দলৰ সমৰ্থক হৈ পৰিল, বিশ্বকাপ ফুটবল কিদৰে আপোনাৰ
‘জীৱনৰ মহোৎসৱ’ হৈ পৰিল, চেলিব্ৰেট কৰিবলৈ কলকাতাৰ
পৰা অনা পাচপ’ৰ্ট স্কটচৰ বটলটো কিয় কেতিয়া
কেনেকৈ আপুনি পুতি পেলালে, আপোনাৰ জীৱনৰ সৰ্ববৃহৎ বাজিটোৰ সম্বন্ধে বৰ্ণনা কৰিছে, কোঠাৰ
ভিতৰৰ পৰা মুক্তাংগনলৈ অনা আপোনাৰ প্ৰতিটো বিশ্বকাপৰ আয়োজনৰ সবিশেষ দাঙি ধৰিছে৷ লগতে
কৈছে… ইউৰো কাপৰ কথা, ইউৰো কাপকলৈ
কৰা আপোনাৰ প্ৰতিজ্ঞাৰ কথা৷ যদিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পঢ়ুৱৈয়ে ইণ্টাৰনেটৰ জৰিয়তে
সেয়া পঢ়িছে, তথাপিও অনুভৱ হয়, আপোনাৰ চোতালত খেলা চাবলৈ অহা দৰ্শক, শুভাকাংক্ষীসকলৰ
বহুতেই এই সকলোবিলাক কথা হয়তো নাজানে৷ বহুতে নাজানে, আপুনি কেৱল পাচপ’ৰ্ট স্কটচৰ বটলটোৱেই নহয়, ভেট
৬৯ স্কটচৰ বটল এটাও কবৰ দি থৈছে জাৰ্মানীৰ কাৰণেই৷ বহুতে নাজানে যে আপুনি ইউৰো কাপ
২০১২ত ইটালীৰ হাতত জাৰ্মানীৰ পৰাজয়ৰ সময়ত কৰা প্ৰতিজ্ঞা এটা এইবাৰ ব্ৰাজিল বিশ্বকাপৰ
১৬জুন ২০১৪ তাৰিখে জাৰ্মানী-পৰ্তুগালৰ মাজৰ খেলখনত জাৰ্মানীয়ে প্ৰথম গ’লটো দিয়াৰ লগে লগে পূৰ্ণ হৈছে৷
এতিয়া আপুনি ভবামতে জাৰ্মানীয়ে যদি চতুৰ্থবাৰৰ বাবে বিশ্বকাপ জয় কৰে তেন্তে সেই বিজয়ৰ
পিছত কিতাপ আকাৰে আপোনাৰ মনৰ কথাবোৰ, যাক ‘সত্যালাপ’ বুলি ইতিমধ্যে অভিহিত কৰা হৈছে, সেয়া ৰাইজৰ মাজলৈ উলিয়াই
দিয়াত আপুনি আগ্ৰহীনে?
পুতুল বৰা : হয়, আগ্ৰহী৷
৬. ইউ.এছ.এ.
৯৪ৰ কোৱাৰ্টাৰ ফাইনেলত ১০জুলাই তাৰিখে ইষ্ট ৰাডাৰফ’ৰ্ডৰ জায়েণ্ট ষ্টেডিয়ামত বুলগেৰীয়াৰ হাতত ২-১গ’লত পৰাজিত হোৱাৰ গ্লানিত ১১.৭.১৯৯৪
তাৰিখে ঘৰৰ চৌহদৰ ফুলনিৰ মাজত নিজ হাতে গাঁত খান্দি কবৰ দিছিল সেইবাৰ জাৰ্মানী বিশ্বকাপ
বিজয়ী হ’লে চেলিব্ৰেট কৰিবলৈ কলকাতাৰ
পৰা অনা পাচপ’ৰ্ট স্কটচৰ বটলটো৷ সেয়া আজিৰ
পৰা ২০বছৰৰ আগৰ কথা৷ তেতিয়াই আপুনি শপত লৈছিল যে জাৰ্মানী চতুৰ্থবাৰৰ বাবে বিশ্ববিজয়ী
হ’লেহে সেইটো খান্দি উলিওৱা হ’ব৷ সুদীৰ্ঘ সময়ৰ অন্তত সেই কাৰ্য
সংঘটিত হ’বলৈ এতিয়া হয়তো এটা খোজ মাত্ৰ
বাকী৷ কোনেও গম নোপোৱাকৈ মাটিৰ তলত নীৰৱে শুই থকা বটলটোৱে সূৰ্যৰ পোহৰ দেখা পাব বুলি
আপুনি বহু আগৰে পৰাই আশাবাদী৷ ক্রমে ওচৰ চাপি অহা সেই মুহূৰ্তটো আৰু বটলটোক লৈ আপুনি
ভবা কথাখিনি ক’ব নেকি?
