পুনৰ নেইমাৰৰ কথা...
ফ’ৰ্টেলেজাৰ কষ্টেলাঅ’ এৰিনাত ৫জুলাই তাৰিখে কলম্বিয়াৰ সৈতে খেলা কোৱাৰ্টাৰ
ফাইনেলত ৰাজহাড়ত আঘাত পাই বিশ্বকাপৰ যাত্ৰা সামৰা ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ নেইমাৰ জুনিয়ৰ
লাহে লাহে সুস্থ হৈ উঠিছে৷ ফুটবলৰ পৰা আঁতৰি বিশ্ৰাম লৈ থকা ২২বছৰীয়া ষ্টাৰ প্লে’য়াৰজন সম্প্ৰতি উভতি আহিছে তেৰেচ’পলিচত থকা ব্ৰাজিল দলৰ প্ৰশিক্ষণ
শিৱিৰলৈ৷ এতিয়া তেওঁ আনৰ সহায় নোলোৱাকৈ খোজ পেলাবও পাৰিছে৷ নেদাৰলেণ্ডছৰ বিৰুদ্ধে তৃতীয়
স্থান নিৰ্ণয়কাৰী খেলখনত জাতীয় দলটোক অনুপ্ৰাণিত কৰাই তেওঁৰ উদ্দেশ্য৷ উক্ত খেলখনৰ
বাবে তেওঁ দলৰ সৈতে ব্ৰাছিলিয়ালৈকো যাব৷ বাৰ্চিলোনাৰ মেডিকেল ষ্টাফে নিজৰ ক্লাবৰ মূল্যৱান
খেলুৱৈজনক চোৱা-চিতা কৰাৰ পিছত আশা কৰিছে যে আগষ্ট মাহত আৰম্ভ হ’ব লগা লা লিগাৰ বাবে তেওঁ ফিট
হৈ উঠিব৷ ফুটবল-বিশ্বৰ বাবে এয়া নিশ্চয় ভাল খবৰ৷
অলপতে এক প্ৰেছ কনফাৰেন্সত বিশ্বকাপত ভাগ ল’ব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি
ফুটবলাৰজন আৱেগিক হৈ উঠে৷ দলৰ টপ স্ক’ৰাৰজনৰ অনুপস্থিতিত স্বদেশত আয়োজিত প্ৰতিযোগিতাত ষষ্ঠবাৰৰ
বাবে বিজয়ী হোৱাৰ সুবৰ্ণ সুযোগ হেৰুৱায় ঘৰুৱা দল ব্ৰাজিলে৷ বেল’ হৰিজণ্টেত জাৰ্মানীৰ হাতত ছেমি
ফাইনেলত বিধ্বস্ত হোৱাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ উচুপি উঠে৷
নিজৰ আঘাত সম্পৰ্কে নেইমাৰে কয়... ‘চেলেঞ্জটো ইমানেই ভয়ংকৰ আছিল
যে মই পেৰেলাইজড হৈ গ’লোঁ বুলিয়েই ভাবিছিলোঁ৷ জুনিগাৰৰ
আঁঠুৰ খুন্দাটো আৰু দুই ছেণ্টিমিটাৰ ওপৰত লগা হ’লে আজিও মই নিৰ্ঘাত হুইলচেয়াৰত থাকিলোঁহেঁতেন৷
কিন্তু ঈশ্বৰক ধন্যবাদ, সেয়া নহ’ল৷ তথাপি, মোৰ কেৰিয়াৰৰ এটা বৰ গুৰুত্বপূৰ্ণ সময়ত এই ঘটনাটো ঘটিল৷
সেইবাবে কথাটো মই মানি ল’ব নোৱাৰিছোঁ৷ ফুটবলক বুজি পোৱা
ব্যক্তিমাত্ৰেই এনে ধৰণৰ চেলেঞ্জ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলিয়েই ক’ব৷’ আনহাতে ছটা সপ্তাহৰ বাবে নেইমাৰক
