পাৰ হৈ গল ধুমুহা এজাক...
ব্ৰাছিলিয়াতো বাজিল একেই শোক-সংগীত৷ পৰ্যুদস্ত
হ’ল ‘ফুটবল ছুপাৰপাৱাৰ’ ব্ৰাজিল৷ এইবাৰ নেদাৰলেণ্ডছৰ
হাতত, ৩-০ৰ পৰিষ্কাৰ ব্যৱধানত৷ আক্ষৰিক অৰ্থত, সৰিয়হ ফুলৰ ধ্বংসযজ্ঞ সম্পূৰ্ণ হ’ল ইষ্টাডিঅ’ নেছিঅ’নেল ডি ব্ৰাছিলিয়াত৷ স্বদেশত
বিশ্বকাপ অনুষ্ঠিত কৰি চেম্পিয়ন হোৱাৰ আশা কেইদিনমানৰ আগতে জাৰ্মানীয়ে মষিমূৰ কৰাৰ
পিছত অন্ততঃ তৃতীয় স্থানটো ধৰি ৰাখিব লাগিব বুলি ভবা হৈছিল৷ পিছে সেই সন্মানো নৰ’লগৈ৷ শেষৰ দুখন খেলে ব্ৰাজিলক
যেন বিশ্ব-ফুটবলৰ একেবাৰে তলি পোৱালেগৈ৷
ভাগ্যয়ো বেয়াকৈ লগ এৰা দিলে দেশখনৰ৷ চিলিৰ লগত
খেলোঁতে পেনাল্টি শ্বুট আউটৰ অন্তিম মুহূৰ্তলৈকে ভগৱান লগত আছিল ব্ৰাজিলৰ৷ কলম্বিয়াৰ
সৈতে হোৱা খেলখনত আঘাত পাই নেইমাৰ বাহিৰ হোৱাৰ লগে লগে ফুটবলেই যেন পাহৰি গ’ল দলটোৱে৷ পুতুলদাই ক’বৰ দৰে… ‘বুদ্ধিহীন হ’ল ব্ৰাজিল’৷ স্কিল, পাৱাৰ, টেকনিক, ঠগা-ঠগি
আৰু ড্ৰামাবাজিত কি জাৰ্মানী, কি নেদাৰলেণ্ডছ কাকো কোনো দিশতে চেৰ পেলাব নোৱাৰিলে৷
আনহাতে, দলৰ ষ্টাৰ ষ্ট্ৰাইকাৰ খেলপথাৰৰ বাহিৰৰ বেঞ্চত অসহায় দৰ্শকৰ ভূমিকাৰে বহি থাকিবলগীয়া
হোৱাটোকো দুৰ্ভাগ্যই বুলিব লাগিব নিশ্চয়৷
স্বাভাৱিকভাৱেই চকুপানীৰ ঢল বৈছে ব্ৰাজিলত৷ মাটিয়ে-বালিয়ে
য’ত ফুটবলেই ফুটবল, ত’ত তেনে হোৱাটোও স্বাভাৱিক৷ ‘উই আৰ দ্যা বে’ষ্ট হ’ষ্ট’ ...এইটোৱেই এতিয়া ব্ৰাজিলিয়ান
নাগৰিকসকলৰ বাবে একমাত্ৰ সান্ত্বনাৰ বাক্য৷ হৃত গৌৰৱ উদ্ধাৰৰ অভিপ্ৰায়েৰে নতুন আশা
বুকুত বান্ধি ফুটবলক প্ৰাণাধিক ভাল পোৱা কোনো কোনোৱে অৱশ্যে কিছু সাহস গোটাই কৈছে… ‘চি ইউ এত ৰাছিয়া ২০১৮”৷
তথাপিও মানি ল’ব লাগিব, চাম্বাৰ আকস্মিক ছন্দপতনৰ পিছত দক্ষিণ
আমেৰিকাৰ দেশখনৰ অলিয়ে-গলিয়ে এতিয়া বাজিছে এই একেটাই গীত... ‘পাৰ হৈ গ’ল ধুমুহা এজাক... ভাঙি থৈ মোৰ
পঁজা’৷
No comments:
Post a Comment