পুতুল বৰা : বটলটো পোতাৰ সময়ত ভাবিছিলোঁ যিদিনাখন
উলিয়াম প্ৰথমতে নিজেই খাম৷ যি হয় হ’ব৷ কিন্তু এতিয়া ভাবিছোঁ, সেইটো মই নীলামহে কৰিম৷
৭. ইউ.এছ.এ.
৯৪ৰ সময়তে আপুনি ঠিৰাং কৰিছিল যে ফিফাৰ বিশ্বকাপ ফুটবল চলি থকা মাহটো আপোনাৰ জীৱনৰ
এটা বিশেষ গুৰুত্বপূৰ্ণ ‘উৎসৱৰ মাহ’ ৰূপে পৰিগণিত হ’ব৷ দেখা গৈছে যে তেতিয়াৰ পৰা
আহি আহি আপোনাৰ আয়োজন অত্যাধুনিক হৈ পৰিছে আৰু এক বিশেষ মাত্ৰা, এক বিশেষ আয়তন লাভ
কৰিছে৷ ব্ৰাজিল ২০১৪ৰ পৰৱৰ্তী ৰাছিয়া ২০১৮ৰ আয়োজনৰ সম্বন্ধে কি ক’ব বিচাৰিব?
পুতুল বৰা : মই সদায়ে পৰিৱৰ্তন বিচাৰোঁ৷ গতিকে
এইবাৰতকৈ অহাবাৰ বেলেগ ধৰণে পতিম৷
৮. কোৰিয়া-জাপান
বিশ্বকাপ ২০০২, ১৭ সংখ্যক ফিফা ৱৰ্ল্ডকাপৰ সময়ত আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ বাজি
মাৰি দিলে৷ য়াকোহামাৰ ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত ৩০.৬.২০০২ তাৰিখে অনুষ্ঠিত ফাইনেল
খেলত ব্ৰাজিলৰ লগত জাৰ্মানী হাৰিলে জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে খিতাপ অৰ্জন নকৰা পৰ্যন্ত
আপুনি মদ্যপানৰ পৰা বিৰত থাকিম বুলি বন্ধুবৰ্গৰ আগত শপত খাইছিল৷ সেই প্ৰতিজ্ঞা আজিও
বাহাল আছে৷ দৰাচলতে ব্ৰাজিলেই আপোনাক আজি ১২বছৰ ধৰি বিৰত ৰাখিলে৷ ফাইনেলত উপনীত হৈও
জাৰ্মানী হাৰিছিল৷ দীৰ্ঘদিনৰ মূৰত এইবাৰ আকৌ উপনীত হৈছে৷ এইবাৰ প্ৰতিপক্ষ অৱশ্যে ব্ৰাজিল
নহয়, আৰ্জেণ্টিনা৷ আনহাতে আৰ্জেণ্টিনাই যদি জাৰ্মানীৰ বিৰুদ্ধে ইটালীয়া ৯০ৰ ৰোমত হোৱা
ফাইনেলৰ ০-১, জাৰ্মানী ২০০৬ৰ বাৰ্লিনত হোৱা কোৱাৰ্টাৰ ফাইনেলৰ ১-১ ড্ৰৰ পিছত পেনাল্টি
শ্বুট আউটৰ ২-৪, দক্ষিণ আফ্ৰিকা ২০১০ৰ কেপ টাউনত হোৱা কোৱাৰ্টাৰ ফাইনেলৰ ০-৪ৰ প্ৰতিশোধ
লৈ লয় আৰু ফলস্বৰূপে জাৰ্মানীয়ে ৰিঅ’ ডি জেনেইৰ’ত পৰাজয় বৰণ কৰিবলগীয়া হয়, তেতিয়া হ’লে আপোনাৰ মানসিক স্থিতি কেনে
হ’ব?