ফিল্ডৰ পৰা আঁতৰাই ৰখা ধৰণৰ ঘটনা ঘটি যোৱা সত্ত্বেও ফিফাই কিন্তু কলম্বিয়ান খেলুৱৈ
জুৱান কেমিল’ জুনিগাৰৰ ওপৰত কোনো ধৰণৰ বিহিত
ব্যৱস্থা নল’লে৷
ইয়াৰ বিপৰীতে নেইমাৰে কয়... ‘নেপোলিৰ ডিফেণ্ডাৰজনে ঘটনা সংক্রান্তত
মোৰ ওচৰত ক্ষমা বিচাৰিছে৷ তেওঁ কৈছে যে তেওঁ মোক জানি-বুজি আঘাত কৰিব বিচৰা নাছিল৷
মই তেওঁক ক্ষমা কৰিছোঁ৷ তেওঁৰ ওপৰত মোৰ কোনো ধৰণৰ খং-ৰাগ বা বেয়া মনোভাব নাই৷’
জাৰ্মানীৰ সৈতে ছেমি ফাইনেলত লাজ লগা ধৰণে পৰাজিত
হোৱা ব্ৰাজিল মনোবল শক্তিশালী কৰিবৰ বাবে নেইমাৰ
এতিয়া শিৱিৰলৈ আহিছে৷ সতীৰ্থসকলক তেওঁ কৈছে... ‘আমি একেলগে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ আমি একেলগে
যাত্ৰা সমাপ্তও কৰিব লাগিব৷ ফলাফল যিয়েই নহওক কিয়৷’
খেলপথাৰত নিজে অংশ ল’ব নোৱাৰিলেও দলৰ পৰা তেওঁ নেদাৰলেণ্ডছৰ
বিৰুদ্ধে জয়লাভ আশা কৰিছে, যাতে তৃতীয় স্থানটো অন্ততঃ হাতত থাকে৷ ‘আমি একত্ৰিত হ’ব পৰাটো, সংঘবদ্ধভাৱে খেলিব পৰাটো
ডাঙৰ কথা’ ...তেওঁ কয়৷
‘আমি আমাৰ দেশত পতা বিশ্বকাপত বিজয়ী হোৱাৰ এটা সুযোগ
পাইছিলোঁ৷ কিন্তু আমি পৰাজিত হ’লোঁ৷ ওচৰ চাপিও আমি বিফল হ’লোঁ৷ আমাৰ যাত্ৰা ঠিকেই আছিল৷ কিন্তু আমি শ্ৰেষ্ঠ ৰূপত
খেলিব নোৱাৰিলোঁ৷ ব্ৰাজিলিয়ান ফুটবলৰ শ্ৰেষ্ঠত্ব আৰু ই কিমান আকৰ্ষণীয় তাক আমি দেখুৱাব
নোৱাৰিলোঁ৷ এতিয়া আমি আমাৰ শেষৰ খেলখন এনেধৰণে খেলিব লাগিব, যেনিবা এইখন আমাৰ বাবে
ফাইনেল খেলহে৷ এই জয়লাভে হয়তো সকলো দুখ বিদূৰ নকৰিব, তথাপি এয়া দৰকাৰী৷’
নিজৰ দুৰ্দশা, দলৰ দুৰ্দশাৰ উল্লেখ কৰিবলৈ লৈ নেইমাৰে
প্ৰেছ কনফাৰেন্সত বহু সময় ধৰি কথা ক’ব পৰা নাছিল৷ মূৰ তল কৰি এখন হাত চকুৰ সন্মুখত ৰাখি থৰ
হৈ বহি আছিল৷ তেওঁ কয়... ‘মোৰ জীৱনৰ, মোৰ কেৰিয়াৰৰ চৰম
গুৰুত্বপূৰ্ণ ক্ষণটোত সেই মুভটোৰ কথা কোৱাটো বৰ টান হৈ পৰিছে৷’ জুনিগাৰৰ সেই চেলেঞ্জটোৰ তেওঁ