পুতুল বৰা : একো নহয়৷ মই তাৰ কাৰণে মানসিকভাৱে
প্ৰস্তুত৷ কিন্তু জাৰ্মানী জিকাটো মই বিচাৰিছোঁ৷
৯. কোৰিয়া-জাপান
বিশ্বকাপ ২০০২ৰ ফাইনেলত ব্ৰাজিলে জাৰ্মানীক হৰুৱাইছিল ২-০গ’লত৷ ব্ৰাজিলৰ ৰ’নাল্ড’ৱে দিয়া গ’ল দুটাত ৰ’নাল্ডিনহোৰ অৱদান আছিল৷ আনহাতে
সেইবাৰ ইংলেণ্ডৰ সৈতে খেলা ছেমি ফাইনেলত ৰ’নাল্ডিনহোৱে ৰঙা কাৰ্ড পাইছিল৷ তৎসত্ত্বেও কিবা অনুগ্ৰহত
ফাইনেল খেলিবলৈ সুযোগ পাইছিল ৰ’নাল্ডিনহোৱে৷ সেই লৈ আপোনাৰ মনত এটা অসন্তুষ্টি দীৰ্ঘদিন ধৰি জীয়াই
আছিল৷ ক’বলৈ গ’লে ব্ৰাজিলেই আপোনাৰ প্ৰতিজ্ঞা
পূৰণ হোৱাৰ পৰা তেতিয়া বঞ্চিত কৰিলে৷ জাৰ্মানী ফাইনেল পাইছিল, কিন্তু নহ’লগৈ৷ আপোনাৰ প্ৰতিজ্ঞাও পূৰণ
হওঁ হওঁ হৈছিল, কিন্তু নহ’ল৷ ৰ’নাল্ডিনহো নথকা হ’লে হয়তো কথা বেলেগ হ’লহেঁতেন৷ এইবাৰ ব্ৰাজিল ২০১৪ৰ
ছেমি ফাইনেলত জাৰ্মানীয়ে ব্ৰাজিলক ৭-১গ’লত শোক লগাকৈ পৰাস্ত কৰাটোৱে আপোনাৰ তেতিয়াৰ পৰা পুঞ্জীভূত
সমস্ত ক্ষোভৰ শাম কটাব পাৰিলে চাগৈ৷ ‘টু থাউজেণ্ড টু কা বাদলা’ বুলি সিদিনা জাৰ্মানী-ব্ৰাজিলৰ
খেলখনৰ মাজতে চিঞৰি চিঞৰি আপুনি বোধ হয় তাকেই প্ৰকাশ কৰি গ’ল৷ এই সম্পৰ্কত আৰু কি ক’ব বিচাৰিব আপুনি?
পুতুল বৰা : ব্ৰাজিলক ৭-১গ’লত হৰুৱাই মই বৰ আনন্দিত হৈছোঁ৷
১৬টা গ’লেৰে জাৰ্মানীৰ মিৰ’স্লাভ ক্ল’জে ব্ৰাজিলৰ ৰ’নাল্ড’ৰ ৰেকৰ্ড ভংগ কৰিছে যিটো আন কোনেও
সতকাই ভংগ কৰিব নোৱাৰে৷ গতিকে মই সুখী৷
১০. ২০০৬ৰ
জাৰ্মানী বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীয়ে আৰ্জেণ্টিনাক পেনাল্টি শ্বুট আউটত
৪-২ গ’লত হৰুৱাইছিল৷ পিছে ইটালীৰ লগত
৪.৭.২০০৬ তাৰিখে ২-০ গ’লত পৰাজিত হ’ল৷ জাৰ্মানী-আৰ্জেণ্টিনাৰ মাজৰ
খেলখনত হোৱা বাক-বিতণ্ডা, ইটালীৰ চতুৰালিৰ বাবে দলৰ নিৰ্ভৰযোগ্য খেলুৱৈ টৰষ্টেন স্ফিংচক
জাৰ্মানী-ইটালীৰ মাজৰ খেলখনৰ পৰা বহিষ্কাৰ, ফলস্বৰূপে ইটালীৰ লগত নিজ দেশৰ মাটিতে পৰাজয়
বৰণ এইবোৰক লৈ আপোনাৰ মনত গভীৰ অসন্তুষ্টি আছে৷ সেই খঙৰ বহিঃপ্ৰকাশ দেখা গৈছিল জাৰ্মানী
২০০৬ লিখা এলুমিনিয়ামৰ ৱৰ্ল্ডকাপ ডাষ্টবিনস্বৰূপ বাল্টিটোৰ ওপৰত৷ ইটালীক আপুনি ভয় কৰে
নে ঘৃণা? মনোভাবটো খোলাকৈ ব্যক্ত কৰিবনে?
পুতুল বৰা : জাৰ্মানীৰ বাবে ইটালী সদায়েই অশুভ৷
এটা শালিকা দেখিলে দিনটো বেয়া হয় বুলি কোনো কোনোৱে বিশ্বাস কৰাৰ দৰে জাৰ্মানীৰ ক্ষেত্ৰত
ইটালী বিশেষ কুফা৷
১১. ফুটবলে
আপোনাৰ জীৱনলৈ অকল্পনীয় পৰিৱৰ্তন আনিছে, পৰিয়াললৈ অবৰ্ণনীয় সুখ আনিছে বুলি আপুনি ‘অসমীয়াত কথা-বতৰা’ত নিজমুখে স্বীকাৰ কৰিছে৷ এটা
প্ৰতিজ্ঞাক লৈ সুদীৰ্ঘ দিন ধৰি মদ্যপানৰ পৰা বিৰত থকাটোৱেই ইয়াৰ একমাত্ৰ কাৰণ৷ আনহাতে
এটা কথা বহুতেই হয়তো নাজানে, ২০০২ত ব্ৰাজিলৰ সৈতে ফাইনেলত পৰাস্ত হোৱাৰ দিন ধৰি আপুনি
মনে মনে ঈশ্বৰক দিনটোত এবাৰ হ’লেও প্ৰাৰ্থনা জনাই আহিছে… ‘এবাৰ, মাত্ৰ এবাৰ যেন জাৰ্মানীক বিশ্ব চেম্পিয়ন কৰি দিয়ে’ বুলি৷ ধৰক এইবাৰ আপোনাৰ প্ৰাৰ্থনা
মঞ্জুৰ হ’ল, জাৰ্মানী জিকিল৷ আপুনিও নিজৰ
প্ৰতিজ্ঞা পূৰণ হোৱাত মদ্যপান পুনৰ আৰম্ভ কৰি দিলে৷ কিন্তু তেনে কাৰ্যই আপোনাক আৰু
আপোনাৰ পৰিয়ালটোক ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা নথাকিবনে? কি ভাবে আপুনি?
পুতুল বৰা : মাজতে৷ কিন্তু বহিব জানিলে...