প্ৰতিবাদ কৰিছিল আৰু কলম্বিয়ানজনে পিছত ক্ষমা বিচাৰিছিল৷ তেওঁ আৰু কয়... ‘ফুটবলৰ নিয়ম জনা প্ৰত্যেকেই গম
পাব যে সেইটো এটা নৰ্মেল চেলেঞ্জ নাছিল৷ তেওঁ মোক তেনে ধৰণে আক্রমণ কৰিব বুলিও মই জনা
নাছিলোঁ৷ পিছফালৰ পৰা অহা তেনে আক্রমণ প্ৰতিহত কৰিবলৈ মই প্ৰস্তুত নাছিলোঁ৷ তাৰ বাবে
নিয়ম-নীতি নিশ্চয় আছে৷ মই মোক বচাব নোৱাৰিলোঁ আৰু ফলস্বৰূপে বেয়াকৈ আঘাতপ্ৰাপ্ত হ’লোঁ৷’
‘আঘাতটোৱে মোক মোৰ জীৱনৰ আটাইতকৈ নিকৃষ্ট সপ্তাহ
এটা দি গ’ল৷ জাৰ্মানীৰ হাতত ব্ৰাজিল ৭-১গ’লত শোচনীয়ভাৱে পৰাভূত হ’ল৷ এইটো অবিশ্বাস্য৷ এই ঘটনা
বৰ্ণাবলৈ মোৰ ভাষা নাই৷ হৰাটো ফুটবলৰ এটা অংগ যদিও তেনেকুৱাকৈ পৰাজিত হোৱাটো অসহ্যকৰ৷’
‘মই ভাবোঁ, ব্ৰাজিলে পৰৱৰ্তী বিশ্বকাপত নতুন উদ্যমেৰে
অৱতীৰ্ণ হ’ব৷ আমি আমাৰ শিৰ নত কৰিব নোৱাৰোঁ৷
দীৰ্ঘদিনলৈ ই আমাক বেদনাহত কৰিব, কিন্তু আশা কৰোঁ সুদিন পুনৰ ঘূৰি আহিব৷’
ফাইনেলৰ বাবে জাৰ্মানী আৰু আৰ্জেণ্টিনা উভয় দললৈকে
তেওঁ শুভেচ্ছা জনায়৷ তেওঁ ভাবে, দক্ষিণ আমেৰিকানসকলৰ আশা সজীৱ হৈ উঠিব আৰু শীৰ্ষস্থান
দখল কৰিব৷
বাৰ্চিলোনাৰ টীমমেট তথা বিশ্বৰ লক্ষ লক্ষ ফুটবলপ্ৰেমীৰ
নয়নৰ মণি লিঅ’নেল মেছিলৈ সমৰ্থন আগ বঢ়াইছে
নেইমাৰে৷ তেওঁ আশা কৰিছে যে মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই ফাইনেলত জাৰ্মানীক পৰাস্ত
কৰি বিশ্বকাপ হস্তগত কৰিব৷ এই সম্পৰ্কত তেওঁ কৈছে... ‘মই আৰ্জেণ্টিনাৰ হকে উল্লাস প্ৰকাশ
কৰা নাই, মই মোৰ টীমমেটৰ প্ৰতি উল্লাস প্ৰকাশ কৰিছোঁ৷’ উল্লেখযোগ্য যে স্পেইনৰ বাৰ্চিলোনা
ফুটবল ক্লাবত নেইমাৰে আৰ্জেণ্টিনাৰ জাতীয় দলক প্ৰতিনিধিত্ব কৰা মেছি আৰু জেভিয়াৰ মাচ্ছিৰানোৰ
সৈতে একেলগে খেলে৷ নেইমাৰে আৰু কয়... ‘মেছিয়ে বিশ্ব খিতাপ জিকাটো ফুটবলৰ বাবে ভাল কথা হ’ব৷ তেওঁ বিশ্ব চেম্পিয়ন হোৱাটো
যুগুত৷ মই ‘মেছি ফুটবল ক্লাব’ত আছোঁ৷’
No comments:
Post a Comment