১২. ১৯৯০চনৰ
পৰাই প্ৰতি ৪৮টা মাহৰ এমাহ আপুনি ফুটবলক সম্পূৰ্ণভাৱে দি আহিছে৷ বিশ্বকাপ ফুটবলক আপুনি
আপোনাৰ ‘জীৱনৰ মহোৎসৱ’ বুলি অভিহিত কৰিছে৷ আমাৰ দৃষ্টিত
এনে ব্যক্তি দ্বিতীয় এজন নিশ্চয় নাই৷ আনহাতে আপুনি কেৱল ফুটবল খেলৰ দৰ্শনী নিজৰ ঘৰত
চোৱা বা ফুটবলপ্ৰেমী ৰাইজক দেখুওৱাতে সীমাবদ্ধ থকা নাই৷ তাৰ লগে লগে নিজৰ সুন্দৰ সৃষ্টিশীল
মনটোৰো পৰিচয় পূৰ্ণ ৰূপত দাঙি ধৰিছে৷ ৱৰ্ল্ডকাপ ডাষ্টবিন, ফাইল, ৱৰ্ল্ডকাপ প’ষ্টাৰ, টি-চাৰ্ট, লটাৰী, কুইজ,
হাউচি, ফিফা ৱৰ্ল্ডকাপ কেলেণ্ডাৰ, ফিক্সাৰ, বেনাৰ, কাৰ্টুন, ফেষ্টুন, গ্ল’ চাইন, ফ্লেগ, ৰিবন, পেভিলিয়ন,
প্ৰেডিকচন ব’ৰ্ড, ৱাল পেইণ্টিং, ফটোগ্ৰাফ,
ভিডিঅ’ ৰেকৰ্ডিং, পানী, ৰঙা চাহ-বিস্কুত,
তামোল-পান, পুৰী-ভাজি, আম-জামু, প্ৰীতিভোজ, গ্ৰেটাৰ ডিফু ফুটবল ফেনচ আদিকো এই জাকজমকীয়া
আয়োজনৰ আওতালৈ আনিছে৷ এনে ধৰণৰ একক, অনন্য তথা বিৰল প্ৰকৃতিৰ চিন্তা-চৰ্চা আৰু কৰ্মত
প্ৰবৃত্ত হ’বলৈ কিহে আপোনাক অনৱৰতে শক্তি,
সাহস, উদ্যম আৰু অনুপ্ৰেৰণা যোগায়?
পুতুল বৰা : মোৰ আত্মবিশ্বাস আছে৷ মোৰ উইল পাৱাৰেই
ইয়াৰ অন্তৰালত কাম কৰি থাকে৷
১৩. ১৯৮৬চনৰ
পৰা ‘ডাই হাৰ্ড জাৰ্মান ফেন’ৰ ভাবমূৰ্তি অম্লান ৰাখি আজি
পৰ্যন্ত আপুনি জাৰ্মান দলক অন্তৰেৰে সমৰ্থন দি আহিছে৷ জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ
হস্তগত কৰাৰ অন্তত সেই মনোভাবৰ হীন-ডেঢ়ি ঘটিব পাৰে নেকি?
পুতুল বৰা : নোৱাৰে৷ যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে
জাৰ্মানীৰ প্ৰতি মোৰ সমৰ্থন একেদৰেই থাকিব৷
১৪. পুতুলদা, আপোনাৰ প্ৰতিজ্ঞা পূৰণ হওক৷ ব্ৰাজিল
বিশ্বকাপৰ ফাইনেল খেলৰ বাবে আপোনালৈ, আপোনাৰ দল জাৰ্মানীলৈ, আপোনাৰ চোতালত সমৱেত
ফুটবলপ্ৰেমীসকললৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ৷ অতিশয় ব্যস্ততাৰ মাজতো এখন্তেক সময় মোক
দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনাই সামৰিছোঁ৷
পুতুল বৰা : ধন্যবাদ৷ ‘অসমীয়াত কথা-বতৰা’ৰ সকলো সদস্যৰ প্ৰতি মোৰ শ্ৰদ্ধা
আৰু চেনেহ যাচিলোঁ৷ সকলো কুশলে থাকক৷
No comments:
Post a Comment